পুৰণি চাইকেলখন

লেখক- ৰমেশ চন্দ্ৰ ৰায়

ঘৰৰ ইফাল সিফাল চাফা কৰিবলৈ হাজিৰা কামত লগোৱা মানুহজনে, মানে বুধুই সুধিলে, – ছাৰ, চাইকেলখন বিক্ৰী কৰিব নেকি? নগদ টকা দি লৈ যাম ছাৰ।
– চাইকেল? কি চাইকেল? মই তাৰ কথাৰ একো তত ধৰিব নোৱাৰি সুধিলোঁ।
– মানে ছাৰ, ঘৰৰ সিফালৰ বাৰাণ্ডাখনত পৰি থকা আপোনাৰ চাইকেলখন। আমাৰ ল’ৰাটোৱে সদায় কয় চাইকেল এখন আনি দিবলৈ। নতুন চাইকেল এখন মই তাক কেনেকৈ আনি দিম! এতিয়াতো নতুন চাইকেলৰ কেইবাহাজাৰ দাম হ’ ল। আপোনাৰ চাইকেলখন এনেয়ে পৰিহে আছে, মোক বিক্ৰী কৰি দিলে তাকে ভাল কৰি ল’ৰাটোক দিব পাৰিলোহেঁতেন ছাৰ।
– তুমি নিজৰ কাম কৰা। ইফালে সিফালে কিয় চাই ফুৰিছা? এইখন চাইকেল মই বিক্ৰী নকৰোঁ।

মোৰ কথা শুনি বুধু নিজৰ কামত লাগিলগৈ। আমাৰ মানুহজনীয়ে বুধু আৰু মোৰ মাজৰ কথা-বতৰাবোৰ শুনি আছিল। তাই বুধুই নুশুনাকৈ ক’লে, চাইকেলখন কিনিব বিচাৰিছে যেতিয়া বিক্ৰী কৰি নিদিয়ানো কিয়? কিমান বছৰ যে হ’ল চাইকেলখন, এনেই পৰিহে আছে।
– চাইকেলখন বিক্ৰী কৰিবলৈ মোৰ মন যোৱা নাই অ’।
– আৰু চাওকচোন, একেবাৰে পুৰণি হৈ গ’ল চাইকেলখন। পাছলৈ বিক্ৰী কৰিবলৈ বিচাৰিলেও কিনা মানুহেই নোলাব।
– কথাটো হওঁতে হয়, তথাপি এইবাৰলৈ থাকক দিয়া। বস্তুটো যে আছে, কিবা ঘৰৰ সদস্য যেন নালাগে নে?
– আপুনিও যে আৰু। থাকক দিয়ক তেনেহ’লে।
চাইকেলখন থাকিল।
ইতিমধ্যে কটাই অহা জীৱনটোৰ কথা ক’বলৈ গ’লে মোৰ কেবাখনো চাইকেল চুৰি হৈছে। কেতিয়াবা বজাৰৰপৰা, কেতিয়াবা ঘৰৰপৰা। কিন্তু শেষত কিনা এই চাইকেলখন থাকি গ’ল। চাইকেল চলোৱাৰ বয়স এতিয়া নাই। নহ’লে এটা সময়ত চাইকেল চলাই বঙাইগাঁৱৰপৰা যোগীঘোপা, বঙাইগাঁৱৰপৰা চাপৰ, সিফালে সৰভোগ ওলাইছিলোঁগৈ। এতিয়া ভাবিলে আচৰিত লাগে। ল’ৰাই ঘৰলৈ গাড়ী অনাৰ পাছতো চাইকেল লৈ ওলাইছিলোঁ, তাকো বহু দূৰলৈ। ল’ৰাই বাধা দি ৰাখিব পৰা নাছিল। অৱশেষত বয়সেহে বাধা দিলে। চাইকেল চলাবলৈ এৰিলোঁ যদিও একেবাৰে শেষত কিনা চাইকেলখন থাকি গ’ল। গাড়ীখনৰ লগতে থকা চাইকেলখন লাহে লাহে পিছফালৰ বাৰাণ্ডা পালেগৈ। পুৰণা সামগ্ৰী ৰখা বাৰাণ্ডাখনৰ এচুকত চাইকেলখন পৰি থাকিল।
