কাঁচনী আৰু এটা কোঁটকোৰা কাঁইট

লেখক- গীতালি শৰ্মা

বৰষুণ দিছে। খিৰিকীৰ বাহিৰত সেয়া বতাহ আৰু বৰষুণৰ সৈতে সেউজ ধাননিৰ উদ্দাম নৃত্য। ধানৰ মাজে মাজে বাউলী হৈ দৌৰিছে এক প্ৰাচীন নাৰীমূৰ্তি। হাতত তাইৰ এটা কোটকোৰা কাঁইট।
শৰীৰত ধাননিৰ ধাৰাল পাতৰ আঁচোৰ সানি সেয়া কাঁচনীয়েইনে? ৰিনি ৰিনিকৈ যেন বহু দূৰৈৰ পৰা ভাহি আহিছে কাঁচনীক উদ্দেশ্যি এটি কৰুণ আৰ্তনাদ—
“ধাননি ধাননি…নাহিবি কাঁচনি…ধানপাতে কাটিব গা…”
কাঞ্চন যেন হঠাৎ থমক্‌ খাই ৰৈ গ’ল!
নাঃ! সেয়াতো কাঞ্চন! তাই নিজে। হাতৰ মুঠিত লুকুৱাই থোৱা কোটকোৰা কাঁইটটো হাতৰ পৰা গৈ কেতিয়ানো বুকুত সোমাল, আৰু তাই নিজেই ৰক্তৰঞ্জিত হ’ল তাই গমকে নাপালে।
খিৰিকীৰ আয়তাকাৰ কেনভাচত নাকটো লগাই কাঞ্চনে প্ৰায়েই এক অলীক কল্পনা কৰে। আইতাকে সাধুটো তাইক তেনেদৰে নোকোৱাহ’লে! সাধুটোত বেচেৰী কাঁচনী আৰু তাইৰ দুৰ্ভগীয়া গিৰিয়েকৰ মৃত্যু নোহোৱাহ’লে! কিনো ভুল হ’লহেঁতেন, আইতাকে যদি ক’লেহেঁতেন, কাঁচনীয়ে কোটকোৰা কাঁইটটো সদায় ৰাতিপুৱা গিৰিয়েকৰ কাণৰ সঁতাত মাৰি তেওঁক কুকুৰ কৰি থয়। ৰাতি হ’লেই কাঁইটটো এৰুৱাই থুলন্তৰ চেহেৰাৰ মনৰ মানুহটোক ঘূৰাই পায়। নতুবা সাধুটো এনেকুৱাওতো হ’ব পাৰিলেহেঁতেন,
কাঁচনীয়ে নিজেই কাণৰ সঁতাত যাদুকৰী কাঁইটটো পিন্ধি ৰজাৰ লোলুপ দৃষ্টিৰ পৰা নিজক লুকুৱাব পাৰিলেহেঁতেন।
এৰা। পাৰিলেহেঁতেন…-পাৰিলেহেঁতেন। অন্ততঃ এহাল নিৰীহৰ তেজেৰে তেতিয়া ৰজাৰ পোতাশাল ৰঙা নহ’লহেঁতেন।
কাঞ্চনৰ নাকেৰে এটি গৰম হুমুনিয়াহ বৈ আহে।
নাভাবোঁ বুলিও, নহওঁ বুলিও তাই বাৰে বাৰে হেৰাই যায় পুৰাকথাৰ সেই বেদনাময়ী সত্তাৰ মাজত। এডাল যাদুকৰী কাঁইটৰ সহায়ত কাঁচনীৰ জীৱনটো সলাই পেলাবলৈ মন যায়।
“আসঃ!” … অজগৰৰ মেৰপেছত জৰ্জড়িত শৰীৰটো চোঁচৰাই তাই বিছনালৈ আহিল। সুদৰ্শনৰ মোবাইললৈ আকৌ এবাৰ ফোন কৰিলে।
নাই। আউত অৱ্‌ নেটৱৰ্ক কভাৰেজ্‌।
আজি দুদিন হ’ল। সুদৰ্শনৰ একো খবৰ পোৱা নাই।
ক’ত গ’ল বাৰু তেওঁ।
দহবছৰ আগতে ঠিক এটি পুৰাকথাৰ কাহিনীৰ দৰেই সুদৰ্শন তাইৰ জীৱনলৈ নায়ক হৈ আহিছিল।
