কেইখনমান নতুন গল্প সংকলনৰ পঠন অভিজ্ঞতা: এটি চমু টোকা

লেখক- টুনুজ্যোতি গগৈ

।। স্বপ্না দত্ত ডেকাৰ ‘অযুত আকাশ নিযুত তৰা’ ।।
আধুনিক মানুহৰ সংশয়, অৱসাদ, অপ্ৰাপ্তি, অৱদমিত যৌনতা আদিক বিষয়বস্তু হিচাপে লৈ গল্পচৰ্চাত ব্ৰতী হোৱা স্বপ্না দত্ত ডেকাৰ গল্প সংকলন ‘অযুত আকাশ নিযুত তৰা’ত সন্নিৱিষ্ট হৈছে দহটি (ইয়াৰে এটি অনূদিত) মননশীল গল্প। আটাইকেইটি গল্পই আধুনিক জীৱন আৰু জগতৰ কেতবোৰ পোহৰ নপৰা গোপন দিশ পোহৰাই তুলি পাঠকক এখন নতুন স্বাদৰ পৃথিৱীৰ সৈতে পৰিচয় কৰাই দিছে। দত্ত ডেকাৰ ‘পেখম’ গল্পত মানৱিক সম্পৰ্কৰ নতুন বিচাৰ-বিশ্লেষণ পৰিলক্ষিত হৈছে। গল্পৰ নায়িকা ময়ূৰীয়ে পৰম্পৰাৰ শিকলি ছিঙি জীৱনক নতুন দৃষ্টিভংগীৰে সজাই-পৰাই লৈছে আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত পৰিপূৰ্ণভাবে জীয়াই থকাৰ কছৰৎ কৰিছে। তেওঁৰ জীৱন বৃক্ষৰ ছাঁত অলপ সময়ৰ বাবে জিৰাবলৈ দৌৰি আহে নয়নাভ বৰুৱাৰ দৰে ‘ডাঙৰ হ’বলৈ নিশিকা’ পুৰুষ বন্ধু। গভীৰ জীৱনবোধেৰে সিক্ত গল্পটোত ময়ূৰীৰ দেউতাকৰ প্ৰতি থকা শ্ৰদ্ধা-ভালপোৱা মূৰ্ত হৈ উঠিছে। গল্পকাৰে একক মাতৃত্বক গৰিমামণ্ডিত কৰি তোলাৰ লগতে প্ৰেমৰ এক বিশাল অৰ্থৰ উন্মোচন কৰিছে। ‘অন্য ঋতু’ গল্পত আধুনিক জীৱনশৈলীয়ে পুৰাতন পৰিয়াল ব্যৱস্থালৈ কঢ়িয়াই অনা সংঘাত আৰু পৰিৱৰ্তন দুটা প্ৰজন্মৰ কাহিনীৰ মাজেৰে উন্মোচিত হৈছে। নতুন প্ৰজন্মৰ প্ৰেম, বিবাহ, সন্তান পালন আদি সম্পৰ্কীয় ধাৰণাবোৰ পুৰণি প্ৰজন্মৰ বাবে আচহুৱা হ’লেও তেওঁলোকে সময়ৰ পৰিৱৰ্তনক স্বীকাৰ কৰি লৈছে আৰু নতুন প্ৰজন্মৰ সুখ-সমৃদ্ধি কামনা কৰিছে। কিন্তু, পাৰ্থিৱ প্ৰাপ্তিৰ শেষ সীমাত উপনীত হোৱাৰ পাছতো নতুন প্ৰজন্মৰ একাংশ প্ৰতিনিধিক অপ্ৰাপ্তিয়ে খেদি ফুৰিছে। জোনাক-চাকিহঁতৰ মনত প্ৰাচীন মূল্যবোধৰ প্ৰতি শ্ৰদ্ধা প্ৰোথিত হৈ থকাৰ বাবেই তেওঁলোক সম্পূৰ্ণ আত্মকেন্দ্ৰিক হ’ব পৰা নাই। তেওঁলোকে বৃদ্ধ মাক-দেউতাকৰ সান্নিধ্য বিচাৰি জন্ম ঘৰখনলৈ দৌৰি আহিছে আৰু হেৰাই যোৱা পুৰণি দিনবোৰ ঘূৰাই বিচাৰিছে। কোমল হাস্যৰসৰ প্ৰলেপে গল্পটোক প্ৰদান কৰিছে চুম্বকীয় গতি।
‘দৈহিক’ গল্পত এগৰাকী আত্মনিৰ্ভৰশীল নাৰীৰ জীৱন সংগ্ৰামৰ কাহিনী বৰ্ণনা কৰি কৰ্মসংস্কৃতিৰ জয়গান গোৱা হৈছে। আৰ্থিক দুৰ্বলতাৰ ওচৰত হাৰ নামানি প্ৰতিভাই লেডিজ টেইলৰিঙৰ দোকান এখন খুলিছে আৰু লাহে লাহে আৰ্থিকভাবে স্বাৱলম্বী হৈ উঠিছে। তেওঁ অন্য দুগৰাকী আত্মবিশ্বাসহীন আৰু বিষাদগ্ৰস্ত ছোৱালীকো কৰ্ম সংস্থান দিছে। গল্পকাৰে প্ৰতিভাৰ দোকানখনৰ নিয়মীয়া গ্ৰাহকসকলৰ পিন্ধা-উৰাৰ প্ৰতি থকা সহজাত চখক সূক্ষ্মাতিসূক্ষ্মভাবে বৰ্ণনা কৰি নাৰীৰ ভিন্ন ৰুচিবোধৰো আভাস দিছে। ‘অনুভূতিৰ অসুখ’ গল্পত এগৰাকী খুবেই সংবেদনশীল বিৱাহিতা নাৰীক জীৱন সংগী আৰু তেওঁৰ পৰিয়ালৰ আন সদস্যসকলৰ অনাদৰ-অৱহেলাই মানসিকভাবে অসুস্থ কৰি তোলাৰ কাহিনী বৰ্ণিত হৈছে। হৃদয়বান চিকিৎসক দিগন্তই অনুভূতিৰ অৱচেতন মনৰ ইচ্ছা-আকাংক্ষাৰ খবৰ কৌশলেৰে সংগ্ৰহ কৰিছে আৰু তেওঁক নতুন জীৱন স্বপ্নেৰে উদ্বেলিত কৰি তুলিছে।
