উচ্চ ৰক্তচাপৰ বিষয়ে কিছু কথা

লেখক- কমল কৃষ্ণ নাথ

পোনপ্ৰথমবাৰৰ বাবে উচ্চ ৰক্তচাপ ধৰা পৰিলে আমি কিছু নাৰ্ভাছ অনুভৱ কৰা স্বাভাৱিক। তাৰ লগে লগে বহুতো প্ৰশ্নই আমাৰ মনত দোলা দিয়ে। চিকিৎসকে ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ঔষধ গ্ৰহণৰ উপদেশ দিয়াৰ সময়ত মনলৈ অহা এটি প্ৰশ্ন হ’ল উচ্চ ৰক্তচাপ এবাৰ নিয়ন্ত্ৰণ হ’লে আমি পাছলৈও ঔষধ খাই থকা প্ৰয়োজন হব নেকি? ঔষধৰ উপৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰা বেলেগ উপায় আছে নেকি? প্ৰাকৃতিক উপায়ে আমি কিদৰে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰিম? উচ্চ ৰক্তচাপৰ নিৰ্মূল সম্ভৱ হব নে? সততে মনলৈ অহা এই প্ৰশ্নবোৰৰ উত্তৰ তলত দিবলৈ চেষ্টা কৰিম।

উচ্চ ৰক্তচাপ কি?

উচ্চ ৰক্তচাপৰ বিষয়ে জনাৰ আগতে আমি ৰক্তচাপ কি তাক বুজা উচিত। আমি জানো যে বিভিন্ন ধমনি, সিৰা-উপসিৰাৰ সহায়ত সমগ্ৰ দেহত তেজৰ চলাচল হয়। এনেদৰে তেজৰ চলাচল কৰোঁতে যিটো চাপ তেজে ধমনী আৰু হৃদপিণ্ডৰ ওপৰত দিয়ে সেয়াই হৈছে ৰক্তচাপ। ৰক্তচাপৰ ওপৰৰ স্তৰটোক systolic আৰু তলৰ স্তৰটোক Dystolic বোলা হয়। Systolic ৰ সময়ত হৃদপিণ্ড সংকুচিত হয় আৰু Dystolic ৰ সহায়ত প্ৰসাৰিত হয়। systolic মাত্ৰাটো ১৩০ ৰ তলত থাকিব লাগে আৰু Dystolic ৰ মাত্ৰা ৮০ ৰ তলত থাকিব লাগে। Systotic 140 আৰু Dystolic 90 ৰ ওপৰত হলে তাক উচ্চ ৰক্তচাপ বোলা হয়।

উচ্চ ৰক্তচাপৰ প্ৰকাৰঃ

উচ্চ ৰক্তচাপক মূলত দূভাগত ভগাব পাৰি। প্ৰথম বিধ হৈছে মুখ্য (essential hypertension বা primary hypertensin)। যিয়ে উচ্চ ৰক্তচাপৰ প্ৰায় ৯০-৯৫% সাঙুৰি হয়। এই বিধ ৰক্তচাপৰ কোনো স্পষ্ট কাৰণ নাই। কিন্তু ই এইটো নুবুজায় যে তাৰ কোনো কাৰণেই নাই। কাৰণ আছে মাথোঁ সেই বিষয়ে আমি স্পষ্টকৈ জ্ঞাত নহয়। সেইবাবে তাক idiopathic ও বোলা হয়। দেখা গৈছে যে এই ৯০% উচ্চ ৰক্তচাপৰ কাৰণ হৈছে বিক্ৰিয়াগত (metabolic) অৰ্থাৎ শৰীৰত ভিতৰত চলি থকা বিক্ৰিয়াবোৰ যিদৰে চলি থাকিব লাগে তেনেদৰে চলি নথকাৰ ফলত উদ্ভৱ হোৱা। দ্বিতীয়বিধ হৈছে secondary hypertension যিয়ে প্ৰায় ৫-১০% উচ্চ ৰক্তচাপ সাঙুৰি লয়। এইবিধ উচ্চ ৰক্তচাপত স্পষ্ট কাৰণ দেখা যায়, যেনে জন্মগত ত্ৰুটি, কোনো টিউমাৰ, বৃক্কৰোগ আদি।

