কম বয়সীয়া আণ্টি

লেখক- ঝৰ্ণা শৰ্মা দেৱচৌধুৰী

এই ‘আণ্টি’ সম্বোধনটোৱে কেতিয়াৰ পৰানো নিজৰ মান হেৰুৱাই অভিমানৰ পাতত উঠিল ধৰিবই নোৱাৰিলোঁ। লগৰীয়া হিচাপে ‘বেহেনজী’কো লগত লৈ গ’ল। দেউতাৰ চাকৰি সূত্ৰে আমি জন্মৰে পৰা বিমানকোঠৰ আবাসিক এলেকাত বাস কৰিছিলোঁ। বিভিন্ন ভাষা-ভাষীৰ লোক একেলগে একেখন কলনিতে বাস কৰাৰ বাবে খুড়া- খুড়ী, মামা -মামীতকৈ সকলোকে আংকল-আণ্টি বুলি সম্বোধন কৰাতহে বেছিকৈ অভ্যস্ত আছিলোঁ। কাৰণ  আংকল- আণ্টি বুলি ক’লে সকলোৱে বুজি পাইছিল আৰু নিজেও দোধোৰ-মোধোৰত পৰাৰ শংকা নাথাকিছিল। ন’হলে কাৰোবাক বৰমা বুলি ক’লে “মোক মাকতকৈ ডাঙৰ পাতিছে”বুলি অসন্তোষ কৰাৰ সম্ভাৱনা, খুড়ী বুলি ক’লে আকৌ বৌ বুলি কোৱা হ’লেহে বেছি ভাল আছিল বুলি ভাৱিব পাৰে। আণ্টি- আংকলত অন্তত তেনেধৰণৰ অপায়-অমংগল হোৱাৰ আশংকা নাথাকে। ডাঙৰ সৰু সকলো এক। 

 

বৰ্তমান যুগৰ কথা অৱশ্যে বেলেগ। এতিয়া দেখিবলৈ পাওঁ নতুন চামৰ বহুতেই আংকল, আন্তি, বেহেনজী আদি শব্দবোৰ অতি তুচ্ছাৰ্থক ভাৱত ব্যৱহাৰ কৰে। আপুনি যদি ট্ৰেণ্ডত নথকা কাপোৰ এসাজ পিন্ধি যায়, হঠাৎ কোনোবাই কৈ দিব পাৰে ‘একদম আউত ডেটেড বেহেনজী লাগিছে।’ অকণমান যদি উপদেশ ধৰ্মী কথা কৈ দিয়ে, তেতিয়া শুনিব লগা হব পাৰে “কি আণ্টি টাইপ কথা কৈ থাকা ৰে।’ এই ক্ষেত্ৰত ‘আংকলো’ সাৰি যোৱা নাই অৱশ্যে। তপা অংকলৰ ধুনীয়া ঘৈণী, পেটুৱা আংকলৰ চানগ্লাছৰ বাহাৰ চোৱা’ ইত্যাদি ইত্যাদি বহু বাক্য বতাহত থাপ মাৰিলেই ধৰিব পৰাকৈ সুলভ। আমাৰ দিনত আকৌ আমি, আণ্টি আংকলবোৰৰ বাবে ‘ফিদা’ আছিলোঁ। কলিকতাৰ পৰা অহা আণ্টি গৰাকী ওলাই গ’লে প্ৰত্যেক দিনাই নতুন নতুন ধৰণেৰে বন্ধা খোপাবোৰ চাবলৈ আমি গেটৰ ওচৰলৈকে ল’ৰি গৈছিলোঁ। ল’কাট ব্লাউজ পৰিহিতা অত্যন্ত ধুনীয়া আন এগৰাকী আণ্টিৰ ভিন্ন ৰঙী ববী প্ৰিণ্টৰ শাৰী আৰু লিপষ্টিকৰ কালেকশ্যন চাবলৈ প্ৰায়ে তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ। মডেলৰ দৰে ওখ, কঁকালত পৰা কোমল চুলিৰ গৰাকী ‘দাস আণ্টি’ৰ ইংৰাজী উচ্চাৰণ আৰু দখল দেখি তেওঁৰ পৰা ভাষা আয়ত্ত কৰিবলৈ প্ৰায়েই গৈছিলোঁ। মুঠতে আমাৰ মনত আণ্টি, আংকলহঁত কোনোকালেই আউটডেটেড নাছিল। 