‘অভংগ’ গল্পত এগৰাকী বাস্তৱবাদী আৰু আত্মমৰ্যাদাৰ প্ৰতি সচেতন নাৰীৰ জীৱন দৰ্শন ফুটি উঠিছে। এনে বাস্তৱবাদী নাৰীৰ বাবে উপযুক্ত জীৱনসংগীৰ সন্ধান কৰাটো এক কঠিন ব্যাপাৰ হৈ পৰে। তথাপি, গল্পকাৰে আশা কৰিছে যে ময়ূৰাক্ষী আৰু অমিতাভৰ বৈৱাহিক সম্পৰ্ক পাৰস্পৰিক শ্ৰদ্ধা-ভালপোৱা, বন্ধুত্বপূৰ্ণ সহযোগিতা, আনুগত্য আদিৰ ভিত্তিত সুন্দৰকৈ বৰ্তি থাকিব। ‘আদিপাঠ’ গল্পত এজন মানুহৰ চেতনাত সক্ৰিয় হৈ থকা দ্বৈত সত্তাৰ প্ৰসংগ ব্যক্ত হৈছে। এগৰাকী নাৰীৰ মাজত যেনেকৈ এক পুৰুষ সত্তা জী থাকে, তেনেকৈ এজন পুৰুষৰ মাজতো এক নাৰী সত্তা সাৰে থাকে। দুয়োটা সত্তাৰে মাজত নিজা নিজা বৈশিষ্ট্য পৰিলক্ষিত হয়। গল্পটোত জীৱন সম্পৰ্কীয় বহু মৌলিক সত্য উন্মোচিত হৈছে। ‘গৃহকোণ’, ‘কাজল ধাৰ’ আদি গল্পতো পৰিলক্ষিত হৈছে জীৱনৰ বিচিত্ৰ কাৰুকাৰ্য।
‘অযুত আকাশ নিযুত তৰা’ গল্পত এগৰাকী নাৰীৰ আত্মোত্তৰণৰ কাহিনীৰ মাজেৰে মানৱ সমাজত বৰ্তি থকা অদৃশ্য শৃংখল আৰু শুভবোধৰ কথাই কোৱা হৈছে। আকাশৰ ইটো তৰাই সিটো তৰাক বহু দূৰে দূৰে নিচিনা-নজনাকৈ থাকিও স্বাভাৱিক আকৰ্ষণ শক্তিৰ সহায়ত সৰি নপৰাকৈ ধৰি ৰাখে। এনে আকৰ্ষণ শক্তি মানুহৰ মাজতো থাকে। ইজন মানুহে সিজন মানুহক কেতিয়াবা জনা-শুনাকৈ আৰু কেতিয়াবা নজনা-নুশুনাকৈয়ে তৰাৰ দৰে ধৰি ৰাখে। কোনো মানুহ সূৰ্যৰ দৰে প্ৰখৰ পোহৰৰ অধিকাৰী হ’লেও বেছিভাগ মানুহেই তৰাৰ দৰে কম পোহৰৰ অধিকাৰী। তেওঁলোকে নীৰৱে জ্বলি থাকিয়েই নিজৰ অস্তিত্ব বৰ্তাই ৰাখে। পৰিশেষত ক’ব পাৰি যে সংকলনখনিত সন্নিৱিষ্ট দত্ত ডেকাৰ প্ৰতিটো গল্পতে জীৱন বীক্ষাৰ ব্যাপ্তি আৰু গভীৰতা উজলি উঠিছে। তেওঁৰ গল্পৰ কথনশৈলীক গভীৰ সংবেদনশীলতা আৰু ভাষাৰ কৌশলী প্ৰয়োগে সাৱলীল কৰি তুলিছে। গল্পবোৰৰ নামকৰণো অৰ্থবহ। অদূৰ ভৱিষ্যতে তেওঁৰ গল্পই অসমীয়া গল্প সাহিত্যত এক নতুন মাত্ৰা সংযোজন ঘটাব বুলি নিঃসন্দেহে আশা কৰিব পাৰি।

।। সুৰভি ডেকাৰ ‘হেঙুলীয়া ৰ’দ’ ।।
সুৰভি ডেকাৰ গল্প সংকলন ‘হেঙুলীয়া ৰ’দ’ পঢ়িলোঁ। দীৰ্ঘ দিনৰপৰা সাহিত্য চৰ্চাত নীৰৱে ব্ৰতী হৈ অহা ডেকাই পৰম্পৰাগত শৈলীৰেই এই গল্পকেইটি লিখিছে আৰু তেওঁৰ চৌপাশৰ সমাজখনত ঘটি থকা কিছুমান ঘটনা-পৰিঘটনাৰ খবৰ পাঠকলৈ কঢ়িয়াই আনিছে। ডেকাৰ গল্পৰ বিষয়বস্তু মূলতঃ মধ্যবিত্তীয় জীৱন পৰিক্ৰমাৰ পৰা আহৃত য’ত মূল্যবোধৰ অৱক্ষয়, নিসংগতা, প্ৰেমহীনতা, স্বাৰ্থপৰতা, আৰ্থিক সংকট, আত্মপ্ৰতিষ্ঠাৰ যুঁজ আদিয়েই মানুহৰ মূল সমস্যাৰূপে পৰিগণিত হৈ আহিছে।
