ঈশ্বৰপুত্ৰ চিকিৎসক

লেখক- ডাঃ ৰীতি কৌশিক

 

‘‘নমস্কাৰ ডাক্তৰ।” 

‘‘হয়! নমস্কাৰ”

‘‘আজি ক্লিনিকত থাকিবনে?” 

‘‘অহ! আজিতো মই ক্লিনিকত নাথাকোঁ।” 

‘‘কিন্তু মোৰ যে আজিয়ে সময় আছে, জানেনে? কি কৰা যায় এতিয়া?” 

‘‘ফোনতেই কওকচোন, মই সমাধান কৰিবলৈ চেষ্টা কৰোঁ।” 

‘‘নহয় ডাক্তৰ, মই আচলতে আপোনাৰ ক্লিনিকলৈ যাব বিচাৰোঁ।” 

‘‘আচলতে আজি মোৰ অলপ অসুখ হৈ আছে যাৰ বাবে গাটো দুৰ্বল, গতিকে আপুনি কালি আহক।” 

‘‘কি কয়! ডাক্তৰৰ অসুখ হয় নেকি?” 

‘‘হমমমমম! হয় দিয়ক।” 

‘‘তাৰমানে বেজৰ নাকত খৰ।” 

উত্তৰবিহীন হুমুনিয়াহ। 

‘‘হেল্লো ডাক্তৰ!” 

‘‘হয়! কওকচোন।” 

‘‘মই ঔষধকেইটা খোৱাৰ আগত খাম নে খোৱাৰ পাছত খাম।” 

‘‘আপুনি কোনে কৈছিল বাৰু?” 

‘‘কিয় পৰহি যে গৈছিলোঁ আপোনাৰ ওচৰলৈ!” 

‘‘বুজিছোঁ, কিন্তু আপোনাৰ নামটো কওকচোন আৰু লগতে ঔষধৰ নামটো। মনত নাথাকে যে ইমান।” 

‘‘এহ্ ডাক্তৰ! আপুনি পাহৰিলেই নে? সিদিনা গৈছিলোঁহে?” 

‘‘বুজিছোঁ, কিন্তু দিনটোত আমি কেইবাজনো ৰোগী পৰীক্ষা কৰিবলগীয়া হয় যে, গতিকে মনত নাথাকে। এবাৰ অনুগ্ৰহ কৰি আপোনাৰ নামটো মনত পেলাই দিয়কচোন। এতিয়াও মই ৰোগীৰ লগত ব্যস্ত হৈ আছোঁ।” 

‘‘এহ ডাক্তৰ! আপুনি বৰ অহংকাৰী আৰু খঙাল হে…..।” 

আকৌ এটা হুমুনিয়াহ। 

 

উপৰ্যুক্ত দুয়োটা উদাহৰণ হয়টো দৈনন্দিন জীৱনৰ অংশ, ঈশ্বৰপুত্ৰ আৰু ঈশ্বৰপুত্ৰী চিকিৎসকসকলৰ। এগৰাকী ৰোগীৰ বিশ্বাসৰ তুলাচনীখনত সদায়েই ডাক্তৰ বা চিকিৎসক এজন ভগৱান। একা-বেঁকা জীৱনৰেখা সৰল হৈ পৰা মানেই জীৱন স্থবিৰ হৈ পৰা। এই স্থবিৰ জীৱনৰেখাক জীয়াই তুলিব পৰাকৈ শক্তিশালী বুলি ভাবে সাধাৰণ জনতাই এগৰাকী চিকিৎসকক। মিছা নহয় কথাটো কাৰণ নুমাব ধৰা আশাৰ বন্তিগছ আকৌ জ্বলি উঠে এগৰাকী চিকিৎসকৰ প্ৰচেষ্টাৰূপী আশীৰ্বাদত। চৰম হতাশাৰ পৰা জীৱনক পুনৰ জীয়ন দি তোলাৰ নেপথ্যত এজন চিকিৎসকৰ যথেষ্ট অৰিহনা থাকে। কিন্তু সঁচাকৈয়ে এজন ডাক্তৰ ভগৱান হয়নে? হৃদপিণ্ডৰ ধপধপনি চলাই নিব পৰাকৈ প্ৰত্যেকবাৰ এজন চিকিৎসক সফল হয়নে? মৃত্যুক জয় কৰিব পৰাকৈ এগৰাকী চিকিৎসকে প্ৰত্যেকবাৰ মৃতসঞ্জীৱনী দিবলৈ সক্ষম হয়নে? 

