ছাঁ

লেখক- যদুমণি হাজৰিকা

ছাঁ একোটা সকলোতে ঘূৰি ফুৰে

 

অশৰীৰি শৰীৰে। 

 

ছাঁৰ ভূগোল এনেকুৱা

 

বৰণ নীলা

 

হাত দীঘল

 

লোলুপ দৃষ্টি 

 

যুগস্বীকৃত বাটেৰে নিৰ্মল‌। 

 

নীলাৰ সিপাৰে ছাঁ কজলা হৈ পৰে‌

 

ছাঁৰ বাবে খোদ ছায়াবোৰ 

 

পঙ্কিল পথ একোটাত চুপেচাপে ৰৈ থাকে‌। 

 

ছাঁৰ প্ৰথম অনুভৱ সাক্ষাৎকাৰ এটাতে হৈছিল

 

ছায়া এটিৰ পাছত ষাঁড়কায় ছাঁ এটা আছিল

 

ছাঁ আপোনাৰ আশে-পাশে থাকে

 

মোৰো আশে-পাশে থাকে

 

ছাঁ সকলোৰে মূৰৰ ওপৰত নাথাকে

 

সংগোপনে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!