দাঁতৰ মূল সমস্যা আৰু ইয়াৰ যতন

লেখক- ডাঃ ৰিতী কৌশিক

আমাৰ মুখগহ্বৰ বেক্টেৰিয়াৰ বাসস্থলি। এই বেক্টেৰিয়াসমূহে দাঁতত লাগি থকা খাদ্যবস্তুবোৰত থকা (কাৰ্ব’হাইড্ৰেট জাতীয়) এচিডৰ লগত ক্ৰিয়া কৰি দাঁতৰ ক্ষৰণ ৰোগৰ (Cavity) উৎপন্ন কৰে। দাঁতত পোঁক বুলি একো নাথাকে। ই এক ৰাসায়নিক নতুবা এচিডিক ক্ষৰণ যাক cavity বোলা হয়।
দ্বিতীয়তে, বংশানুক্ৰমিক (Genetic) হিচাপেও কিছু কিছু ক্ষেত্ৰত এই ৰোগ হোৱা দেখা যায়। বহুক্ষেত্ৰত এই ৰোগত আক্ৰান্ত ৰোগীৰ মুখগহ্বৰ নিতৌ পৰিষ্কাৰ কৰাৰ পাছতো ঘনাই আক্ৰান্ত হোৱা দেখা যায়।
অত্যধিক মিঠা খোৱাৰ ফলতো ক্ষৰণ (Cavity) ৰোগ হোৱা দেখা যায়। মিঠা বস্তুত যথেষ্ট পৰিমাণৰ কাৰ্ব’হাইড্ৰেট থাকে, যাৰ ফলত এচিডিক ৰিয়েক্সন (Acidic Reaction) খুব খৰতকীয়া হয়। মুখৰ লেলাউটি কম পৰিমাণে নিঃসৰণ হ’লেও এনেধৰণৰ ৰোগ হোৱা দেখা যায়।
লেলাউটিয়ে মুখগহ্বৰৰ ভিতৰখন চাফা কৰি ৰখাত সহায় কৰে। বহুক্ষেত্ৰত দেখা যায় যে দেহৰ আনুসংগিক কিছুমান ৰোগৰ (Diabetes, Severe Gastritis, Heart Disease etc.) লগতো জড়িত এই ৰোগ। এনেধৰণৰ ৰোগীৰ ক্ষেত্ৰত ক্ষৰণ (Cavity) ৰোগ প্ৰায়ে দেখা যায়।
প্ৰথম অৱস্থাত দাঁতৰ প্ৰথম তৰপ অৰ্থাৎ Enamel ত এক বিন্দুৰ দৰে উৎপন্ন হয়। সময়ৰ লগে লগে এই মটিয়া ৰঙৰ বিন্দু বাঢ়ি গৈ গাঁতৰ সৃষ্টি কৰি দ্বিতীয় তৰপ অৰ্থাৎ Dentin চোৱে। যাৰ ফলত ৰোগীয়ে সিৰসিৰণি (Sensitivity) পোৱা আৰম্ভ কৰে। ইয়াৰ পাছত দাঁতৰ এটা অংশ কেতিয়াবা নষ্ট হৈ যায় আৰু দাঁতৰ শেষৰ তৰপ অৰ্থাৎ Pulp পায়গৈ। যাৰ ফলত অত্যন্ত বিষ আৰম্ভ হয়। কোনো কোনো ক্ষেত্ৰত বিষৰ পৰিমাণ ইমান বেছি হৈ যায় যে মুখগহ্বৰৰ ভিতৰত যিকোনো ঠাইতে বিষাব আৰম্ভ কৰে যাক ‘Referred pain’ বুলি কোৱা হয়। কেতিয়াবা মুখখন ফুলি উঠে আৰু ৰোগীয়ে মেলিবলৈ কষ্ট অনুভৱ কৰে। এনেধৰণৰ সমস্যাৰ সন্মুখীন হ’লে অতি শীঘ্ৰে দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। সাধাৰণতে শুদ্ধকৈ আৰু নিয়মীয়াভাৱে ব্ৰাছ কৰি থাকিলে সহজে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়। কিছু কিছু ক্ষেত্ৰত ব্ৰাছ কৰাৰ পাছত ‘মাউঠ ৱাছ্’ (Mouth Wash) কৰিবলৈ উপদেশ দিয়া হয়। এই Mouth Wash সমূহ ফাৰ্মাচিত কিনিবলৈ পোৱা যায়।
