নৈৰ দৰে

লেখক- মৃদুল কুমাৰ শৰ্মা

নৈ ভটিয়ায়।

মাছ পিছে উজায়।

উজাই মাছ জীয়ে, সৃষ্টিৰ তাড়নাত। 

উজায়ে মাছ মৰে, চিকাৰীৰ হাতোৰাত।

নৈ পিছে অবিচল। কোনো  ভ্ৰুক্ষেপ নাই; নাই কোনো আক্ষেপ।

শৈশৱত ভাবিছিলোঁ— 

পৰজনমত পখিলা হ’ম, নতুবা চিলনী।

এতিয়া বুজিছোঁ

নৈ হোৱাই ভাল।

সুখে-দুখে

স্থিতপ্ৰজ্ঞ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments