বিমূৰ্ত

লেখক- ৱাহিদ আহমেদ

ফাগুনৰ আবেলিত কথা পাতোঁ

তোমাৰ অভিমানী হৃদয়খনত 

কিয় ইমান আৱেগ জাগে 

অলপ দেৰি মই তোমাৰ কাষত নাথাকিলে

নিশাৰ টোপনি কিয় ভাগে 

বালিময় চহৰখনত তোমাৰ হৃদয়খনে

বিচাৰি আহে এমুঠি জোনাক

মোৰ ছবিখন কিয় বাৰে বাৰে চোৱা

ভৰে জানো তোমাৰ মন আকাশ 

পাৰিবানে আজি কৰিব প্ৰকাশ 

তুমি ভবাৰ নিচিনাকৈ মইতো নৃপতি নহয়

মৰমেৰে বৈ যোৱা এখন তৰংগিণী হে

শৰীৰত লগা এছাটি বতাহ

তোমাৰ হিয়াৰ মাজত উৰি ফুৰা বিহংগিনী হে

তুমি নক’বা নদীৰ কাষলৈ অকলে যোৱাৰ কথা 

ভয় খাওঁ মই অকস্মাৎ

সন্ধিয়াবোৰ এতিয়া তেনেই বিষাক্ত 

তোমাৰ ঠিকনাত দি পঠিয়াম হিয়াৰ এটুকুৰা

অকলে চুই চাবা কেনে লাগে ৰাতিৰ সীমনাত

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!