একেবাৰে প্ৰথম অৱস্থাত ক্ষৰণ (Cavity) হ’লে ‘Restoration’ (Filling) কৰি দাঁত সংৰক্ষণ কৰিব পৰা যায়। কিছুমানৰ ক্ষেত্ৰত ‘Root Canal’ চিকিৎসাৰ দ্বাৰাও দাঁত সংৰক্ষণ কৰিব পৰা যায়। এই চিকিৎসাত দাঁতৰ ভিতৰত থকা ‘Pulp’ (Infected Nerve Supply) আঁতৰাই দি ‘ফিলিং’ (Filling) কৰা হয়। কিন্তু এই চিকিৎসা কৰাৰ আগত ‘X-ray’ ৰ সহায় লোৱা প্ৰয়োজন। যদি দাঁত এটিৰ প্ৰায় ৭০% পচি গৈছে তেন্তে দাঁতটো সৰাই পেলাবৰ বাবে পৰামৰ্শ দিয়া হয়।
ক্ষৰণ ৰোগ হৈ একেবাৰে বেয়া অবস্থাৰ দাঁত এটা দন্ত চিকিৎসক এগৰাকীৰ কাৰণে উঠোৱাৰ বাহিৰে উপায় নাথাকে। দাঁত এটা উঠাই দিয়া প্ৰক্ৰিয়াটো শুনিবলৈ যথেষ্ট সহজ যেন লাগিলেও ই এক অতি সংবেদনশীল পদ্ধতি বা ই এক গম্ভীৰ বিষয় বা গম্ভীৰ চিকিৎসা পদ্ধতি। আজি আমি আলোচনাৰ বিষয় হিচাপে লৈছো দাঁত এটা উঠোৱাৰ পিছৰ পৰ্যায়। অৰ্থাৎ দাঁত এটা উঠোৱাৰ পাছত হ’ব পৰা জটিলতাৰ বিষয়ে। এই জটিলতাসমূহ ৰোগীজনৰ কাৰণে ভয়ানক আৰু সেইবাবেই ইয়াক গুৰুত্বসহকাৰে লোৱা উচিত। সাধাৰণতে দাঁত উঠোৱাৰ ২৪ ঘণ্টালৈকে ৰোগীক ঠাণ্ডা আৰু ঢিলা খাদ্য খাবলৈ দিয়া হয় আৰু প্ৰথম দিনা মুখ কুলুকুলু নকৰিবলৈ উপদেশ দিয়া হয়। কিয়নো দাঁত উঠোৱাৰ দুই-তিনি মিনিটৰ ভিতৰত তেজৰ কৰাল (Blood Clot) মৰা আৰম্ভ হয়। যদি সেই কৰাল মৰাখিনি লৰচৰ হয় তেন্তে আকৌ নতুনকৈ দাঁত উঠোৱা ঠাইৰ পৰা ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে প্ৰথম ২৪ ঘণ্টা সাৱধানে থকাৰ উপদেশ দিয়া হয়। কিছুমান ৰোগীৰ ক্ষেত্ৰত দাঁত উঠোৱাৰ পাছত চিলাই দিয়া হয়, এই চিলাই সাত দিনৰ পাছত খোলা হয়। সাধাৰণতে ২৪ ঘণ্টা উকলি যোৱাৰ পাছত দাঁত উঠোৱা খালি ঠাইখিনি (Socket) খুব পৰিষ্কাৰ কৈ ৰাখিব লাগে যাতে তাৰ পৰা নতুনকৈ বেলেগ ইন্ফেক্সন (Secondary Infection) বা সংক্ৰমণ নহয়। ‘মাউথ ৱাছ’ৰ লগতে মাজে সময়ে কুহুমীয়া গৰম পানীত নিমখ দি কুলুকুলু কৰিব লাগে।
এতিয়া আমি দাঁতৰ কেনেকৈ সহজে ঘৰতে যতন লব পাৰো তাৰ ওপৰত অলপ আলোকপাত কৰিম।
দাঁতৰ সাধাৰণ যতন বুলি ক’লে আমাৰ প্ৰথমে দাঁত ব্ৰাছ কৰা কথাটোলৈয়ে মনত পৰে। আমাৰ প্ৰায়ভাগ মানুহেই ভুল পদ্ধতিত দাঁত ব্ৰাছ কৰোঁ যাৰ ফলত দাঁতৰ মাজত জমা হৈ থকা খাদ্য আৰু বিভিন্ন ৰাসায়নিক পদাৰ্থসমূহ যিয়ে দাঁতৰ ক্ষৰণ ৰোগৰ সৃষ্টি কৰে সেইবোৰ দাঁতৰ মাজতেই ৰৈ যায় আৰু দাঁতবোৰ লাহে লাহে বেয়া হয়।
নিতৌ দুবাৰ ব্ৰাছ কৰা অতি প্ৰয়োজনীয়। বিশেষকৈ ৰাতি শোৱাৰ সময়ত ব্ৰাছ কৰাটো অতি জৰুৰী। ব্ৰাছ কৰাৰ কিছুমান নিৰ্দিষ্ট প্ৰণালী/পদ্ধতি (Technique) থাকে। যেনে :
ক) ব্ৰাছডাল প্ৰায় ৪৫° কোণত (angle) ধৰি দাঁতত বহুৱাই ল’ব লাগে। ওপৰৰ পাৰি দাঁতসমূহ গুৰিৰ পৰা তললৈ ব্ৰাছ কৰিব লাগে (Upward to downwards motion)।
