ছাত্ৰ-ছাত্ৰীৰ পঠন অভ্যাসত ডিজিটেল পঠন সম্পদৰ প্ৰভাৱ

লেখক- ড৹ গৌতম কুমাৰ শৰ্মা

পৰিবৰ্তিত সময়ৰ লগতে সমাজৰ পৰিবৰ্তনো নিশ্চিত। “পৰম্পৰাগত”ৰ পৰা “ডিজিটেল”লৈ সমাজৰ এই পট পৰিৱৰ্তনৰ ফলশ্রুতিতেই সাম্প্রতিক সময়ত ছাত্র-ছাত্রী সকলৰ মাজত পৰম্পৰাগত অথবা গতানুগতিক পঠন অভ্যাস হ্ৰাস পাইছে। আনহাতে ছাত্র-ছাত্রীসকলৰ মাজত বহুত বিকল্প পঢ়াৰ পথো মুকলি হৈছে। সমসাময়িক যুৱপ্ৰজন্মৰ মাজত ডিজিটেল পঠন অভ্যাস জনপ্রিয় হৈছে। এটা মুদ্রাৰ দুটা ফালৰ দৰেই ডিজিটেল পঠন অভ্যাসৰ সুবিধা আৰু অসুবিধা দুইটাই আছে। এফালে ই পঢ়াৰ সহজতা আৰু আনন্দ বৃদ্ধি কৰে আৰু অধিক পোনপটীয়াকৈ তথ্যৰ ওচৰলৈ লৈ যাব পাৰে। ইয়াৰ বিপৰীতে ই চিৰাচৰিত পঠন সংস্কৃতিৰ বাবে বিপদ মাতি আনে। ডিজিটেল পঠন সম্পদৰ আকাৰ পৰম্পৰাগত অথবা গতানুগতিক ছপা সম্পদতকৈ অতি কম।  উদাহৰণস্বৰূপে এটা মোবাইল ফোন অথবা লেপটপতেই কে’বাশ বা হাজাৰ কিতাপ ডিজিটেল ৰূপত সাঁচি ৰাখিব পাৰি। গতিকে ডিজিটেল পঠনৰ বাবে কোনো নিৰ্দিষ্ট স্থানৰ প্ৰয়োজনীয়তা নাইকিয়া হয় আৰু ছাত্ৰ-ছাত্ৰীসকলে যেতিয়াই আৰু য’তেই ইচ্ছা পঢ়িব পাৰে। ইণ্টাৰনেটত উপলব্ধ বিভিন্ন পঠন সম্পদৰ ব্যৱহাৰ ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ আহিলা হ’ব পাৰে। ডিজিটেল পঠন সম্পদৰ ব্যৱহাৰ অন্যতম প্ৰধান অসুবিধা হ’ল পাঠকৰ উপযুক্ত আৰু প্ৰামাণিক (authentic) সামগ্ৰী ফলপ্ৰসূভাৱে বিচাৰি উলিয়াব পৰা আৰু বাছি উলিওৱাৰ ক্ষমতা। 
যিহেতু আজিৰ সমাজত তথ্যক (Information) পণ্য (Commodity) হিচাপে গণ্য কৰা হয়, সেই তথ্যৰ ভঁৰাল পুথিভঁৰালসমূহ দেশৰ উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ। সাম্প্রতিক কালত এখন দেশৰ প্ৰগতিক “তথ্য সমৃদ্ধ” (information rich) বা “তথ্য দৰিদ্ৰ”ৰ (information poor) ভিত্তিতো জুখিব পাৰি। বৰ্তমান সময়ত তথ্য সেৱাৰ ক্ষেত্ৰত পুথিভঁৰালসমূহে উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে। তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ (information and communication technology) প্রসাৰ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ পুথিভঁৰালসমূহে পাঠকৰ বাবে ছপা কিতাপৰ সংগ্রহৰ উপৰিও বিভিন্ন প্রকাৰৰ ডিজিটেল পঠন সম্পদ উপলব্ধ কৰিছে। তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ প্ৰসাৰৰ ফলত বিদ্যায়তনিক আৰু গৱেষণামূলক প্ৰকাশন, গৱেষণা পদ্ধতি, আৰু শৈক্ষিক সম্পদৰ সৃষ্টিকে ধৰি শৈক্ষিক পদ্ধতিৰ আমোল পৰিৱৰ্তন ঘটিছে। যদিও সমগ্ৰ ৱৰ্ল্ড ৱাইড ৱেবকেই (WWW) ডিজিটেল সম্পদৰ এটা ভঁৰাল বুলি কব পাৰি,  বিদ্যায়তনিক আৰু গৱেষণামূলক অধ্যয়নৰ বাবে ডিজিটেল পুথিভঁৰাল (digital library), মুক্ত শৈক্ষিক সম্পদ (open educational resource), ইলেক্ট্ৰনিক গ্রন্থ (e-book), ইলেক্ট্ৰনিক জাৰ্নেল (e-journal), আৰু ডাটাবেছসমূহ হৈছে পুথিভঁৰালসমূহে তেওঁলোকৰ পাঠকৰ বাবে উপলব্ধ কৰা ডিজিটেল পঠন সম্পদসমূহৰ ভিতৰত অন্যতম।
