নদী পৰ্যটন আৰু অসম

লেখক- প্ৰণামিকা অধিকাৰী

বাতৰিত যেতিয়া প্ৰকাশ পায়, অসম ৰাজ্যখন বহু কোটি টকাৰ ধাৰত আছে; কৰ্মসংস্থাপনৰ অভাৱত যুৱক-যুৱতীসকলে আত্মহত্যা কৰিছে বা সমাজ বিৰোধী কামত লিপ্ত হৈছে, যেতিয়া অনুভৱ কৰোঁ, প্ৰচুৰ সম্ভাৱনীয়তাৰে ভৰা অসমৰ সম্পদৰ বুকুতে বহি বহুতে অনাহাৰে দিন পাৰ কৰিছে আৰু তেতিয়াই মনলৈ ধিক্কাৰ আহে । জাতিগতভাৱেই আমি কৰ্মসংস্কৃতি গঢ়িব নোৱাৰিলোঁ নে প্ৰকৃতিৰ পৰা ল’ব পৰা সুবিধাবোৰ আহৰণ কৰিব নাজানিলোঁ?

 

পৰ্যটনৰ সুপৰিকল্পিত বিকাশে অসমক প্ৰকৃততেই এখন চহকী ৰাজ্যত পৰিণত কৰিব পাৰে ৷ চৌদিশে পৰি আছে অজস্ৰ সমল ৷ ঐতিহাসিক, প্ৰাকৃতিক, সাংস্কৃতিক ক্ষেত্ৰৰ উপৰিও জল বা নদীসমূহৰ ব্যৱসায়িক প্ৰয়োগে বহু কৰ্মসংস্থান সৃষ্টি কৰাৰ লগতে ৰাজভঁৰালো টনকিয়াল কৰাটো খাটাং ৷ তাৰবাবে দুৰ্নীতিমুক্ত প্ৰশাসন ব্যৱস্থা, চৰকাৰী বিনিয়োগ, সুপৰিকল্পিত আঁচনি আৰু প্ৰশাসকৰ সদিচ্ছাৰ একান্তই প্ৰয়োজন ৷

 

বৰাক-ব্ৰহ্মপুত্ৰৰ লগতে অন্যান্য নদীসমূহত জল-পৰ্যটনক উদ্যোগ গঢ় দিব পাৰিলে লাখৰ হিচাপত মানুহ সংস্থাপিত হ’ব ৷ সৰু সৰু জলাশয়, বৃহৎ বিল, নদী, জলপ্ৰপাত সকলোকে সামৰি লৈ এখন পৰ্যটন মানচিত্ৰ তৈয়াৰ কৰি অসমৰ যুৱক-যুৱতীক চৰকাৰে ঋণ দিয়াৰ ব্যৱস্থা কৰি প্ৰকৃতিয়ে অকৃপণ হাতেৰে দিয়া এই সম্ভাৰৰ যথোপযুক্ত প্ৰয়োগ কৰক ! ভাসমান বিলাসী ৰেষ্টুৰেণ্ট, হাউচবোট, ৰাফ্টিং, বোটিং আদিৰ লগতে পৰ্যটন কেন্দ্ৰবোৰত অসমৰ বাৰেৰহণীয়া সংস্কৃতি পৰিৱেশন আদি আৰু ব্ৰহ্মপুত্ৰৰ বুকুৰ বিভিন্ন আকাৰৰ টাপু বা চৰবোৰক পৰ্যটনৰ বিভিন্ন সুবিধা প্ৰদান কৰি জল পৰ্যটনক আকাশলংঘী উচ্চতালৈ নিব পৰা যায় ৷ মধ্য অসমৰ মৰিগাঁৱৰ চনকা, উজনি অসমৰ গুইজান, বগীবিল আদিত ঠায়ে ঠায়ে ব্যক্তিগত প্ৰচেষ্টাত তেনে উদ্যোগ গঢ়ি উঠাটো শুভ লক্ষণ ৷ গৌতম বৰদলৈৰ কাঞ্চনজংঘা, দীপক দাসৰ ওম হাউছ বোট আদি তেনে উদ্যমী যুৱকৰ বহু প্ৰত্যাহ্বান নেওচি গঢ়ি তোলা পৰ্যটনৰ ক্ষুদ্ৰ উদ্যোগ৷ লগতে শতাধিক লোকক তেওঁলোকে কৰ্মসংস্থান দিব পৰাটোও আন এক দিশ ৷ চৰকাৰে এই ক্ষেত্ৰত আগভাগ ল’ব লাগে৷ যিহেতু, অসম অৰ্থনৈতিক দিশত পিছ পৰি ৰোৱাৰ অন্যতম কাৰণ দুৰ্নীতি (মোৰ ব্যক্তিগত মত)। সেয়ে, চৰকাৰী নিয়ন্ত্ৰণৰ বাহিৰত নিবনুৱা যুৱক-যুৱতীসকলক গাইগুটীয়াকৈ ঠায়ে ঠায়ে এনে কেন্দ্ৰ গঢ়ি তুলিবলৈ ঋণ যোগান ধৰিব লাগে ৷

 

পৰ্যটন উদ্যোগৰ বিকাশৰ আন এক গুৰুত্বপূৰ্ণ দিশ পৰিশীলিত আচাৰ-ব্যৱহাৰ, সময়ানুৱৰ্তিতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা আদি ৷ এই দিশত উদ্যমী লোকসকলে অধিক মনোযোগ দি নদী পৰ্যটনক আগবঢ়াই নিবলৈ এককভাৱে বা গোট হিচাপে আগবাঢ়ি আহক!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!