আহ ঘুমটি আহ

লেখক- পূৰৱী কাকতী

মানুহজন মোৰ ফাললৈকে আহি আছিল। ঠিক ওচৰ পাওঁতেই তেওঁ মোক প্ৰায় হাতে-ভৰিয়ে ধৰাৰ দৰে কৰা আচৰণত মই ভয় খাই গলোঁ। তেওঁ পৰম আশা এটাৰে মোৰ মুখলৈ চাই কৈ আছে-
:অ’ আই, মোক কিবা এটা উপায় দিয়া। আজি এমাহ ধৰি মোৰ টোপনি নাই..!
মই কঁপি উঠিলোঁ। কেতিয়াও ভয় নাখাওঁ বুলি ভাবি থকা মানুহজনীয়ে ভিতৰি ভিতৰি থকথককৈ কঁপি উঠিলোঁ।
কি দেখিলোঁ মই চকু দুটাত! কি?
উস্, এখন চিৰাল ফাট দিয়া পথাৰ!
এখন শুষ্ক নদী!
এখন বিশাল মৰুভূমিহে যেন!
যেন এখন মৃত নগৰী!
মোৰ মগজুত একোৱেই নাছিল তেওঁক কিবা এটা উপদেশ দিবলৈ। তলং-ভটংকৈ মানুহজন গুছি গৈছিল কোনোবা এটা দিশে। কিন্তু থৈ গ’ল মোৰ লগত সেই প্ৰবল আশাৰে চাই থকা শুকান সৰাপাতৰ দৰে চকু দুটা। এটি আকুল আহ্বান-
‘আহ, টোপনি আহ..। শুকুলা তুলাৰ দৰে দৌৰি দৌৰি আহ!’
বাদুলী ওলমাৰ দৰে ওলমি থাকিল মোৰ চকুত তেওঁ।
পেহীৰ ঘৰৰ মাঙ্গলিক অনুষ্ঠান এটাত লগ পাইছিলোঁ তেওঁক। সেইদিনাই মই উভতি আহিলোঁ। বাছত উঠিয়েই খিৰিকীৰ কাষত বহি বাহিৰলৈ চাই ৰ’লোঁ। কিন্তু, সেই চকু দুটাইহে মোক ঘনে ঘনে হাজাৰ প্ৰশ্ন কৰি উঠিল।
কিহে ধ্বংস কৰিব পাৰে বাৰু কাৰোবাৰ এমহীয়া টোপনি!
বাছখন দ্ৰুত গতিৰে আগবাঢ়িছে। মোৰ কাষতে বহা মানুহজনৰ চিলমিলীয়া টোপনিত গাটো হালিছে-জালিছে। একেথৰে মই তেওঁলৈ চাই থাকিলোঁ। কিছু সময়ৰ পাছতে তেওঁৰ নাকেৰে ঘৰ্ ঘৰ শব্দ কৰিবলৈ লাগিল।
মই যেন তেওঁক কৈ পেলাম-
:হেৰা, মানুহটো, তোমাৰ যদি ইমানেই প্ৰয়োজনাধিক টোপনি কাৰোবাক দান কৰি নিদিয়া কিয়?
সেই চকু দুটাক শুনাই যেন মই নিচুকনি এটি গাম- “আহ, ঘুমটি আহ অ’ আহ..।”
এটা সময় আছিল আমিয়ো টোপনিবিহীন কেইবাটাও নিশা কটাইছিলোঁ। আমি মানে আমাৰ ঘৰৰ ডাঙৰসকলে। আমি সৰুবিলাকে আৰ কোলায়ে তাৰ কোলায়ে ঘূৰি-ফুৰি টোপনি মাৰিছিলোঁ। নদীখনে যেতিয়া ৰুদ্ৰমূৰ্তি ধৰিছিল, তেতিয়া। ককা, মা-দেউতাহঁতৰ টোপনি মথাউৰি ভঙা নদীখনে ঢাঁহি-মুহি লৈ গৈছিল। নদীখন যেতিয়া শান্ত হ’ল, টোপনিও লাহেকৈ সকলোৰে ঘূৰি আহিল।
কিন্তু, এমাহ?
ভাইটোৱে মোলৈ ফোন কৰি কৈ থৈছে-
:বাইদেউ, তই বাছৰ পৰা নামি তাতে ৰৈ থাকিবি। মই সময়মতেই গৈ পাম।
সেয়ে তালৈ এতিয়া মই ফোন কৰা নাই সি আহি পাইছেহিনে নাই বুলি। আৰু দহ মিনিটমানৰ পাছতে বাছখন মোৰ লক্ষ্যস্থান পাবগৈ।
কাষৰ মানুহজনে এঙামুৰি এটা দিছে যেন অত পৰে ঘৰৰ বিছনাখনতহে তেওঁ শুই আছিল। নাজানো, বাছত ইমান টোপনি কেনেকৈ আহে!
