কৃষ্ণা ডেকাৰজাৰ সৈতে সাক্ষাৎকাৰ

লেখক- সাহিত্য ডট্‌ অৰ্গ

সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা এইবাৰ সাক্ষাৎকাৰ লোৱা হৈছিল অসমৰ প্ৰখ্যাত বেডমিন্টন খেলুৱৈ শ্ৰী কৃষ্ণা ডেকাৰজাৰ। আন্তঃৰাষ্ট্ৰীয় বেডমিন্টন প্ৰতিযোগিতাত ব্যক্তিগত প্ৰতিযোগিতাৰ ছোৱালীৰ চিনিয়ৰ বিভাগত শ্ৰী ডেকাৰজাই সোণৰ পদক অৰ্জন কৰিছিল। ছিনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰি শ্ৰী ডেকাৰজাই সফলতা অৰ্জন কৰিছিল। ২০০৬ চনলৈকে ভাৰতীয় বেডমিন্টন দলক কেইবাখনো আন্তৰ্জাতিক প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰা শ্ৰী কৃষ্ণা ডেকাৰজা বৰ্তমান দুলিয়াজানৰ অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত হৈ আছে।

‘সাহিত্য ডট অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সম্পাদক শ্ৰী  ঝৰ্ণা শৰ্মা দেৱচৌধুৰীয়ে। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে শ্ৰী অভিজিত দত্তই। ইয়াৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে শ্ৰী কলচুম বিবিয়ে। সাক্ষাৎকাৰটিক পাঠকসকললৈ বুলি আগবঢ়াইছে ডঃ দ্বীপজ্যোতি বৰাই।
সাহিত্য ডট অৰ্গ:-সাধাৰণতে মানুহে খেলক এক মনোৰঞ্জনৰ মাধ্যম হিচাপেহে গণ্য কৰে। তেনে ক্ষেত্ৰত ভাৰতৰ আন ৰাজ্যৰ তুলনাত পিছপৰা অসমত থাকি খেলক কেৰিয়াৰ হিচাপে লোৱাৰ কথা আপোনাৰ মনলৈ কেনেকৈ আহিল?  
শ্ৰীকৃষ্ণা ডেকাৰজা:- আচলতে এইক্ষেত্ৰত আমাৰ পৰিয়ালত বিৰাজ কৰা পৰিবেশে মোক যথেষ্ট সহায় কৰিছিল। মোৰ পিতৃ স্বাধীন ডেকাৰজা আছিল এগৰাকী প্ৰখ্যাত ফুটবল খেলুৱৈ। সেইবাবে তেখেতে আমাক সৰুৰে পৰাই খেলা-ধূলাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। পৰিয়ালৰ সদস্যসকলৰ ক্ৰীড়াৰ প্ৰতি থকা অনুৰাগক লক্ষ্য কৰি অসমত থাকিও মই ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। আনহাতে মোৰ ককাইদেউ বিপ্লৱ ডেকাৰজাও এগৰাকী সফল বেডমিণ্টন খেলুৱৈ আছিল। পিতৃ আৰু ককাইদেউৰ পদাংক অনুসৰণ কৰি আৰু তেওঁলোকৰ প্ৰেৰণাক সাৰথি কৰি ময়ো খেলিবলৈ আৰম্ভ কৰিছিলোঁ। 
সাহিত্য ডট অৰ্গ:- আপোনাৰ পিতৃ যিহেতু এজন স্বনামধন্য ফুটবল খেলুৱৈ আছিল, তেখেতে আপুনিও তেখেতৰ পদাংক অনুকৰণ কৰাতো হয়তো বিচাৰিছিল। এই সম্পৰ্কে অলপমান কওকচোন। ? 
