উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰামীণ মানসিক স্বাস্থ্যসেৱা

লেখক- পংকজ কুমাৰ নেওগ

প্ৰায় ১০ বছৰৰ আগতে স্কিজ’ফ্ৰেনিয়া ৰোগত ভোগা কথাবোৰ গোবিন্দ ৰায়ৰ মনত আছে। সেই সময়ৰ কথা মনত পৰিলে তেওঁৰ এনে ভাৱ হয় যেন বাস্তৱৰ সৈতে তেওঁ সকলো যোগাযোগ হেৰুৱাই পেলাইছিল। তেওঁৰ আহাৰ গ্ৰহণ আৰু নিদ্ৰা হৈ পৰিছিল অনিয়মীয়া; তদুপৰি সেই মানসিক অৱস্থাত তেওঁৰ পত্নী প্ৰায়েই তেওঁৰ হিংসাৰ বলি হৈছিল অথচ সেইবোৰ কাৰ্যৰ তেওঁৰ কোনো স্মৃতি নাছিল। আজি মানসিক ৰোগ চিকিৎসা মিত্ৰজোঁট (Mental Illness Treatment Alliance) বা চমুকৈ ‘মিতা’ৰ চিকিৎসক আৰু পৰামৰ্শদাতাৰ চিকিৎসাৰ পিছত গোবিন্দ ৰায় সুস্থতাৰ পথত। ৰায়ে কয় -“মানুহে মোক ‘মিতা’ৰ কথা কৈছিল। মই তেওঁলোকৰ সৈতে যোগাযোগ কৰি আৱশ্যকীয় ঔষধবোৰ খাবলৈ ল’লোঁ। ঔষধৰ খৰচ যথেষ্ট কম আৰু কেম্পৰ ডাক্তৰৰ সৈতে কথা পাতি মোৰ ভাল লাগে। মই এতিয়া আৰোগ্য হৈছোঁ আৰু ম’ম’ বনোৱা দোকান এখনত কাম কৰোঁ।” ৰায়ে লগতে কয় যে ৰোগী হৈ থকা কালচোৱাত নানা ধৰণৰ মাত শুনি থকা যেন তেওঁৰ অনুভৱ হৈছিল কিন্তু এতিয়া সেইবোৰ একো নুশুনে। এতিয়া তেওঁ ভ্ৰমগ্ৰস্ত নহয় আৰু ব্যাঘাতহীন নিদ্ৰা উপভোগ কৰিব পাৰে। গোবিন্দ ৰায়ৰ পত্নীৰ মতে তেওঁ নিয়মিতভাৱে ঔষধ খায় আৰু উপাৰ্জনৰ ধন সময়ত ঘৰলৈ আনে। স্বামীৰ ওপৰত তেওঁৰ পত্নীৰ এতিয়া কোনো অভিযোগ নাই।

 

অইন এক বাস্তৱ ঘটনাত এগৰাকী শাহুৱেকে বোৱাৰীয়েক গীতাঞ্জলি ৰায়ৰ অদ্ভুত আচৰণ লক্ষ্য কৰিবলৈ ধৰে। “তাই উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰাৰ লগতে অনৰ্গল কথা পাতিছিল আৰু সকলো কথাতে খং আৰু চিঞৰ-বাখৰ কৰিছিল। মানুহে মোক আহি খবৰ দিছিল যে তাই ‘পাগলী’ হৈছে আৰু আমি তাইক ডাক্তৰৰ ওচৰলৈ নিয়া উচিত।” – গীতাঞ্জলিৰ শাহুৱেকে কয়। এমআইটিএ শিবিৰত গীতাঞ্জলীৰ ‘বাইপ’লাৰ এফেকটিভ ডিছঅৰ্ডাৰ’ ধৰা পৰিছিল। ১০ মাহ চিকিৎসাৰ পিছত এতিয়া গীতাঞ্জলিয়ে সম্পূৰ্ণ উপশম লাভ কৰিছে। নিজৰ এই অধ্যায়ৰ কথা উল্লেখ কৰি গীতাঞ্জলিয়ে কয় – “মোৰ বাবে পৰিয়ালৰ সকলোৱে কষ্ট ভুগিব লগা হৈছিল। মোৰ ছোৱালীকেইজনীয়ে ঘৰৰ কাম-কাজ চম্ভালিবলগীয়া হোৱাত স্কুললৈ যাব পৰা নাছিল। মই কাম কৰিব নোৱাৰাৰ বাবে আমাৰ আৰ্থিক সমস্যা হৈছিল আৰু আকৌ সুস্থ হৈ উঠিব পাৰোঁ নে নোৱাৰোঁ মোৰ কোনো ধাৰণা নাছিল। মোৰ খুব দুখ লাগিছিল আৰু মই কান্দিছিলোঁ। শিবিৰত ডাক্তৰ আৰু নাৰ্ছসকলক লগ পাই মই সান্ত্বনা অনুভৱ কৰিলোঁ। আজিও কিছুমানে মোক ‘পাগলী’ বুলি কয়। মই তেওঁলোকক ক’ব খোজো যে মই ‘পাগলী’ হৈ থকাহেঁতেন নিজৰ কামৰ উপৰি ঘৰ-সংসাৰ কেতিয়াও চম্ভালিব নোৱাৰোঁ।”

