জলাতঙ্ক ৰোগ আৰু মই দেখা সেই কৰুণ ঘটনাটো

লেখক- ডাঃ নয়নজ্যোতি পাঠক

 ইংৰাজী ১৯৯৭ চন, অৰ্থাৎ আজিৰ পৰা ২৬ বছৰ আগৰ এটি ঘটনা। মই তেতিয়া তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম মান শ্ৰেণীৰ ছাত্ৰ। আমাৰ ঘৰৰ নিচেই কাষতে থকা চিনাকি বাইদেউ এগৰাকী কিছুদিনৰ পৰা কঁকালৰ বিষ আৰু জ্বৰত আক্ৰান্ত হৈ আছে। সিদিনা আছিল শুকুৰবাৰ। ঘৰৰ মানুহে চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰিলে। কিন্তু পিছদিনাখন বাইদেউৰ ৰোগটো বাঢ়িহে গ’ল। বাইদেৱে ভাত-পানী খোৱাত অসুবিধা অনুভৱ কৰিলে। তেনেদৰে পিছদিনাখন অৰ্থাৎ দেওবাৰে বাইদেউৰ অৱস্থা বহুত বেয়াৰ ফালে ঢাল খালে। বাইদেৱে ভাত-পানী খোৱাটো দুৰৰে কথা আনকি গাত পানী লাগিলেও জাপ মাৰি উঠা হ’ল। ঘৰৰ মানুহে পুনৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰিলে। আৰু সেইদিনা চিকিৎসকে ৰোগীৰ লক্ষণ দেখি ঘৰৰ মানুহক ভালদৰে সোধামেলা কৰোঁতে জানিলে যে প্ৰায় ৮ মাহ আগতে বাইদেউক কুকুৰে কামুৰিছিল। আৰু কথাখিনি জানি চিকিৎসকে লগে লগে বাইদেউক গুৱাহাটীলৈ লৈ আনিবলৈ পৰামৰ্শ দিলে। তেতিয়া প্ৰায় দিনৰ ২ মান বজাত ঘৰৰ মানুহে বাইদেউক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় আৰু চিকিৎসকে বাইদেউৰ অৱস্থাটো দেখি তাত আৰু নাৰাখিলে ঘৰলৈ ঘূৰাই আনিবলৈ কলে। তেনেদৰে নিশা ১০ মান বজাত তেওঁলোকে বিনা চিকিৎসাই ঘৰ আহি পায়। আৰু পুৱালৈ ৫ মান বজাত বাইদেৱে মৃত্যুক আঁকোৱালি লয়।
এইটো আছিল মই নিজ চকুৰে দেখা এটা জলাতঙ্ক বা ৰেবিজ (Rabies) ৰোগৰ কৰুণ ঘটনা। মোৰ এতিয়াও স্পষ্টকৈ মনত আছে দেওবাৰৰ দিনটোত বাইদেউৰ খুউব পানী খাবলৈ মন গৈছিল আৰু ফ্ৰীজৰ পানী খাবলৈ বিচাৰিছিল। কোনোবা এজনে আমাৰ ঘৰৰ পৰা ফ্ৰীজৰ পানী লৈও গৈছিল কিন্তু বাইদেৱে খাব পৰা নাছিল। বাইদেউ ঢুকুৱাৰ পিছতহে গোটেই ঘটনাটো পোহৰলৈ আহিল-