শ্ৰীকৃষ্ণা ডেকাৰজা:- কথাটো ঠিক তেনেধৰণৰ নহয়। আমাৰ দেউতাই তেওঁক অনুসৰণ বা তেওঁৰ পদাংক অনুসৰণ কৰি এগৰাকী খেলুৱৈ হোৱাটো কাহানিও বিচৰা নাছিল। অৱশ্যে এইখিনিতেই মই মোৰ গুৰু শ্ৰীযুত সুশান্ত বৰা ছাৰৰ কথাটো উল্লেখ কৰিবলৈ পালে সুখী হ’ম। তেখেতে মোৰ পিতৃক মোক বেডমিণ্টনত নাম লগাই দিবলৈ পৰামৰ্শ দিছিল। শ্ৰীযুত বৰা ছাৰৰ কথামতেই দেউতাই মোক বেডমিণ্টন শিকাবলৈ তেখেতৰ হাতত অৰ্পণ কৰিছিল। শ্ৰীযুত বৰা ছাৰে দেউতাক কোৱাৰ দৰেই মোক বেডমিণ্টনৰ এগৰাকী সফল খেলুৱৈ হিচাপে গঢ় দি তুলিছিল। এইখিনিতে আৰু এটা কথা ক’বলৈ পালে ভাল পাম। শ্ৰীযুত বৰা ছাৰ একেবাৰে চিধা আছিল। প্ৰশিক্ষণৰ কালছোৱাত তেখেতে বৰ সুন্দৰকৈ আৰু নিয়মানুৱৰ্তিতাৰে মোক শিকাইছিল। প্ৰশিক্ষণৰ সময়ছোৱাত কিবা অজুহাত দেখুৱালে তেওঁ সেয়া কাহানিও মানি লোৱা নাছিল। 
সাহিত্য ডট অৰ্গ:-আপুনি প্ৰথমৰে পৰা বেডমিণ্টনৰ প্ৰতিয়েই সমৰ্পিত আছিল নে অন্য দিশৰ প্ৰতিও আকৃষ্ট হৈছিল? 
শ্ৰীকৃষ্ণা ডেকাৰজা:- নহয়, মই অকল বেডমিণ্টনৰ প্ৰতিয়েই যে প্ৰথমৰ পৰা সমৰ্পিত আছিলোঁ তেনে নহয়। মই সকলোবোৰ শিকিছিলোঁ। গান-নাচ, টেবুল টেনিছ আদি সকলো বিষয় মই আগ্ৰহেৰে শিকিছিলোঁ। মই দুলিয়াজানৰ সংগীত একাডেমীত গান শিকিছিলোঁ। ইয়াৰ পিছতেই মই নাচ শিকিবলৈ আৰম্ভ কৰিছিলোঁ। বেডমিণ্টন খেলৰ আগতে মই টেবুল টেনিছ খেলিছিলোঁ। বেডমিণ্টনৰ দৰেই সকলোবোৰ বিষয় শিকিবলৈ মোৰ এক আজন্ম আগ্ৰহ আছিল। সেই আগ্ৰহ মোৰ আজিও আছে। হয়তো সেই আগ্ৰহেই মোৰ জীৱনটো গঢ়াত বিশেষভাবে সহায় কৰিছে। 
সাহিত্য ডট অৰ্গ:-খেলুৱৈ হিচাপে আপুনি এনে কিবা ভুল কৰিছে নেকি যিটো নৱপ্ৰজন্মৰ খেলুৱৈসকলে নকৰাতো আপুনি বিচাৰে? 
শ্ৰীকৃষ্ণা ডেকাৰজা:- তেনে কিবা ভুল কৰা বুলি মোৰ মনে নধৰে। কাৰণ তেনেধৰণৰ ভুল মই আজিকোপতি কৰা নাই। অকল খেল বুলিয়েই নহয়, জীৱনৰ সকলো ক্ষেত্ৰত মই কৰিবলগীয়া কামবোৰ ভালকৈ আৰু নিখুঁতভাৱে কৰিবলৈ চেষ্টা কৰোঁ। ফলত মই এতিয়ালৈ যিবোৰ কাম সম্পাদন কৰিছোঁ, সেই কামবোৰ নিখুঁতভাৱেই সম্পন্ন হৈছে বুলি মই অনুভৱ কৰোঁ। নৱপ্ৰজন্মৰ খেলুৱৈসকলে অধিক মনোযোগ, দায়বদ্ধতা আৰু নিয়মানুৱৰ্তিতা মানি খেলি থাকিলে সফলতা চুব বুলি মোৰ বিশ্বাস। আচলতে অকল খেলৰ বাবেই নহয়, জীৱনৰ বাবেও এই কথাবোৰ জৰুৰী। সেয়েহে নৱপ্ৰজন্মৰ খেলুৱৈ তথা সকলোৱে এই দিশবোৰৰ ওপৰত চকু দিয়াটো জৰুৰী বুলি মই সদায়েই অনুভৱ কৰোঁ। 
সাহিত্য ডট অৰ্গ:- এনেকুৱা এটা ঘটনা অথবা অনুভৱৰ বিষয়ে ক’ব নেকি যিটো প্ৰকাশ কৰিবলৈ আপোনাৰ খুব ইচ্ছা হয় অথচ প্ৰকাশ কৰা হোৱা নাই? 