২০০০ চনত ডাঃ সুনীল কৌল আৰু তেওঁৰ পত্নী জেনিফাৰ লিয়াঙে ৪০ বছৰতকৈয়ো অধিক সময় অসমৰ দুৰ্গম গাঁওসমূহত কাম কৰা সৰ্বোদয় আন্দোলনৰ সুনামধন্য গান্ধীবাদী প্ৰয়াত ৰবীন্দ্ৰনাথ উপাধ্যায়ৰ সহযোগত এক্সন নৰ্থইষ্ট ট্ৰাষ্ট (Action Northeast Trust) বা ANT স্থাপন কৰিছিল। বৰ্তমান অসমৰ ১৩খন জিলাৰ ২৪ টা স্থানত বেচৰকাৰী সংস্থাসমূহৰ সহযোগত এই কাৰ্যসূচী সক্ৰিয় হৈ আছে। ২০০৭ চনত আৰম্ভ হোৱা এমআইটিএ বা ‘মিতা’ প্ৰকল্পটো ‘এণ্ট’ ৰ অধীনত। উল্লেখযোগ্য যে অসমীয়া ভাষাত ‘মিতা’ৰ অৰ্থ মিত্ৰ বা বন্ধু। সামাজিক উন্নয়ন খণ্ডলৈ অহাৰ পূৰ্বে সেনাবাহিনীৰ চিকিৎসক হিচাপে কৰ্মৰত ডাঃ কৌলে অতীতৰ কথা স্মৰণ কৰি কয় -“মই আৰু জেনিফাৰে মাজুলীত কাম কৰি আছিলো কিন্তু সেই সময়ত আমি আলফাৰ হিংসাৰ সন্মুখীন হোৱাত সেই অঞ্চল ত্যাগ কৰিব লগা হ’ল। আমি সেই সময়ত অসম এৰি গুচি গৈছিলো কিন্তু হিংসাৰ ভাবুকিৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ বুলি জেনিফাৰ আৰু মই বিয়া হ’লোঁ আৰু পুনৰ অসমলৈ আহি ‘দ্য এণ্ট’ স্থাপন কৰোঁ।” পুনেৰ পৰা এম বি বি এছ আৰু লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনত প্ৰশিক্ষণ লোৱা ডাঃ সুনীল কৌলে উপলব্ধি কৰিছিল যে তেওঁৰ বাবে প্ৰকৃত আহ্বান এনেবোৰ গ্ৰামাঞ্চলত নিহিত হৈ আছে য’ত আনকি মৌলিক স্বাস্থ্যসেৱাও বিৰল। দ্য এণ্ট ফাউণ্ডেশ্যনৰ আটাইতকৈ শক্তিশালী প্ৰভাৱ হৈছে চিৰাঙত মেলেৰিয়া নিয়ন্ত্ৰণত। কৌলে দুৰ্গম স্থানত পৰীক্ষাগাৰ স্থাপন কৰি স্থানীয় লোকক তেজৰ পৰীক্ষা আৰু মেলেৰিয়া পৰজীৱী চিনাক্তকৰণৰ প্ৰশিক্ষণ দিছিল। ডাঃ কৌলৰ পত্নী জেনিফাৰ উত্তৰ-পূৱ ভাৰতৰ উন্নয়ন খণ্ডক শক্তিশালী কৰাৰ বাবে এণ্টৰ উদ্যোগ ‘আইডিইএ’ৰ সৈতে জড়িত। মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চাইন্সেছৰ পৰা ‘চচিয়েল ৱৰ্ক’ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ২০২১ চনৰ মাৰ্চ মাহত ছিংগাপুৰৰ স্প্ৰিংগাৰ-নেচাৰে প্ৰকাশ কৰা “Health Inequities in Conflict-affected Areas: Armed Violence, Survival and Post-Conflict Recovery in the Indo-Bhutan Borderlands” নামৰ এখন গ্ৰন্থৰ জেনিফাৰ সহ-লেখক।