ধমনীত প্ৰৱাহিত এই ৰক্তকণিকাৰ উত্তাপ ৰক্ষা কৰিবলৈ অহোপুৰুষাৰ্থ কৰা এই চিকিৎসকসকলো আপোনাৰ আৰু মোৰ দৰে তেজ মঙহৰেই এজন সাধাৰণ মানুহ, যাৰ হৃদযন্ত্ৰত চাৰিটা চেম্বাৰ বা কোঠা আছে, শৰীৰৰ ধমনীত প্ৰবাহিত ৰক্তত WBC আৰু RBC ৰ লগতে HEAMOGLOBINও আছে। যিয়ে চকুৰ ক্ষমতা আৰু মগজুৰ বিভিন্ন ৰসায়ন যেনে ড’পামিন আৰু চেৰোট’নিনৰ নিৰ্দেশনাত হাজাৰ হাজাৰ লোকৰ ৰোগ উপশমৰ বাবে খাটি থাকে। থায়ৰইড আছে, আছে ইনচুলিন, হয় ঠিক আপোনাৰ আৰু মোৰ দৰেই। 

মানৱ শৰীৰৰ প্ৰতিটো অংগৰ এক সুকীয়া বৈশিষ্ট্য আছে আৰু প্ৰতিটো অংগই সুচাৰুৰূপে নিজৰ কাম কৰি গৈ থাকে। যাৰ বাবে আমি আমাৰ অস্তিত্ব বহন কৰি থাকোঁ সদায়েই। এটা মগজু, এযোৰ চকু, এটা নাক, এযোৰ ওঁঠ, দুপাৰি দাঁত, এখন জিভা, মুখগহ্বৰৰ লগতে অভ্যন্তৰিন সকলো অংগ একত্ৰিত হৈ গঠিত হৈছে আমাৰ মানৱ শৰীৰ। 

দুশ ছয়ডাল সৰু-ডাঙৰ হাড়ৰ সমষ্টিৰ আমাৰ শৰীৰটো, আৰু তাৰে ভিতৰত ৰাজহাড়ৰ মজবুতিত থিয় হৈ থাকে ই। লগতে শৰীৰটো সজোৱাত সহযোগী হিচাপে থাকে বিভিন্ন স্নায়ু, সিৰা-উপসিৰা, কোষিকা, মাংস-পেশী আৰু ভিন ভিন অংগ-প্ৰত্যংগ ইত্যাদি। 