ডিজিটেল পঠন সম্পদৰ ব্যৱহাৰ পাঠকৰ মাজত আৰু অধিক জনপ্রিয় তথা প্রসাৰতা বৃদ্ধিৰ ক্ষেত্রত পুথিভঁৰালসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। পুথিভঁৰালসমূহে পাঠকৰ বাবে ছপা আৰু ডিজিটেল দুয়োটাকে সামৰি লৈ বিভিন্ন ধৰণৰ পঠন সম্পদ উপলব্ধ কৰিব লাগে। মূলতঃ পুথিভঁৰালসমূহে নিজৰ ৱেবপৰ্টলত ডিজিটেল পঠন সম্পদসমূহৰ তথ্য, নিৰ্দেশনা আৰু প্রয়োজনীয় ৱেবছাইটৰ যোগসুত্র (link) প্ৰদান কৰিব লাগিব। সময়ে সময়ে পাঠকক ডিজিটেল পঠন সম্পদসমূহৰ তথ্য, নিৰ্দেশনা আৰু প্রয়োজনীয় ৱেবছাইটৰ যোগসুত্র (link) আদি কৰ্মশালাৰ জৰিয়তেও প্রদান কৰা উচিত। পুথিভঁৰালৰ কৰ্মচাৰীসকলৰ প্ৰযুক্তিগত দক্ষতা আৰু সেৱাৰ মনোবৃত্তিয়েও  পাঠকক ডিজিটেল পঠন সম্পদসমূহৰ ওচৰ চপাব পাৰে। ইয়াৰ উপৰিও পুথিভঁৰালসমূহে ছ’চিয়েল মিডিয়াৰ সহায়ত দুৰনিবতীয়া পাঠকৰ (remote user) সৈতে সংযোগ স্থাপন কৰি এই সম্পদৰাজিৰ বিষয়ে জ্ঞানৰ আদান প্রদান কৰিব পাৰে।নতুন শিক্ষা নীতি ২০২০ত (NEP 2020) পুথিভঁৰালৰ ডিজিটেল পঠন সম্পদৰ উপলব্ধতা উন্নত কৰাৰ লগতে ডিজিটেল পুথিভঁৰালৰ প্ৰসাৰ বৃদ্ধিৰ বাবেও ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে। শেষত, পুথিভঁৰালসমূহে বিভিন্ন উদ্ভাৱনীমূলক পদ্ধতি যেনে পুথিভঁৰালৰ মোবাইল এপ্লিকেচন, ই-ৰিডাৰ (kindle, etc.), ডিজিটেল পঠন সম্পদৰ ৰিমোট লগইন (remote login) সুবিধা আদিকে ধৰি বিভিন্ন সেৱা পাঠকৰ বাবে ৰূপায়ণ কৰিব পাৰে।
একবিংশ শতিকাৰ একেবাৰে প্ৰথম দশকৰ পৰাই ভাৰতত কেইবাটাও ডিজিটেল পঠন সম্পদৰ প্ৰকল্প আৰম্ভ হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত উচ্চ শিক্ষা আৰু গৱেষণা প্রতিষ্ঠানৰ পুথিভঁৰালসমূহক শক্তিশালী কৰিবৰ লক্ষেৰে ইনফ্লিবনেট কেন্দ্ৰ (INFLIBNET Centre) স্থাপনৰ ফলত দেশজুৰি ডিজিটেল পঠন সামগ্ৰীৰ উপলব্ধতা যথেষ্ট বৃদ্ধি পাইছে। তদুপৰি কোভিড মহামাৰী আৰম্ভ হোৱাৰ পৰাই ডিজিটেল পঠন সামগ্ৰীৰ ব্যৱহাৰৰ মাত্রা অধিক বৃদ্ধি পোৱা দেখা গৈছে।
ভাৰতত চৰকাৰী আৰু বেচৰকাৰী পৃষ্ঠপোষকতাত স্থাপন হোৱা কিছু জনপ্ৰিয় ডিজিটেল সম্পদ এনেধৰণৰ:
ভাৰতীয় ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰাল (https://ndl.iitkgp.ac.in/):
