আমি সাজু

লেখক- সুৰজিৎ গিৰি

সৰ্পদংশন বিষয়টোত ২০০৮ বৰ্ষৰপৰাই লাগি আছিলোঁ, যদিও কেতিয়াবা মাজে-সময়ে মনত দুখো লাগিছিল। বিভিন্ন বেমাৰৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিস্তৃত কাৰ্য্যসূচী আছিল, যেনে এইড্‌ছ, টিবি, ৰেবিজ ইত্যাদি ইত্যাদি। এনে কাৰ্য্যসূচীক National Programme বুলি কয়! এনে National Programme থকাৰ বাবে ৰাজ্য চৰকাৰৰদ্বাৰা স্বাস্থ্যকৰ্মীসকলক সেই নিৰ্দিষ্ট বেমাৰ আদিৰ চিকিৎসা সম্বন্ধীয় প্ৰশিক্ষণও দিয়া হয়। অৰ্থাৎ National Programme থাকিলে বিষয়টোৱে গুৰুত্ব পায়। 

কিন্তু সৰ্পদংশন সম্বন্ধীয় তেনে কোনো National Programme নাছিল। সেইবাবে এই বিষয়টোৱে গুৰুত্ব একেবাৰে পোৱা নাছিল। মুষ্টিমেয় আমি কেইজনমানে নীৰৱে আমাৰ সাধ্য অনুসৰি কাম কৰি আছিলোঁ। বিষয়টোত চৰকাৰৰ পৃষ্ঠপোষকতা নথকাৰ বাবে আমাৰ অসম বা ভাৰতৰ বিভিন্ন জিলাৰ হস্পিটেলবোৰত সৰ্পদংশন বিষয়টোৱে ব্যাপকভাৱে প্ৰচাৰ আৰু প্ৰসাৰ পোৱা নাছিল। কাৰণ সকালাৱে ধৰি লৈছিল সৰ্প দংশন মানেই বেজ, সৰ্পদংশন মানেই মৃত্যু। আমি এইটোও জানিছিলো চৰকাৰ আগবাঢ়ি নাহিলে সমগ্ৰ ভাৰতবৰ্ষ বা অসমত আমি ফলাফল নাপাম। 

কিন্তু আমাক আচৰিত কৰি ২০২৩ বৰ্ষৰ জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ ওপৰত কাম কৰিবলৈ আগবাঢ়ি আহে। দিল্লীলৈ সকলোকে মাতি পঠায়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত মত বিনিময় চলিল। অক্টোবৰ মাহত আকৌ এবাৰ দিল্লীত বিস্তৃত আলোচনা হয়। ডিমৌ হস্পিটেলৰ মডেলটোও ভাৰত চৰকাৰে গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মুৰব্বী সঞ্চালিকা মহোদয়া ডা° লক্ষ্মীপ্ৰিয়া আৰু ৰাজ্যিক নডেল বিষয়া ডা° লস্কৰৰ তত্ত্বাৱধানত ২০২৩ বৰ্ষৰ ছেপ্টেম্বৰ মাহত গুৱাহাটীত অসমৰ ৩৫খন জিলাৰ প্ৰায় ১৫০জন ডাক্টৰক প্ৰশিক্ষণ দিয়া হয়। তাৰ পাছত পৰ্য্যায়ক্ৰমে প্ৰতিখন জিলাৰ ডাক্টৰসকলক প্ৰশিক্ষণ দিয়াৰ কথা ভবা হয়। 