তেতিয়াতকৈ এতিয়াৰ আণ্টি-আংকলসকল বেছিহে ফেশ্যনবল, পঢ়াশুনা কৰা তথা আত্মনিৰ্ভৰশীল। তথাপি কিয় জানো নতুন প্ৰজন্মৰ মাজত শব্দ দুটা ইমান এলাগী হৈ পৰিল, সেই বিষয়ে একপ্ৰকাৰ গৱেষণাই কৰিব পৰা যায়। দেউতাহঁতে অনা অসমীয়া মহিলা সহকৰ্মীসকলক সেইসময়ত ‘বেহেনজী’ বুলি সম্বোধন কৰিছিল। সেই সন্মান মহিলাসকলেও উপভোগ কৰিছিল যেনেই ভাৱ হৈছিল। অথচ এতিয়া ‘বেহেনজী’ মানেই মহা বেকৱাৰ্ড, নপঢ়া-নুশুনা ভূচুংপহু। সময়ৰ গতিত বহু কথাই সলনি হৈ যায়। অথচ কিমান বছৰৰনো আগৰ কথা? 

 

সকলোকে আংকল, আণ্টি বুলি মতাৰ অভ্যাসৰ ফলত অৱশ্যে কেতিয়াবা আমি বিপাঙত নপৰাও নহয়। 

 

 সেইবাৰ মই মেট্ৰিক দিছোঁ। দেউতাহঁতৰ অফিচত চফল ডেকা এজনে নতুনকৈ জইন কৰিছে। দেখিবলৈও ধুনীয়া। কথা-বতৰাত স্মাৰ্ট, পিন্ধা-উৰাত চৌখিন। একাডেমিক কেৰিয়াৰো খুব ভাল বুলি দেউতাৰ মুখত শুনিছোঁ। 

অভ্যাসবশতঃ তেখেতক প্ৰথম দিনাৰ পৰা আংকল বুলি মতা আৰম্ভ কৰিলোঁ। ল’ৰাজনেও একো নকয়। খুব ভদ্ৰ হোৱাৰ বাবেই হয়তো ভিতৰি খং উঠে যদিও সহি সামৰি থাকে। আমাৰ মনলৈ এবাৰো নাহে যে ল’ৰাজনক আমি দাদা বুলি মাতিব পৰাকৈ বয়স কম। কথাতো আচলতে বয়সৰ নহয়, অভ্যাসৰহে। বেছ কিছুদিনৰ পিছত তেখেতে মোৰ বান্ধৱী এজনীকে বিয়া কৰালে। বহু কষ্টৰে যেনিবা পিছলৈ তেখেতক আংকলৰ পৰা যেনেতেনে দাদালৈ ট্ৰেন্সফাৰ কৰা হ’ল। তথাপি “দাদাৰ বয়সতে আংকল সম্বোধন শুনাতো কিমান বেদনাদায়ক হ’ব পাৰে সেয়া মই নিজেও বিয়াৰ পিছতহে উপলব্ধি কৰিছোঁ। 

 

 বিয়া হৈ তেতিয়া আহিছোঁহে মাথোঁ। আবেলি আবেলি আলিবাটত খোজ কঢ়াৰ অভ্যাস এটা গঢ়ি তুলিছোঁ। এদিনৰ কথা। খোজকাঢ়ি থাকোঁতে কাষৰ কোৱাটাৰৰ কণমানি এজনীয়ে খিৰিকীৰে ‘আণ্টি আণ্টি’ বুলি কাৰোবাক চিঞৰি থকা শুনিলোঁ। ইফালে সিফালে চাই দেখোঁ কোনো নাই। ভাবি ললোঁ সিহঁতৰ ঘৰলৈ নিশ্চয় কোনোবা আলহী আহিছে। কিছু সময়ৰ পিছত কণমানিৰ মাক ওলাই আহি ক’লে

 

: ইমান মাতিছে তোমাক, তথাপি তুমি কিয় মাত এষাৰ দিয়া নাই? 

