বিজ্ঞান মনস্কতা আৰু গৃহিনীসকল

লেখক- কুমকুম শৰ্মাবৰুৱা

গৃহিনীসকল ঘৰ এখনৰ মূল চালিকাশক্তি। তেওঁলোকৰ মনত অন্ধবিশ্বাসৰ কেৰোণ কিছুমান সোমাই থাকিলে গোটেই ঘৰখনৰ কাৰণেই অপকাৰী। শিক্ষিত মাতৃয়ে যেনেদৰে পিচৰ প্ৰজন্মক শিক্ষাৰে আগুৱাই লৈ যাব পাৰে সেইদৰে বিজ্ঞান মনস্কতা থকা গৃহিনী এগৰাকীয়ে ঘৰখনৰ পৰা অন্ধবিশ্বাসক দূৰতে বিদূৰ কৰি ৰাখিব পাৰে। বিজ্ঞানে সকলো কথাৰ প্ৰমাণ বিচাৰে। ই চকুৰে দেখা প্ৰমাণ; যেনে গছ এজোপা সূৰ্যৰ কিৰণৰ দিশে বাঢ়ি যোৱা অথবা নেদেখা প্ৰমাণ; যেনে মহাকৰ্ষণ শক্তি যাক আমি অনুভৱ কৰিব পাৰোঁ ইত্যাদি হ’ব পাৰে। এতিয়া চাওঁচোন আহক আমাৰ ঘৰখনত গৃহিনী এগৰাকীয়ে বিজ্ঞানৰ প্ৰয়োগ কেনেদৰে কৰিব পাৰে।
(১)পাকঘৰ: পাকঘৰখনত ৰন্ধা-বঢ়া কৰোঁতে প্ৰতিটো পাত্ৰ পৰিষ্কাৰ হ’ব লাগে। কেনেকৈ ৰান্ধিলে বীজাণুমুক্ত হোৱাৰ লগতে ভিটামিন, খনিজ লৱণ ইত্যাদি নষ্ট নহয় তাত মন দিব লাগে। বহুত সময় সিজাই থাকিলে অথবা গেচ বৰ সৰুকৈ জ্বলালে খাদ্যবস্তুৰ ভিটামিন আৰু খনিজ লৱণ নষ্ট হৈ যায়। তদুপৰি ক্ষাৰ আৰু টেঙা একেলগে খাব নালাগে। কিয়নো ই অপকাৰী লৱণৰ সৃষ্টি কৰিবও পাৰে। যি লৱণ বিহসদৃশ হৈ মৃত্যু মুখতো পেলাব পাৰে। পাচলি সদায় বাকলি গুচোৱাৰ আগতেই ভালকৈ ধুই ল’ব লাগে। বাকলি গুচোৱাৰ পিচত ধুলে বহুতো দৰকাৰী ভিটামিন আৰু খনিজ পদাৰ্থ গুচিয়েই যায়। ৰন্ধা পাত্ৰসমূহ ভালদৰে ধুই শুকুৱাই থ’ব লাগে। ৰন্ধাৰ পিছত গেচৰ চৌকাই হওক বা খৰিৰ চৌকাই হওক ভালদৰে পৰিষ্কাৰ কৰি পাকঘৰৰ তলখনো মুচি-কাচি থ’ব লাগে। গেচমোচা বা হাতমোচা কাপোৰ কেইখনো সদায় ধুব লাগে। সেয়ে সৰু সৰু ল’ব লাগে।
(২) লেট্ৰিন আৰু পানী যোৱা নলা: স্বাস্থ্যসন্মত লেট্ৰিন আৰু ব্যৱহৃত পানী যোৱা উপযুক্ত নলা সকলোৰে ঘৰত থকা প্ৰয়োজন। লেট্ৰিন, গা ধোৱা ঘৰ আৰু পানী যোৱা নলাত উপযুক্ত বীজাণুনাশক যেনে ব্লিচিং পাওদাৰ, ফেনাইল আৰু হাৰপিক ইত্যাদি দি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। সৰু ল’ৰা-ছোৱালীক মন দিব লাগে যে পাইখানা কৰি হাত ভালকৈ ধুইছেনে নাই বা খোৱাৰ আগত হাতখন ভালকৈ ধুইছেনে নাই।
(৩)ঘৰত ব্যৱহৃত মেচিন: আজিকালি ঘৰবিলাকত কামৰ সুবিধাৰ বাবে বহুধৰণৰ মেচিন ব্যৱহাৰ কৰা হয়। এইবিলাকৰ ভিতৰত চিলাই মেচিন, কাপোৰ ধোৱা মেচিন, মিক্সাৰ গ্ৰাইণ্ডাৰ, ভেকুৱাম ক্লিনাৰ ইত্যাদিয়েই প্ৰধান। এই যন্ত্ৰবিলাক ভালদৰে ব্যৱহাৰ শিকি লৈহে চলাব লাগে আৰু চলোৱাৰ পিচত সদায় পৰিষ্কাৰ কৰি থ’ব লাগে।