সংকলনখনত সন্নিৱিষ্ট ‘বিষাদ’ গল্পটোত সন্তান জন্ম দিবলৈ অক্ষম এগৰাকী নাৰীৰ জীৱন সংঘাত, গভীৰ মনোবেদনা আদি চিত্ৰিত হৈছে। প্ৰাচীন ধ্যান-ধাৰণাক খামোচ মাৰি থাকিব খোজা পুৰণিকলীয়া নাৰীৰ সৈতে আধুনিক শিক্ষাৰে শিক্ষিত নতুন নাৰীৰ সংঘাতে গল্পটোৰ আবেদন বৃদ্ধি কৰিছে। উল্লেখ্য যে বন্ধ্যা নাৰীক লৈ অসমীয়া ভাষাত অলেখ গল্পই ৰচিত হৈছে। সেই গল্পবোৰত সাধাৰণতে বন্ধ্যা নাৰীগৰাকীক জীৱনসংগীয়ে অৱহেলা অথবা ত্যাগ কৰে আৰু দ্বিতীয় বিবাহৰ বাবে আগবাঢ়ে। কিন্তু ‘বিষাদ’ গল্পৰ নায়িকাই জীৱন সংগীৰপৰা তেনে নিষ্ঠুৰ আচৰণৰ সন্মুখীন হোৱা নাই, তেওঁ কেৱল সমাজৰ কিছুমান অসংবেদনশীল মানুহৰ মানসিক আতিশয্যৰহে সন্মুখীন হৈছে। সেই আতিশয্যৰ পৰা তেওঁক ৰক্ষা কৰিবলৈ জীৱনসংগী কল্যাণে যথোচিত পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। ‘কল্যাণ’ গল্পটোৰ এক ব্যতিক্ৰমী আৰু আদৰ্শ পুৰুষ চৰিত্ৰ।
‘প্ৰাৰ্থনা’ গল্পত এগৰাকী জীৱনসংগীহাৰা আৰু পুত্ৰ-জীয়ৰী-বোৱাৰীৰ দ্বাৰা অৱহেলিত বৃদ্ধাৰ নিসংগতা আৰু অসহায় অৱস্থা মৰ্মস্পৰ্শীভাৱে চিত্ৰিত হৈছে। ‘ব্ৰেকআপ’ গল্পত আকৌ বস্তুবাদী চেতনাৰে আক্ৰান্ত আধুনিক ডেকা-গাভৰুৰ প্ৰেমৰ স্বৰূপ উন্মোচিত হৈছে। সেইদৰে, ‘পীড়িত’ গল্পত এগৰাকী মধ্যবিত্তীয় নাৰীৰ জীৱন কাহিনী আৰু ‘শূন্যতা’ গল্পত এগৰাকী পৰ নিৰ্ভৰশীল নাৰীৰ যন্ত্ৰণা বৰ্ণিত হৈছে। ‘শূন্যতা’ গল্পৰ নায়িকাক প্ৰাক্তন প্ৰেমিকৰ সান্নিধ্যই নিজৰ অতীতলৈ ঘূৰি চোৱাৰ সুযোগ আনি দিছে আৰু তেওঁ নিজকে বৰ ৰিক্ত যেন অনুভৱ কৰিছে। গল্পটোত সৌন্দৰ্য আৰু সম্পদেই জীৱনৰ সৰ্বস্ব নহয় বুলি গল্পকাৰে ক’ব বিচাৰিছে। অৱশ্যে, ‘পীড়িত’ গল্পৰ শাহু-বোৱাৰীৰ মাজৰ চিৰন্তন দ্বন্দ্বৰ কাহিনীয়ে একবিংশ শতিকাৰ পাঠকক আকৰ্ষণ কৰিব নোৱাৰিব বুলিয়েই ভাৱ হয়।
ডেকাৰ প্ৰায়বোৰ গল্প নাৰী চৰিত্ৰ প্ৰধান। দুটিমান নাৰী চৰিত্ৰই জীৱনৰ আগ বয়সত প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে সাহসেৰে আৰু আত্মবিশ্বাসেৰে যুদ্ধ কৰি সংসাৰ ৰণত সফলতা অৰ্জন কৰিছে। কিন্তু আশ্চৰ্যজনকভাবে তেওঁলোকে পৰিয়াল-পৰিজনৰ কাষত আত্মমৰ্যাদা আৰু অধিকাৰ সাব্যস্ত কৰিবলৈ কোনো ধৰণৰ সবল আৰু সাহসী পদক্ষেপ লোৱা নাই। উদাহৰণ স্বৰূপে ‘হেঙুলীয়া ৰ’দ’ৰ নায়িকাগৰাকীয়ে নিজৰ জীৱন-যৌৱনৰ অমূল্য ক্ষণবোৰ সহোদৰসকলৰ জীৱন গঢ়িবৰ বাবে উছৰ্গা কৰিলে। কিন্তু জীৱনৰ বিয়লি বেলাত পৰিয়াল-পৰিজনে তেওঁক পদে পদে উপেক্ষা-অৱহেলা কৰিলেও তেওঁ কিন্তু নীৰৱেই সকলো উপেক্ষা-অৱহেলা সহি গৈছে!