এণ্টৰ এটা বয়ন ইউনিটে জনজাতীয় মহিলাসকলক কৰ্মসংস্থাপন দিয়ে আৰু তেওঁলোকৰ প্ৰচেষ্টাৰ জৰিয়তে আগৰ (Aagor) নামৰ এটা ব্ৰেণ্ডৰ কাপোৰ তৈয়াৰ কৰা হয়। ইয়াৰ পৰা ২ কোটিৰো অধিক মজুৰিৰ উপাৰ্জন হৈছে। এণ্টৰ কিছুমান সামূহিক স্বাস্থ্য কাৰ্যসূচী আছে যদিও ২০০০ চনলৈকে মানসিক ৰোগ চিকিৎসা ইয়াৰ অধীনত নাছিল। সেই সময়ত আশাদীপ নামৰ এটা বেচৰকাৰী সংস্থাই এণ্ট কেম্পাছটো স্থানীয় লোকসকলৰ মানসিক স্বাস্থ্য শিবিৰৰ বাবে ব্যৱহাৰ কৰিবলৈ ডাঃ কৌলৰ অনুমতি বিচাৰে। ডাঃ কৌল মান্তি হ’ল আৰু মাহেকীয়া শিবিৰটোৱে ৰোগীসকলক আকৰ্ষণ কৰে। সম্ভৱতঃ আৰ্থিক সঙ্কটৰ বাবে আশাদীপ এটা সময়ত সেই ঠাইৰ পৰা আঁতৰি যায়। ৰোগীসকল তথাপিও তালৈ চিকিৎসাৰ বাবে আহি থাকিল আৰু ডাঃ কৌলে মানসিক ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ অৱশেষত সেই শিবিৰটো চলোৱাৰ সিদ্ধান্ত লয়। তেওঁক আন দুজন চিকিৎসক ডাঃ দেৱনাথ আৰু ডাঃ মিণ্টুমনি শৰ্মাই সহায় কৰিবলৈ আগবাঢ়ি আহে।

এণ্টে উত্তৰ-পূব ভাৰতৰ গাঁওসমূহৰ উন্নয়নৰ বাবে শিক্ষা, শিশু সুৰক্ষা, মহিলা সবলীকৰণ, শান্তি-সম্প্ৰীতি ৰক্ষা আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰি আহিছে। এই এনজিঅ’টোৰ মুখ্য কাৰ্যালয় চিৰাং জিলাত অৱস্থিত আৰু প্ৰায় ১০০০খন গাঁৱৰ এক লাখৰো অধিক লোকলৈ সেৱা আগবঢ়ায়। ডাঃ কৌলে কয় – “মেলেৰিয়া নিৰ্মূল কৰাত আমি সফল হৈছোঁ; আমাৰ প্ৰচেষ্টাত ঘৰুৱা হিংসা নিম্নগামী হৈছে আৰু আমি সম্প্ৰদায়সমূহক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছোঁ। ‘আলটিমেট ফ্ৰিছবি’ নামৰ খেলটো সকলোৰে মাজত জনপ্ৰিয় কৰি এই দিশত এটা ধনাত্মক পদক্ষেপ লোৱা হৈছে। অঞ্চলটোত উগ্ৰপন্থী সকলৰ হিংসাত্মক কাম-কাজ ৰোধ কৰাতো আমাৰ যথেষ্ট অৰিহণা আছে।”