ৰক্তচাপ জোখোঁতে ল’বলগীয়া সাৱধানতাঃ

বিভিন্ন কাৰণত সাময়িকভাৱে ৰক্তচাপ বৃদ্ধি হয়। যেনে খোজকাঢ়ি আহিলে, ব্যায়াম কৰিলে, মানসিক অৱসাদত ভুগিলে, চিন্তা আৰু ভয়তো ৰক্তচাপ বৃদ্ধি হব পাৰে। সেয়ে অকল এবাৰ পৰীক্ষা কৰিয়ে উচ্চ ৰক্তচাপত ভোগা বুলি কব নোৱাৰি। বিশেষকৈ দেখা গৈছে চিকিৎসকৰ ওচৰত আহিলে এচাম লোকৰ ৰক্তচাপ বৃদ্ধি পায়। তাৰ কাৰণ হৈছে মানসিক উদ্বেগ বা অস্থিৰতা। সেয়ে চিকিৎসকেও ৰোগীজন অহাৰ লগে লগে ৰক্তচাপ জুখিব নালাগে। ব্যক্তিজনক কিছুসময় সুস্থিৰ হব দিব লাগে। সবাতোকৈ ভাল যদিহে ঘৰত আৰামদায়ক অৱস্থাত ৰক্তচাপ জোখা হয়। ৰক্তচাপ জোখাৰ সময়ত উশাহ-নিশাহৰ গতি ধীৰ-স্থিৰ হব লাগে। খাদ্য গ্ৰহণ কৰিলে ৰক্তচাপ জোখালৈ অন্তত আধা ঘণ্টা সময় অপেক্ষা কৰা উচিত। ৰক্তচাপ জোখাৰ সময়ত কথা কৈ থকা অনুচিত। নহলে ভুল মান আহিব পাৰে। ৰক্তচাপ জোখাৰ অন্তত এবাৰ ৰক্তচাপ ধৰা পৰিলে ক্ৰমাগত তিনিদিনৰ বাবে একেটা সময়ত জোখা উচিত।

উচ্চ ৰক্তচাপ ধৰা পৰিলে কি কি পৰীক্ষা-নিৰীক্ষা কৰা উচিতঃ

বিখ্যাত হৃদৰোগ বিশেষজ্ঞ ডা° প্ৰদীপ জামনাদাসে এই বিষয়ে কি কৈছে জানো আহক। তেখেতৰ মতে এবাৰ উচ্চ ৰক্তচাপ আপোনাৰ শৰীৰত দেখা দিলে আপুনি কিছুমান পৰীক্ষা-নিৰীক্ষাৰ সহায় লোৱা দৰকাৰ হয় যাৰ সহায়ত উচ্চ ৰক্তচাপৰ সহায়ক কাৰণসমূহ জানিবলৈ চেষ্টা কৰা হয়। শাৰীৰিক কাৰণসমূহৰ ভিতৰত দেহৰ ওজন, পেটৰ ঘেৰ, বি এম আই (BMI) আদিৰ মাপ লোৱা হয়। তেজৰ পৰীক্ষাৰ ভিতৰত কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, থাইৰইড, চুগাৰ, ইনচুলিন, পটেছিয়াম, মেগনেচিয়াম, ভিটামিন ডি আদি চোৱা হয়। এই সকলোবোৰ পৰীক্ষাৰৰদ্বাৰা আপুনি “মেটাবলিক ছিনদ্ৰম” নামৰ এক ঘাটক অৱস্থাৰদ্বাৰা আক্ৰান্ত হৈছে নেকি তাক নিৰ্ধাৰণ কৰাৰ লগতে কোনো ভিটামিন বা সূক্ষ্ম খনিজ পদাৰ্থৰ অভাৱত ভুগিছে নেকি তাৰো নিৰ্ণয় কৰা হয়। “মেটাবলিক ছিনদ্ৰম” ত HDL (যাক ভাল কলেষ্টৰেল বুলি জনা যায়) কমি যোৱাৰ লগে লগে LDL (যাক বেয়া কলেষ্টৰেল বুলি জনা যায়) আৰু ট্ৰাইগ্লিচাৰাইডৰ (triglyceride) মাত্ৰা বাঢ়ি যায়। শৰীৰৰ ওজন বৃদ্ধি হয়, পেটত চৰ্বি জমা হয়। শৰীৰৰ বিক্ৰিয়া (metabolism) মন্থৰ হৈ পৰে। এই “মেটাবলিক ছিনদ্ৰম” সৃষ্টিত অৰিহণা যোগাই “ইনচুলিন প্ৰতিৰোধ” নামৰ এক অৱস্থাই য’ত ইনচুলিনৰ সংবেদনশীলতা হ্ৰাস পোৱাৰ ফলত তেজত ইনচুলিনৰ মাত্ৰা বাঢ়ি যায়। য়ে সমান্তৰালভাবে তেজত গ্লুকজৰ মাত্ৰাও বঢ়াই তোলে। শৰীৰত উচ্চ পৰিমাণৰ ইনচুলিন নিঃসৰণ হলে ই ৰক্ত পৰিবহণ কৰা ধমনীবোৰৰ স্থিতিস্থাপকতা কমাই আনে। সেয়ে এই ধমনীবোৰ যিধৰণে খোল খাব লাগিছিল ঠিক তেনেকে খোল নাখায়। তেজৰ চলাচলত অস্বাভাৱিক বাধা আহি পৰিলে ই উচ্চ ৰক্তচাপত অৰিহণা যোগায়। “ইনচুলিন প্ৰতিৰোধ” অৱস্থাই শৰীৰৰ হ’ৰমনৰো তাৰতম্যৰ সৃষ্টি কৰে যিয়ে ৰক্তচাপ বঢ়াই তোলে। সেয়ে উচ্চ ৰক্তচাপ আৰু মধুমেহক (Diabetes mellitus) এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি বুলিব পাৰি কাৰণ দুয়োটাৰে পৰস্পৰৰ লগত নিকট সম্বন্ধ আছে।

