ড্ৰপআউট ছাত্ৰ-ছাত্ৰীঃ নতুন শিক্ষানীতিৰ হেঙাৰ

লেখক- ৰিপুঞ্জয় বৰদলৈ

“হেল্ল’ ছাৰ নেকি? ’

‘‘হয় কওকচোন”

“আপোনালোকৰ স্কুলে এইবাৰ কি গ্ৰেড পালে গুণোৎসৱত?”

“চি গ্ৰেড”

“এস, হয় নেকি? ইমান বেয়া হ’লনে? আপোনালোকৰ বিদ্যালয় দেখোন নাচ-গান, খেলা-ধূলা, বিজ্ঞানৰ মডেল, প্ৰকল্প বনোৱা আদিত এক নম্বৰৰ স্কুল। শিক্ষক সকলৰো নাম আছে দেখোন ভাল শিক্ষা দিয়ে বুলি… তেনেস্থলত, আচৰিত লাগিছে শুনি।”

“কি কৰিব আৰু গুণোৎসৱ দিবলৈ তিনিভাগৰ এক অংশই নাহিল। সকলো শিক্ষকে ঘৰলৈ গৈ গৈ বিদ্যালয় নহা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক বুজাই আহিলোঁ। কিন্তু কামত নিদিলে বুজিছে। ভয়তে যি কেইটা ছাত্ৰ-ছাত্ৰী আহিল, পৰীক্ষাৰ দিনাহে হাইঠা মাটিত পৰাৰ দৰে হ’ল। সিহঁতে প্ৰশ্নকাকতখনৰ বিষয়বোৰ খাবই নে পিন্ধিবই একো গমেই নাপালে। ভাষা পঠনৰ ফালেও তথৈবচ অৱস্থা।”

“হয় দেই, এই ড্ৰপ আউট ছাত্ৰ-ছাত্ৰীৰ সংখ্যাই শিক্ষাজগতখনকে আধৰুৱা কৰি তুলিছে।”

“কি কৰিব আৰু। গুণোৎসৱৰ দ্বিতীয় দিনা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দুৰৱস্থাই পৰ্যৱেক্ষকৰ ওচৰত ফাট মেলা বসুমতী পাতালে লুকাও সদৃশ অৱস্থা হৈছিল প্ৰতিজন শিক্ষকৰ, নিজৰ নামটোকে শুদ্ধভাৱে অসমীয়াত লিখিব নোৱাৰিলে বুজিছে…”

“ইস ৰাম… ছাৰ এই ড্ৰপ আউট কিশোৰ-কিশোৰীবোৰেই দেখোন আজিকালি বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত জড়িত হৈ পৰা দেখা গৈছে।”

“হয়, কিশোৰ-কিশোৰীসকলৰ মাজত গঢ়ি উঠা অপৰাধপ্ৰৱণতাৰ মূল কাৰণ হ’ল বিদ্যালয়ৰ বাহিৰত তেওঁলোকৰ অভিভাৱক নোহোৱা হৈ পৰে। পিতৃ-মাতৃয়ে তেনে কিশোৰ-কিশোৰীৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়…”

“ছাৰ, ড্ৰপআউট বিষয়টোৰ ওপৰত আপুনি বিশ্লেষণ এটা আগবঢ়াওকচোন। চৰকাৰে খাদ্য, কাপোৰ, কিতাপ, চাইকেল, বিনামূলীয়া নামভৰ্তি সকলো দিয়াৰ পিছতো প্ৰাথমিকৰ পৰা মাধ্যমিকলৈকে ছাত্ৰ-ছাত্ৰী ড্ৰপ আউট হোৱাৰ কাৰণ কি? আমাৰ সময়ৰ কথা বেলেগ আছিল। এটা ক্লাছতে ফেল কৰি কৰি পিটন খাই খাই শেষত স্কুল এৰে। আজিকালি ফেইলো নকৰে তেনেহ’লে কি অসুবিধাতনো ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় আধাতে এৰিবলগীয়া হয়? ….”