সুন্দৰ, অমায়িক, বিনয়ী সুদৰ্শনৰ আগমনত কাঞ্চন হৈ পৰিছিল ৰূপকথাৰ এজনী পৰী। সৰুতেই মাক দেউতাকক হেৰুৱাই অনাথ হৈ পৰা তাইৰ জীৱনটো ককায়েক বৌয়েকহঁতৰ বাবে ডিঙিত পথালিকৈ লাগি ধৰা এডাল কাঁইটসদৃশ হৈ পৰিছিল। এৰিবও নোৱাৰে, ধৰিবও নোৱাৰে। দিনটো ককায়েকহঁতৰ ল’ৰাছোৱালীবোৰ কোলাই বোকোচাই লৈ ডাঙৰ কৰাজনী তাই। ৰাতিপুৱাৰে পৰা নিশা এপৰলৈ ঘৰৰ কামত বৌয়েকহঁতৰ আলধৰা জনীও তায়েই। ইমানবোৰ কৰিও তাই বৌয়েকহঁতৰ বুকুত সোমাব পৰা নাছিল। আক্ষেপ নাছিল কাঞ্চনৰ। ভাগৰুৱা দেহাটো চোঁচৰাই চোঁচৰাই ঘৰটোৰ এচুকৰ অনাদৃত বিছনাখনত যেতিয়া তাই দেহাটো পেলাই দিয়ে, তেতিয়া তাই সৰুতেই আইতাকৰ মুখেৰে শুনা সাধুবোৰত ডুব যায়। তাই বৌয়েকহঁতক মনতে ধন্যবাদ দিয়ে। তেজীমলাৰ দৰেতো তাই কেতিয়াবা জৰাটেঙা আৰু কেতিয়াবা লাউগছ হৈ প্ৰতিশোধ পৰায়ণ হোৱাৰ প্ৰয়োজন হোৱা নাই।
এৰা।

তাই মৰি যোৱা নাছিল। জীয়াই আছিল তাই। জীয়াবলৈ নাকেৰে টানি লোৱা এটা এটা উশাাহৰ মূল্য ভৰি তাই জীয়াই আছিল। সৰু বৌয়েক সন্তানসম্ভৱা হোৱাত তাই স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিয়াৰ পৰাও নিজেই আঁতৰি আহিল। তাই জানে কিবা এটা পাবলৈ মূল্য ভৰিবই লাগিব। তাইতো তেজীমলা হ’ব নোৱাৰে। তাইক হাতত তুলি ল’বলৈ সদাগৰ দেউতাকেই বা আছে ক’ত!
তেনে এটা দিনতেই কাঞ্চনে কোনোদিনে নেদেখা সপোন এটা হঠাৎ বাস্তৱ হৈ তাইৰ সন্মুখত থিয় হ’ল।
ডাঙৰ ককায়েকে এদিন অফিচৰ পৰা আহোঁতে লৈ অহা খবৰটোত কিছুপৰ থমক্‌ খাই ৰ’ল কাঞ্চন। এয়াও জানো সম্ভৱ! ঘৰৰ বাকীবোৰেও বিশ্বাস কৰিবলৈ টান পালে। বৌয়েকহঁতৰ বুকুৰ মাজেৰে ঈৰ্ষাৰ জান-নিজান সুঁতি এটাও যেন বৈ গ’ল। চহৰৰ ইমান চহকী ঘৰৰ ল’ৰাই কলেজ পাছ নকৰা নিম্নবিত্ত পৰিয়ালৰ ছোৱালী এজনী বিয়া কৰাব বিচাৰিছে বা কিয়। কথাটোতো সাধাৰণ নহয়। ল’ৰাৰ কিবা বিসংগতি নাইতো! সিদ্ধান্ত ল’বলৈ পিছে দেৰি নালাগিল। সৰু ককায়েকেই জোৰ দিলে। কাঞ্চনৰ দৰে সাধাৰণ ছোৱালী এজনীৰ বাবে এইটো লটাৰিৰ প্ৰথম পুৰস্কাৰ পোবাৰ দৰে কথা। তাতে চহৰৰ নামকৰা ধনী মানুহ। এইবোৰ মানুহেৰে সম্পৰ্ক কৰিলে