গল্পকাৰে ‘বন্দীত্ব’ গল্পৰ নায়িকা অৰ্থাৎ বন কৰা যুৱতী মালতীয়ে মালিকপক্ষৰ যৌন শোষণৰ বিৰুদ্ধে মাত মাতিব নোৱৰাৰ কাৰণ হিচাপে দৰিদ্ৰতাক চিহ্নিত কৰিছে। পেটৰ ভাতমুঠি আৰু নিৰাপদ আশ্ৰয় হেৰুৱাৰ ভয়তে মালতীয়ে মালিকৰ পুত্ৰই দিয়া প্ৰতাৰণাৰ যন্ত্ৰণা নীৰৱে সহি যাবলৈ সাজু হৈছে। যুক্তিৰ খাতিৰত ‘বন্দীত্ব’ গল্পৰ বক্তব্য সমৰ্থন জনাব পাৰিলেও ‘ছাঁ’ গল্পৰ আৰ্থিকভাবে স্বাৱলম্বী চৰিত্ৰটোৰ দুৰ্বল ভূমিকাক সমৰ্থন জনাব নোৱাৰি। চৰিত্ৰটোৱে তেওঁৰ ওপৰত নিৰন্তৰ মানসিক নিৰ্যাতন চলোৱা পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে মাত মাতিব পাৰিব লাগিছিল। সন্দেহ নাই, এনেধৰণৰ দুৰ্বল আৰু হতাশজনক ভূমিকাৰ বাবেই কেইবাটিও নাৰী চৰিত্ৰ আদৰ্শ চৰিত্ৰৰূপে বিকাশিত নহ’ল। দুটিমান চৰিত্ৰ আকৌ খুবেই সংশয়বাদী আৰু দ্বিধাগ্ৰস্ত – জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত সঠিক সময়ত ল’ব পৰা নাই।
লক্ষণীয় যে ‘স্বাধীনতা, স্বাভিমান আদি’ গল্পৰ দীপ্তি চৰিত্ৰটো কিছু ব্যতিক্ৰমী। অবিবাহিতা দীপ্তিয়ে নিজৰ স্বাধীনতা আৰু স্বাভিমান ৰক্ষা কৰাৰ স্বাৰ্থতে যৌৱনৰ ভাটি বেলাত বিয়াত নবহোঁ বুলি স্পষ্টভাবে ঘোষণা কৰিছে আৰু তেওঁৰ মতামতক দেউতাকেও সমৰ্থন জনাইছে। গল্পটোত অবিবাহিতা নাৰীৰ মনোবেদনা ফুটি উঠাৰ লগতে অংগনবাদী কৰ্মীসকলৰ ত্যাগ আৰু কষ্টৰ বৰ্ণনা আছে। উল্লেখ্য, ‘অপেক্ষা’ গল্পটোতো এগৰাকী অবিবাহিতা নাৰীৰ নিসংগতাৰ যন্ত্ৰণা উন্মোচিত হৈছে। ‘পৰিচয়’ গল্পত আকৌ পুৰুষপ্ৰধান ভাৰতীয় সমাজত নাৰীয়ে নিজৰ নাম হেৰুৱাই পেলোৱাৰ কাহিনী বৰ্ণিত হৈছে। সেই নামহীন নাৰীগৰাকীয়ে নিজৰ কন্যাৰ এক পৰিচয় গঢ় দিবলৈ সাজু হোৱা কথাটোৱে পাঠকক এক ইতিবাচক বাৰ্তা দিছে। এগৰাকী সৎ আৰু কৰ্মনিষ্ঠ চৰকাৰী চাকৰিয়াল নাৰীৰ জীৱন কাহিনীক লৈ ৰচিত ‘প্ৰাপ্তি’ গল্পটোতো তেনে ইতিবাচক বাৰ্তা পোৱা যায়।
শেষত ক’ব বিচাৰিম যে গল্পকাৰে গল্পবোৰৰ মাজেৰে কেৱল অৱহেলিতা-নিৰ্যাতিতা নাৰীসকলৰ আৰ্থিক, মানসিক আদি সমস্যা তুলি ধৰিলেই নহ’ব; তেওঁলোকক কাংক্ষিত মুক্তিৰ বাটো দেখুৱাব পাৰিব লাগিব। সেই মুক্তিৰ বাট দেখুৱাবলৈ হ’লে গল্পকাৰে নাৰীবাদ বা মাক্সৰ্বাদ সম্পৰ্কীয় তাত্ত্বিক চিন্তা-চৰ্চা নকৰিলেই নহ’ব। তাত্ত্বিক অনুশীলনেহে তেওঁৰ মতাদৰ্শগত অৱস্থান স্থিৰ কৰাত সহায় কৰিব আৰু তাৰ লগে লগে তেওঁৰ গল্পৰ চৰিত্ৰসমূহো দ্বিধা-দ্বন্দ্ব-সংশয়ৰ পৰা মুক্ত হৈ আদৰ্শ চৰিত্ৰৰূপে পৰিগণিত হ’ব।

।। ড॰ বখশী হজৰত আলী আহমেদৰ ‘ডিটেনচন কেম্প’।।