 

তেতিয়াহে মই বুজি পালোঁ যে শিৰত সেন্দূৰ পিন্ধাৰ লগে লগে ৰাতিটোৰ ভিতৰতে মই ‘বা’ৰ পৰা ‘আণ্টি’ লৈ প্ৰমোচন পালোঁ। মনৰ দুখত খোজকঢ়া বাদ দি ঘৰলৈ ঘূৰি আহি চকী এখনত বহি লৈ ভাবিবলৈ ধৰিলোঁ মোৰ আচলতে প্ৰমোচন হ’ল নে দিম’চন? 

 

 আমি আচলতে জৈৱিকভাৱেহে ডাঙৰ হওঁ। মনৰ মাজত ল’ৰালিয়ে অহৰহ উমলি থাকে। সেয়েহে বয়স বাঢ়ি অহাৰ লগে লগে আমি স্মৃতিৰ সাগৰত ডুব গৈ থাকিবলৈ ভাল পাওঁ। বয়স বঢ়াৰ কথা পাহৰি থাকি শান্তি লভো। 

 

পিছে ‘আণ্টি’ শব্দটোৱে বুকুত হাতুৰী মাৰিবলৈ নেৰে। আউটডেটেড বেহেনজী বুলি নহয়, বয়স যে বালি সৰকাদি সৰকি যাব ধৰিছে সেই ভাবিহে। 

 

 বিয়াৰ ছমাহ মানৰ ভিতৰতে ঘটা ‘আণ্টি’  সম্বন্ধীয় আন এটা ঘটনা মনত পৰিলে এতিয়া খুউব হাঁহি উঠে। এম. বি. এ.কৰা ছোৱালী এজনীয়ে ইণ্টাৰনশ্বিপ কৰিবলৈ আহি ঘৰৰ কাষৰে মানুহ এঘৰত আছেহি। মানুহ ঘৰলৈ মোৰো সঘন অহা যোৱা। সেইদিনাও কাম এটাত গৈছিলোঁ। ছোৱালীজনীয়ে মোৰ সৈতে প্ৰায় একে ডিজাইনৰ ফ্ৰক এটা পিন্ধি আছিল। কথা বতৰা, চাহ, চিংৰাৰে আড্ডা বেছ জমি উঠিছিল। আহিবৰ সময়ত ছোৱালীজনীয়ে মাত লগালে 

 ‘আণ্টি যাব দেই।’ মনটো হঠাৎ সেমেকি গ’ল। খোজৰ গতি থমকি ৰ’ল। কণমানিজনীয়ে আণ্টি বুলি মতাটো মানি ল’লোঁ বাৰু। কিন্তু বাইছ, তেইশ বছৰীয়া ছোৱালী এজনীয়ে আণ্টি বোলাত মোৰ বুকুত যিটো বিষ আৰম্ভ হ’ল সেয়া বহুদিনলৈ উপশম ন’হল। পিছতহে ভাবিছোঁ সেই ছবিশ, পচিশ বছৰীয়া ল’ৰাজনক আংকল বোলাৰ পাপে আচলতে মোৰ লগ এৰা নাই। নহলে মোতকৈ তিনি চাৰি বছৰে সৰু ছোৱালীজনীয়ে মোক  আণ্টি বোলেনে? 

 