গাড়ীখনৰ সৈতে থকাৰ সময়ত ল’ৰাটোৱে নাইবা ড্ৰাইভাৰে চাইকেলখন মাজে সময়ে চাফ-চিকুন কৰিছিল, বাৰাণ্ডাৰ ফালে যোৱাৰ পাছত কোনেও নক’ৰা হ’ল। তেনেকৈয়ে থকাৰ ফলত ধূলি-মাকতি পৰি চাইকেলখন একেবাৰে পুৰণি আৰু নিষ্প্ৰভ হৈ পৰিল। মামৰেও ধৰিলে, টায়াৰবোৰো নষ্ট হৈ গ’ল। বহুদিন ধৰি চাইকেলখনৰ কথা পাহৰিয়েই গৈছিলোঁ, আজি বুধুই মনত পেলাই দিলে।
ইমান দিনে চাইকেলখন কিয় বিক্ৰী কৰি নিদিলোঁ অথবা কাৰোবাক কিয় নিবলৈ নিদিলোঁ তাৰ কোনো উত্তৰ মোৰ হাতত নাই। নিদিলোঁ নিদিলোঁ, সিমানেই। এতিয়া আমাৰ এই ডাঙৰ ঘৰখনত আমি দুজনেই থাকোঁ। স্বামী-স্ত্ৰী। ল’ৰাহঁত আমাৰ লগত নাথাকে। সেইবাবেই নেকি চাইকেলখনকো কেতিয়াবা আমাৰ ঘৰখনৰ সদস্য যেন লাগে, যেনেদৰে লাগে গাড়ীখনক।
যোৱাৰ পৰত, হাজিৰা লোৱাৰ সময়ত মোক বুধুই কৈ গ’ল, – চাইকেলখনৰ কথা কোৱাৰ বাবে বেয়া নাপাব ছাৰ। ল’ৰাটোৰ স্কুললৈ যোৱাত সুবিধা হ’ব বুলিহে কৈছিলোঁ। যিয়ে নহওক চাইকেলখন মই জাৰি-জোকাৰি ভালদৰে থৈছোঁ। চিন্তা নকৰিব।
ৰাতি শোৱাৰ সময়ত মোৰ বেয়া লাগিল। তাক চাইকেলখন বেচি দিলে কি নো বেয়া হলহেঁতেন! তাৰ ল’ৰাটোৱে চাইকেলখন পালে কিমান ভাল পালেহেঁতেন। স্কুললৈ সি বা কিমান দূৰৰপৰা যায়। এনেও চাইকেলখন মামৰ ধৰি নষ্ট হৈ যাব। কোনোবাই যে চাইকেলখন কেতিয়াবা যতন কৰি উদ্ধাৰ কৰিব সেয়া কল্পনা কৰিবলৈকো বেয়া লাগে। নাতিটোৱে হেনো ড্ৰাইভিং ছীটত বহিব পৰা হৈছে, বয়সটো চাইহে তাক বাটলৈ গাড়ী উলিয়াবলৈ দিয়া নাই। সি আৰু সেই পুৰণি চাইকেল – কিবা হাঁহি উঠা কথা।
মোৰ অন্যমনস্কতা দেখি পৰিবাৰে মোক সুধিলে, – আপুনি কিবা চিন্তা কৰি আছে নেকি?