বাইদেউৰ ভায়েকে কৰ্মসূত্ৰে ৰাস্তা-ঘাট বনোৱা কোম্পানি এটাত ভূটানত কৰ্মৰত আছিল। এদিন তেখেতে এটা ভূটীয়া কুকুৰ ৰাস্তাত ব্যৱহাৰ কৰা আলকাতৰাত পৰি থকা দেখি সেইটো উঠাই আনিলে আৰু তাক চাফ কৰি উঠাৰ পিছত বহুত মৰম লগা দেখি নিজৰ লগতে ৰাখি থ’লে আৰু এনেদৰে ঘৰলৈ আহোঁতে কুকুৰটোও লৈ আনিলে। কুকুৰটো মতা কুকুৰ আছিল বাবে ঘৰৰ মানুহে তাৰ লগৰীয়া হোৱাকে কৰবাৰ পৰা মাইকী কুকুৰ এটাও আনিলে। কিন্তু সেই কুকুৰটো অনাৰ পিছতে দুয়োটাৰ খুব কাজিয়া লগা হ’ল, কোনোপধ্যে একেলগে নাথাকে। মতা ভূটীয়া কুকুৰটো হঠাৎ বৰ খঙাল হৈ পৰিল। তেনেদৰে বাইদেউক কুকৰটোৱে এদিন আঙুলিত কামুৰিলে। আৰু লাহে লাহে কুকুৰটোৰ আচৰণ ইমান বেয়া হৈ গ’ল যে সি সকলোকে কামুৰিবলৈ খেদি যোৱা হ’ল। তাক নিয়ন্ত্ৰণ কৰা অসম্ভব হৈ পৰাত ঘৰৰ মানুহে উপায় নেপাই খঙতে এদিন কুকুৰটো মাৰি পেলালে। তাৰে কিছুদিন পিছত নতুনকে অনা মাইকী কুকুৰটোৱেও একে ধৰণৰ আচৰণ কৰিবলৈ ধৰিলে আৰু সেইটোও তেনেকৈ মৰি থাকিল। এইটোৱেই আছিল আৰম্ভণি। কোনো চিকিৎসা বা প্ৰতিষেধক নোলোৱাকে বাইদেউৰ কামোৰা আঙুলিটো ভাল হৈ গ’ল কিন্তু মাৰাত্মক জলাতঙ্ক ৰোগৰ সেই ভয়ানক ভাইৰাছ বাইদেউৰ দেহত থিতাপি লৈ প্ৰায় ৮ মাহ পিছত তাৰ প্ৰকৃত স্বৰূপ দেখালে আৰু তেনেদৰে বাইদেউ আমাৰ মাজৰ পৰা গুচি গ’ল। পিছলৈ যেতিয়া ঘটনাটো পোহৰলৈ আহিল তেতিয়া ঘৰৰ সকলোৱে জলাতঙ্ক ৰোগৰ প্ৰতিষেধক লৈ ল’লে।
এইটো আছিল আজিৰ পৰা ২৬ বছৰ আগৰ এটি ঘটনা। কিন্তু মোৰ আচৰিত লাগে আজি ইণ্টাৰনেটৰ যুগত য’ত হাতে হাতে মানুহৰ মোবাইল ফোন তেনে ক্ষেত্ৰতো কিছু মানুহ এই জলাতঙ্ক ৰোগৰ প্ৰতি মুঠেই সচেতন নহয়। অকল যে অশিক্ষিত মানুহখিনিয়ে তেনেকুৱা সেইটো নহয় বহুতো শিক্ষিত লোককো দেখো পশুপ্ৰেমৰ নামত ৰাস্তাৰ কুকুৰ, মেকুৰী, বান্দৰ আদিক কোনোধৰণৰ সাৱধানতা অবলম্বন নকৰি কোলাত তুলি ল’ব, খাদ্য খুৱাব ইত্যাদি ইত্যাদি। হয়তো তেওঁলোকৰ জলাতঙ্ক ৰোগৰ প্ৰতি বিশেষ একো জ্ঞান নাই। পশুপ্ৰেম কৰক কিন্তু সাৱধানতা মনাটো নিতান্তই প্ৰয়োজনীয়। অকল যে কুকুৰকে আমি ভয় কৰিব লাগে তেনে নহয়। মানুহৰ ঘৰত পোহা মেকুৰীও সমানে ভয়ানক। যিকোনো উষ্ণৰক্তী প্ৰাণী যেনে কুকুৰ, মেকুৰী, শিয়াল, গৰু, ছাগলী নাইবা বাদুলি আদিয়ে কামুৰিলে বা নখেৰে আচুৰিলে আমি প্ৰতিষেধক লোৱাটো অতিকে প্ৰয়োজন। তেনেদৰে ঘৰত পোহা কুকুৰ, মেকুৰীবোৰক জলাতঙ্ক ৰোগৰ প্ৰতিষেধক দিহে ঘৰত পুহিব লাগে। আনকি ঘৰৰ আন জীৱ-জন্তু গৰু-ছাগলীবোৰকো যদি কুকুৰ, শিয়াল