এই সকলোৰে পৰিবেষ্টিত আমাৰ শৰীৰটোৱে কোনো কাৰণত যেতিয়াই নিজৰ সন্তুলন হেৰুৱাৰ সম্ভাৱনা হয় তেতিয়াই চিকিৎসকৰ ওচৰত অনা হয় চিকিৎসাৰ বাবে আৰু এইখিনিতে প্ৰকৃতিয়ে নিৰ্বাচন কৰা মানৱ শৰীৰৰ সকলো অধিকাৰ মানৱৰূপী ঈশ্বৰজনলৈ পৰ্য্যবসিত হয়। এই বিশ্বাসকেই সম্পূৰ্ণ কৰিবলৈ উঠি-পৰি লাগে চিকিৎসকসকল। এই কৰ্মৰ তাগিদাত চিকিৎসকসকলৰ নিজৰ শৰীৰেই কেতিয়াবা সহযোগিতা আগবঢ়াব নোৱাৰে। কাৰণ সঁচা অৰ্থত তেওঁলোকৰ শৰীৰটোও সাধাৰণ মানুহৰেই, সাধাৰণ তেজ আৰু মঙহৰেই গঢ়া। কেতিয়াবা অত্যধিক কৰ্মৰ তাগিদাত আৰু চাপত বা প্ৰকৃতিৰ সাল-সলনিৰ প্ৰভাৱত শৰীৰে কেতিয়াবা বিসংগতিৰ মুখামুখি হয় তেতিয়াই অসুখৰ আৱৰ্তনত আহে চিকিৎসকসকল। কাৰণ ৰোগে চিকিৎসক আৰু ৰোগীৰ মাজত পাৰ্থক্য বিচাৰ কৰাত অসমৰ্থ। অসুখ নাইবা বেমাৰ নাইবা ৰোগে কেবল শৰীৰতহে বাঁহ লয়, সেই শৰীৰৰ গৰাকী কোন সেয়া বিচাৰ কৰা কাম ৰোগৰ নহয়। সেইখিনিতেই কেতিয়াবা ভুল বুজাবুজিৰ সৃষ্টি হয়। ৰোগী চাই থকা শৰীৰটোক মেৰিয়াই ধৰা বেমাৰটোৱে মনটোক কোনোবা মুহূৰ্তত দুৰ্বল কৰি তোলে। তেতিয়া অকণমান সাহচাৰ্য, মৰম, পৰিচৰ্য্যা চিকিৎসকৰ মনোজগতত বিচৰণ কৰে। “বেজৰ নাকত খৰ” জাতীয় উপমাই সাময়িক হাঁহি এটি সকলোৰে মুখত জিলিকাব পাৰে কিন্তু চিকিৎসকজনৰ মন গহনত হুমুনিয়াহটোৱে লাহে লাহে সহাৱস্থান কৰিবলৈ আৰম্ভ কৰে। কোনো লোকে চিকিৎসকজনৰ মনত কি চলিছে সেয়া জানিবলৈ বা বুজিবলৈ চেষ্টা নকৰে। নিশ্চিতভাৱেই চিকিৎসকসকলে ৰোগৰ ওপৰত যথেষ্ট অধ্যয়ন কৰে আৰু জ্ঞানো থাকে কিন্তু অধ্যয়নপুষ্ট জ্ঞানেৰে আৰু অভিজ্ঞতাৰ বাটেৰে ৰোগীক ৰোগৰ উপশম কৰিবলৈ চেষ্টাৰ ত্ৰুটি নকৰে। কেতিয়াবা নিজৰ দেহত দেখা দিয়া ৰোগৰ উমান পাই চিকিৎসকসকলে, তেতিয়া সঠিক সময়ত চিকিৎসা লৈ শৰীৰ আৰু মনটোক সবল কৰি ৰখাৰ যো-জা কৰে। কিন্তু সদায় এয়া অসম্ভৱ। কিয়নো শৰীৰ আৰু ৰোগৰ এটা নিজা স্বাধীনতা আছে আৰু এই স্বাধীনতাৰ পৰিপ্ৰেক্ষিতত অসুখৰ হাতোৰাত চিকিৎসকসকল সোমাই পৰে। 