ককায়েকহঁতৰ ব্যৱসায়, ঠিকা আদিত ভাল প্ৰভাৱ পৰিব। কান্ধৰ বোজা এটাও নোহোৱা হ’ব। গতিকে সাতে-পাঁচে মিলি বৌয়েকহঁতেও বুকুৰ পোৰণিত পানী অকণ চঁটিয়াই বিয়াৰ জা-যোগাৰ কৰাত লাগিল। কাঞ্চনৰ মতামত লোৱাৰ প্ৰয়োজননো ক’ত! মতামত বিচাৰিলেও তাই উত্তৰেইবা কি দিলেহেঁতেন। এটা পানীৰ সপোনক সাৰথি কৰি তাই আগবাঢ়িছিল।
কিন্তু সুদৰ্শনৰ সান্নিধ্যই তাইৰ সকলো জড়তা নোহোৱা কৰি পেলালে। মানুহ ইমান বেছি নম্ৰ কেনেকৈ হ’ব পাৰে। সুদৰ্শনক লগ নোপোৱা হ’লে হয়তো সেয়া কাঞ্চনে বিশ্বাস নকৰিলেহেঁতেন। সুদৰ্শনৰ মাক, দেউতাক আৰু অবিবাহিত ককায়েক।
সকলো যেন পানীৰ দৰে মানুহ। জীৱনৰ পঁচিশটা বসন্ত ভয়, শংকা আৰু অনিশ্চয়তাৰ মাজত পাৰ কৰি তাই যেন অৱশেষত মুক্ত বতাহজাক সাৱটিবলৈ সক্ষম হ’ল। তাইৰ আপোন ককায়েক বৌয়েকহঁতো তাইৰ প্ৰতি হঠাৎ মৰমিয়াল হৈ উঠিল। কাঞ্চনে সকলো জানে, বুজে। তাইৰ মনত কাৰোৰে প্ৰতি বিষোদগাৰ নাই।
আইতাকৰ সাধুৰ বৰপেৰাটো বুকুত সাৱটি কাঞ্চন এদিন সুদৰ্শনৰ জীৱনত সোমাই পৰিছিল।
কিন্তু বাহীবিয়াৰ সন্ধিয়াটো তাইৰ বাবে আৰু আশ্চৰ্যকৰ হ’বলৈ ৰৈ আছিল। কাঞ্চনে সপোনতো ভবা নাছিল এইবোৰ মাথোঁ কেইটিমান দিনৰ নাটকৰ আখৰাহে আছিল। ফুলশয্যাৰ বিছনাত তাইক গিলিবলৈ ৰৈ আছিল এটা অজগৰ!
চম্পাৱতীৰ ভনীয়েকৰ সাধুটোযেন পুনৰাবৃত্তি হ’বলৈ ধৰিছিল। তাই তাইক সেন্দূৰ পিন্ধোৱা মানুহজনক বিচাৰি হাবাথুৰি খাইছিল। আৰ্তনাদ কৰিছিল। তাইৰ লখিমী শাহুৱেকে ৰুদ্ৰমূৰ্তি ধৰি তাইৰ মুখত সোঁপা দি কৈছিল— এই যে তাইৰ সন্মুখত অৰ্দ্ধনগ্ন শৰীৰেৰে থিয় হৈ আছে মানুহটো, অবিবাহিত আৰু কিছুপৰিমাণে মানসিক বিকাৰগ্ৰস্ত তাইৰ বৰজনাকটো, সিহে তাইৰ আচল গিৰিয়েক। সিহে তাইক সকলো দিব পাৰিব। সুদৰ্শনৰ একো কাম নাই। সুদৰ্শন তাইক ঘৰলৈ অনাৰ এটা আচিলাহে মাথোঁ।
“খবৰদাৰ্‌! এই কথাবোৰ যাতে বাহিৰলৈ নাযায়।” —শহুৰেকে তাইৰ সন্মুখত আঙুলি জোকাৰিলে।