প্ৰতিজন সমাজ সচেতন আৰু শিক্ষিত মানুহেই তেওঁৰ চৌপাশৰ সমাজখনক নীৰৱে পৰ্যবেক্ষণ কৰি থাকে আৰু চিনাকি সমাজখনৰ ক’ৰবাত কিবা ত্ৰুটি-বিচ্যুতি বা ক্ষয়-ক্ষতি দেখিলেই সৰৱ হৈ উঠে। সেই সৰৱতা তেওঁ ৰাজপথতো উদাত্ত কণ্ঠেৰে প্ৰকাশ কৰিব পাৰে অথবা কাপ-মৈলামতো শৈল্পিক চেতনাৰে প্ৰকাশ কৰিব পাৰে। লক্ষণীয় যে দীৰ্ঘদিন ধৰি অধ্যাপনাৰ সৈতে জড়িত হৈ অহা নীৰৱ সমাজকৰ্মী ড॰ বখশী হজৰত আলী আহমেদে তেওঁৰ চৌপাশৰ সমাজখনক সূক্ষ্মভাবে পৰ্যবেক্ষণ কৰি আহিছে আৰু সেই পৰ্যবেক্ষণৰ জৰিয়তে বিভিন্ন সময়ত আহৰণ কৰা বাস্তৱ অভিজ্ঞতাক সমল হিচাপে লৈ দুটিমান গল্প লিখি উলিয়াইছে। ড॰ আহমেদৰ গল্পকেইটি পঢ়ি অনুভৱ হ’ল যে প্ৰান্তীয় অঞ্চলত অলেখ সমস্যা, অলেখ বঞ্চনা আৰু অলেখ প্ৰত্যাহ্বানৰ মাজেৰে প্ৰাণপণে জীৱন যুঁজ চলাই নিয়া প্ৰান্তীয় লোকসকলৰ কৰুণ জীৱনগাথাই তেওঁক খুবেই মানসিক যন্ত্ৰণা দিয়ে। তেওঁ সেই যন্ত্ৰণা গল্প লিখিয়েই দূৰ কৰিব বিচাৰে আৰু তাৰ লগে লগে প্ৰান্তীয় লোকসকলৰ আৰ্থিক-সামাজিক-ৰাজনৈতিক মুক্তিৰ পথৰো সন্ধান কৰে। এনে কাৰণতে হয়তো ড॰ আহমেদে গল্পৰ উপস্থাপন, কথনশৈলী, সামগ্ৰিক নিৰ্মাণ আদি শৈল্পিক দিশসমূহৰ প্ৰতি যথোচিত গুৰুত্ব দিয়াতকৈ বক্তব্য প্ৰকাশৰ প্ৰতিহে অধিক গুৰুত্ব দি আহিছে। এই আপাহতে আমি তেওঁৰ গল্পৰ শিল্পগুণ বিচাৰ কৰাতকৈ তেওঁৰ বক্তব্যৰ সাৰমৰ্ম বিচাৰ-বিশ্লেষেণ কৰাটোহে যুগুত হ’ব বুলি ভাবিছোঁ।
শিক্ষকতাৰ বৃত্তিৰ সৈতে জড়িত হৈ অহা বাবেই চাগৈ ড॰ আহমেদে বহু কেইটি গল্পত প্ৰথম পুৰুষ অথবা কথক হিচাপে একোটি শিক্ষকৰ চৰিত্ৰ অংকন কৰিছে। সেই গল্পৰ কথকজন কেতিয়াবা সামাজিক বঞ্চনা-লাঞ্ছনা দেখি উত্যক্ত হৈ পৰে আৰু কেতিয়াবা তৰুণ প্ৰজন্মৰ হতাশা, অস্থিৰতা প্ৰত্যক্ষ কৰি ব্যথিত হৈ পৰে। উল্লেখ্য যে ‘গৰুখুটিৰ নিনাদ’ শীৰ্ষক গল্পটিৰ অন্যতম চৰিত্ৰ দিগন্ত হাজৰিকাৰ দৰেই ড॰ আহমেদৰ হৃদয়ো সৰ্বজনীন মানৱতাবোধেৰে সিক্ত আৰু সাধাৰণ শ্ৰমজীৱী মানুহৰ প্ৰতি গভীৰ সহানুভূতিৰে পৰিপূৰ্ণ। তেওঁৰ প্ৰায়বোৰ গল্পত প্ৰখৰ সমকাল চেতনাও ফুটি উঠিছে। ‘ঈদৰ চোলা’ গল্পত যদি উগ্ৰপন্থীৰ অবিবেচক বোমা বিস্ফোৰণে সাধাৰণ শ্ৰমজীৱী মানুহৰ জীৱনলৈ কঢ়িয়াই অনা দুৰ্বিষহ যন্ত্ৰণা বৰ্ণিত হৈছে; তেন্তে ‘ডিটেনচন কেম্প’, ‘গৰুখুটিৰ নিনাদ’ আদি গল্পত চৰ-চাপৰিবাসী সংখ্যালঘু সম্প্ৰদায়ে পদে পদে সন্মুখীন হৈ অহা আত্ম পৰিচয়ৰ সমস্যা, বান-খহনীয়াৰ সমস্যা, উচ্ছেদৰ সমস্যা আদি উন্মোচিত হৈছে। ক্ষমতালোভী আৰু সাম্প্ৰদায়িক ৰাজনীতিকৰ স্বৰূপ, প্ৰশাসন যন্ত্ৰৰ পক্ষপাতিত্ব আদিও গল্পখিনিৰ মাজেৰে তেওঁ উদঙাই দিছে। ‘ক’ভিড-১৯’ গল্পত আকৌ নিঃস্ব মানুহৰ মংগলৰ বাবে সমৰ্পিত এটি চৰিত্ৰৰ জীৱন কাহিনী বৰ্ণনা কৰি মানৱতাৰ জয়গান গাইছে।
