সৰাপাত

লেখক- যাদৱ হাজৰিকা

ফাগুনৰ ধূলিৰে লেটিলৈ 

আকাশলৈ চাই থাক তই

কুমলীয়াতে 

কিমানযে মৰমলগা

আছিলি! 

তোৰ কোমল দেহাত

হৰিৎ কণাবোৰে

পাতে সৌন্দৰ্যৰ মেলা

আকাশলৈ ৰ লাগি চাই চাই

পাহৰিছিলি নেকি নিজক

পাহৰিছিলি নেকি

শিপা আৰু মাটিক 

সেউজীয়াবোৰ নেহেৰুৱালৈকে

ভাবিছিলিনে বিনশ্বৰ জীৱনৰ কথা

এতিয়া তোৰপৰা আকাশখন 

বহু দূৰলৈ আঁতৰি গ’ল 

মাটিক খামুচি পৰি থাক সৰাপাত

তোৰ ৰক্ত মাংসৰে আকৌ সৃষ্টি কৰ

সেউজীয়া

সেউজীয়া হৈ থকালৈকেহে পাতৰ কদৰ 

হৰিৎকণা হেৰুৱাই

ঠেনু ছিগি পৰিলেই 

বাঢ়নী 

নতুবা ভৰিৰ তলত পিষ্ট 

হৰিৎ কণা হেৰুৱাই

হালধীয়া হোৱা

কিযে বেদনা!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!