শ্ৰী কৃষ্ণা ডেকাৰজা:- নাই, তেনেধৰণৰ একো ঘটনা বা অনুভৱ মোৰ নাই। সেয়েহে এই বিষয়ে প্ৰকাশ কৰিবলৈ মই অপাৰগ। 
সাহিত্য ডট অৰ্গ:- আপোনাৰ স্বামী শ্ৰী জিতু ছেত্ৰীও এজন প্ৰতিভাৱান ফুটবল খেলুৱৈ। এইক্ষেত্ৰত দুয়োজনে দুটা ভিন্ন খেলৰ তাৰকা হোৱা হেতুকে কৰ্মক্ষেত্ৰ, সংসাৰ আৰু খেল আদি সকলোতে কিদৰে সমতা স্থাপন কৰে? 
শ্ৰী কৃষ্ণা ডেকাৰজা:- মোৰ স্বামী শ্ৰী জিতু ছেত্ৰী মোৰ দৰেই এগৰাকী খেলুৱৈ। সেইবাবে আমি দুয়োজনে দুয়োজনক বুজি পাবলৈ একো কষ্ট নহয়। তেখেত বৰ্তমান অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত হৈ আছে আৰু অইল ইণ্ডিয়া ফুটবল দলৰ মেনেজাৰ হিচাপে ফুটবলৰ লগত জড়িত হৈ আছে। তেখেতৰ দৰে ময়ো অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত হৈ আছোঁ আৰু মই বেডমিণ্টন একাডেমী এখন চলাই আছোঁ। এই একাডেমীত মই সম্ভাৱনাপূৰ্ণ ল’ৰা-ছোৱালী দুটামানক প্ৰশিক্ষণ দি আছোঁ। মই ভাবোঁ যে আমি দুয়োজনে খেলুৱৈ হোৱা হেতুকে আমাৰ কৰ্মক্ষেত্ৰ, সংসাৰ আৰু খেল আদি সকলোতে সমতা স্থাপন কৰিব পাৰিছোঁ। 
সাহিত্য ডট অৰ্গ:- অসমত বেডমিণ্টন খেলুৱৈসকলৰ ভৱিষ্যত কেনে? প্ৰফেচনেল খেলুৱৈ হ’ব পৰাকৈ অসমত বৰ্তমান সকলো সা সুবিধা উপলব্ধ নে?   
শ্ৰী কৃষ্ণা ডেকাৰজা:- বেডমিণ্টন খেলুৱৈৰ ভৱিষ্যত আমাৰ ৰাজ্যত সম্ভাৱনাময় বুলিয়েই মই অনুভৱ কৰোঁ। এনে এক পৰিবেশত বেডমিণ্টন খেলুৱৈৰ ভৱিষ্যত উজ্জ্বল বুলি মই গণ্য কৰোঁ। মই ভাবোঁ যে বেডমিণ্টন খেলুৱৈসকলে এনে এক পৰিবেশত অধিক পাৰদৰ্শিতাৰে খেলিবলৈ সক্ষম হ’ব। 
প্ৰফেচনেল খেলুৱৈ হব পৰাকৈ অসমত বৰ্তমান সকলো সা-সুবিধা উপলব্ধ বুলি ক’ব পৰা যায়। বিশেষকৈ বেডমিণ্টনৰ ক্ষেত্ৰত প্ৰফেচনেল খেলুৱৈ হ’ব পৰাকৈ সকলোবোৰ সুবিধাই উপলব্ধ বুলি মই গণ্য কৰোঁ। অৱশ্যে মোৰ এই মতামত অকল বেডমিণ্টনৰ ক্ষেত্ৰতহে প্ৰযোজ্য। আনবোৰ খেলৰ বিষয়ে যিহেতু মোৰ সম্যক জ্ঞান নাই, সেয়েহে বেডমিণ্টনৰ বাহিৰে আন খেলত প্ৰফেচনেল খেলুৱৈ হ’ব পৰাকৈ পৰিবেশ এটা ৰচনা কৰা হৈছে নে নাই সেইবিষয়ে মই কব নোৱাৰিম। 
সাহিত্য ডট অৰ্গ:- খেলৰ দিশত আগবাঢ়িব খোজা শিশু আৰু অভিভাৱকসকললৈ আপোনালোকৰ পৰামৰ্শ কি?  