সেই সন্ধিয়াটো বৰ বিষাক্ত আছিল। ধুমুহাৰ অন্ত পেলাবলৈকে চাগৈ শাহুৱেকে অহৌবলিয়াটোক টানি টানি কোঠাৰ পৰা আঁতৰাই নিছিল। কিছুসময়ৰ পিছত চুচুকচামাককৈ চোৰৰ দৰে কোঠালৈ সোমাই আহিছিল সুদৰ্শন। ধুমুহাত বিধ্বস্ত শৰীৰ এটা লৈ মজিয়াৰ এচুকত পৰি থকা কাঞ্চনৰ কাষত অপৰাধীৰ দৰে বহি পৰা সুদৰ্শনলৈ তাইৰ মৰম নালাগিল। তাই মূৰ তুলি নাচালে। দুয়োৰে মাজত নিৰৱতাৰ এটা যেন যুগ পাৰ হৈ গ’ল।
“কিয় আহিল?” —কাঞ্চনৰ অজানিতে এটা অতি অবান্তৰ প্ৰশ্ন ওলাই আহিল।
পুনৰ কেইটামান অতি অস্বস্তিকৰ নীৰৱ মুহূৰ্ত পাৰ হৈ গৈছিল।
“কাঞ্চন, মই এজন ট্ৰান্সজেণ্ডাৰ!” —বহুত দূৰৈৰ পৰা ভাহি অহা সুদৰ্শনৰ মাতটোত তাই আচলতে উচপ খাই উঠিব লাগিছিল। নুঠিল। ইতিমধ্যে ইয়াতকৈও ডাঙৰ আঘাতত তাই চূৰ্ণবিচূৰ্ণ হৈ গ’ল।
“তুমি ভবাৰ দৰে মই অমায়িক, বিনয়ী নহয়। মই এজন প্ৰবঞ্চক।
মই তোমাৰ ওচৰত ক্ষমাৰো অযোগ্য।” —সি খুব লাহে লাহে এটা এটাকৈ কোৱা কথাবোৰ তাইৰ কাণেৰে পাৰ হৈ গৈছিল।
“মোক বেলেগকৈ কি শাস্তি দিবা কাঞ্চন। মোৰ নিজৰ জীৱনটোৱেই এটা শাস্তি। নিজৰ পৰিচয় লুকুৱাই জীয়াই থকাটো কি কষ্টকৰ, তোমাক কেনেকৈ বুজাম! মই তোমাৰ স্বামী নহ’লেও বন্ধু হ’ব পাৰিলোঁহেঁতেন। কিন্তু এতিয়া শত্ৰুতাৰ অধিকাৰো যেন হেৰুৱাই পেলালোঁ। মই তোমাৰ ডাঙৰ দাদাক সকলো খুলি কৈছিলোঁ। তুমি সকলো জানিও বিয়াত সন্মতি দিয়া বুলি ভাবি মই আচৰিত হৈছিলোঁ। ভাবিছিলোঁ মোৰ দৰে তুমিও কম্প্ৰ’মাইজৰ জীৱনেই বাছি লৈছা। তোমাৰ দাদাই তোমাক, মোক, সকলোকে ঠগিলে। ভনীয়েকতকৈ টকাৰ লোভ ডাঙৰ হ’ল। এজনী ছোৱালীৰ সপোনৰ সৈতে খেলাৰ কথা মই কেতিয়াও ভাবিব নোৱাৰোঁ। মোক ক্ষমা কৰিবা। মোৰ ভুল হ’ল। মায়ে মোক আত্মহত্যাৰ ভাবুকি দি হে সন্মত কৰাইছিল। সন্মান! সন্মান তেওঁৰ বাবে মানুহৰ জীৱনতকৈও ডাঙৰ। এজনী ছোৱালী মোৰ সৈতে গাঁথি দি তেওঁ মানুহৰ মুখত তলা লগালে। কিন্তু বিশ্বাস কৰা কাঞ্চন। মা দেউতাৰ এই ষড়যন্ত্ৰ মই ঘুণাক্ষৰেও গম নাপালোঁ। গম পোৱা হ’লে কেতিয়াও এই বিয়া হ’বলৈ নিদিলোঁহেঁতেন। প্ৰয়োজন হ’লে নিজকে শেষ কৰি দিলোহেঁতেন। মোৰ বাবেই তোমাৰ সকলো শেষ হৈ গ’ল—”—-ভগ্নস্তুপৰ দৰে তাইৰ কোলাত সৰি পৰিছিল সিদিনা এটি পুৰুষ শৰীৰ। কাঞ্চনে প্ৰথমবাৰৰ বাবে এজন পুৰুষক কন্দা দেখিছিল।
পুৰুষ! নে কাপুৰুষ!