ভাৰতীয় ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰাল (NDLI) হৈছে শিক্ষামূলক সামগ্ৰীৰ অনলাইন সংকলন যত লাখ লাখ সম্পদ ডিজিটেল ৰূপত সংৰক্ষিত আাছে। এই পদক্ষেপ আই আই টি খৰগপুৰৰ উদ্যোগত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ জৰিয়তে শিক্ষাৰ ৰাষ্ট্ৰীয় অভিযান (NMEICT)ৰ অংশ হিচাপে বিকশিত কৰা হৈছে।
শোধগংগা (https://shodhganga.inflibnet.ac.in/):
শোধগংগা হৈছে ভাৰতৰ বিশ্ববিদ্যালয়সমূহত দাখিল কৰা থিছিছ (thesis) সমূহৰ ডিজিটেল ভঁৰাল । ২০২৩ চনৰ ডিচেম্বৰ মাহলৈকে সমগ্ৰ ভাৰতৰ মুঠ ৭৫২খন বিশ্ববিদ্যালয় আৰু ১০৫খন কেন্দ্ৰীয় পুঁজিৰে চলি থকা কাৰিকৰী প্ৰতিষ্ঠানে (CFTI) ইনফ্লিবনেট কেন্দ্ৰৰ (INFLIBNET Centre) সৈতে বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰি শোধগংগা প্ৰকল্পত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছে। শোধগংগাত আপলোড কৰা সকলো সামগ্ৰী বিশ্বব্যাপী বিদ্বান সমাজে খুলি চাব আৰু ডাউনলোড কৰিব পাৰে। এই ছাইটটোত ৫ লাখতকৈ অধিক থিছিছৰ বিশাল ভঁৰাল আছে।
ই-শোধসিন্ধু (https://ess.inflibnet.ac.in/):
ই-শোধসিন্ধু ২০১৫ চনৰ ডিচেম্বৰ মাহত তিনিটা কনচৰ্টিয়াম (consortium) একত্ৰিত কৰি গঠন কৰা হৈছিল। সেই তিনিটা কনচৰ্টিয়াম হৈছে- ইউজিচি-ইনফনেট (UGC-INFONET), এনলিষ্ট (N-LIST), আৰু এআইচিটিই- ইনডেষ্ট (AICTE-INDEST)। কনচৰ্টিয়াম হ’ল ইজনে সিজনক সহযোগিতা কৰিবলৈ সন্মত হোৱা লোক বা সংগঠনৰ এটা গোট। ই-শোধসিন্ধুত ন হেজাৰৰো অধিক প্ৰয়োজনীয় আৰু পৰ্যালোচিত (reviewed) জাৰ্নেলৰ বিশাল ভঁৰাল আছে। ইয়াৰ উপৰিও ইয়াত জৰিয়তে বহুতো ডাটাবেচো(Database) উপলব্ধ।
স্বয়ম (https://swayam.gov.in/):
স্বয়ম হৈছে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে সৃষ্টি কৰা বৃহৎ মুক্ত অনলাইন পাঠ্যক্ৰম (MOOC)ৰ অন্যতম বৃহৎ প্লেটফৰ্ম। ইয়াৰ উদ্দেশ্য হৈছে যিকোনো ব্যক্তিয়ে, যিকোনো ঠাইতে, আৰু যিকোনো সময়তে, বিনামূলীয়াকৈ অনলাইন পাঠ্যক্ৰমৰ সুবিধা লাভ কৰা। স্বয়মৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ সমান সুবিধা নিশ্চিত কৰা, ন্যায়পৰায়ণতাক প্ৰসাৰ কৰা, আৰু উচ্চ মানদণ্ডৰ মানদণ্ড বজাই ৰখা। স্বয়মত ডিজিটেল সামগ্ৰীৰ এক বিশাল সংগ্ৰহ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ জৰিয়তে আগবঢ়োৱা পাঠ্যক্ৰমসমূহ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া।
ই-পিজি পাঠশালা (https://epgp.inflibnet.ac.in/):
