নহুম এণ্ড চান্স

লেখক- উৎপল কুমাৰ দাস

উৎসৱ –    খৃষ্টানৰ ( খ্ৰীষ্ট মাছ ডে )

দোকান    ইহুদীৰ

ৰান্ধনী( চেফ )  মুছলমানৰ

কিনোতাৰ শাৰী  হিন্দুৰ

 ইয়াকে কয় সৰ্ব ধৰ্ম সদ্ভাৱনা

কলকাতাৰ নিউ মাৰ্কেটত অৱস্থিত ১২০ বছৰীয়া নহুম এণ্ড চান্স প্ৰাইভেট লিমিটেড নামৰ দোকানখন কলকাতাৰ পুৰণি দোকানসমূহৰ ভিতৰত অন্যতম৷

কলকাতাৰ এই বেকাৰী দোকানখনৰ সূচনা হৈছিল Nahoum Israel Mordecaiৰ হাতত৷ ১৮৭০ চনত তেওঁ ইৰাকৰ বাগদাদৰ পৰা কলকাতালৈ আহে৷ তাত থাকোঁতেই তেওঁ খোৱা সামগ্ৰী বিক্ৰী কৰিছিল৷ কলকাতালৈ আহি তাকেই জীৱিকা হিচাপে ললে নাহুম ইজৰাইল মোৰদাকাই৷

খুব সৰুকৈ আৰম্ভ কৰিছিল৷ প্ৰথমতে ঘৰে ঘৰে বিক্ৰী কৰা আৰম্ভ কৰি কলনীবাসীৰ জিভাৰ সোৱাদত আস্থা অৰ্জন কৰাত ১৯০২ চনত তেতিয়াৰ Hog Marketৰ এটি সৰু দোকানত ৰাখিলে ইহুদীসকলৰ পচন্দৰ খোৱা সামগ্ৰী৷ কুৰি শতিকাৰ আৰম্ভণিত কলকাতাত ইহুদীৰ সংখ্যা ৪০০০ – ৬০০০ মান আছিল৷ পৰদেশত নিজ দেশৰ সোৱাদ-গোন্ধৰ কথা মনত পেলাই দিবলৈ নাহুমৰ দোকানত আছিল বাক্লেভা, চীজ চিঙ্গৰা, ফিষ্টা মালফুফ, আলমণ্ড ৰিঙ অথবা নাৰিকলৰ সিঙ্গৰাৰ দৰে আইটেম৷ ক্ৰমান্বয়ে তেওঁৰ সৰু দোকান হৈ উঠে সৰ্বজনীন গন্তব্যস্থান৷ ১৯১৬ চনত দোকানখন হগ মাৰ্কেটৰ বৰ্তমানৰ ঠিকনালৈ আহে৷

বহু বছৰ বাগৰিল ৷ নাহুম ইজৰাইলৰ মৃত্যুৰ “পিছত ২য় প্ৰজন্মৰ পুতেক ইলিয়াচে, আৰু তেওঁৰ মৃত্যুৰ পিছত তৃতীয় প্ৰজন্মৰ পুতেক ডেভিড নাহুমে ১৯৬৪ চনত দায়িত্ব লৈছিল৷ ল’ৰা ছোৱালী নথকা ডেভিডৰ মৃত্যুৰ পিছত দোকানখনৰ অস্তিত্বক লৈ কিছু শংকা আহিছিল যদিও ভায়েক আইজাকে দোকানখনৰ দায়িত্ব লোৱাত দোকানৰ গৰিমা অলপো ম্লান হৈ নপৰিল৷ বৰ্তমান শতক পাৰ হৈ প্ৰজন্মৰ পিছত প্ৰজন্মলৈ দোকান হস্তান্তৰিত হ’ল যদিও দোকানখনৰ অন্তসজ্জা অলপো নবদলালে৷ দোকানৰ চিলিঙৰ জিংকৰ নক্সা ইটালীৰ পৰা অনা৷ চীনা মিস্ত্ৰীৰ দ্বাৰা বনোৱা টিয়ককাঠৰ শ্বকেচতেই এতিয়াও সজোৱা থাকে উৎসৱৰ ৰং-ৰূপ৷ আনকি দোকানৰ Cash Registerৰ বয়সেও আশী চুইছে, বনোৱা হৈছিল আমেৰিকাৰ অৰিগন (Oregon)ত ৷

ভাৰতৰ স্বাধীনতাৰ পিছত কলকাতাত ইহুদীৰ সংখ্যা দুই সংখ্যাবিশিষ্টলৈ কমি যোৱাত ষ্ট্ৰেটেজী সলনি কৰে নাহুমসকলে৷ ইয়াৰ পিছত কেৱল ইহুদীৰ নহয় সকলোৰে কথা ভাবি খাদ্য সামগ্ৰী তৈয়াৰ কৰা হয়৷ তথাপি বেকিং ষ্টাইল, ৰেচিপি, প্ৰস্তুতি- বিধি আদি ক্ষেত্ৰত এতিয়াও মানি চলা হয় হয় প্ৰতিষ্ঠাতাৰ এছ ও পি বা নিৰ্দেশনামা ৷

এই দোকানত শীতৰ দিন কটোৱা মা-দেউতাকে এতিয়া আনে তেওঁলোকৰ সন্তানসকলক৷ টিকলীসকলৰ মন কাঢ়ি নিয়ে বাৰ্থ ডে কেকে৷ তেওঁলোকৰ কথা মনত ৰাখি জনমদিনৰ কেক হয় কাৰ্টুন চৰিত্ৰ বা চুপাৰ হিৰোৰ প্ৰতীক৷ নতুন প্ৰজন্মৰ ৰুচি অভীৰুচিৰ সৈতে চলিবলৈ নাহুমেও পুৰণি সোৱাদক নৰূপত পৰিবেশন কৰিবলৈ লৈছে৷

নাহুম আৰু নিউ মাৰ্কেট মিলি গৈছে ওতপ্ৰোতভাবে৷ ১৮৭৪ চনত হয় Sir Stuart Hogg-এ বনোৱা এই বজাৰ আৰু তাৰ ২৬ বছৰ পিচত প্ৰতিষ্ঠা কৰা নাহুম —যেন এটাই আনটোক এৰি অসম্পূৰ্ণ৷ এই মিলাপ্ৰীতিৰ স্বাক্ষৰ নাহুমৰ দোকানতো৷ গোটেই বছৰ লাগি থাকে কিনোতাৰ ভিৰ৷ এই ভিৰৰ ৯৫% অখ্ৰীষ্টানৰ৷ বিদেশীও আহে৷ চেলেব্ৰিটিও বাদ নপৰে৷

এনেদৰেই প্ৰজন্মৰ পিছত প্ৰজন্ম জুৰি কলকাতাৰ কেক-পেষ্ট্ৰিৰ ঠিকনা হৈ পৰিছে Nahoum & Sons ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!