অসমৰ শিক্ষাজগতৰ চিনাকি ওপৰোক্ত কথা-বাৰ্তাৰ পৰা আজিৰ শিক্ষা ব্যৱস্থাত ড্ৰপ আউট বা বিদ্যালয় আধাতে এৰা ছাত্ৰ-ছাত্ৰীৰ সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰা দেখা গৈছে। এক সমীক্ষামতে ২০২১-২২ শিক্ষাবৰ্ষত প্ৰাক প্ৰাথমিক, প্ৰাথমিক, উচ্চ মাধ্যমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত ৭৫লাখ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰাইছিল। অতি দুখৰ বিষয় যে প্ৰায় ২৬ লাখ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় আধাতে এৰিলে। ইয়াৰে ৪.৫ লাখে প্ৰাথমিকত, ৬.৬ লাখে উচ্চ প্ৰাথমিকত, ১৫.৩ লাখে মাধ্যমিক পৰ্যায়ত শিক্ষা সম্পূৰ্ণ নকৰাকৈ বিদ্যালয় এৰিছিল। ভাৰতবৰ্ষত প্ৰায় তিনিকোটি বিশ লাখ ড্ৰপ আউট শিশু থকাৰ পৰিবৰ্তে অসমত এক লাখ শিশুৱে আধাতে বিদ্যালয় এৰিছে। সেইবাবে ড্ৰপ আউট শিশুৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসম ১৯ সংখ্যক স্থানত আছে। ২০২২-২৩ শৈক্ষিক বৰ্ষত অসমত ড্ৰপ আউট শিশুৰ হাৰ প্ৰাথমিকত ৬শতাংশ, উচ্চ মাধ্যমিক ৮.৮শতাংশ আৰু মাধ্যমিকত ২০ শতাংশ। (উৎস- গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ বিপুল বেজবৰুৱাৰ প্ৰবন্ধ আৰু দৈনিক অসমৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত থানেশ্বৰ মালাকাৰৰ প্ৰবন্ধ)

এজন শিক্ষকৰ দৃষ্টিত ছাত্ৰ-ছাত্ৰী ড্ৰপআউট হোৱাৰ কাৰণ পৰিৱেশ পৰিস্থিতি অনুযায়ী ভিন ভিন হয়। সকলোবোৰ কাৰকৰ ভিতৰত প্ৰধান কাৰকটো হ’ল অভিভাৱক। ছাত্ৰ-ছাত্ৰীৰ ড্ৰপ আউট হোৱাৰ মূল কাৰণটোৱেই হ’ল অভিভাৱকৰ নিজৰ সন্তানৰ প্ৰতি দেখুৱাবলগীয়া দায়িত্বশীলতাৰ অভাৱ। ঘৰখনৰ আৰ্থিক দুৰৱস্থা আন এটা কাৰক হ’ব পাৰে ড্ৰপ আউটৰ বাবে। কিন্তু এই কাৰকটোও অভিভাৱকৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। ঠিক সেইদৰে পৰিয়াল পৰিকল্পনাৰ অভাৱেও ড্ৰপ আউট ছাত্ৰ-ছাত্ৰীৰ হাৰ বৃদ্ধি কৰি আছে।