গতিকে বেমাৰ হোৱা আৰু নোহোৱাটো শৰীৰৰ ওপৰত নিৰ্ভৰ কৰা হয়, কাৰণ বেমাৰে কেতিয়াও ৰজা-প্ৰজা, চিকিৎসক-ৰোগী চাই কাৰো শৰীৰলৈ নাহে। ইতিহাসৰ বুকুত বহু কেইগৰাকী চিকিৎসকে ৰোগ আৰু ৰোগীক শুশ্ৰূষা কৰি নিজৰ প্ৰাণ পৰ্য্যন্ত হেৰুৱাই মহানুভৱতাৰ পৰিচয় দিছে। সৌ সিদিনা, অৰ্থ্যাৎ ২০১৪ চনৰ ১৯ আগষ্টত ইব’লাত আক্ৰান্ত ৰোগীক চিকিৎসা কৰি নাইজেৰিয়াৰ ডাক্তৰ অমেয়ো অদাদেভোহ (Dr.Ameyo Adadevoh) নিজে মৃত্যুমুখত পৰিছিল। কোভিড-19 মহামাৰীত কেইবাজনো চিকিৎসক নিজে এই ৰোগত আক্ৰান্ত হৈছে আৰু মৃত্যুৱো হৈছে। উৰিষ্যাৰ এগৰাকী ৩৯ বছৰীয়া চিকিৎসক কোভিড-19 ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে লগতে এগৰাকী ভূপালৰ ৬১ বছৰীয়া চিকিৎসকো মৃত্যুমুখত পৰে। এয়া মাথোঁ দুটা উদাহৰণহে, এনেকুৱা নজিৰ আমাৰ সমাজত হাজাৰ হাজাৰ আছে যে তাহানিৰ যুগৰ পৰা চিকিৎসকে সকলো লোককে ৰোগৰ পৰা পৰিত্ৰাণ দিবলৈ যাওঁতে অথবা শুশ্ৰূষা কৰিবলৈ যাওঁতে নিজেই সেই ৰোগত আক্ৰন্ত হৈ নিজৰ জীৱন ত্যাগ দিয়া। কিন্তু এয়া স্বাভাৱিক কাৰণ তেওঁলোকৰ শৰীৰটোও ভাইৰাছ বা বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হ’ব পৰাকৈ তেজ মঙহেৰেই গঠিত। অ’, এটা কথা ঠিক যে আগতীয়া সতৰ্কতাৰ বাবে মৃত্যুৰ হাৰ কম। 

এই ধাৰণা সলনি কৰাৰ খুবেই প্ৰয়োজন যে এগৰাকী চিকিৎসকৰ বেমাৰ হ’ব নোৱাৰে। এটা সাধাৰণ শৰীৰৰ গৰাকী এই চিকিৎসকসকলৰ ষষ্ঠ ইন্দ্ৰিয়ৰ লগতে সাধাৰণ শাৰীৰিক অৱয়বৰ হয় আৰু সকলো ৰিপু মজুত থাকে তেওঁলোকৰ মন গহনত। যাৰ পৰিপ্ৰেক্ষিতত হাঁহি, কান্দোন, মান, অভিমান, খং ইত্যাদিয়ে তেওঁলোকৰ মাজতো লক্ষণীয় হয়। 

এই চিকিৎসাবৃত্তি সহজ নহয়। কিতাপৰ সকলো অধ্যয়নৰ পাছতো ন ন ৰোগৰ প্ৰতিদিনে উদ্ভাৱন হৈ আছে, ন ন ৰোগৰ লক্ষণ দেখা দি আছে আমাৰ চৌপাশে। যদি আমি তুলনা কৰো তেন্তে কাঁচৰ চিৰিঞ্জৰ পৰা ডিছপোজেবল চিৰিঞ্জলৈ এই যাত্ৰালৈ বহু সংখ্যকৰ দিন ৰাতি একাকাৰ হোৱা কষ্ট সমাহিত হৈ আছে। নিজৰ পৰিয়াল, আত্মীয়-স্বজন, বন্ধু-বৰ্গৰ পৰা প্ৰায়ে আঁতৰি থাকি নিজৰ দায়িত্ব পালন কৰি থাকিবলগীয়া সময়বোৰ কেতিয়াবা বৰ অস্থিৰ হয়। খং, ক্ষোভ, হতাশাত তেওঁলোক ভোগে। কিন্তু দমন কৰিবলগীয়া হয় একমাত্ৰ ৰোগীৰ মুখলৈ চাই। আমাক গড়ে নিতৌ প্ৰায় সাতৰ পৰা আঠ ঘণ্টা টোপনিৰ প্ৰয়োজন। কিন্তু এই ক্ষেত্ৰত সমীক্ষা অনুসৰি এগৰাকী চিকিৎসকে সক্ষম হয় মাথোঁ গড়ে চাৰেপাঁচ ঘণ্টাহে শুবলৈ, সেয়াও গভীৰ টোপনি নহয়। 