খ) ঠিক তেনেদৰে তলৰ পাৰিৰ দাঁতৰ গুৰিত ব্ৰাছডাল ৪৫° কোণত বহুৱাই লৈ লাহে লাহে ওপৰলৈ ব্ৰাছ কৰিব লাগে (Downward to upwards)।
গ) সন্মুখৰ ফালে ঘূৰণীয়াকৈ ঘূৰাই ব্ৰাছ কৰিব লাগে (Circular motion)। দাঁতৰ আলুৰ ওপৰত চুটি কোণীয়া গতি ব্যৱহাৰ কৰিব লাগে।
ঘ) দাঁত দুপাৰিৰ যি পৃষ্ঠাৰ দ্বাৰা বস্তু চোবোৱা হয় সেই পৃষ্ঠাত অগা-পিছা কৰি ব্ৰাছ কৰা হয় (Forward-Backward Motion)।
ঙ) মাজে-সময়ে দাঁতৰ মাজত লাগি থকা খাদ্য-বস্তু ব্ৰাছ কৰিলেও সম্পূৰ্ণ পৰিষ্কাৰ হৈ ওলাই নাহে। এনে ক্ষেত্ৰত আমি ‘Dental Floss’ ব্যৱহাৰ কৰিবৰ বাবে পৰামৰ্শ দিওঁ। Floss এক প্ৰকাৰৰ সূতা (Thread) যাৰ ওপৰত মম (Wax) ৰ প্ৰলেপ থাকে, যাতে ইয়াক ব্যৱহাৰ কৰাৰ সময়ত আলুত আঘাত পোৱা নাযায়। ইয়াক কি ধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিৰ্দেশনা দিয়া থাকে।
চ) জিভাখন পিছৰ পৰা সন্মুখৰ ফাললৈ পিছলোৱা গতিত ব্ৰাছ কৰা হয়।
ছ) সাধাৰনতে এডাল ব্ৰাছ তিনিমাহৰ পাছত সলাব লাগে। কিন্তু আজিকালি দেখা যায় ব্ৰাছ সমূহৰ ‘Bristle’ বোৰ যথেষ্ট টান (Hard) হয় আৰু অতি সোনকালে বহল হৈ যায়। গতিকে Practically চাব গ’লে এক ডেৰ মাহৰ মূৰে মূৰে ব্ৰাছ সলাবলগীয়া হয়। যদি কোনো ব্যক্তিৰ দাঁতত সিৰসিৰণি হোৱা সমস্যা থাকে তেন্তে তেনেকুৱা লোকে কোমল (Soft) ব্ৰাছ ব্যৱহাৰ কৰা উচিত।
জ) সাধাৰণতে Dentifrices (Toothpaste) ৰ ক্ষেত্ৰত কোনো হকা বাধা নাথাকে। কেৱল পাউদাৰ ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ উপদেশ দিয়া হয়। কিয়নো পাউদাৰ ব্যৱহাৰৰ ফলত দাঁত ক্ষয় যোৱা সম্ভাৱনা যথেষ্ট বাঢ়ি যায়। দাঁতৰ সিৰসিৰণিৰ বাবে বিশেষ ধৰণৰ কিছুমান Dentifrices (Toothpaste) প্ৰয়োজন অনুসৰি ব্যৱহাৰৰ উপদেশ দিয়া হয়।
উপৰোক্ত নিয়মসমূহ অনুসৰণ কৰিলে যথেষ্ট উপকৃত হয়। বিশেষকৈ ৰাতি ব্ৰাছ কৰোঁতে খুব নিয়াৰিকৈ কৰা উচিত। কিয়নো দিনটো আমি নানা ধৰণৰ খাদ্য বস্তুৰ সংস্পৰ্শলৈ আহোঁ, গতিকে নিশা মুখগহ্বৰ ভালকৈ পৰিষ্কাৰ হৈ থাকিলে বহুৰোগৰ পৰা উপশম পোৱা যায়।
সঠিক ব্ৰাছিং পদ্ধতি অনুসৰণ কৰাৰ লগতে যদি আমি ফাৰ্মাচিত কিনিবলৈ পোৱা বিভিন্ন ধৰণৰ ‘মাউঠ ৱাস্ব’ ব্যৱহাৰ কৰাৰ অভ্যাস কৰো তেতিয়াও দাঁতৰ বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। দন্ত চিকিৎসকৰ পৰামৰ্শ লৈ এই মাউঠ ৱাস্ব সমূহ ব্যৱহাৰ কৰা উচিত।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!