লক্ষ্মীমপুৰ, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, কাৰ্বি আংলং, নলবাৰী, বাক্সা, কামৰূপ আৰু সৰ্বশেষত কালি ডিব্ৰুগড় জিলাত উপস্থিত হওঁ। অসম চৰকাৰৰ বিভিন্ন জিলাৰ যুটীয়া সঞ্চালকৰ সহযোগত আৰু কেতিয়াবা ভাৰতীয় চিকিৎসা সন্থা আৰু বিভিন্ন বেচৰকাৰী সংস্থাৰ সহযোগত বিভিন্ন জিলাত উপস্থিত হওঁ। দূৰণিবটীয়া জিলাবোৰত সোঁ-শৰীৰে উপস্থিত থাকিব নোৱাৰিলেও আমি আমাৰ প্ৰশিক্ষণৰ Presentation বোৰ সকলোকে ভাগ-বতৰা কৰিছিলো। কোতিয়াবা অনলাইনৰ মাধ্যমৰও সহায় লোৱা হয়। নগাঁও আৰু ধুবুৰী জিলাৰ বাবে অনলাইনৰ সুবিধা লোৱা হয়। উদ্দেশ্য এটাই আমাৰ ডিমৌ হাস্পাতালৰ সৰ্পদংশন হোৱা ১৮৬২জন ৰোগীৰ চিকিৎসা অভিজ্ঞতা ডাক্টৰসকলক অৱগত কৰা। বাকী জিলাবোৰত গুৱাহাটীত প্ৰশিক্ষণপ্ৰাপ্ত ডাক্টৰসকলে নিজৰ জিলাৰ ডাক্টৰক প্ৰশিক্ষণ দিছে। অৰ্থাৎ ২০২৪ বৰ্ষৰ বাবে আমাৰ প্ৰস্তুতি হৈ গৈছে। এতিয়া ৰাইজ হস্পিটেলমুখী হ’লেই হ’ল! 

আপোনালোকে শুনি ভাল পাব সমগ্ৰ ভাৰতবৰ্ষত সৰ্পদংশন বিষয়টোত বাকী ৰাজ্যতকৈ অসম বহুখোজ আগুৱাই আছে। বিষয়টো যুগ-যুগ ধৰি অৱহেলিত আছিল, কিন্তু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শেহতীয়া তৎপৰতাত আমি সুখী। আজিৰ দিনত সৰ্পদংশনৰ ৰাষ্ট্ৰীয় তথা ৰাজ্যিক কাৰ্য্যসূচী আছে! SBPC (National Snake Bite Prevention and control Programme)! অনাগত দিনবোৰত অসমত সৰ্প দংশন হোৱা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত আমি হাৰিম নে জিকিম সেয়া আমি কব নোৱাৰোঁ কিন্তু সকলোৰে সহযোগিতাত আমি দলগতভাবে এঘড়ী যুঁজিবলৈ সাজু হৈ আছো। 

প্ৰায় ৫ মাহতে আমাৰ সকলো জিলাৰ প্ৰশিক্ষণবোৰ সম্পন্ন হয়। আজিৰ তাৰিখত আমাৰ অসমৰ স্বাস্থ্যকৰ্মী সাজু! এতিয়া মাত্ৰ আপোনালোকৰ সহযোগিতা লাগে। আপোনালোকৰো কৰণীয় বহু আছে।

১) প্ৰত্যেক সামূহিক চিকিৎসালয় আৰু জিলা পৰ্য্যায়ৰ চিকিৎসালয়ত এণ্টিভেনম আৰু আনুষংগিক সা-সুবিধা থকাটো চৰকাৰে বাধ্যতামূলক কৰিছে। প্ৰাথমিক চিকিৎসালয়ত এই পৰ্য্যন্ত বাধ্যতামূলক হোৱা নাই, কিন্তু অহা বছৰ সেয়াও বাধ্যতামূলক হ’ব! আপুনি আপোনাৰ ওচৰৰ সামূহিক চিকিৎসালয়ত গৈ অধীক্ষকৰ লগত এই বিষয়ে কথা পাতক। কাৰণ সৰ্প দংশন এক গ্ৰাম্য সমস্যা। গ্ৰাম্য চিকিৎসালয়ত সৰ্পদংশনৰ সুচিকিৎসা হোৱাটো অতিকৈ জৰুৰী। 

