কচুৰ থুৰি আৰু মুৰ্গী মাংসৰ জাল

লেখক- পিংকি বৰুৱা

উপকৰণঃ
মুৰ্গী মাংস ৭০০ গ্ৰাম
কচু থুৰি এমুঠি
মছন্দৰী এবাতি
মধুসোলেং এবাতি
বিলাহী দুটা
আলু দুটা
পিঁয়াজ দুটা
তেজপাত এখিলা
আদা-নহৰুৰ পেষ্ট দুই চাহ চামুচ
কেঁচা জলকীয়া পাঁচটামান (নিজৰ হিচাপত)
জিৰাগুৰি এক চাহ চামুচ
ধনিয়াগুৰি এক চাহ চামুচ
মিঠাতেল প্ৰয়োজনমতে
নিমখ প্ৰয়োজনমতে
হালধি এক চাহ চামুচ
জালুকৰ গুৰি এক চাহ চামুচ
পানী প্ৰয়োজনমতে

প্ৰণালীঃ
মুৰ্গী মাংসখিনি অলপ ডাঙৰ ডাঙৰ টুকুৰা কৰি ধুই পানী নিগৰাই ল’ব। কচু থুৰিখিনি এঘণ্টামান সময় ৰ’দত লেৰেলাই ল’ব। তাৰপিছত কচু থুৰিখিনিৰ আঁহবোৰ গুচাই কুমলীয়া পাতখিনিৰ সৈতে টুকুৰা টুকুৰকৈ কাটি লৈ ভালকৈ ধুই পানী নিগৰাই ল’ব।
এতিয়া কেৰাহীখন জুইৰ ওপৰত গৰম কৰি তাতে প্ৰয়োজনমতে তেল দি তেলখিনি ভালদৰে গৰম হ’বলৈ দি তেজপাত আৰু পিঁয়াজখিনি দি অলপ সময় ভাজিব। পিঁয়াজখিনি ৰঙচুৱা হ’বলৈ ধৰিলে জিৰাগুৰি, ধনিয়াগুৰি, হালধি আৰু নিমখ দি ভালদৰে লৰাই দিব। মচলাখিনি পিঁয়াজৰ লগত মিলি গ’লে তাত মাংসখিনি দি ভালদৰে লৰাই ঢাকি দিব। মাজে মাজে লৰাই মাংসখিনি প্ৰায় পোন্ধৰ মিনিটমান সময় ভাজি তাত আদা-নহৰুৰ পেষ্টখিনি দি ভালকৈ লৰাই দিব। তাৰপিছত তাত ডাঙৰকৈ কাটি লোৱা আলুখিনি দি ঢাকি দিব। আদা-নহৰুৰ কেঁচা গোন্ধটো মাৰ গৈ মাংস ফুটিবলৈ ধৰিলে কচু থুৰি আৰু বিলাহীখিনি দি ঢাকি দিব। মাংসৰ লগত কচু থুৰিখিনি প্ৰায় দহ মিনিটমান সময় ভজাৰ পিছত তাত পানী একাপ দি পানীখিনি শুকাই যোৱালৈকে মাংসখিনি ভাজিব। তাৰপিছত তাত মধুসোলেং আৰু মছন্দৰী পাতখিনি কুটি দি ভালদৰে লৰাই প্ৰায় দুই মিনিটমান সময় ভাজিব। তাৰপিছত প্ৰয়োজনমতে গৰম পানী দি ভালদৰে লৰাই মাংসৰ আঞ্জাখন ঢাকি উতলিবলৈ দিব। প্ৰায় বিশ মিনিটমান সময় মাংসৰ আঞ্জাখন উতলোৱাৰ পিছত তাত জালুকৰ গুৰিখিনি দি আকৌ প্ৰায় দুই মিনিটমান সময় উতলাই গেছৰ জুই নুমুৱাই দিব। এতিয়া গৰমে গৰমে ভাতৰ লগত কচু থুৰিৰ লগত ৰন্ধা মুৰ্গী মাংসৰ আঞ্জাৰ জুতি লওক। মুৰ্গী মাংসৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আহোমসকলৰ নিয়মত প্ৰসূতি মাতৃক মুৰ্গী মাংস আৰু কচু থুৰিৰ লগত সৰহকৈ জালুক দি জাল ৰান্ধি খুউৱা নিয়ম আছে। অৱশ্যে জাল ৰান্ধিলে বিলাহী, জিৰাগুৰি, ধনিয়াগুৰি, কেঁচা জলকীয়া আদি পৰিহাৰ কৰা হয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!