প্ৰেমৰ চিঠি

লেখক- নমিতা তালুকদাৰ

তোমাৰ বুকুত বাংময়
হ’ব খোজা মোৰ সপোন
আজি বধিৰ।

তোমাৰ মিচিকিয়া হাঁহিত,
তোমাৰ অনন্য ওঁঠযুৰিত
হেৰাই যাব খোজা
মোৰ নি:সংগতা
আজি স্ব-গৰ্ভা।

প্ৰতি নিশাই অংকুৰিত
নি: শব্দতাৰ নতুন বীজ।
এফেৰি সপোন, এধানি হাঁহিৰ
হাবিয়াস লৈ
আজি কক্ষচ্যুত নিজৰ পৰা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!