নিৰ্জনতা যেতিয়া মোৰ সঙ্গী হয়

লেখক- ঋতুপৱন গগৈ

জীৱনৰ খলা-বমা পথেদি আগবাঢ়ি যাওঁতে প্ৰায়েই মুখামুখি হওঁ মই নিৰ্জনতাৰ সতে। মোৰ বাবে চিনাকি এই নিৰ্জনতাৰ পৰশ, ইয়াৰ ৰঙ। নিৰ্জনতাৰ মাজত থাকি মই চলাথ কৰি ফুৰোঁ জীৱনৰ এৰি থৈ অহা পল অনুপলক। অথবা আলাপ কৰোঁ মই নিজেই নিজৰ সুখ-দুখৰ সমভাগী হৈ, বুকুৰ আপোন হৈ। নিৰ্জনতা মোৰ সঙ্গী হ’লে মই নিৰাশ নহওঁ বা হতা‌শাত নোভোগো। কিয়নো নিৰ্জনতাই মোক সংগ দিয়ে অকণমান প্ৰেৰণাৰ, অকণমান উদ্যমৰ। ভালপাওঁ মই নিৰ্জনতাক মোৰ লগত পায়। বুকুৰ মাজত আঁকোৱালি আপোন কৰি ল’বলৈ মন যায় এই নিৰ্জনতাক। নাজানো কেনেকৈনো ইমান আপোন হ’ল এই নিৰ্জনতাৰ সংগ মোৰ বাবে!

নিৰ্জনতাই মোক সংগ দিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ। প্ৰকৃতিৰ কৰ্মৰাজিত আপোন-পাহৰা হৈ বিলীন হৈ যাব খোজোঁ নিৰ্জনতাৰ মাজত থাকি। মোৰো মনে হাবিয়াস কৰে নিৰ্জনতাত বহি প্ৰকৃতিৰ সৈতে মিতিৰালি কৰি কবিৰ দৰে কবিতাত হাত বোলাবলৈ। কিন্তু প্ৰতিবাদ কৰে মোৰ এই দুহাতে আৰু ভাগি যায় মোৰ সপোন। মই হাৰ মানিবলগীয়া হয় মোৰ ইচ্ছা, মোৰ আকাংক্ষাৰ ওচৰত। তথাপিও যুঁজ দিওঁ মই, কাৰণ নিৰ্জনতা যে মোৰ লগতেই আছে। মোৰ আদে‌শৰ কোবত অৱশেষত এটি কলম লৈ বাধ্য হৈ পৰে এই হাত, উকা কাগজত আঁচোৰ মাৰিবলৈ। কিন্তু কেনেবাকৈ নিৰ্জনতা আঁতৰি গ’লেই পিছে থমকি ৰয় মোৰ হাত, আধা লিখা হৈ পৰে মোৰ কবিতাবোৰ। সেইবাবেই নিৰ্জনতাক মই একেলেথাৰিয়ে পাব বিচাৰোঁ মোৰ কিবা এক সৃষ্টিৰ সময়ত। নিৰ্জনতাই যে মোক বিচাৰি দিয়ে সৃষ্টিৰাজিৰ উৎস আৰু অনুপ্ৰেৰণাক।

নিৰ্জনতা সংগী হ’লেই মই পাহৰিব পাৰোঁ জীৱনৰ দুখ-যন্ত্ৰণাখিনি। মোক যে বাধ্য কৰি তোলে নিৰ্জনতাৰ প্ৰেমত ডুব যাবলৈ। মই উভতি যাওঁ অতীতৰ সোণোৱালী স্মৃতি বিজড়িত দিনবোৰলৈ।

সুখ-আনন্দৰ সুমধুৰ স্মৃতিৰ পাপৰিয়ে মোক দি যায় দুখৰ মাজতো জীয়াই থকাৰ প্ৰবল উৎসাহ আৰু প্ৰেৰণা। সোঁৱৰণিৰ মিঠা মিঠা অনুভৱে মোৰ বাবে কঢ়িয়াই আনে জীৱনক আগুৱাই নিবলৈ প্ৰয়োজন হোৱা উদ্যম আৰু শক্তিক। সাহস দিয়ে মোক জীৱনৰ সৈতে যুঁজ দিবলৈ। নিৰ্জনতাই যে মোক নিৰ্ভয়ে জীৱনত আগুৱাই নিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে।

নিৰ্জনতাই মোক ঘনাই ঘনাই টানি নিব খোজে জীৱনৰ নষ্টালজিক মুহূৰ্তবোৰলৈ। মোৰ মনে পাখি মেলি যাব খোজে এৰি থৈ অহা দিনবোৰলৈ। অজানিতে হিয়াখনি দুৰ্বল কৰি তোলে এই নিৰ্জনতাই। মনক কোনোমতে সান্ত্বনা দি মই পলাই যাব বিচাৰোঁ এই মুহূৰ্তৰ পৰা। যিমানেই কষ্ট নকৰোঁ কিয়, পাৰ হৈ যোৱা সময়ে জানো কাৰোবাক আকৌ এবাৰ লগ দিব? ৰং-আনন্দৰ মাজতেই যে মোক নিৰ্জনতাই ঠেলিব বিচাৰে দুখৰ সাগৰত সাঁতুৰিবলৈ। উপায়তো নাই, ব্যক্তিৰ জীৱনেই দেখোন এনেকুৱা…. কেতিয়াবা অলপ হাঁহি, কেতিয়াবা অলপ অ‌শ্ৰু! নিৰ্জনতাই যেন উপলব্ধি কৰিব শিকাইছে মোৰ জীৱনটোক। কেনেকৈনো পাহৰিম বাৰু এই নিৰ্জনতাক?