ই-পিজি পাঠশালা হৈছে ইউজিচিৰ (UGC) দ্বাৰা ৰূপায়িত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ জৰিয়তে শিক্ষাৰ ৰাষ্ট্ৰীয় অভিযানৰ (NMEICT) অংশ হিচাপে শিক্ষা মন্ত্ৰালয়ে আৰম্ভ কৰা এক শৈক্ষিক প্ৰকল্প। শিক্ষণ সামগ্রীৰ (Instructional materials) গুণগত মানৰ অধিক উন্নতিৰ বাবে ভাৰতীয় বিশ্ববিদ্যালয় আৰু অন্যান্য গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকলে প্রস্তুত কৰা ৭০টা বিষয়ৰ উচ্চমানৰ, পাঠ্যক্ৰমভিত্তিক, ডিজিটেল পঠন সামগ্রী ই-পিজি পাঠশালাত উপলব্ধ।
ই-জ্ঞানকোষ (https://www.egyankosh.ac.in/):
ই-জ্ঞানকোষ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU)ৰ দ্বাৰা সৃষ্ট আত্মশিক্ষণ সম্পদসমূহ (self-learning materials) এটা ডিজিটেল ভঁৰাল। ইগন’উৰ শিক্ষকসকলে নিৰ্মাণ কৰা আত্মশিক্ষণ সামগ্ৰীসমূহ বিশ্বজুৰি ছাত্রসমাজে বিনামূলীয়াকৈ চাব আৰু ডাউনলোড কৰাৰ সুযোগ পায়। লগতে ইগন’উৰ শিক্ষকসকলে নিৰ্মাণ কৰা নিৰ্দেশনামূলক ভিডিঅ’সমূহো ই-জ্ঞানকোষ উপলব্ধ।
অতিমাৰীৰ (pandemic) পিছৰ কালছোৱাত ডিজিটেল শিক্ষণৰ বহুল ব্যৱহাৰে শিক্ষণ পদ্ধতিৰ এক বৈপ্লবিক পৰিবৰ্তন আনিছে। ডিজিটেল শিক্ষণ হৈছে প্ৰযুক্তি, নিৰ্দেশনা আৰু ডিজিটেল পঠন সম্পদৰ সংমিশ্ৰণ। ছাত্ৰ-ছাত্ৰীক কেৱল কম্পিউটাৰ প্ৰদান কৰাই ডিজিটেল শিক্ষণ নহয়। ডিজিটেল শিক্ষণৰ বাবে কম্পিউটাৰ প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ হয়। কম্পিউটাৰ প্ৰযুক্তি বুলি কলে ডেস্কটপ, লেপটপ, আইপেড, স্মাৰ্টফোন আদি সকলো সন্নিবিষ্ট হৈ থাকে। প্ৰযুক্তিয়ে শিক্ষকৰ ভূমিকা সলনি কৰিব পাৰে কিন্তু শিক্ষকৰ প্ৰয়োজনীয়তা কেতিয়াও নাইকিয়া কৰিব নোৱাৰে। শিক্ষকৰ নিৰ্দেশনা আৰু সহায় অবিহনে ডিজিটেল শিক্ষণ সম্ভব নহয়। ডিজিটেল পঠন সম্পদসমূহ ব্যৱহাৰৰ বাবে পাঠকসকলৰ প্ৰয়োজনীয় কৌশল, জ্ঞান আৰু দক্ষতাৰ প্ৰয়োজন হয়, যিবোৰৰ প্ৰয়োজনীয়তা পৰম্পৰাগত ছপা সম্পদ ব্যৱহাৰৰ বাবে নহয়। চহৰ আৰু গ্ৰাম্য অঞ্চলত বাস কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ডিজিটেল বিভাজনেও (digital divide) ডিজিটেল পঠন সম্পদৰ ব্যৱহাৰত যথেষ্ট প্ৰভাৱ পেলায়। ডিজিটেল প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ জ্ঞান থকা আৰু নথকা ব্যক্তিৰ মাজত থকা বৈষম্যই হৈছে ডিজিটেল বিভাজন (digital divide) ।
বহু গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে প্ৰকৃত কিতাপৰ স্পৰ্শৰ আকৰ্ষণ, পৰ্দাত পঢ়িবলৈ অপছন্দ বা প্ৰয়োজনীয় সঁজুলিৰ খৰচৰ কাৰণে মানুহে এতিয়াও বিভিন্ন কাৰণত ছপা কাগজৰ কিতাপ পঢ়িবলৈ পছন্দ কৰে। ইণ্টাৰনেট আৰু অন্যান্য প্ৰযুক্তিৰ বাবে ছপা সম্পদ অচল হৈ নোহোৱা হৈ যাব বুলি চিন্তা কৰাটো অবাস্তৱ। ডিজিটেল পঠন সম্পদসমূহ গতানুগতিক ছপা সম্পদৰ সৈতে সমান্তৰালকৈ যুৱ প্ৰজন্মৰ তথা পাঠকৰ মাজত সহাৱস্থান কৰিব।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!