সমাজৰ হকে, দেশৰ হকে তথা মানৱীয়তাৰ হকে নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰা এই চিকিৎসকসকলৰ ত্যাগক আমি প্ৰতিদিনে সন্মান জনাই আহিছোঁ। এনেক্ষেত্ৰত তেওঁলোকৰ অলপমান অভিমানৰ বহিৰ্প্ৰকাশ সহ্যাতীত হৈ পৰে কিয়? যদি তেওঁলোক কেতিয়াবা ৰুক্ষ হৈয়ো উঠে তেন্তে সেয়া সামৰি ল’ব পৰাটো আচলতে এক সহনশীলতাৰ কলাহে। প্ৰেছক্ৰিপছনখন কেৱল কলম আৰু আঙুলিৰ যাদু নহয়। মানসিক কচৰৎ আৰু অধ্যৱসায়ৰ ফঁচল এই দৰৱ লিখা কাগজখন। 

দিনটোত কেতিয়াবা অৰ্দ্ধ শতাধিক ৰোগী চোৱা চিকিৎসক এগৰাকীৰ প্ৰতিজন ৰোগীৰ নাম মনৰ পৰা ওলাই যোৱাটো স্বাভাৱিক। পাহৰি যোৱা নাযায় কিন্তু হয়তো সেই সময়খিনিত ব্যস্ততাৰ বাবে মনলৈ নাহিব পাৰে অথবা কেতিয়াবা নিৰ্দিষ্ট সেই দৰৱকেইটা সেই ৰোগীজনকেই যে দিয়া হৈছে সেয়া মনত থকাটো প্ৰায় অসম্ভৱ। দিনটোত হাজাৰবিধ ঔষধ এশজন ৰোগীৰ বাবে লিখা হয়। গতিকে কাক কি ঔষধ দিয়া হৈছে সেয়া মনত ৰখাটো মোৰ বোধেৰে সম্ভৱ নহয় আৰু উচিতো নহয়। 

ভুল শুদ্ধৰ সমষ্টিৰে গঢ়া এই মানৱ জীৱন। চিকিৎসকো মানৱৰ শাৰীৰ পৰা উৰ্দ্ধত নহয়। কোনো কোনো ক্ষেত্ৰত চিকিৎসাৰ বিশাল পৰিসৰৰ মাজৰ পৰা কিবা এটা ভুল হোৱাটো স্বাভাৱিক। কিন্তু তাৰ পৰিণতি হিচাপে তেওঁলোকৰ ওপৰত অপবাদ জাপি দিয়াটো মুঠেই উচিত নহয়। খং, গৰ্ব, অহংকাৰ থকা চিকিৎসক নাই বুলি মই কোৱা নাই, কিয়নো ৰিপুৰ পৰা আঁতৰি কেতিয়াও মানৱ জীৱন নহয়। কিন্তু ইয়াৰ পৰিণাম হিচাপে এগৰাকী চিকিৎসকক হত্যা কৰা কথাটো কিমান সমীচীন? ভাৰতত প্ৰতিদিনেই হয়তো এনেকৈ চিকিৎসক লাঞ্ছিত নতুবা অপমানিত হয়। শেহতীয়া তথ্য অনুসৰি ভাৰতত প্ৰায় সত্তৰ শতাংশ চিকিৎসক নিজৰ জীৱনত এবাৰলৈ হ’লেও শাৰীৰিক বা মানসিক নিৰ্যাতনৰ বলি হয় আৰু তাৰে ভিতৰত পোন্ধৰ শতাংশ চিকিৎসক মৃত্যুমুখত পৰে। সকলোখিনি কথা যদি যুকিয়াই চাওঁ তেন্তে এই বিতৰ্কৰ শেষ হয়তো কেতিয়াও নহ’ব। 