শ্ৰী কৃষ্ণা ডেকাৰজা:- শিশু আৰু অভিভাৱকসকলৰ উদ্দেশ্যে মই ক’ব খোজা কথাটো হ’ল এয়েই যে তেওঁলোকে অনুভৱ কৰিব লাগে যে পঢ়াৰ ক্ষেত্ৰত যেনেদৰে এটা ‘কেৰিয়াৰ’ বনাই ল’ব পাৰি, তেনেদৰে খেলৰ ক্ষেত্ৰতো এটা ‘কেৰিয়াৰ’ বনাই ল’ব পৰা যায়। অধ্যয়নৰ দৰে খেলৰ ক্ষেত্ৰতো শিশু আৰু অভিভাৱকসকলে গুৰুত্ব প্ৰদান কৰিলে আমাৰ ল’ৰা-ছোৱালীয়ে অদূৰ ভৱিষ্যতে খেলত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। সেয়া তেওঁলোকৰ বাবে, তেওঁলোকৰ অভিভাৱক তথা আমাৰ দেশৰ বাবেও নিশ্চয় গৌৰৱৰ কাৰক হৈ পৰিব। 
সাহিত্য ডট অৰ্গ:- খেলৰ উন্নতিৰ (বিশেষকৈ বেডমিণ্টন) বাবে অসম চৰকাৰ তথা‌ অন্যান্য সংগঠন কেনেদৰে আগবঢ়া উচিত? 
শ্ৰী কৃষ্ণা ডেকাৰজা:- মই মোৰ এই মন্তব্যটোও বেডমিণ্টন খেলৰ সীমাতেই আৱদ্ধ কৰি লৈ কব খোজো যে বেডমিণ্টন খেলৰ ক্ষেত্ৰত চৰকাৰ আৰু অন্যান্য সংগঠনসমূহে ইতিমধ্যে সহায়-সহযোগিতা আগবঢ়াই আহিছে। মোৰ বিশ্বাস যে চৰকাৰ আৰু অন্যান্য সংগঠনসমূহে এনেদৰে বেডমিণ্টন খেলৰ প্ৰতি সহায়-সহযোগিতা আগবঢ়াই থাকিলে এই খেলৰ প্ৰতি ভৱিষ্যত প্ৰজন্ম আকৰ্ষিত হ’ব আৰু এই আকৰ্ষণে অসমলৈ মান, সন্মান আৰু বঁটা কঢ়িয়াই আনিব। 
সাহিত্য ডট অৰ্গ:- ধন্যবাদ। আপোনাৰ খেলুৱৈ জীৱন, বেডমিণ্টন খেলৰ বিকাশ সাধন, ভৱিষ্যত প্ৰজন্মলৈ এগৰাকী খেলুৱৈ হিচাপে আপুনি প্ৰেৰণ কৰা বাৰ্তাই নিশ্চয় অসমলৈ এক ক্ৰীড়াৰ বাতাবৰণ কঢ়িয়াই অনাত সহায় হ’ব। সাহিত্য ডট অৰ্গক আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে ই-আলোচনীখনৰ তৰফৰ পৰা আপোনাক পুনৰবাৰ ধন্যবাদ জনালোঁ। শুভৰাত্ৰি। 
শ্ৰী কৃষ্ণা ডেকাৰজা:- মোৰ মনৰ কথাবোৰ প্ৰকাশ কৰিবলৈ সুযোগ দিয়া বাবে আপোনালোককো ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!