মোৰ বিয়াখন হৈছিল নামনি অসমৰ ল’ৰাৰ সৈতে। বাহী বিয়াৰ পিছদিনা সেইফালে কইনা মাকৰ ঘৰলৈ ঘূৰি অহা নিয়ম। যথা ৰীতি পিছদিনা পুৱা ঘৰলৈ বুলি ওলালোঁ। পিন্ধনত গধুৰ পাটৰ কাপোৰ। হাতত ঝনক্ ঝনক্ শব্দৰে এজাপ খাৰু, নেকলেছ, কাণফুলিৰে ঠাই নোহোৱাকৈ ওলোমাই গাড়ীত বহিছোঁহি। পিছে নাকে কানে অতসোপা আঁৰি লৈ ঘৰ পাবগৈ নোৱাৰি। গতিকে গুৱাহাটীত দাদাৰ ঘৰত সোমাই পাতল চুৰিডাৰ এযোৰ পিন্ধি ল’লোঁ। গহনা-গাঁথৰি সোলোকাবলৈ ন’হল। বহু যোজন বাট যাবলৈ আছে। ঠাইতে বেছি সময় খৰচ কৰিব নোৱাৰি। গাড়ীখনত দাদা, বা, ভণ্টিৰে আমিবোৰ ভৰ্তি হৈ আহিছোঁ। ভোক লগাত মাজতে সকলো দুপৰীয়াৰ সাঁজ খাবলৈ নামিলোঁ। বাটৰ কাষৰ মুকলি ঠাই। ধাবাখনত চাফ-চিকুণকৈ চকী টেবুলবোৰ পাৰি থোৱা আছে। দহজনীয়ামান বাইকাৰৰ দল এটা বহি নান আৰু চিকেনৰ জুতি লৈ আছে। আমিও পছন্দৰ ব্যঞ্জন অৰ্ডাৰ দি অহালৈ বাট চাই আছোঁ। মাজে মাজে বাইকাৰৰ দলটোলৈ চকু গৈছে। সিহঁতে কিন্তু এবাৰো আমাৰ ফালে চোৱা নাই। দাদাই কথাতো লক্ষ্য কৰি আছিল। চকুৰ ইঙ্গিতেৰেই সি মোক কি হ’ল বুলি সুধিলে। মই বোলো -চোৱাচোন এই ল’ৰাকেইটাৰ নিশ্চয় কিবা প্ৰব্লেম আছে। সিহঁতৰ ওচৰতে ছোৱালী এজনী বহি আছে অথচ এটায়ো চকু তুলি চোৱা নাই। এনে ল’ৰা লগ পোৱাতো আগে পিছে মনত নপৰে। কথা শুনি আমাৰ গোটেইকেইটাই ইটোৱে সিটোক চালে। তাৰ পাছত বেছ গহীন হৈ মোক বুজালে- নাক, কান, ডিঙিত তোমাৰ চিকচিকাই থকা সোণৰ গহনা। হাতৰ কিলাকুটিলৈকে মেহেন্দিৰ লতাফুলৰ গোন্ধে আমোলমোল, মূৰত এলেপা সেন্দূৰৰ চিকমিকণি আৰু কপাল জুৰি জিলিকি থকা পূৰ্ণিমাৰ জোন। মাহ আৰু কেঁচা হালধীৰ সুগন্ধ বতাহত হাস্নাহানাৰ দৰে দূৰ দেশলৈকে বিয়পি আছে। ইমানবোৰ দেখি জানো সিহঁতি বুজি পোৱা নাই যে তুমি কাৰোবাৰ সদ্য বিবাহিতা স্ত্ৰী? তাতে আকৌ লগত আছোঁ চাৰিটাকৈ “গবৰু জৱান ককায়েক।” তোমালৈ চাই সিহঁতি খুজি কিল খালেহে হ’ব আৰু। তাৰ পিছৰ সময়ছোৱা নিৰ্দোষ ধেমালিৰ আলম লৈ এজাক খিলখিলিয়া হাঁহি বতাহৰ দিশে উৰি গৈ কোনোবাখিনিত নেদেখা হৈ পৰিল। 

দাদাৰ কথা শুনিহে মোৰো মনত পৰিল ‘অঃ! হয়তো মোৰ দেখোন বিয়া হোৱা তিনিদিন হ’ল।’ লগতে আৰু এটা কথা মনত পৰিল। কোনে জানো কৈছিল–

” ছোৱালীবোৰে বিয়া কৰাই অজস্ৰ পুৰুষৰ মনোযোগ হেলাৰঙে অৱজ্ঞা কৰি চিৰকালৰ বাবে মাথোঁ এজন পুৰুষৰ অমনোযোগিতা নিৰ্বাচন কৰে।’ 