গীতাঞ্জলি আৰু গোবিন্দৰ দৰে ৰোগীৰ কাহিনী বৰ্ণনা কৰা ‘মিতা কেয়াৰছ’ নামৰ ডকুমেণ্ট্ৰীখন অনুসৰি ৭.৫ শতাংশ ভাৰতীয় কোনো ধৰণৰ মানসিক ৰোগত আক্ৰান্ত। এনে ৰোগৰ চিকিৎসা অতি দুৰ্লভ; ছবিখনৰ মতে ভাৰতত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে মাত্ৰ ০.৭৫জন মনোৰোগ বিশেষজ্ঞ আৰু ০.৭জন মনোবিজ্ঞানী আছে। মানসিক ৰোগ এতিয়াও ভয়, ৰহস্য আৰু মৌনতাৰে আবৃত এটা বিষয়। ‘মিতা’ কাৰ্যসূচীৰ আটাইতকৈ ডাঙৰ সাফল্য হ’ল অসমৰ গ্ৰাম্য জনগোষ্ঠীসমূহৰ মানসিক ৰোগ নিৰাময় কৰি তোলা। ২০০৭ চনত ৰৌমাৰীত এটা শিবিৰ চলাওতে মানসিক চিকিৎসাক অগ্ৰাধিকাৰ দিয়াৰ গুৰুত্ব ডাঃ কৌলে উপলব্ধি কৰে। টাটা ট্ৰাষ্টে কেইবছৰমানৰ বাবে সম্প্ৰদায়ৰ মানসিক স্বাস্থ্যৰ পদক্ষেপক সমৰ্থন জনাইছিল। ২০১৩ চনত এই প্ৰকল্পত যোগদান কৰা ডাঃ মিণ্টু শৰ্মাই কয় – “মানসিক ৰোগৰ সৈতে যুঁজি থকা লোকসকলক গ্ৰামাঞ্চলত ‘মিতা’ই কমখৰচী, মানসম্পন্ন চিকিৎসা নিয়মীয়াকৈ প্ৰদান কৰে। ঔষধ, পৰামৰ্শ আৰু অনুসৰণৰ বাবে আমি প্ৰতিমাহে ৩০০ টকা লওঁ।” প্ৰকল্পটোৰ নেতৃত্ব দিয়া ডাঃ শৰ্মা স্বাস্থ্য ব্যৱস্থাত এম ফিল আৰু মানসিক স্বাস্থ্যৰ স্নাতকোত্তৰ ডিপ্ল’মাধাৰী চিকিৎসক। ডাঃ কৌলৰ মতে প্ৰায় ৪ হাজাৰ লোক ‘মিতা’ৰ পেইড প্ৰগ্ৰেমৰ অংশ। ৰোগী সকলক মাহত পৰীক্ষাৰ বাবে এবাৰ মতা হয় যদিও বহুতৰে সঘনাই যাত্ৰা কৰিবলৈ সামৰ্থ্য নাথাকে। তেওঁলোকে তিনি বা ছমাহৰ মূৰত এবাৰ ঔষধ সংগ্ৰহ কৰে। ৰোগী এজনৰ অৱস্থা সুস্থিৰ হ’লে চিকিৎসকে তেওঁক চাৰি মাহৰ বাবে ঔষধ দিয়ে কিন্তু কিছুমান ৰোগীয়ে এমাহতকৈ অধিক মূল্যৰ ঔষধ কিনিব নোৱাৰে। চিকিৎসাৰ প্ৰথম তিনিমাহত মাহেকীয়া পৰীক্ষা-নিৰীক্ষাৰ অতীৱ প্ৰয়োজন।

এম আই টি এৰ দলটোৱে সন্মুখীন হোৱা কিছুমান সাধাৰণ স্বাস্থ্যজনিত সমস্যা হ’ল মৃগীৰোগৰ দৰে স্নায়ুজনিত বিকাৰ। ‘মিতা’ শিবিৰলৈ অহা প্ৰায় ২৫-৩০ শতাংশ ৰোগী মৃগী ৰোগত আৰু প্ৰায় ৪০ শতাংশ মনোৰোগত আক্ৰান্ত। ক’ভিডৰ সময়চোৱাত অ’চিডি ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছিল। উদ্বেগ আৰু হতাশাৰ সংমিশ্ৰণ আন এক সাধাৰণ ৰোগ। প্ৰায় ৫০ শতাংশ ৰোগীক আজীৱন চিকিৎসাৰ প্ৰয়োজন হয়। শিবিৰত প্ৰাথমিক স্বাস্থ্যসেৱা প্ৰদান কৰা হয় আৰু ৮০ শতাংশ ক্ষেত্ৰত ই ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। প্ৰয়োজনত মনোৰোগ বিশেষজ্ঞকো শিবিৰলৈ মতা হয় বুলি ডাঃ কৌলে উল্লেখ কৰে। ‘মিতা’ই পাঁচ প্ৰকাৰে গ্ৰামীণ জীৱনত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে — (১) ইয়াৰ দ্বাৰা সেৱা আগবঢ়োৱা সম্প্ৰদায়সমূহৰ মাজত মানসিক ৰোগৰ প্ৰতি ভয়, অন্ধবিশ্বাস আৰু কালিমা হ্ৰাস পাইছে; (২) চিকিৎসাৰ মানৱীয় পদ্ধতিয়ে ৰোগী, প্ৰতিপালন কৰা সেৱক-সেৱিকা আৰু সম্প্ৰদায়ৰ মনত আশাৰ সঞ্চাৰ কৰিছে; (৩) ৰোগীয়ে অতি কম খৰচত অনুকূল, মানসম্পন্ন যত্ন লাভ কৰিবলৈ সক্ষম হৈছে; (৪) ফোনযোগে পৰামৰ্শ আৰু পশ্চাৎসেৱা সহজলভ্য হৈ উঠিছে; আৰু (৫) বেছিভাগ ৰোগীয়ে চিকিৎসাৰ পিছত উৎপাদনশীল কামত যোগদান কৰিবলৈ পুনৰ সক্ষম হৈ উঠিছে।