অতীতৰ পৰা এতিয়ালৈকে চিকিৎসক ঈশ্বৰৰ লগতে অহংকাৰীয়ো হৈ আহিছে। প্ৰবাদত প্ৰচলিত হৈ ৰৈছে। হয়তো কিছুমান কথা অনুসৰণ কৰিলে আমি চিকিৎসকসকলৰ বন্ধু হৈ পৰিব পাৰো। যেনে প্ৰথমেই তেওঁলোকক ত্ৰাণকৰ্তা হিচাপে ভাবি লোৱাতকৈ এজন সুপৰামৰ্শদাতা হিচাপে আঁকোৱালি লোৱাৰ চেষ্টা কৰিব লাগে। দ্বিতীয়তে, তেওঁলোকৰ চিকিৎসাৰ এক পদ্ধতি থাকে, সেই পদ্ধতিক সন্মান জনাই ধৈৰ্য্য সহকাৰে চিকিৎসা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগে। তৃতীয়তে কওঁ যে, বিশ্বাস চিকিৎসাৰ মূলমন্ত্ৰ। যদি আপোনাৰ অনুভৱ হৈছে যে যিগৰাকী চিকিৎসকৰ ওচৰলৈ আপুনি গৈছে তেওঁৰ ওপৰত বা তেওঁৰ চিকিৎসা পদ্ধতিয়ে আপোনাৰ মনত বিশ্বাস জন্মাব পৰা নাই, তেন্তে আপুনি চিকিৎসক সলনি কৰিব পাৰে। কিন্তু কেতিয়াও এগৰাকী চিকিৎসকৰ ওচৰত আন এগৰাকী চিকিৎসকৰ বদনাম নকৰিব। চতুৰ্থতে, কোনো কাৰণত যদি কোনোবা চিকিৎসকৰ ৰুক্ষ ব্যৱহাৰৰ সন্মুখীন হ’বলগীয়া হয় তেতিয়া সেই সময়খিনিত নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। কিয়নো সময়ত সকলোৱে নিজৰ ভুলৰ অনুশোচনা কৰে। পঞ্চমতে, ৰোগী হৈ চিকিৎসকৰ দুৱাৰত উপস্থিত হোৱাৰ সময়ত পৰাপক্ষত নিজৰ ৰোগৰ বিষয়ে নিজেই চিকিৎসকৰ ওচৰত কোৱা উচিত (যদি ৰোগীগৰাকী কথা ক’ব পৰা অৱস্থাত থাকে)। লগত যোৱাসকলে দিয়া ৰোগীৰ ৰোগৰ বৰ্ণনাত চিকিৎসক বিভ্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। ষষ্ঠ, জন্ম-মৃত্যু আমাৰ কাৰো হাতত নাথাকে অথচ আমি আশা কৰোঁ যে চিকিৎসক আৰু চিকিৎসা পদ্ধতিয়ে আমাক এশ শতাংশ নিৰোগী কৰি তুলিব বা জীৱন দান দিব। কিন্তু সদায়ে এইক্ষেত্ৰত আমাৰ আশা পূৰ্ণ নহ’বও পাৰে। আমি আশাহতও হ’ব পাৰোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে চিকিৎসক দায়ী। আমি আগতেও কৈছো যে এগৰাকী চিকিৎসকে নিজৰ সৰ্বোচ্চ দি ৰোগী এজনক বচাবলৈ চেষ্টা কৰে, গতিকে কিবা কাৰণত তেওঁ সফল নহ’লে তেওঁক অপমান কৰা অনুচিত। 

সঁচা অৰ্থত ৰোগী আৰু চিকিৎসক এজন আনজনৰ পৰিপূৰক। কাৰণ এজনে যদি নিজৰ ৰোগ উপশম কৰে, আনজনে নিজৰ শিক্ষা আৰু জ্ঞান ব্যৱহাৰ কৰে বা প্ৰয়োগ কৰে। এইক্ষেত্ৰত দুয়োপক্ষৰ সহনশীলতা অতি প্ৰয়োজনীয়। চিকিৎসক ঈশ্বৰ হোৱাৰ আগত আমাৰ নিচিনাই এজন মানুহ। এই কথাষাৰ এবাৰ যদি বোধগম্য কৰি লওঁ তেন্তে বাকী সকলোবোৰ সহজ হৈ পৰিব। 

‘‘The Best Way To Find Yourself Is To Lose Yourself In The Service Of Others” – Mahatma Gandhi. “নিজক বিচাৰি চোৱাৰ উত্তম উপায় হ’ল আনৰ সেৱাত নিজক হেৰুৱাই পেলোৱা”

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!