উচ্চ ৰক্তচাপৰ কাৰণ:

উচ্চ ৰক্তচাপত অৰিহণা যোগোৱা এই “মেটাবলিক ছিনদ্ৰম” আৰু “ইনচুলিন প্ৰতিৰোধৰ” মুল কাৰণ হৈছে সংসাধিত শৰ্কৰা (Refined carbohydrate), তেল-মচলাৰ অত্যধিক প্ৰয়োগ, আৰামদায়ক (sedentary) জীৱন-শৈলী, শাৰীৰিক শ্ৰমৰ অভাৱ, অত্যধিক মানসিক হেঁচা(stress), নিদ্ৰাজনিত ব্যাধি, সঘনাই খোৱা-বোৱা কৰা (snacking) আৰু নিচাযুক্ত সামগ্ৰীৰ অবাধ উপযোগ।

উচ্চ ৰক্তচাপৰ নিৰাময়:

উচ্চ ৰক্তচাপক নিৰ্মূল কৰিবলৈ পোনপ্ৰথমে আমি উচ্চ ৰক্তচাপৰ কাৰণবোৰ বিশ্লেষণ কৰি তাৰ কাৰণসমূহ নিৰাময়ৰ ব্যৱস্থা লোৱা দৰকাৰ। তাৰ বাবে এক গতিশীল জীৱন-শৈলীক আদৰি ল’ব লাগে। খোজ কঢ়া, দৌৰা আৰু বিভিন্ন যোগ-ব্যায়ামক দৈনন্দিন ৰুটিনৰ অভিন্ন অংগ কৰি তুলিব লাগে। সংসাধিত খাদ্যবস্তু পাৰ্য্যমানে পৰিহাৰ কৰিব লাগে। হকে-বিহকে খাদ্যবস্তু প্ৰহণ কৰি থকা অভ্যাস ত্যাগ কৰিব লাগে। মানসিক উদ্বেগক প্ৰশমিত কৰাৰ ব্যৱস্থা ল’ব লাগে। তাৰ বাবে ধ্যান, প্ৰাণায়াম আদিৰ সহায় ল’ব লাগে। সবিৰাম উপবাসে (intermittent fasting) “ইনচুলিন প্ৰতিৰোধ” হ্ৰাস কৰে যত দিনটোৰ ২৪ ঘণ্টাৰ এক নিদিষ্ট সময় (১০-১৮ ঘণ্টা) উপবাসে থাকি বাকী সময়ত খাদ্য গ্ৰহণ কৰা হয়।

তাৰ লগে লগে বিভিন্ন চিকিৎসা পদ্ধতি যেনে আয়ুৰ্বেদ, এলোপেথি আদিত উচ্চ ৰক্তচাপৰ নিৰাময়ৰ সুব্যৱস্থা আছে। সেয়ে উচ্চ ৰক্তচাপ ধৰা পৰিলে কোনো অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ লোৱা উচিত।

উচ্চ ৰক্তচাপ নিৰ্মূল সম্ভৱ নে?