 সময়ৰ লগে লগে ভাৱ হয়, কাৰণ যিয়েই নহওক কথাষাৰ কৰবাত সত্য প্ৰতিপন্ন হয়। 

 

বয়স আৰু পৰিপক্বতাই অৱশ্যে বহু কথাই সলাই পেলায়। তাতে জীৱনত ‘মা’ শব্দটো সংপৃক্ত হৈ পৰাৰ লগে লগে আচৰিত ধৰণেৰে ধৈৰ্য, সহ্য আৰু পৰিপক্বতা অধিক ক্ষিপ্ৰতাৰে বাঢ়িবলৈ ধৰে। এতিয়া আৰু আণ্টি, বেহেনজী আদি শব্দবোৰে মনত দুখ লগাব নোৱাৰা হ’ল। বৰঞ্চ অতি তুচ্ছ তাচ্ছিল্যকো অনায়াসে আওকাণ কৰি জীৱনক আগুৱাই নিব পৰাকৈ এতিয়া আমি পৰিপক্ব হ’লো। কুমলীয়া বয়সৰ ধেমালি বুলি সিহঁতৰ লগতে আমিও ‘আণ্টি পুলিচ বুলা লেগী বা আণ্টিজী … আণ্টিজী..গেট আপ এণ্ড ডান্স” গীতত হাত ভৰি লৰাব পৰা হ’লো। আচৰিত ধৰণেৰে বাটেৰে খোজ কাঢ়ি যোৱা অচিনাকি ল’ৰা ছোৱালীবোৰ দেখিলেও এতিয়া নিজৰ সন্তানৰ দৰেই মৰম লগা হ’ল। দূৰৰ পৰা কেঁচুৱাৰ কান্দোন এটা শুনিলে ‘বেবী’টোৰ পেট বিষাইছে নেকি বুলি মনলৈ ভাৱ এটা অহা হ’ল। স্কুটিৰ পিছফালে বহি মাকৰ কঁকালত হাত মেৰিয়াই পাৰ হৈ যোৱা শিশুটোৰ মূৰত হেলমেট নেদেখিলে মনটো কিবা উগুল-থুগুল লগা হ’ল। মুঠতে মনটো কিবা এটা বৃহৎ পৰিৱৰ্তন হ’ল। 

নিজৰ কামৰ ব্যস্ততা আৰু আহৰি দুয়োটাকে সমানে ভাল লগা হ’ল। অকলশৰীয়া সময়বোৰ অধিক উপভোগ্য হ’ল। প্ৰচুৰ প্ৰেম হ’ল কেৱল নিজৰ আৰু নিজৰ সৈতে। সকলোতকৈ প্ৰিয় সংগী আইনাত প্ৰতিবিম্বিত হোৱা ছবিখন হ’ল। 

মনৰ শিশুটিক জীয়াই ৰখাৰ স্বাৰ্থত ফাগুন, বসন্ত, কুঁহিপাত, লঠঙাডাল সকলোকে পক্ষপাতিত্ব নকৰাকৈ ভাল লগা হ’ল। পৰিপক্বতাই যদি মনলৈ এনে প্ৰশান্তি আৰু জীৱনবোধ আনিব পাৰে তেন্তে আগবঢ়া বয়সক পিছলৈ টনাৰ কোনো সকাম নোহোৱা হ’ল। 

 

 ফাগুন সোমালেই প্ৰেমৰ বিশেষ দিনটোত গোলাপ এপাহৰ আশাত বাটলৈ চাই থকা মনটোৱে এতিয়া “গোলাপ অনাজন মাথোঁ এমাহৰ আলহী, ধনীয়া অনাজনহে চিৰলগৰী” বুলি কোৱা কৌতুক শুনি হাঁহিৰ সুবাসত বুকুতে নিজৰ বাবে এপাহ আছুতীয়া গোলাপ ফুলাব পৰা হ’ল। 

 

 এসময়ৰ কম বয়সীয়া আণ্টিজনী এতিয়া সঁচাকৈয়ে  ডাঙৰ হ’ল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!