২) যিকোনো সৰ্প দংশন বা সৰ্পৰ সংস্পৰ্শলৈ আহিলে কোনো বাচ-বিচাৰ নকৰাকৈ তৎক্ষণাৎ সামূহিক চিকিৎসালয়ত আহি ২৪ ঘণ্টাৰ বাবে পৰ্য্যবেক্ষণত থাকক। দংশনৰ চিন, দাঁতৰ চিন চাই আপোনাৰ আত্মীয়ক বিষাক্ত নে বিষহীন সাপে দংশন কৰিছে আমি ক’ব নোৱাৰোঁ। ২৪ ঘণ্টাত লক্ষণ দেখা দিলে বিষাক্ত, লক্ষণ দেখা নিদিলে বিষহীন সাপৰ দংশন। ভুক্তভোগীৰ লক্ষণৰ ওপৰত আমি নিৰ্ভৰশীল। কাৰণ এতিয়ালৈকে এনেকুৱা কোনো পৰীক্ষা ওলোৱা নাই যি আমাক ক’ব বিষাক্ত নে বিষহীন সাপৰ দংশন। মাত্ৰ ভাইপাৰ প্ৰজাতি সাপৰ বিষৰ উপস্থিতিহে তেজত ধৰা পৰে। 

৩)মনত ৰাখিব বিষাক্ত সাপৰ প্ৰাৰম্ভিক লক্ষণতে এণ্টিভেনম প্ৰয়োগ কৰিলেহে ৰোগী আৰোগ্য হোৱাৰ অৱকাশ আছে। বিষাক্ত সাপৰ বিষৰ প্ৰাৰম্ভিক লক্ষণবোৰ দেখা দিয়াৰ লগে লগে আমাৰ স্বাস্থ্যকৰ্মীসকলে সজোৰে এণ্টিভেনম আৰু আনুষংগিক দৰৱপাতি আদি প্ৰয়োগ কৰি ৰোগীক নিৰ্ঘাত মৃত্যুৰপৰা ঘূৰাই আনে। বহু পলমকৈ হস্পিটেল আহি পালে ৰোগীগৰাকীক আমি সুস্থ কৰিব নোৱাৰিব পাৰোঁ। মনত ৰাখিব বুজনসংখ্যক (৮৫%) সৰ্পদংশনবোৰ বিষহীন সাপৰ দংশন। মাত্ৰ ১৫ শতাংশ দংশনহে বিষাক্ত সাপৰ দংশন। সেইবাবে সৰ্পদংশন মানেই এণ্টিভেনম নহয়। বিষাক্ত সাপৰ বিষৰ লক্ষণবোৰ দেখা দিলেহে এণ্টিভেলম বেজী প্ৰয়োগ কৰা হয়। 

৪) সৰ্পদংশনৰ পাছত দংশন অংশত বিষ নাই, দাঁতৰ চিন নাই বুলি হস্পিটেল নহাকৈ নাথাকিব। বিষাক্ত শংখচূড় সাপৰ বিষদাঁতকেইটা একেবাৰে সূক্ষ্ম। চিৰিঞ্জৰ বেজীৰ দৰে। সেইবাবে দংশন অংশত আপুনি দাঁতৰ চিন নাপাবও পাৰে, দংশনৰ পাছত দংশন কৰা অংশত অকণো বিষ নহয়, কিন্তু ৩-৪ ঘণ্টাৰ পাছত বিষৰ মাৰাত্মক লক্ষ্মণবোৰ দেখা দিয়ে। 

ৰাইজৰ সহযোগত, চৰকাৰৰ সহযোগত, স্বাস্থ্যকৰ্মীসকলৰ সহযোগত ২০২৫ বৰ্ষত অসমত শূন্য মৃত্যু হ’ব যেন মনে ধৰে। আমি আশাবাদী। অসমত এই নৱজগৰণৰ সক্ৰিয় অংশীদাৰ হ’বলৈ অসমৰ ৰাইজক বিনম্ৰ অনুৰোধ জনালোঁ। অসমৰ স্বাস্থ্যকৰ্মীসকলক সহায়, অনুপ্ৰেৰণা, সাহস আৰু উদগনি দিবলৈ এই ছেগতে সকলোকে অনুৰোধ জনালোঁ! আহক আমি মিলি-জুলি ভাৰতবৰ্ষৰ লগতে অসম মুলুকৰ এই স্থায়ী সমস্যাৰ সমাধানত হাত উজান দিওঁ। 

আপোনালোক বাৰু এখোজ আগবাঢ়ি আহিবনে? অসমৰ স্বাস্থ্যকৰ্মীসকলক সাহস দিবনে? 

উত্তৰ আপোনালোকলৈ থ’লো!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!