দেৰি নকৰি মই উত্তৰ দিলোঁ, – চাইকেলখনৰ কথা মনত পৰি আছে জানানে? বুধুক চাইকেলখন বেচি দিয়াটোৱেই ভাল আছিল। সি হেনো ল’ৰাটোৱে স্কুললৈ যাবলৈহে চাইকেলখন কিনিব খুজিছিল।
পৰিবাৰে কিছুসময় চিন্তা কৰি ক’লে, – তেন্তে এটা কাম নকৰে কিয়? বুধুক কাইলৈ মতাই আনি চাইকেলখন দি দিয়ক। দামনো কেইটকা পাব, তাক চাইকেলখন এনেয়েই দিয়ক। ল’ৰাটোৱে স্কুললৈহে অনা নিয়া কৰিব।
তাইৰ কথাখিনি মোৰো পছন্দ হ’ল, – তুমি মোৰ মনৰ কথাটোকে ক’লা। মই তাৰ ল’ৰাটোৰ বাবে চাইকেলখন বিনামূলীয়াকৈ দিম।
তাৰপাছত আমি দুয়ো চাইকেলখন পালে বুধুৰ কিমান আনন্দ লাগিব, বুধুৰ ল’ৰাটোৱে কিমান ভাল পাব, স্কুললৈ যাওঁতে বুধুৰ ল’ৰাটোৰ কিমান সহায় হ’ব ইত্যাদি কথা পাতিলোঁ। মনটোও কিবা এটা ডাঙৰ ভাল কাম কৰিবলৈ ওলোৱাৰ দৰে প্ৰসন্ন হৈ থাকিল।
পিছদিনা ৰাতিপুৱা উঠিয়েই চাইকেলখন চাই লওঁ বুলি পিছফালৰ বাৰাণ্ডাৰ ফালে গ’লোঁ। এইফালে আমাৰ প্ৰায়ে অহা নহয়। আগফালে চোতালখনক সামৰি নতুন দুমহলীয়া ঘৰটো সজাৰ পাছত পিছফালৰ পুৰণি ঘৰ, বাৰাণ্ডা এনেয়েই পৰি থকাৰ দৰে হৈছে। মাজে সময়ে হাজিৰা লগাই চাফ-চিকুন কৰা হয়, তেতিয়াহে কেতিয়াবা সেইফালে যাওঁ। আগেয়ে অহা শ্ৰমিক হ’লে সিহঁতে নিজে কামবোৰ কৰি থৈ যায়। কথা হ’ল বাৰাণ্ডাত চাইকেলখন নাই। কালি বুধুই চাইকেলখন ভালদৰে জাৰি-জোকাৰি থোৱা বুলি কৈছিল, পিছে কি হ’ল? চাইকেলখন দেখোন নাই। পৰিবাৰক মাতি কথাটো জনালোঁ, তায়ো আহি চালে, চাইকেলখন নাই। তাৰ মানে চাইকেলখন নিশা চুৰ হ’ল?
বৰ বেয়া কথা হ’ল। কি কৰা যায়? চাইকেল মোৰ আগেয়েও কেইবাবাৰো চুৰ হৈছে। চাইকেল চুৰ হ’লে তাক ঘূৰাই যে পোৱা নাযায় সেয়া মোৰ অভিজ্ঞতাই আগেয়ে কৈছে। শুনিছোঁ চোৰে চাইকেল চুৰ কৰি প্ৰথমে চাইকেলখনৰ আকৃতি সলনি কৰাই লয় যাতে মালিকে দেখিলেও ধৰিব নোৱাৰে।
মনটো বৰ বেয়া লাগিল, কালি বুধুক একেবাৰে চাইকেলখন দি দিলে লেঠাই শেষ হ’লহেঁতেন। এতিয়া পুৰণি চাইকেলখন ক’ত বিচাৰি যাওঁ? কাৰোবাক ক’বলৈকো মন নগ’ল। বুধুক এবাৰ কৈ চাওঁ নেকি বুলি পৰিবাৰক সোধাত ক’লে, – ৰ’বচোন, দৌৰাদৌৰি নকৰিব। তাক ক’লে চোৰ বুলি সন্দেহ কৰা বুলি ভাবে নেকি? সেইটো হ’লে বৰ বেয়া কথা হ’ব। পুৰণি চাইকেলখনৰ কাৰণে কিয় বাৰু সেই সহজ-সৰল মানুহজনক মনোকষ্ট দিওঁ? থাকক কাকো ক’ব নালাগে। হুলস্থূল কৰিলে কোনোবাই আকৌ হাঁহিবহে।