মোৰ ওপজা মাটিৰ সুবাসক ভাল পাবলৈ ‌শিকালে নিৰ্জনতাই। ইয়াৰ কোলাত বহিয়েই মই ওপজা গাঁৱখনিৰ কেঁচা মাটিৰ গোন্ধক আপোন কৰিব পৰা হ’লো। মোৰ গাঁৱৰ কাষেদি বৈ যোৱা নৈখনিৰ প্ৰেমত পৰিবলৈ ‌শিকালে এই নিৰ্জনতাই। শাওণৰ পথাৰে যেতিয়া সেউজীয়াক হাত বাউল দিয়ে, নিৰ্জনতাৰ কোলাত বহি মই অন্বেষণ কৰোঁ সেউজী পৃথিৱীখনিক। সেইখনি পথাৰে আঘোণ মাহত সগৰ্ভা হৈ যেতিয়া সোণোৱালী ৰূপ ধাৰণ কৰে, নিৰ্জনতাই মোক বাৰে বাৰে আহি আমেজ ল’বলৈ উত্ৰাৱল কৰে। নিৰ্জনতাৰ সংগত থাকি মই জীৱনৰ হাজাৰটা সপোন দেখোঁ। নিৰ্জন মুহূৰ্তত নিৰলে থাকি মই বিচাৰিব ধৰোঁ সপোনবোৰ বাস্তৱায়িত কৰাৰ পথ। সপোনৰ পৃথিৱীত যেন মই আশাবোৰ সঞ্চাৰিত কৰোঁ। মনৰ ভিতৰতে অতি আলফুলে সাঁচি থওঁ মই এই আশা আৰু স্বপ্নক ভৱিষ্যতৰ বাবে। ইতিমধ্যে নিশকতীয়া হৈ পৰা আশা আৰু স্বপ্নক মই সাৰ-পানী যোগাই জীপাল কৰিব খোজোঁ এই নিৰ্জনতাৰ পৰশতেই। সঁচা, নিৰ্জনতা হৈ পৰে মোৰ জীৱনৰ হাজাৰটা প্ৰশ্ন, ঘাত-প্ৰতিঘাত আৰু আশাৰ প্ৰতীক।

নিৰ্জনতা সদায়েই আহে মোৰ বাবে ‌শান্তিৰ নিজৰা হৈ। নিৰ্জনতাই মোক কোলাত ‌লৈ দুহাতৰ পৰশে মৰমবোৰ যাচিলেই জুৰ পৰি যায় মোৰ এই হৃদয়।

সেইবাবেই মোৰ ভাগৰুৱা কলিজাই বাৰে বাৰে বিচাৰে নিৰ্জনতাৰ সুকোমল পৰশ পাবলৈ। নিসংগ হৈও মই নিৰ্জন মুহূৰ্তত সকাহ পাওঁ এই শান্তিৰ বাবে। অশান্ত মনটোক যেন ৰিব্ ৰিব্ কৈ অহা মলয়াছাটিয়ে শান্তিৰে চুমা যাচে। সেয়েহে শান্তিৰ বাবেই মই কামনা কৰোঁ নিৰ্জনতাক জীৱনপথত লগ পাবলৈ। নিৰ্জনতা আহক মোৰ বাবে শান্তিৰ দেৱদূত হৈ!

নিৰ্জনতাৰ মাজত বহিয়েই কেতিয়াবা ভাবোঁ নিৰ্জন গৰ্ভতেই বাৰু আইৰ কোলাত থিতাপি লৈছিলহি নেকি মোৰ এই মানৱী আত্মাই? নহ’লে ইমান বুকুৰ কুটুম হ’বতো নোৱাৰে এই নিৰ্জনতা! জীৱনৰ শৈশৱ, কৈশোৰ, যৌৱন, কতোৱেই দেখোন বিদ্ৰোহ কৰা নাই এই আত্মাই নিৰ্জনতাৰ বিৰুদ্ধে। নাই কোনো আক্ষেপ, নাই কোনো খং-অভিমান। আত্মাৰ মাজত জীৱনৰ কোঁহে কোঁহে যেন সোমাই আছে এই নিৰ্জনতা। সেয়েহে হয়তো আত্মাই হাবাথুৰি খাই ফুৰে নিৰ্জনতাক বিচাৰি।

নিৰ্জনতা সংগী হ’লেই মই অনুভৱ কৰোঁ আজিৰ যান্ত্ৰিক পৃথিৱীৰ কোলাহলখিনি। পোহৰৰ মাজত আন্ধাৰ নহ’লে যিদৰে পোহৰৰ মহত্বক উপলব্ধি কৰিব নোৱাৰি, কোলাহলৰ মাজত যেন নিৰ্জনতা নাথাকিলেও বুজিব নোৱাৰি কোলাহল পৃথিৱীৰ দপদপনি। নিৰ্জনতাৰ মাজত থাকিয়েই ভাবোঁ আহিবনে বাৰু অকণমান নিৰ্জনতা এই পৃথিৱীৰ বাবে! প্ৰত্যেকেই বুজিবনে বাৰু কিমান কোলাহলত দগ্ধ হৈ আছে আমাৰ মন- মেজাজ বোৰ! আজি সকলোৱেই যেন বিচাৰে অলপ শান্তি, অলপ নিৰ্জনতাৰ পৰশ। এই পৰশৰ কৃপাতেই পৃথিৱীৰ জনগণে অনুভৱ কৰক শান্তি সম্প্ৰীতিৰ অটুট বন্ধন। সেয়েহে মই কামনা কৰোঁ নিৰ্জনতা সকলোৰে বাবেই আহক শান্তি আৰু সৌম্যৰ এখনি নদী হৈ….!

       

       

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!