কুকুৰে চেলেকা ভৰি

লেখক- জীৱন কিশোৰ নাথ

কথাষাৰ শুনিলো ওলোটাকৈ

উদ্দেশ্য-বিধেয় হৈছে ৰদ-বদল

 

সংলাপটোৰ পাক-ঘূৰণিত মূৰ আচন্দ্ৰাই

লুটি খাই পৰিছোঁ আমি 

ধোঁৱাত ঠেকা খাই বাৰে পতি 

উলটি আহিছে আমাৰ মুখলৈ

ভাহি গৈছে আৰু উলটি আহিছে অৰ্থ সলাই

এটা বলয় সাজিছে বাক্যই

এডাল তমালেৰে আমাক মেৰিয়াইছে

 

বন-মানুহৰ ভৰি 

কুকুৰতকৈয়ো বেছি শুঙাল 

বেঁকা নখবোৰ বাঢ়ি আহিছে

কুকুৰ-দাঁতবোৰে ওলোটা খৰ মাৰি 

কুকুৰকে কামুৰিছে

 

গুলপীয়া জিভাবোৰ 

গোলামিৰ নিমখীয়াত লেক্‌লেকাইছে

বৈ পৰিছে লেলাউটি কিলাকুটিলৈ

নাকবোৰ মাটিত লগাৰ আগতে 

জিভাৰে চেলেকা গৈছে ভৰি

 

আমি হামখুৰি খাই পৰিছোঁ চৌকাত

ছিগা নেজ টুকুৰা-টুকুৰকৈ ভজা 

আঃ কি যে মজা

জলকীয়া জালুক পিঁয়াজ মছলা গুড়ি সনা

নিচাত উজায় বনৰীয়া নাকৰ পানী 

 

বাৰে বাৰে অশনি বাক্যষাৰি 

শুনিছোঁ আওপকীয়াকৈ 

খৰিৰ ধোঁৱাত ঠেকা খাই 

উভতি আহিছে 

আমাৰে আধৰুৱা ছবি। 

  

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!