কেৰেচ্ কৈ শব্দ এটা কৰি বাছখন ৰৈ গ’ল। খৰধৰকৈ নামি আহিলোঁ। চাৰিওফালে সন্ধিয়াৰ লাইটবোৰে জলক-তবক লগাইছে মোৰ চকু দুটাক। ইফালে-সিফালে চাই ক’তো নেদেখিলোঁ ভাইটোক। এনেতে ফোনটো বাজি উঠিল।
তাৰে ফোন..।
আৰু দহ-বিশ মিনিট ৰ’ব লাগিব হেনো। আহি আছে। এই মুহূৰ্তত তাক নেদেখি উঠি অহা খঙটো সামৰি থ’লোঁ।
ৰাতিৰ চহৰ হওক, নগৰ হওক একেবাৰে বেলেগ। তাতে নতুনকৈ গঢ় লোৱা। সদায়ে ৰাতিৰ জগতখন তেনেই অচিনাকি যেন লাগে মোৰ। মানুহবিলাকৰ ব‍্যস্ততা চাই সময় কেনেকৈ পাৰ হৈ গ’ল গমেই নাপালোঁ।
:বাইদেউ।
তাৰ মাততহে উভতি চাই দবাই ৰখা খঙটো চেপা চেপা মাতেৰে উকালি দিলোঁ-
:সময়মতে নাহিলি কিয়? ক’ত আড্ডা মাৰি আছিলি?
সি অপৰাধী সুৰত ক’লে-
:টিভি চাই আছিলোঁ অ’, কেতিয়া যে টোপনি আহি গ’ল গমেই নাপালোঁ। গালি নাপাৰিবি দে।
মই একেথৰে তালৈ চাই থাকিলোঁ।
টোপনি কেতিয়া আহিল সি গমেই নাপালে।
সেই চকু দুটাত কেতিয়া টোপনি আহিব?
কেতিয়া?
তাৰ বাইকৰ পিছফালে বহি ল’লোঁ। বতাহত মোৰ শাৰীৰ আঁচলটো উৰি নাযাবলৈ ‘টাইট’কৈ কঁকালত খুচি ল’লোঁ। গৈ থাকোঁতে ঠাণ্ডা বতাহে বাৰে বাৰে চকুদুটা মোৰ মুদ খুৱাই দিলে।
উস্, মোৰ চকুত বাদুলী ওলমাৰ দৰে ওলমি ৰোৱা চকুহালে মোলৈকে চাই আছে।
মায়ে আমালৈকে বাট চাই আছিল। পদূলিমুখত ৰোৱাৰ লগে লগে মা’ ভিতৰলৈ সোমাই গ’ল। নিশ্চিন্ত এতিয়া মা’। মই ভালদৰেই জানো এতিয়া মায়ে আমালৈ চাহ একাপ কৰিবলৈ গৈছে। নিজৰ ৰূমত হেণ্ডবেগটো থৈ হাত-ভৰি ধুই ‘ফ্ৰেচ’ হৈ লোৱাৰ তীব্ৰ তাগিদা এটা অনুভৱ কৰিলোঁ।
ভাইটোৱে মোবাইলটো লৈ ব‍্যস্ত হৈ পৰিল।
মই বাথৰূমৰ পৰা ওলাই আহোঁ মানে টেবুলত চাহৰ কাপৰ পৰা ধোঁৱা বলি আছে।
ভাগৰুৱা নাছিলোঁ ইমান। এছোৱা বাছত আহিছোঁ, এছোৱা বাইকত। খোজকাঢ়ি বোলে ভাগৰত লেবেজান, সেয়াও নহয়। তথাপিও মোৰ শুই পৰিবলৈ মন গৈছে। নিজৰ লগতে অকলশৰে কথা পাতিবলৈ মন গৈছে।
মায়ে মোলৈকে চাই আছে কিবা ক’ম বুলি।
পেহীৰ ঘৰৰ মাঙ্গলিক অনুষ্ঠানটো ভালদৰে হৈ গ’লনে? মানুহৰ উপস্থিতি কিমান, চিনাকি কাক, কাক লগ পালি ইত্যাদি ইত্যাদি। এইবোৰেইতো মায়ে জানিব বিচৰা কথা হয়। এফালৰ পৰা কৈ পেলালোঁ সৱ।
মাৰ দুচকুলৈ লক্ষ্য কৰিলোঁ। এক ৰসাল, বুদ্ধিদীপ্ত চকু। মায়ে জানিব নিশ্চয়, জানিবই। হঠাতেই মাক সুধি পেলালোঁ-
:মা, তোৰ টোপনি ভালদৰে ধৰেনে?
সুধিবলগা কথা নহয়, কাৰণ মই সদায় মাৰ কাষৰ বিছনাখনতে শোওঁ। জানো মই, মায়ে সদায় শান্তিৰ টোপনি মাৰে।
তথাপি!
তথাপি!
