বৃহৎ জাঁপ

লেখক- ডাঃ সুৰজিত গিৰি

ডাঃ সুৰজিত গিৰি
সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)
সৰ্প দংশনৰ সামাজিক কৰ্মকৰ্তা

ভাৰতবৰ্ষৰ আমি কিছু ডাক্তৰ, সৰ্প বিশেষজ্ঞ, বিভিন্ন NGO আদিয়ে কিছু বছৰৰ পৰা নিজ-নিজ ৰাজ্যত সৰ্প দংশন আৰু ইয়াৰ প্ৰতিকাৰৰ ওপৰত কাম কৰি আছিলোঁ। যদিও আমি চিঞৰি আছিলোঁ, চৰকাৰৰ সদিচ্ছা অবিহনে আমি ইপ্সিত লক্ষ্যত যে কেতিয়াও উপনীত হব নোৱাৰোঁ সেয়া আমি জানিছিলোঁ।
কিছু বছৰৰপৰা ভাৰতবৰ্ষত স্বাস্থ্য সম্বন্ধীয় বিভিন্ন ৰাষ্ট্ৰীয় আঁচনিৰ সফল ৰূপায়ণ হৈ আছিল, কিন্তু সৰ্প দংশন বিষয়টোত চৰকাৰৰ কিছু নিৰ্লিপ্ততা প্ৰত্যক্ষ কৰি আমিও মাজে মাজে হতাশ অনুভৱ কৰিছিলোঁ। তথাপি কিন্তু আমি আমাৰ কাম কৰি গৈছিলোঁ। কাৰণ বিষয়টোত আমাৰ সকলোৰে ভীষণ ৰাপ আছিল। কোনেও বিষয়টো পেছা বা বৃত্তি হিচাপে নলৈছিল। কিন্তু ২০১৯ বৰ্ষৰ শেষৰ ফালে ভাৰত চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লব আৰম্ভ কৰিছিল। কিন্তু মহামাৰী ক’ভিডে গোটেইখন ওলট-পালট কৰাৰ কাৰণে বিষয়টো পিছুৱাই গৈ-গৈ ২০২৩ বৰ্ষ পাইছিল।
২০২৩ বৰ্ষৰ আৰম্ভণিতে ভাৰত চৰকাৰ আৰু বিশ্ব স্বাস্থ্য সংস্থা আগবাঢ়ি আহে। এই বিষয়ত চিকিৎসা প্ৰদান কৰা ভাৰতৰ বিভিন্ন ডাক্তৰ, সৰ্প বিশেষজ্ঞ, NGO, এণ্টীভেনম প্ৰস্তুত কৰা সংস্থা আদিক লগত লৈ ১৮ আৰু ১৯ অক্টোবৰ তাৰিখে দিল্লীত ভাৰত চৰকাৰৰ অধীনত এক বিস্তৃত আলোচনা-বিলোচনা হয়। উদ্দেশ্য ২০৩০ বৰ্ষৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষত মৃত্যুৰ সংখ্যা অৰ্ধেক কৰা।
প্ৰত্যেক ৰাজ্যই নিজৰ নিজৰ সমস্যাবোৰৰ কথা ক’লে। অসমৰ পৰা মই আৰু ডাক্তৰ লস্কৰে অসমৰ সমস্যাবোৰ খৰচি মাৰি উপস্থাপন কৰোঁ। তাৰ লগতে মোক আমাৰ ডিমৌ হস্পিটেলৰ আৰ্হি উপস্থিত সকলো ৰাজ্যৰ প্ৰতিনিধিক বৰ্ণনা কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল। আমাৰ আৰ্হি যেনে- সৰ্প দংশনৰ আছুতীয়া কক্ষ(Snake bite Treatment Room), Venom Response Team(VRT), Fast Response Team (FRT)আদি বিষদভাৱে আলোচনা কৰা হয়। এই আৰ্হিটোৰ বাবেই ২০২১ আৰু ২০২২ বৰ্ষত ডিমৌ গ্ৰাম্য চিকিৎসালয়খনে কেনেদৰে মিলি-জুলি শূন্য মৃত্যু সম্ভৱ কৰিছিল, সেয়াও আলোচনা কৰা হয়। তাৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন গ্ৰাম্য আৰু জিলা পৰ্যায়ৰ চিকিৎসালয়ত ডাক্তৰ আৰু নাৰ্চসকলে চলিত বৰ্ষতে কেনেদৰে ৯৭ জন বিষাক্ত ফেঁটী আৰু শংখচূড় সাপে দংশন কৰা ৰোগীৰ প্ৰাণ ৰক্ষা কৰে, সেয়াও উপস্থাপন কৰা হয়।
আপোনালোকে জানি সুখী হ’ব গ্ৰাম্য চিকিৎসালয়ত কৰ্মৰত ময়েই একমাত্ৰ চিকিৎসক আছিলোঁ। মোৰ বাদে বাকী ডাক্তৰসকল হয় চিকিৎসা মহাবিদ্যালয়, নহলে বিয়াগোম ব্যক্তিগত চিকিৎসালয় আৰু ৰাজ্যিক নডেল বিষয়াসকল আছিল।