“যেতিয়া আমি কাম আৰম্ভ কৰিছিলো তেতিয়া এই ক্ষেত্ৰখন আছিল সকলোৰে অচিনাকি। এতিয়া মানুহে মানসিক ৰোগক শাৰীৰিক ৰোগৰ দৰেই ভাবিবলৈ আৰম্ভ কৰিছে। আমি তেওঁলোকক কওঁ – ‘কোনো লুক-ঢাক নকৰিব – সকলো গ্ৰহণ কৰিবলৈ আৰম্ভ কৰক। ‘ আমাৰ শিবিৰত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাহিৰেও মানসিক ৰোগ সম্বন্ধীয় আলোচনা-বিলোচনাবোৰো বৃদ্ধি পাইছে। জৈৱমনঃসামাজিক দৃষ্টিভংগী অতি গুৰুত্বপূৰ্ণ আৰু সামাজিক আৰু সাংস্কৃতিক কাৰকসমূহ মানসিক স্বাস্থ্যৰ অতি গুৰুত্বপূৰ্ণ নিৰ্ণায়ক”-ডাঃ শৰ্মাই ব্যাখ্যা কৰে।

“আমাৰ অনুষ্ঠানটো এটা বহনক্ষম আৰু প্ৰতিলিপিযোগ্য মডেল। যিহেতু ই ৰোগীসকলৰ পুঁজিৰে চলি থকা এটা কাৰ্যসূচী আমি আমাৰ সকলো প্ৰয়োজনীয়তাৰ বাবে অনুদানৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। প্ৰথম অৱস্থাত এটা শিবিৰত বিনিয়োগ কৰিবলৈ ১ লাখ টকাৰ প্ৰয়োজন আৰু তাৰ পাছত ই স্বাৱলম্বী হৈ পৰে। আমি জেনেৰিক ঔষধসমূহ সৰহকৈ ক্ৰয় কৰা বাবে যথেষ্ট কম মূল্যত লাভ কৰোঁ।” – ডাঃ কৌলে কয়। এম আই টি এৰ দলটোত ক্লিনিকেল চাইক’লজিষ্ট, প্ৰশিক্ষিত পৰামৰ্শদাতা আৰু সমাজকৰ্মীসকলো আছে। উত্তৰ-পুৰ্বাঞ্চলত প্ৰায় ১৮৬টা ভাষা থকা বাবে ৰোগ নিৰ্ণয়, চিকিৎসা আৰু পৰামৰ্শৰ বাবে ভাষাৰ জ্ঞান থকা অতি প্ৰয়োজনীয়। কেতিয়াবা এম আই টি এৰ দলটোৱে স্থানীয় লোকৰ সহায় লৈ ৰোগীৰ সৈতে যোগাযোগ কৰে। যদি কোনো ৰোগী মাজনিশাও কোনো সমস্যাৰ সন্মুখীন হয়, পৰিয়ালৰ লোকে গাঁও সমন্বয়কৰ কাষ চাপি ‘মিতা’ দলৰ সৈতে যোগাযোগ কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে ঔষধ কেতিয়া আৰু কেনেকৈ খাব লাগে ৰোগীসকলক বুজায় আৰু চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ঔষধ বন্ধ নকৰিবলৈ সাধাৰণতে তেওঁলোকক সকীয়াই দিয়া হয়। অসম, বংগ আৰু মেঘালয়ৰ সুদূৰ প্ৰান্তৰ পৰা ৰোগীসকলৰ শিবিৰলৈ আগমন ঘটে। ভৱিষ্যতৰ পৰিকল্পনাৰ কথা ক’বলৈ গ’লে ‘মিতা’ই উত্তৰ-পূৱৰ অন্যান্য ৰাজ্যলৈকো সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে আৰু অতি সোনকালে মেঘালয় আৰু বিহাৰতো ইয়াৰ শাখা বিস্তৃত হ’ব বুলি আশা কৰিব পাৰি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!