সুদৰ্শনক তুলি ধৰিব নে চৰম ঘৃণাৰে দলিয়াই দিব, তাই সিদ্ধান্ত ল’ব নোৱাৰিলে। ঘৰলৈ উভতি যাবলৈ ঘৰেই নাছিল। তাই এজন নপুংসকৰ পত্নী, বৰজনাকৰ ৰক্ষিতা। প্ৰতিবাদৰ ভাষাবোৰ ক’ৰবাত গোট মাৰি ৰৈ গৈছিল।
সিদিনা মাজৰাতি সঁচাই তাইক চম্পাৱতীৰ সাধুৰ অজগৰটোৱে গিলি পিলাইছিল। কেৱল সিদিনাই নে! তাৰ পিছতো আৰু কতবাৰ, যেতিয়াই মন যায় তেতিয়াই ; তাই অজগৰৰ পেটত সোমায় আৰু ওলায়। কাঞ্চন নমৰে। কাঞ্চন যে তেজীমলা হ’বলৈ নিশিকিলে কেতিয়াও। কিন্তু এটা কথা তাই বৰ সন্তৰ্পণে শিকিবলৈ ধৰিছিল। আইতাৰ সাধুৰ বুকুৰ পৰা লাহে লাহে জন্ম হৈছিল এজনী নতুন কাঁচনী।
হাতৰ তলুৱাত গজি উঠিছিল এটা কোটকোৰা কাঁইট, যিটো তাই লুকুৱাই ৰাখিবলৈ শিকিছিল।
সময়ত সি মূৰ তুলিব। কথা ক’ব।
প্ৰায়েই নিজকে কোঠাৰ ভিতৰত আৱদ্ধ কৰি ৰখা কাঞ্চনে কেতিয়াবা কোঠাৰ পৰা বাহিৰ ওলায় আৰু বহুদূৰ লক্ষ্যহীনভাৱে খোজ কাঢ়িবলৈ ধৰে। কোনেও বাধা নিদিয়ে। সকলোৱে জানে উভতি তাই আহিবই কাৰণ হেৰাই যাবলৈ অথবা পলাই যাবলৈ তাইৰ বাবে অন্য এটা ঠিকনা নাই। সুদৰ্শনৰ সৈতে তাইৰ খুব কমেইহে মুখিমুখি হয়। কিন্তু তাই অনুভৱ কৰে এযোৰ নীৰিহ, অপৰাধী চকুৱে তাইক অহৰহ নজৰত ৰাখে। সুদৰ্শনৰ বাবে তাইৰ হৃদয়ত কি আছে তাই নাজানে। তথাপি ঘৃণাৰ সলনি হয়তো সহানুভূতি আৰু সুহৃদয়তাই ঠাই পাইছে। অনিৰ্দিষ্ট খোজৰ বাটত সিদিনাও তাই তাক লগ পালে। ঘৰৰ শেনচকুৰ পৰা আঁতৰত সি যেন ৰৈয়েই আছিল তাইৰ বাবে। সিহঁত মুখামুখি হ’লেও প্ৰায়েই নিৰৱতাইহে প্ৰাধান্য লাভ কৰে। সিদিনা তাৰ ব্যতিক্ৰম হৈছিল।
সুদৰ্শনে অহৰহ মুখস্থ মতাৰ দৰে কথা কৈছিল।
“শুনা, হাতত সময় বৰ কম। মই তোমাৰ বাবে সকলো ব্যৱস্থা কৰিছোঁ। মোৰ চকুৰ সন্মুখত তোমাক টিলটিলকৈ মৰি যোৱা চাব নোৱাৰোঁ।
আইনগতভাৱে তুমি এতিয়াও মোৰ পত্নী। মই তোমাক এই শাস্তিৰ পৰা মুক্ত কৰিম। এটা এন.জি.ও আছে কাঞ্চন। তুমি পঢ়া শুনা ছোৱালী। কাম কৰিবা। সন্মানেৰে জীয়াই থাকিবা। উৰিবলৈ তুমি এখন শংকাহীন আকাশ পাবা তাত—।”