আমি এটাই কথাত জোৰ দিছিলোঁ, সমগ্ৰ ভাৰতবৰ্ষত সৰ্প দংশন এটা গ্ৰাম্য সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ গ্ৰাম্য চিকিৎসালয়তে সম্ভৱ। উদাহৰণ হিচাপে আমাৰ ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ পৰিসংখ্যাবোৰ উপস্থাপন কৰোঁ। আপোনালোকে শুনি সুখী হ’ব ভাৰত চৰকাৰে গ্ৰাম্য পৰ্য্যায়ত গ্ৰাম্য চিকিৎসালয়বোৰ টনকিয়াল কৰিবলৈ আমাৰ আৰ্হি গ্ৰহণ কৰিছে আৰু অতি শীঘ্ৰে আমাৰ মডেলটো(model snake bite centre) ভাৰত চৰকাৰৰ পুস্তিকাত প্ৰকাশ কৰিব। এই বৃহৎ সাফল্যৰ কৃতিত্ব ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ সকলো স্বাস্থ্যকৰ্মী, ৰাইজ আৰু আমাক চিকিৎসা কৰিবলৈ সুবিধা দিয়া সকলো ৰোগী।
নিম্নলিখিত আলোচনাবোৰ অতি শীঘ্ৰেই গৃহীত হ’ব:
১)নিজ নিজ ৰাজ্যৰ বিষাক্ত সাপৰ বিহৰপৰা নিজা এণ্টিভেনম প্ৰস্তুত কৰা হ’ব।
২)প্ৰতিখন ৰাজ্যই নিজৰ নিজৰ কাৰ্য্যক্ৰমণিকা প্ৰস্তুত কৰিব।
৩)উত্তৰ-পূৰ্বাঞ্চল বা অসমৰ নিজৰ ভেনম কেন্দ্ৰ স্থাপন কৰা হ’ব।
৪)আমাৰ অসমত বিষাক্ত পিট ভাইপাৰ সাপৰ দংশন বহুত বেছি হয়, বিশেষকৈ উজনি অসমৰ ফালে। পিট ভাইপাৰ সাপৰ কোনো এণ্টীভেনম নাই। এনে ২০০ ৰো অধিক ৰোগীক কোনো এণ্টীভেনম নিদিয়াকৈ আমাৰ স্বাস্থ্যকৰ্মীসকলে সুস্থ কৰিছে। কিন্তু সম্পূৰ্ণৰূপে সুস্থ হবলৈ তেওঁলোক ৭-১০দিন হস্পিটেলত ভৰ্তি হৈ থাকিব লাগে। পিট ভাইপাৰ সাপৰ এণ্টীভেনম নথকাৰ বাবে আমি ৰোগীক ৭-১০ দিন পৰ্যন্ত হস্পিটেলত বন্দী কৰি ৰাখিব লগাত পৰে। এজন দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ভুক্তভোগীৰ বাবে ১০দিন হাজিৰা নকৰিলে তেওঁলোকৰ পৰিয়ালৰ কি অৱস্থা হব, সেয়া আপোনালোক সকলোৱে বোধহয় সহজে অনুমান কৰিব পাৰিছে। এই সাপৰ বিহৰ এণ্টীভেনম থকা হ’লে সম্ভৱ আমি তেওঁলোকক ২-৩ দিনতে হস্পিটেলৰপৰা ছুটী দিব পৰিলোঁহেঁতেন। আমাক পিট ভাইপাৰ সাপৰ এণ্টীভেনম লাগিবই বুলি আমি উপস্থাপন কৰোঁ।
৫)অনাগত এক-দুইবছৰৰ ভিতৰত অসমৰ বিষাক্ত সাপৰ বিহৰ নিজস্ব এণ্টীভেনম হ’ব, নিজস্ব এণ্টীভেনম প্ৰস্তুত কৰা কেন্দ্ৰ হ’ব, লগতে নিজস্ব প্ৰট’কল হ’ব।
অনাগত এক-দুই বছৰত অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত সৰ্প দংশন বিষয়টোত ব্যাপক উন্নতি হোৱাৰ থল আছে।
অশেষ ধন্যবাদ থাকিল ভাৰত চৰকাৰলৈ। তেওঁলোকৰ ব্যাপক তৎপৰতাই আমাক উৎফুল্লিত কৰিছে। তেওঁলোকৰ এই তৎপৰতাক আমি সৰ্প দংশন বিষয়টোত চৰকাৰৰ এখোজ নহয়, এক বৃহৎ জাঁপ বুলি অভিহিত কৰিছোঁ।
আমি আশাবাদী।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!