মায়ে সামান্য অবাক হৈ উত্তৰটো দিলে-
:টোপনি নধৰিবলৈ আক’ মোৰ কি হ’ল? কি মোৰ ইমান চিন্তা-ভাৱনা আছে? অদৰকাৰী কথাই, দুৰ্ভাৱনাইহে টোপনি নাইকিয়া কৰে।
হয়, মাৰ উত্তৰটো মোৰ মনঃপুত হৈছে। একেবাৰে ‘টু ডি পইণ্ট’-ত কথা কোৱা যেন লাগিল।
:মা মানুহৰ এমাহলৈ টোপনি নাহিলে কি হ’ব?
:কি হ’ব আৰু, মানসিক-শাৰীৰিক স্বাস্থ্য ভাগি পৰিব। সঠিক সময়ৰ সঠিক টোপনি বৰ প্ৰয়োজন মানুহক। কিয় সুধিলি?
:আজি মানুহ এজনক লগ পালোঁ এমাহ ধৰি টোপনি নাই হেনো।
এই মুহূৰ্তত মই অনুভৱ কৰিলোঁ মায়েও গভীৰ চিন্তা এটাত ডুব গ’ল মোৰ কথা শুনি।
কিছুপৰৰ অন্তত মায়ে হুমুনিয়াহ এটা কাঢ়ি লাহে লাহে ক’লে-
:মনৰ ভৰ কিমান বেছি চাগৈ তেওঁৰ, টোপনি একেবাৰে হৰি নিলে দেহি।
অলপ সময়ৰ পাছতে পুনৰ মাক সপ্ৰতীভ যেন লাগিল। অলপ উৎসাহেৰেই ক’লে-
:বুইছ, মাইনু.., মনৰ ওজনটো পাতল হ’লেই তেওঁৰ টোপনি ঘূৰি আহিব। অত‍্যাধিক বোজা লৈ আছে তেওঁ, যাৰবাবে দিগবিদিক হেৰুৱাইছে। দৰৱে নিশ্চয় বলপূৰ্বক টোপনি আনিব পাৰিব, স্বতঃস্ফূৰ্ত টোপনি মনৰ শান্তিয়েহে আনিব পাৰিব।
মা’ মোৰ ওচৰৰ পৰা উঠি গ’ল।
মনটো এই বিষয়ৰ পৰা আঁতৰাবলৈ ভাইটিৰ হাতৰ পৰা টিভিৰ ৰিমটটো কাঢ়ি ইটোৰ পিছত সিটো চেনেল সলাই গ’লোঁ। ক’তো একো ভাল লগা নেপালোঁ। সি বক্ বকাই চোফাখনতে ভৰি-হাত মেলি বহি থাকিল। খেল চাই আছিল বেচেৰাটোৱে।
ৰাতিৰ আহাৰ খাই বিছনাত পৰোঁ মানে চাৰে দহ বাজি গ’লেই। মায়ে আঁঠুৱাখন কেওফালে খুচি দুহাত ওপৰলৈ কৰি আজিয়ো মুখেৰে নেদেখাজনক কৈ উঠিল-
:প্ৰভু, সকলো তোমাৰ ওপৰতে অৰ্পণ কৰিলোঁ। আজিলৈ শুইছো, প্ৰভু।
মা শুই পৰিল। অলপ পিছতে মাৰ নাকৰ দীৰ্ঘশ্বাস শুনিবলৈ পালোঁ।
মই ইকাটি-সিকাটি কৰি আছোঁ। মোৰ লগত দ্বন্দ্ব কৰি থকা ভাইটো, সিয়ো নিজৰ ৰূমত। পঢ়ি আছে চাগৈ এতিয়া।
“অ’, আই, কিবা এটা উপায় দিয়া–।”
উস্ …, ঘনে ঘনে কাটি সলাইছোঁ মই।
ৰাতিটো লাহে লাহে যৌৱনা হৈ পৰিছে। দূৰৈৰ পৰা কুকুৰৰ ভুক্-ভুকনি ভাহি আহিছে। ৰৈ ৰৈ অচিন চৰাইৰ মাত এটা ভাহি আহিছে। ঘড়ীৰ কাটাৰ টিক্ টিক্ শব্দ জোৰেৰে কাণত বাজিছে।
আন্ধাৰতে মালৈ চালোঁ। অনুভৱ কৰিলোঁ গভীৰ প্ৰশান্তিৰে শুই আছে মা।
মুখখনত যেন লিখা আছে- “মনৰ ভৰ কম কৰ, মাইনু। শুই থাক।”
একেথৰে মালৈ চাই আছোঁ। বহু দূৰৰ পৰা আজানৰ শব্দ ভাহি আহিছে। ক্ৰমাৎ মোৰ কাণৰ পৰা ঘড়ীৰ টিক্ টিক্ শব্দটো নাইকিয়া হ’বলৈ ধৰিছে…
ক্ৰমাৎ…
ক্ৰমাৎ..।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!