এই ৯০-৯৫% লোক যাৰ উচ্চ ৰক্তচাপৰ স্পষ্ট কাৰণ বিচাৰি পোৱা নগল তেওঁলোকৰ বেছিভাগ ব্যক্তিয়ে চিৰদিনৰ বাবে ঔষধ গ্ৰহণ কৰা প্ৰয়োজন নহয় যদিহে তেওঁলোকে উচ্চ ৰক্তচাপৰ অন্তৰ্নিহিত কাৰণ যেনে “মেটাবলিক ছিনদ্ৰম” আৰু “ইনচুলিন প্ৰতিৰোধ” আদি চিনাক্ত কৰি তাৰ নিৰাময়ৰ বিধি-ব্যৱস্থা পালন কৰে। লগতে শৰীৰৰ বাবে প্ৰয়োজনীয় পটেছিয়াম, মেগনেছিয়াম, ভিটামিন ডি, অমেগা ৩ ফেটি এচিড আদিৰ মাত্ৰা স্বাভাৱিক কৰি ৰাখে। লগতে উচ্চ ৰক্তচাপৰ অন্য কাৰণসমূহ চিনাক্ত কৰি তাৰ নিৰাময়ৰ ব্যৱস্থা কৰে। কিন্তু যেতিয়ালৈ এই কাৰণবোৰৰপৰা সকাহ নাপায় তেতিয়ালৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰি থকা উচিত। বাকী ৫-১০% লোক যিসকলৰ উচ্চ ৰক্তচাপৰ নিৰ্দিষ্ট কাৰণ বিচাৰি পোৱা গৈছে তেওঁলোকে সেই অনুসৰি চিকিৎসা গ্ৰহণ কৰা উচিত।

বহুতে ভাবে যে এবাৰ উচ্চ ৰক্তচাপ ধৰা পৰিলে তাক নিয়ন্ত্ৰণ কৰিব পাৰি কিন্তু সম্পূৰ্ণ স্বাভাৱিক কৰিব নোৱাৰি। কিন্তু দৰাচলতে কথাটো সম্পূৰ্ণ শুদ্ধ নহয়। সকলোৰে ক্ষেত্ৰত নহ’লেও বেছিভাগ ক্ষেত্ৰতে পুনৰ স্বাভাৱিক কৰিব পাৰি। কিন্তু তাৰ বাবে শৰীৰত উচ্চ ৰক্তচাপ কিয় থিতাপি ল’লে সেয়া বুজিব লাগিব আৰু তাৰ নিৰাময়ৰ ব্যৱস্থা কৰিব লাগিব।

সামৰণি চিন্তাঃ

অপ্ৰিয় হ’লেও সত্য যে বৰ্তমান সময়ত উচ্চ ৰক্তচাপ এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। তাৰ মূল কাৰণ হৈছে আধুনিক জীৱন-শৈলী ব্যৱস্থাৰ গুৰুতৰ ত্ৰুটি য’ত আমি শাৰীৰিক শ্ৰমক কম গুৰুত্ব দিয়াৰ লগে লগে বিভিন্ন ধৰণৰ খাদ্য হকে-বিহকে গ্ৰহণ কৰোঁ‌। চিন্তাৰ কাৰণটো হ’ল উচ্চ ৰক্তচাপ সঠিককৈ নিয়ন্ত্ৰণ নহলে ই হৃদৰোগ, মধুমেহ, বৃক্কৰোগ, ষ্ট্ৰ’ক, স্মৃতিশক্তিনাশ আদি মাৰাত্মক ৰোগৰ সম্ভাৱনা বহুত বেছি গুণে বঢ়াই তোলে। সেয়ে উচ্চ ৰক্তচাপক কোনোপধ্যে অৱজ্ঞা কৰা উচিত নহয়। শীঘ্ৰে উচ্চ ৰক্তচাপৰ অন্তৰ্নিহিত কাৰণসমূহ নিৰ্ণয় কৰি তাৰ নিৰাময়ৰ ব্যৱস্থা লোৱা উচিত। আনহাতে যিসকল ব্যক্তিয়ে উচ্চ ৰক্তচাপত ভোগা নাই তেওঁলোকেও শৰীৰৰ উপযুক্ত যতন লোৱা উচিত কাৰণ প্ৰতিৰোধেই হৈছে সৰ্বশ্ৰেষ্ঠ চিকিৎসা। সেয়ে সুস্থ, সবল আৰু এক সক্ৰিয় জীৱন-শৈলীক আদৰি লওক। লগতে নিয়মিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ নাপাহৰিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!