এইবাৰ আলোচনাৰ মাজলৈ আহোঁ। আপোনালোকে এবাৰ ভাবকচোন, আপোনাৰ সন্তানে নতুবা আপুনি শৈশৱত বিদ্যালয়লৈ আহিবলৈ ভাল পাইছিলনে? মা-দেউতাই ভাল পাব, মৰম কৰিব, খং কৰিব, পিটন দিব আদি কাৰকবোৰৰ প্ৰভাৱতহে বিদ্যালয়লৈ উপায় নাপায় গৈছিলোঁ। পখিলা খেদি ফুৰাৰ বয়সত শিশুসকলে কেতিয়াও বিদ্যালয়খনক প্ৰিয় ঠাই বুলি বিবেচনা তাহানিও কৰা নাছিল আৰু আজিও নকৰে। ডাক্তৰ, ইঞ্জিনীয়াৰ, অধ্যাপক আদি হৈ সমাজত সুপ্ৰতিষ্ঠিত হোৱা, ভাল মানুহ হোৱা, ডাঙৰ মানুহ হোৱা, সন্মানিত ব্যক্তি হোৱা আদি কথাবোৰ সন্তানে অভিভাৱকৰ পৰা লাভ কৰে। আৰু অভিভাৱকে প্ৰতিদিনে মৰম, দাবী, ধমক আদিৰে সন্তানক নিজৰ সপোনবোৰ দেখুৱাই দেখুৱাই বিদ্যালয়লৈ নি থৈ আহে। প্ৰথম অৱস্থাত বিদ্যালয়খনত শিশুসকলে বনৰ চৰাই পিঞ্জৰাত আবদ্ধ হোৱাৰ দৰে নিজকে অনুভৱ কৰি যন্ত্ৰণাকাতৰ হৈ পৰে। সন্তানৰ পৰীক্ষাসমূহৰ ভাল ফলাফলে অভিভাৱকৰ মনলৈ কঢ়িয়াই অনা আনন্দই লাহে লাহে শিশুসকলকো অনন্দিত কৰিবলৈ শিকায়। সন্তানক লৈ কৰা অভিভাৱকৰ ৰঙীণ সপোনবোৰে লাহে লাহে শিশুসকলৰ মনত স্থান পাবলৈ ধৰে আৰু লাহে লাহে বিদ্যালয়লৈ যোৱাৰ বাবে আগ্ৰহ গঢ়ি উঠে। অভিভাৱকৰ হেঁচা, ঠেলা, চাপত পৰি সময় বাগৰাৰ লগে লগে শিশুসকলে কৈশোৰ অৱস্থা লাভ কৰে। অভিভাৱকৰ তাগিদাত পৰি পঢ়াৰ উপৰিও নাচ-গান, খেলা-ধূলা, শৰীৰ চৰ্চা আদিবোৰত কিশোৰ-কিশোৰীয়ে নিজকে ব্যস্ত কৰি তোলে। বয়স বঢ়াৰ লগে লগে পূৰঠ হ’বলৈ ধৰা মস্তিষ্কই লাহে লাহে অনুভৱ কৰে যে বিদ্যালয়খনেই জীৱন গঢ়াৰ একমাত্ৰ স্থান। সমাজত সন্মানে জীয়াই থাকিবলৈ পঢ়া-শুনা, খেলা-ধূলা, নৃত্য-গীত আদি ভালদৰে কৰি নিজৰ ভৰিৰ ওপৰত ঠিয় হ’বই লাগিব।  ইয়াৰ বাহিৰে কোনো গত্যন্তৰ নাই। এই অনুভৱ সকলো কিশোৰ-কিশোৰীৰ একে সময়তে নাহে। এগৰাকী কিশোৰ বা কিশোৰীয়ে ‘‘মোৰ জীৱনৰ লক্ষ্য’’ অভিভাৱকৰ পৰামৰ্শ অবিহনে নিজৰ ভালপোৱাক প্ৰাধান্য দি স্থিৰ কৰিবলৈ বহুখিনি সময় আৰু অভিজ্ঞতাৰ প্ৰয়োজন হয়। এই অনুভৱ শিশুৰ মনত সৃষ্টি কৰিবলৈ অভিভাৱকে বহুখিনি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়।