আদিয়ে কামোৰে তেনে ক্ষেত্ৰতো সেইবোৰক কামোৰাৰ পিছত দিয়া প্ৰতিষেধকবিধ দিয়াটো নিতান্তই প্ৰয়োজন। যিসমূহ লোকৰ জলাতঙ্ক ৰোগত আক্ৰান্তৰ আশংকা বেছি যেনে- এইৰোগৰ গৱেষকসকল, পশু চিকিৎসকসকল, জলাতঙ্ক আক্ৰান্ত অঞ্চলত থকা কুকুৰ, মেকুৰী বা স্তন্যপায়ী জন্তুৰ সংস্পৰ্শত থকা লোকসকল ইত্যাদিয়ে আগতীয়াকৈ এইৰোগৰ প্ৰতিষেধক লোৱাটো যথেষ্ট প্ৰয়োজন। ঘৰৰ পোহনীয়া কুকুৰটো কেতিয়াও ৰাস্তাৰ গৰাকীবিহীন কুকুৰৰ সংস্পৰ্শত আহিব দিব নালাগে।
মানুহৰ মাজত দেখা আন এটা অজ্ঞানতা হ’ল কুকুৰ বা মেকুৰীয়ে কামুৰিলেই জলাতঙ্ক ৰোগ হয় বুলি ভবাটো। যদিও ভবাটো ভালেই কিন্তু এই ভাবটোৱে বহুক্ষেত্ৰত ঋণাত্মক প্ৰভাৱ পেলোৱা দেখা যায়। বহুতো মানুহে মোক কোৱা শুনিছো- “মোক কুকুৰে কামুৰিছিল ওজাৰ পৰা ঔষধ খাওঁতেই ভাল হৈ গ’ল।” নাইবা “মোক কামুৰিছিল একো খোৱা নাই এনেই ভাল হৈ গ’ল।” ইত্যাদি ইত্যাদি। এই ভাবটোৰ বাবেই কুকুৰ, মেকুৰী আদিয়ে কামোৰাৰ পিছত মানুহে চিকিৎসালয়লৈ গৈ ছিটা লবলৈ টান পায়। আচল কথাটো হ’ল- কুকুৰ, মেকুৰী আদিয়ে কামুৰিলেই জলাতঙ্ক ৰোগ নহয়। জলাতঙ্ক ৰোগৰ ভাইৰাছবিধ কুকুৰ বা মেকুৰীটোৰ দেহত থাকিব লাগিব তেতিয়াহে সেইবোৰে কামুৰিলে ৰোগটো মানুহলৈ আহিব। আনহাতে সুস্থ কুকুৰ এটাই হাজাৰবাৰ কামুৰিলেও আমাৰ জলাতঙ্ক ৰোগ নহয়। কিন্তু আমি যিহেতু নাজানো সেই কুকুৰ বা মেকুৰীটোৰ দেহত জলাতঙ্ক ৰোগৰ ভাইৰাছবিধ আছেনে নাই গতিকে আমি কেতিয়াও বিপদমুক্ত বুলি ভাবিব নেলাগে। কুকুৰ বা মেকুৰীটোৰ দেহত ভাইৰাছবিধ আছে বুলি ভাবিলৈয়ে আমি প্ৰতিষেধক ল’ব লাগে।
মই দেখা ঘটনাটোৰ দৰেই আৰু বহুতো ঘটনা বিভিন্ন ঠাইত আজিও নিশ্চিতভাবে ঘটি আছে কিন্তু অতি কম সংখ্যকহে পোহৰলৈ আহে। জলাতঙ্ক ৰোগ নিৰ্মূল কৰিবলৈ হ’লে চৰকাৰ, বিভিন্ন বেচৰকাৰী সংস্থা, ব্যক্তিগত চিকিৎসালয় বা ব্যক্তিবিশেষৰ উদ্যোগত বিশেষকৈ গাঁও অঞ্চলত ব্যাপকভাবে সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে অন্যান্য ব্যৱস্থাসমূহ সঠিক ধৰণে ৰূপায়ণ কৰিব লাগিব। যাৰদ্বাৰা এই ভয়াবহ ৰোগবিধ আমি আমাৰ মাজৰ পৰা দূৰ কৰিব পাৰিম।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!