ফাগুন

লেখক- জুৰি গোস্বামী

সাপৰ দৰে পিৰপিৰকৈ বগাই দেহত উজাই আহিছিল এখন নৈ। 

লঠঙা আছিল গছবোৰ। 

বাঁহ পাতৰ বা-মৰলীয়ে শুকান পথাৰত পকনিত পেলাইছিল মনটো। 

দুচকুত জিলমিলাই আছিল বাঢ়নি পানীৰে ওফন্দা পথাৰত ধনগুলৈৰ নাচোন। 

মাজৰাতি ধনগুলৈৰ জুইকুৰা একুৰাৰ পৰা দুকুৰা হৈছিল। 

দুকুৰাৰ পৰা চাৰিকুৰা হৈছিল। 

ৰাতিৰ আন্ধাৰ ফালি পানীৰ ওপৰে ওপৰে 

দৌৰি গৈছিল বাঁকৰ উকি। 

 ফেঁচা এটাই নিউ নিউ বুলি বিকটকৈ চিঞৰি আছিল। 

আঁহতজোপা লঠঙা হৈছিল। 

শুকান পাতত হেৰাই গৈছিল এটা হাইঠা সপোন। 

নদীখন ভৰিৰ পৰা মূৰলৈ উজাই আহিছিল 

শিমলুৰ সতে সখী পাতি মদাৰৰ ৰংবোৰ খুজি আনি 

ৰঙা কৰিব বিচাৰিছিল মোৰ বেদনাৰে 

ঢৌচিৰা বুকুৰ আঁচল। 

নদীখন ক্ৰমাৎ বুকুৰ পৰা মুখলৈ, মুখৰ পৰা চকুলৈ আৰু চকুৰ পৰা সেওঁতালৈ বগাই উজলি উঠিছিল। 

আকাশৰ শূন্যতাৰ মাজতো দেখিছিলোঁ 

দুটা অচিন চৰাই বাহলৈ ঘূৰিছিল। 

তোমাৰ কোলাত মই 

মোৰ চকুত তুমি হৈ ফাগুনে 

একেখন চাদৰেৰে আমাক মেৰিয়াই পেলাইছিল

গম নোপোৱাকৈ ফাগুনে নদীহৈ নামি 

বুৰাই পেলাইছিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!