 অৰ্থাৎ এগৰাকী শিশুক কৈশোৰ অৱস্থালৈকে জীৱনৰ দিশ নিৰ্দ্ধাৰণ কৰাৰ ক্ষেত্ৰত অভিভাৱকৰ দায়িত্ব অপৰিসীম। আজিৰ তাৰিখত তাৰে অভাৱ হোৱা দেখা গৈছে। বিদ্যালয়ত পঢ়িবলৈ নাম লগাই দিয়াৰ পিছত বিদ্যালয় কোনো কাৰণ নোহোৱাকৈ খতি কৰা, পৰীক্ষা নিদিয়া আদি মানসিকতা আপোনাৰ মোৰ দৰে সেই বয়সৰ সকলো কিশোৰ-কিশোৰীৰে হয়। এই বয়সত অভিভাৱকৰ ভূমিকাৰ ওপৰত সন্তানৰ ভৱিষ্যত নিৰ্ভৰ কৰি আহিছে। নাযাওঁ, নকৰো, নপঢ়ো, নাখাওঁ বুলি জেদ ধৰি থকা এই বয়সত অভিভাৱকৰ সু-শৃংখলিত তত্ত্বাৱধানেই একমাত্ৰ ঔষধ। ভাতমুঠি খাবলৈ নথকা ঘৰৰ সন্তানে বিদ্যালয় খতি নকৰিব তেতিয়াহে যেতিয়া অভিভাৱকে নিজা কষ্টকো উপেক্ষা কৰি সন্তানক পঢ়িবলৈ উদগনি জনাব। ঘৰখনৰ সদস্য সংখ্যা যিমানেই নহওক লাগে অভিভাৱকৰ ইচ্ছা আৰু কষ্ট থাকিলে গোটেই কেইটা সন্তানকে সুশিক্ষাৰে শিক্ষিত কৰিব পাৰি। অভিভাৱকৰ শিক্ষাগত অৰ্হতা সন্তানৰ শৈক্ষিক দিশৰ লগত বৰ বিশেষ সম্পৰ্ক নাই। অশিক্ষিত অভিভাৱকে নিজৰ সন্তানৰ সকলোবোৰ ক্ৰিয়াকলাপ, পঢ়া-শুনা পৰ্যৱেক্ষণ কৰি থাকিলেই হ’ল। সময়মতে স্কুল গৈছে নে নাই, ঘৰত আহি পঢ়িছে নে নাই,  স্কুললৈ যাম বুলি কৈ আন কৰ’বালৈ গৈছে নেকি? সময়মতে পৰীক্ষা দিছে নে নাই, মাহেকত এপাক স্কুললৈ আহি সন্তানৰ শিক্ষাৰ অগ্ৰগতিৰ খতিয়ান শিক্ষকৰ পৰা সংগ্ৰহ কৰা আদিবোৰে কিশোৰ-কিশোৰীসকলক নিয়ন্ত্ৰণত আনিবলৈ সুবিধা হয়। ওপৰোক্ত দায়িত্বখিনি যিসকল অভিভাৱকে নিজৰ সন্তানৰ ক্ষেত্ৰত কৰিছে, তেওঁলোকৰ সন্তানে সেইমতে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অভিভাৱকৰ সক্ৰিয় তত্ত্বাৱধানে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ নিতৌ অহা, শিক্ষকৰ বাধ্য হৈ থকাৰ লগতে ঘৰখনত এক সুস্থ শৈক্ষিক বাতাৱৰণ গঢ়ি তোলাত সহায় কৰে। দুখজনক কথাটো হ’ল এক সমীক্ষামতে চৰকাৰী বিদ্যালয়ৰ অভিভাৱক সভাসমূহত অভিভাৱকৰ উপস্থিতিৰ হাৰ ৫০ শতাংশতকৈ কম থকাটো এক নিয়মিত বিষয় হৈ পৰিছে। তেনেস্থলত এইসকল অভিভাৱকে সন্তানৰ শৈক্ষিক দিশৰ লগত কিমান সজাগ তাক সহজে অনুমান কৰিব পাৰি।