‘চন্দ্ৰ মাষ্টৰৰ বিদায়’ গল্পটোত এজন অসৎ আৰু দুৰ্নীতিপৰায়ণ শিক্ষকৰ কাহিনী বৰ্ণিত হৈছে। শিক্ষক আৰু ছাত্ৰৰ মাজৰ শ্ৰদ্ধা আৰু আন্তৰিকতাপূৰ্ণ সম্পৰ্কক লৈ লিখা ‘উত্তৰণ’ গল্পত সূক্ষ্ম হাস্যৰসৰ ছিটিকনি পৰিছে। এই গল্পটোৰ উপস্থাপন শৈলীও ভাল হৈছে। সেইদৰে, ৰোগী আৰু চিকিৎসকৰ সম্পৰ্ক কেনেকুৱা হোৱা উচিত, তাৰেই এক আভাস ‘এটা গল্পৰ পাতনি’ নামৰ গল্পটোত আছে। গল্পটোত ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়ৰ ভিতৰ চ’ৰাৰ বৰ্ণনাও পোৱা যায়। পাঠকক তথ্যৰ যোগান ধৰাটো গল্পকাৰৰ কাম নহ’লেও ‘হাদিৰাচকীৰ গল্প’ত অসম বুৰঞ্জীৰ কেতবোৰ ঐতিহাসিক তথ্য দাঙি ধৰাৰ লগতে হাদিৰাচকীক লৈ মুখে মুখে প্ৰচলন হৈ অহা বহু গুৰুত্বপূৰ্ণ স্থানীয় ঐতিহাসিক তথ্য সন্নিৱিষ্ট কৰিছে। সেইদৰে ‘মেৰিণা বীচ্ছ’ আৰু ‘মানসী এক্সপ্ৰেছ’ গল্পত দুটি শিশু চৰিত্ৰৰ সাহসিকতাৰ বৰ্ণনা আছে। গল্পকাৰে চৰ-চাপৰিবাসীৰ মাজত প্ৰচলিত কিছুমান লোকবিশ্বাসো গল্পৰ মাজলৈ কঢ়িয়াই আনিছে। অৱশ্যে, তেওঁ চৰাঞ্চলৰ লোকবিশ্বাসক অন্ধবিশ্বাসলৈ ৰূপান্তৰিত হোৱাটো বিচৰা নাই। ‘মাছুৱা দেও’ নামৰ গল্পটোত গল্পকাৰে অন্ধবিশ্বাসৰ পৰিৱৰ্তে বৈজ্ঞানিক মানসিকতাকহে চৰ-চাপৰিবাসীয়ে আদৰি লোৱাটোত বেছি গুৰুত্ব প্ৰদান কৰিছে।
আশা কৰিছোঁ, ড॰ আহমেদে অনাগত দিনতো নতুন উদ্যমেৰে গল্পচৰ্চা কৰি থাকিব। তেওঁ আংগিক আৰু বক্তব্যৰ মাজত সন্তুলন ৰক্ষা কৰি সচেতনভাৱে গল্প ক’বলৈ ল’লে নিঃসন্দেহে প্ৰান্তীয় অঞ্চলৰ প্ৰান্তীয় লোকসকলৰ অব্যক্ত হাঁহি-কান্দোনৰ কাহিনীয়ে এক নতুন মাত্ৰা পাব আৰু অসমৰ পাঠক সমাজো তেওঁলোকৰ জীৱনচৰ্যাৰ সৈতে অধিক পৰিচিত হৈ পৰিব।

।। মনালিছা পাঠক সম্পাদিত ‘গল্পাবৃত’।।
‘গল্পাবৃত’ত সন্নিৱিষ্ট হোৱা পোন্ধৰগৰাকী গল্পকাৰৰ ভিন্ন সুৰী ত্ৰিশটা গল্প পঢ়ি ভিন্ন স্বাদ লাভ কৰিলোঁ। প্ৰায়সকল গল্পকাৰে চিনাকি পৃথিৱীখনৰ চিনাকি কাহিনীবোৰৰ আধাৰতে গল্পৰ শৰীৰ নিৰ্মাণ কৰিছে আৰু মানুহৰ জীৱন সংগ্ৰাম, সুখ-দুখৰ অনুভূতি, অন্তদ্বৰ্ন্দ্ব, আৰ্থ সামাজিক সংকট, গ্ৰাম্য জীৱনৰ অৱক্ষয়, অন্ধবিশ্বাস, প্ৰমূল্যবোধৰ সংকট আদিক নিজা দৃষ্টিকোণেৰে ফুটাই তুলিছে। কোনোৱে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা, বৰ্ণবাদ, কুসংস্কাৰ আদিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে; কোনোৱে সুবাধাবাদী ৰাজনীতিক বা আন্দোলনকাৰীৰ ভ্ৰষ্টাচাৰ উদঙাই দিছে; কোনোৱে প্ৰান্তীয় মানুহৰ সমস্যাক মৰ্মস্পৰ্শীভাবে ফুটাই তুলিছে আৰু কোনোৱে পাৰিবাৰিক জীৱনৰ কাহিনী ৰস লগাকৈ কৈছে। দুটিমান গল্পত ইতিবাচক সামাজিক বাৰ্তাও প্ৰতিফলিত হোৱাৰ লগতে অন্তৰ্জীৱনৰ সত্যও উন্মোচিত হৈছে।