“আৰু তুমি সুদৰ্শনা—!” —কাঞ্চনৰ মুখৰ পৰা অতৰ্কিতে ওলাই আহিল।
“মানে—?” নিজৰ নামটোৰ অপভ্ৰংশ ৰূপে সুদৰ্শনক অপ্ৰস্তুত কৰি তুলিলে। যেন আঁৰকাপোৰখন হঠাতে খোল খাই গ’ল।
“মই বাৰু নিজৰ আকাশ বিচাৰিম। তুমি কাৰ ভয়ত নিজক লুকুৱাই ৰাখিবা? আৰু কিমান দিন নিজৰ অস্তিত্ব বিসৰ্জন দি কেৱল ঘৰৰ সন্মান আৰু মাৰ ব্লেকমেইলিঙৰ তলত পিষ্ট হ’বা? কিয় পাহৰি যোৱা তুমি কি? শুনা, তোমাৰ হাতত ধৰিহে মই এই নৰকৰ পৰা বাহিৰ হ’ম, অকলে নহয়।” —কাঞ্চন খঙত ফোঁপাবলৈ ধৰিছিল।
নতমস্তক হৈ থকা সুদৰ্শন কিম্বা সুদৰ্শনাক তাতে এৰি থৈ খৰখোজেৰে তাই উভতি আহিছিল।
তাৰ পিছত দুটা দিন সুদৰ্শন ঘৰলৈ নাহিল। ঘৰখনত বিৰাজ কৰা চেপা উত্তেজনা, খবৰা-খবৰিয়ে কাঞ্চনকো ভাবিবলৈ বাধ্য কৰিলে। তাইৰ কথাই তাক আঘাত কৰিলে নেকি? নে সি সিদ্ধান্ত লৈ পেলালে নিজৰ জীৱন নিজৰ দৰে জী থকাৰ! কাঞ্চনে ভাবি বৰ আমোদ পালে। কোটকোৰা কাঁইটটো সাৰ পাই উঠিছে। বিদ্ৰোহৰ, প্ৰতিবাদৰ কাঁইটোৱে হয়তো মূৰ দাঙি উঠিছে।
সন্ধিয়া ঘৰখনলৈ এজাক ধুমুহা আহিল। ধুমুহা কঢ়িয়াই আনিলে এগৰাকী সুন্দৰী যুৱতীয়ে। সুন্দৰ ববকাট্‌ দিয়া চুলি, ওঁঠত ডাঠ লিপষ্টিকৰ প্ৰলেপ, কপালত বিন্দিৰে সৈতে চেলোৱাৰ পৰিহিতা যুৱতীয়ে
আহিয়েই কাঞ্চনলৈ হাত আগবঢ়াই দিলে—
“ব’লা”
“সুদৰ্শনা—!” আকস্মিক কায়াপৰিবৰ্তনত কাঞ্চনৰ চকু বিস্ফাৰিত হৈ ৰ’ল। এয়া যে আশা কৰাতকৈও বহুত বেছি লাভ কৰাৰ আনন্দ। এটা শৰীৰ এটা সত্তালৈ ৰূপান্তৰ হোৱাৰ আনন্দ।
সুদৰ্শনাৰ খাৰুৰ জুনজুননি তোলা হাতত ধৰি মুকলি আকাশৰ তললৈ ওলাই অহাৰ মুহূৰ্তত কাঞ্চনৰ চিঞৰি চিঞৰি এটা গান গাবলৈ মন গ’ল, অলপ বেলেগকৈ
—“ধাননি ধাননি আহিবি কাঁচনী
ধান পাতে নেকাটে গা
ধান পাতে নেকাটে গা”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!