(৪)ফুলনি আৰু শাক-পাচলিৰ বাৰীখন: ফুলনি আৰু শাক-পাচলিৰ বাৰীখনত জাবৰ-জোথৰ অথবা পানী জমা হ’বলৈ দিব নালাগে। ই মাখি আৰু ম’হৰ বংশবৃদ্ধিত অৰিহনা যোগায়। তাতকৈ গাঁত এটা খান্দি শাক-পাচলিৰ জাবৰ আৰু গছৰ পাত ইত্যাদি পোহনীয়া জন্তুৰ বিষ্ঠাৰ লগত জমা কৰিলে ই ভাল জৈৱিক সাৰলৈ পৰিণত হ’ব। গাঁতটোত এবাৰ ভৰোৱাৰ পিছত অলপ অলপ মাটি দি ঢাকি যাব লাগে।
(৫)পুষ্পিতা হোৱা ছোৱালীজনী: সৰু অকণমান ছোৱালী জনীক পুষ্পিতা হ’লে নিয়মৰ নামত মাটিত শুবলৈ দিয়া, কেৱল ফল-মূলহে খাবলৈ দিয়া ইত্যাদি কামবোৰ হ’বলৈ দিব নালাগে। তাইক সহজে হজম হোৱা খাদ্য খিচিৰি, সিজোৱা পাচলি, গাখীৰ ইত্যাদি খাবলৈ দিব লাগে। লগতে সেই দিনকেইটাত কেনেদৰে পৰিষ্কাৰ হৈ থাকিব লাগে সেয়া শিকাব লাগে।
(৬)অন্ধবিশ্বাস আৰু গৃহিনীসকল: এগৰাকী গৃহিনী চাকৰি কৰিলেও গৃহিনী বা গৃহকৰ্তী, নকৰিলেও গৃহকৰ্তী। ঘৰখন অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত কৰি ৰখাতো সকলো গৃহিনীৰে কৰ্তব্য। ঘৰখন আৰু ভিতৰৰ প্ৰতিটো বস্তু পৰিষ্কাৰ -পৰিছন্ন কৰি ৰখা, আলমাৰিৰ কাপোৰ -কানিবোৰ মাজে সময়ে ৰ’দত দিয়া, কিতাপ পত্ৰবোৰত পোকে নাখাবলৈ মাজে মাজে নেপথেলিন ইত্যাদি দ্ৰৱ্য প্ৰয়োগ কৰা এইবোৰ গৃহিনীগৰাকীৰ হিচাপত থাকিব লাগে। ৰান্ধোতে-বাঢ়োতে সমতুল(balanced) আহাৰ হৈছেনে নাই সেয়াও জানি-বুজি লোৱা দৰকাৰ। এইবোৰেই বিজ্ঞান মানসিকতা। সোমবাৰে কি নাপায় বা দেওবাৰে কি নাপায় ধৰণৰ কথাবোৰেই অন্ধবিশ্বাস। সপ্তাহৰ প্ৰতিটো বাৰৰ মূল্য সমান। ইয়াত আমি ৰমনচ্ এফেক্ট অথবা আপেক্ষিকতাবাদৰ সূত্ৰৰ কথা আলোচনা নকৰোঁ। ঘৰখনকেই বিজ্ঞান শিক্ষাৰ কঠীয়াতলি বনাওচোন আহক।
আমি সকলোৱে জানো যে গছ -গছনি আৰু জীৱ-জন্তু সকলোকে সূৰ্যৰ পোহৰৰ অতীৱ প্ৰয়োজন। অতি কমসংখ্যক বেক্টেৰিয়া আৰু ভাইৰাচকহে সূৰ্যৰ ৰশ্মিৰ প্ৰয়োজন নাই। বাকী সকলোৱে জানে যে গছে আহাৰ প্ৰস্তুত কৰিবলৈ সূৰ্যৰ ৰশ্মি লাগিবই। মানুহৰো সূৰ্যৰ ৰশ্মিৰ অভাৱত শৰীৰে ডি ভিটামিন প্ৰস্তুত কৰিব নোৱাৰে আৰু তাৰফলত খাদ্যৰ পৰা কেলছিয়াম শোষণ কৰিব নোৱাৰে। ফলত শৰীৰত কেলছিয়ামৰ অভাৱত হাড়ৰ নানান ধৰণৰ বেমাৰ হয়। সেয়ে কেঁচুৱাৰ পৰা বুঢ়ালোকলৈকে সকলোৱে ৰাতিপুৱা অলপ সময় ৰ’দ লোৱা প্ৰয়োজন। কিবা এটা কথা নকৰিবি বা নাপায় বোলাৰ অন্তৰালত থকা কাৰণটো জানি ল’ব লাগে। নজনাকৈ অন্ধবিশ্বাস কিছুমান মানি চলিব নালাগে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!