সংকলনখনিত সন্নিৱিষ্ট বেছিভাগ গল্পই কাহিনীপ্ৰধান হ’লেও দুগৰাকীমানে পৰম্পৰাগত শৈলী এৰি কাহিনী কথনৰ এক নিজস্ব শৈলী আয়ত্ত কৰিবলৈ চেষ্টা কৰিছে। লোকসাধুৰ পুনৰ্নিৰ্মাণ কৰি লিখা গল্পকেইটিয়ে পাঠকক নিশ্চয় আপ্লুত কৰিব। উল্লেখ্য যে ববিতা কলিতা, ভাস্কৰ বৰুৱা, চন্দামিতা শৰ্মা, ৰাগিণী আলম্যান, অন্বেষী বৰা ওজা, মনালিছা পাঠক, সান্ত্বনা চেলেং, ৰীমা কলিতা চুবেদাৰ, দিব্যাশ্ৰী নিয়ৰ বৰুৱা আদিৰ কলমত প্ৰতিশ্ৰুতি আছে। তেওঁলোকৰ সমকাল চেতনাও প্ৰখৰ।
ভাল লগা কথা এয়ে যে গল্পকাৰসকলৰ বোধ আৰু উপলব্ধিত ভণ্ডামি আৰু কৃত্ৰিমতাৰ স্থান নাই। তেওঁলোকে নিশ্চয় ভাল গল্প নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা সবল গদ্যশৈলী, প্ৰখৰ অন্তৰ্দৃষ্টি, নতুন আংগিক, নতুন বিষয়বস্তু আদি আয়ত্ত কৰি ল’ব পাৰিব। আশা কৰোঁ, তেওঁলোকে নিৰন্তৰ অনুশীলনৰ সহায়ত সিদ্ধিৰ বাটেৰে আগুৱাই যাব আৰু অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত অদূৰ ভৱিষ্যতে সবল গল্পকাৰ হিচাপে এক পৰিচিতি নিৰ্মাণ কৰিব।

।। অংকিতা বৰুৱাৰ ‘জোনবিলৰ ভেনাছ’।।
মানুহৰ মনত গভীৰভাবে দাগ কাটিব পৰাকৈ গল্প কোৱাৰ লক্ষ্যৰে নিৰন্তৰ শব্দৰ সাধনাত ব্ৰতী হৈ অহা অংকিতা বৰুৱাই শেহতীয়াভাৱে অসমীয়া সৃষ্টিশীল সাহিত্য জগতখনত এগৰাকী কুশলী কথক হিচাপে এক পৰিচয় নিৰ্মাণৰ যো-জা চলাইছে। অংকিতাই মূলতঃ আধুনিক মানুহৰ অভ্যন্তৰৰ জীৱন বীক্ষাক গল্পৰ বিষয়বস্তু কৰি ল’লেও ক্ৰমশঃ জটিল হৈ অহা সমকালীন সমাজ জীৱনো তেওঁৰ দুটিমান গল্পত চিত্ৰিত নোহোৱা নহয়। সন্দেহ নাই, মানুহৰ জীৱনশৈলী আৰু ৰুচিবোধৰ আমূল পৰিৱৰ্তনৰ লগে লগে একবিংশ শতিকাৰ অসমীয়া গল্পৰ ব্যাপক ৰূপান্তৰ ঘটিছে। অংকিতাই অস্থিৰ, অশান্ত আৰু দ্বন্দ্বজৰ্জৰ সময়, জীৱন আৰু সমাজক তেওঁৰ গল্পলৈ কঢ়িয়াই আনিব বিচাৰি নতুন আংগিকৰ সন্ধান কৰিছে আৰু কিছু পৰিমাণে সফলো হৈছে। তেওঁৰ দৃষ্টিভংগী সূক্ষ্ম আৰু জীৱনবোধ সংবেদনশীল হোৱা বাবেই গল্পৰ চৰিত্ৰবোৰে প্ৰাণ পাই উঠি কাহিনীক প্ৰদান কৰে এক নতুন গতি আৰু ব্যাপ্তি। ফলত তেওঁৰ গল্পবোৰ হৈ পৰিছে সুখপাঠ্য।

।। মল্লিকা হাজৰিকাৰ ‘একচল্লিশ’। ।