এই অভাজনে কৰা অধ্যয়নৰপৰা ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় আধাতে এৰি দিয়াৰ কাৰণ আৰ্থিক দৈন্য, অধিক সন্তান থকা পৰিয়াল আদিতকৈ অভিভাৱকৰ অমনোযোগিতাকহে বেছি প্ৰাধান্য দিম। এনে বহু অভিভাৱক দেখিছোঁ, “সন্তান জন্ম হ’ল, হ’ল আৰু। এতিয়া সিহঁতে কেনেকৈ নিজৰ ভৰিৰ ওপৰত ঠিয় দিয়ে দিয়ক।” এনেবোৰ মন্তব্য আমি নিজ কাণেৰে যেতিয়া গাঁৱবোৰত ছাত্ৰ-ছাত্ৰীক বিচাৰিবলৈ গ’লে শুনো তেতিয়া মনটো বৰ নিৰাশ হয়। তাৰে মাজতে আকৌ দিন হাজিৰা কৰা বিধৱা মাকে সন্তানক কাণত ধৰি বিদ্যালয়লৈ আনি আমাক চমজাই থৈ যায়। এবাৰ ছমহীয়া পৰীক্ষাত ছাত্ৰ এজনে কিয় পৰীক্ষা নিদিলে জানিবলৈ অভিভাৱকক ফ’ন কৰোঁতে, উত্তৰ আহিল- “ছাৰ আজি বুধবাৰ। সাপ্তাহিক বজাৰলৈ সি নগ’লে মোৰ বেপাৰত অসুবিধা হয়। সেইকাৰণে পৰীক্ষা দিবলৈ নগ’ল। আপুনি কিবা এটা মিলাই দিব।” এনেবোৰ অভিভাৱকে নিজৰ স্বাৰ্থৰ কাৰণে সন্তানক ব্যৱহাৰ কৰি ছাত্ৰজনৰ জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাটোকো অৱহেলা কৰিলে, তেনস্থলত ছাত্ৰজনে কি মানসিকতাৰে বিদ্যালয়লৈ পঢ়িব আহিব। বাকী কেইদিন বিদ্যালয়লৈ নাহিলেও অভিভাৱকে শাসন কৰিব পাৰিব নে? অভিভাৱকৰ সপোন হ’ল বাপেকৰ বেপাৰৰ দায়িত্ব লোৱা। গতিকে কিশোৰ ছাত্ৰজনে পিতৃৰ সপোনকে নিজৰ কৰি বিদ্যালয়ৰ শিক্ষালৈ পিঠি দিব।

প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিকত অধ্যয়ন কৰি থকা শিশু আৰু কিশোৰ-কিশোৰীসকলে অভিভাৱকৰ তত্ত্বাৱধনাতে ডাঙৰ-দীঘল হয়। এই বয়সত তেওঁলোকে অভিভাৱকৰ অমান্য হ’বলৈ কেতিয়াও সাহস নকৰে নতুবা নিজাকৈ বিদ্যালয় এৰাৰ দৰে সিদ্ধান্ত ল’বলৈ পৰিপক্বও নহয়। তেনেস্থলত এই বয়সৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ ইচ্ছানুসৰি বিদ্যালয় এৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰা বা ড্ৰপ আউট হোৱাৰ ৯৮ শতাংশ জগৰীয়া অভিভাৱকসকল। নতুন শিক্ষানীতিয়ে ২০২৫ চনৰ ভিতৰত ড্ৰপ আউট শূন্য শৈক্ষিক পৰিৱেশ গঢ় দিবলৈ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। এই লক্ষ্যত উপনীত হ’বলৈ কেৱল শিক্ষা বিভাগে প্ৰচেষ্টা কৰিলে সফল হ’ব পৰা নাযাব। বিদ্যালয়সমূহৰ চৌপাশে থকা সামাজিক অনুষ্ঠান সমূহৰো দায়িত্ব থাকিব লাগিব। গাঁৱত থকা আত্মসহায়ক গোট, আশা কৰ্মী, গাঁওবুঢ়া, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, যুৱক সংঘ, আই-মাতৃ সমাজ, গাঁৱ সুৰক্ষা বাহিনী, ধৰ্মীয় সমাজ আদি সকলো মিলি বিদ্যালয় আধাতে এৰা শিশুসকলকৰ সমস্যাৰ বুজ লৈ অভিভাৱকসকলক হেঁচা প্ৰয়োগ কৰি পুনৰাই বিদ্যালয়লৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে ড্ৰপ আউট শূন্য শৈক্ষিক পৰিৱেশ এটা গঢ়ি তুলিব পৰা যাব। তৃণমূল পৰ্যায়ৰ পৰা পৰিকল্পনা নকৰিলে ড্ৰপ আউট ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰতিবছৰে হ্ৰাস হোৱাৰ সলনি বৃদ্ধি হোৱাহে দেখা যাব। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!