ময়ো ভাবিলোঁ কথাবোৰ মিছা নহয়। গতিকে আগেয়ে ঘটাৰ দৰে মোৰ জীৱনত আকৌ এটা চাইকেল হেৰুওৱাৰ ঘটনা ঘটিল বুলি মনটোক বুজনি দিবলৈ চেষ্টা কৰিলোঁ। এনে সময়তে মাজে-মাজে আমাৰ সৰু-সুৰা কাম কৰি দিয়া প্ৰৱাল আহি পালে আৰু সি আমাৰপৰা চাইকেল চুৰি হোৱাৰ ঘটনাটো জানিব পাৰিলে। সি সঁচাকৈয়ে এই কামটো বুধুৰ দ্বাৰা হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিলে। অৱশ্যে মই তাক সাৱধান কৰি দিলোঁ যাতে বুধুক সি ভুল নুবুজে, নহ’লে সহজ-সৰল মানুহজনে বৰ মনোকষ্ট পাব।
দিনবোৰ পাৰ হ’ল আৰু চাইকেলখনৰ কথা এনেদৰেই তল পৰিল বুলি ভাবিছিলোঁ। কিন্তু প্ৰৱালে কথাটো মনত লৈ ফুৰিছিল। এদিন সি মোক আহি ক’লে, – দাদা, মই আজি বুধুৰ ল’ৰাটোক চাইকেলেৰে স্কুললৈ যোৱা দেখিলোঁ। চাইকেলখন নতুন নহয়। আৰু আপুনিতো জানেই চাইকেল চোৰে চুৰ কৰাৰ পাছতেই চাইকেলৰ আকৃতি সলনি কৰাই লয়।
সি কি ক’ব বিচাৰিছে মই সহজতে ধৰিব পাৰিলোঁ। কিন্তু চাইকেলখনক লৈ নতুনকৈ চিন্তা কৰিবলৈ মোৰ অকনো ইচ্ছা নাই। মই অলপ খং দেখুৱাই তাক ক’লোঁ, – চাইকেলখনৰ কথা আমি পাহৰি গৈছোঁ, তুমিনো কিয় মনত ৰাখিছা? আজিৰ পাছত যাতে চাইকেলখনৰ বিষয়ে আৰু একো কথা নুশুনো।
মোৰ খং দেখি মানুহজন উঠি গ’ল, কিন্তু সি এনেকুৱা দেখুৱালে যেন মোৰ কথা সি মানি ল’বলৈ টানহে পাইছে।
কেইদিনমান পাছত ড্ৰাইভাৰ লৈ সপত্নীক বীৰঝৰা বাগিচাৰ মাজেৰে চাপ্ৰাকাটাৰ ফালে গৈ আছিলোঁ। বুধুক দেখা যেন পাই গাড়ীখন ৰখাবলৈ দিলোঁ। আমাক দেখি বুধুই চিনি পালে। সি আগুৱাই আহিল আৰু নমস্কাৰ কৰিলে।
মই তেওঁক সুধিলোঁ, – তুমি আমাৰ ফালে ইমান দিনে কিয় যোৱা নাই? এনেয়েতো দহ বাৰ দিনৰ মূৰে মূৰে কাম বিচাৰি যোৱা।
সি সেমেনা সেমেনি কৰি ক’লে, – ছাৰ, মই কাম কৰি অহাৰ পাছতেই হেনো আপোনাৰ চাইকেলখন চুৰ হ’ল। প্ৰৱালে মোক সুধিলে বোলে মোৰ ল’ৰাটোৱে স্কুললৈ যাবলৈ চাইকেল ক’ত পালে। মই কাণত ধৰিছোঁ ছাৰ, মই আপোনালোকৰ চাইকেল চুৰ কৰা নাই। আমাৰ ল’ৰাটোৱে এমাহৰ বাবে তাৰ মোমায়েকৰ চাইকেলখন খুজি আনিছিল, এমাহ যোৱাত মোমোয়েকে চাইকেল লৈ গ’ল। আপোনালোকৰ ফালে কাম বিচাৰি গ’লে চাইকেল চোৰ বুলি ধৰে বুলিহে ভয় লাগিল, সেয়ে সেইফালে যাবলৈ ভয় কৰি থাকিলোঁ। মোৰো ভুল হৈছিল, আপোনাৰ মৰমৰ চাইকেলখনলৈ মই চকু দিব নালাগিছিল।
মই যিটো সন্দেহ কৰিছিলোঁ সেইটোৱেই ঘটিল। প্ৰৱালে এনেকুৱা কিবা এটা যে ঘটাব মই জানিছিলোঁ। বুধুক মই সকলোবোৰ কথা এফালৰপৰা বুজাই কোৱাত সি পতিয়ন গ’ল। সি শেষত ক’লে, – এটা কথা বুজি নাপালোঁ ছাৰ, মই চাইকেলখন জাৰি-জোকাৰি বাৰাণ্ডাৰ সিটো মূৰৰ সৰু কোঠাটোত সুমুৱাই কাৰ্টনেৰে ঢাকি ৰাখিছিলোঁ। চোৰে কথাটো গ’ম পালে কেনেকৈ?
মই পৰিবাৰৰ চকুলৈ আৰু তাই মোৰ চকুৰ ফালে চালে। আমিতো বাৰাণ্ডাৰ একেবাৰে মূৰত থকা সৰু কোঠাটোত সোমাই চোৱা নাই।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!