মল্লিকা হাজৰিকাৰ গল্পই কেতিয়াবা মানুহৰ জীৱনৰ শূন্যতাৰ আঁৰত ৰৈ যোৱা কথা কৈছে, কেতিয়াবা সমাজে নিৰ্ধাৰণ কৰি দিয়া বৈধ-অবৈধৰ সীমাৰেখাডাল হৃদয়ৰ আকুল আবেদন অথবা তেজ-মঙহৰ স্বাভাৱিক দাবীৰ কাষত মচ খাই যোৱাৰ কথা কৈছে, কেতিয়াবা সামাজিক বৈষম্যই এচাম মানুহৰ মাজত জন্ম দিয়া ক্ষোভ-বঞ্চনাৰ কথা কৈছে আৰু কেতিয়াবা পুঁজিবাদী বজাৰ ব্যৱস্থাই নিম্নবৰ্গীয় মানুহৰ জীৱনলৈ কঢ়িয়াই অনা দুৰ্যোগৰ কথা কৈছে। তেওঁ কথাবোৰ সাৱলীলভাবে ক’বৰ বাবে আয়ত্ত কৰি লৈছে এক ইংগিতধৰ্মী আটিল ভাষা। সেই ভাষাৰ কালিকাই গল্পকাৰৰ কথাবোৰ পাঠকৰ বাবে এপিনে মৰ্মস্পৰ্শী আৰু আনপিনে বিশ্বাসযোগ্য কৰি তুলিছে। উল্লেখ্য যে মল্লিকাৰ প্ৰতিটো গল্পৰ পটভূমি আৰু বিষয়বস্তু ভিন্ন। তেওঁ আধুনিক সমাজ জীৱন অথবা ব্যক্তি জীৱনৰ জটিল কথাবোৰো একোটা নিটোল কাহিনীৰ সহায়ত পাঠকৰ বোধগম্য হোৱাকৈ কোৱাৰ কিটিপ জানে বাবে ৰসাগ্ৰাহী পাঠকে ‘একচল্লিশ’ পঢ়ি কেতিয়াও হতাশ নহ’ব।

। । মুনমী দত্ত হাজৰিকাৰ ‘শ্ব’ষ্টপাৰ’। ।
মুনমী দত্ত হাজৰিকাৰ গল্প সংকলন ‘শ্ব’ষ্টপাৰ’ত সন্নিৱিষ্ট হোৱা গল্পবোৰত গ্ৰাম্য জীৱনৰ সৰলতা, জীৱন সংগ্ৰামৰ ভিন্ন ৰূপ, চেতন-অৱচেতন মনৰ ভিন্ন বাৰ্তা, লিংগ সচেতনতা আদি পৰিলক্ষিত হয়। প্ৰবল আশাবাদ আৰু গভীৰ জীৱনবোধে তেওঁৰ গল্পবোৰ মননশীল কৰি তুলিছে। পৌৰাণিক সাহিত্যৰ জনপ্ৰিয় চৰিত্ৰ দুটামানৰ আধাৰত ৰচিত গল্পকেইটিতো মুনমীয়ে মৌলিক চিন্তা আৰু বিশ্লেষণৰ পৰিচয় দিবলৈ সক্ষম হৈছে। বিষয়বস্তু নিৰ্বাচনত অতি সাৱধান আৰু ভাষাৰ ব্যৱহাৰত অতি সংযমী মুনমীয়ে নিৰন্তৰ অনুশীলনৰ মাজেৰে আয়ত্ত কৰি লৈছে এক নিজা কথনশৈলীও। মুনমীয়ে যে অদূৰ ভৱিষ্যতে অসমীয়া গল্প সাহিত্যত এগৰাকী কুশলী গল্প কথক হিচাপে এক সবল খোজ থ’ব পাৰিব, তাৰ ইংগিত ‘শ্ব’ষ্টপাৰ’ৰ গল্পকেইটিয়ে দিব পাৰিছে।

।। পল্লৱী কৌশিকৰ ‘একাপ কফি আৰু এটা আধৰুৱা কাহিনী।।
পল্লৱী কৌশিকৰ গল্পই মূলতঃ আধুনিক মানুহৰ অন্তৰ্জীৱনৰ কথা পৰম প্ৰত্যয়েৰে কয়। অৱসাদ, অস্থিৰতা, অপ্ৰাপ্তি, অপ্ৰেম আদি বিভিন্ন সমস্যাৰে ক্ষত-বিক্ষত মধ্যবিত্ত মানুহৰ বিচিত্ৰ জীৱন কাহিনী তেওঁ নিজা দৃষ্টিকোণেৰে পৰ্যবেক্ষণ কৰিছে আৰু সিবোৰক মনোগ্ৰাহী তথা সাৱলীল ভাষাৰে গল্পৰ ৰূপ দিছে। তেওঁ কাহিনী বিন্যাসৰ কৌশল আয়ত্ত কৰি লোৱাৰ ফলত গল্পবোৰ হৈ পৰিছে সুখপাঠ্য আৰু শিল্পমণ্ডিত। পল্লৱী এক উদাৰ নৈতিক চেতনা আৰু স্বচ্ছ জীৱনবোধৰ অধিকাৰী হোৱা বাবেই তেওঁৰ গল্পবোৰে জীৱনৰ সপক্ষে ওকালতি কৰে – বিভ্ৰান্ত আৰু বিমূঢ় মানুহক নতুন স্বপ্নেৰে জী থাকিবলৈ প্ৰেৰণা যোগায়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!