ভাৰতত দুৰ্গা পূজাৰ ইতিহাস

লেখক- ভাস্কৰ জ্যোতি দাস

বংগত ১৫ শতিকাৰ শেষৰ ফালে প্ৰথমবাৰলৈ দুৰ্গা পূজাক উৎসৱ হিচাপে পালন কৰাৰ তথ্য পোৱা যায়। বংগৰ মালদা আৰু দিনাজপুৰৰ জমিদাৰ আৰু মাটিৰ মালিকসকলে প্ৰথমবাৰলৈ দুৰ্গা পূজাৰ আয়োজন কৰিছিল। তেতিয়াৰে পৰা লাহে লাহে বংগৰ বিভিন্ন চহৰত প্ৰতিটো সম্প্ৰদায়ে নিজৰ মাজতে দুৰ্গা পূজা পালন কৰি আহিছে। কিন্তু, সৰ্বজনীন ৰূপত প্ৰথমবাৰলৈ ১৭৯০ চনত পশ্চিম বংগৰ হুগলীৰ গুপ্তীপাৰাৰ ১২জন ব্যক্তি একত্ৰিত হৈ নিজৰ সমাজত মাজত ‘বাৰোৱাৰী’ পূজাৰ আয়োজন কৰিছিল।
বংগৰ কছিম্বাজাৰৰ ৰাজা হৰিনাথে ১৮২৪ চনৰ পৰা ১৮৩১ চনলৈ মুৰ্ছিদাবাদৰ জন্মগৃহত পূজা কৰিছিল যদিও ১৮৩২ চনত কলকাতাত তেওঁ প্ৰথমবাৰলৈ ‘বাৰোৱাৰী’ দুৰ্গা পূজাৰ আয়োজন কৰিছিল। ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত ভাৰতত হোৱা প্ৰথম পূজা বুলি ইয়াকে জনা যায়।

১৭৬৫ চনত ইংৰাজসকলে বংগৰ দেৱানী সংলগ্ন হোৱাৰ পিছত হিন্দু প্ৰজাক সন্তুষ্ট কৰাৰ উপায় হিচাপে প্ৰথমবাৰৰ বাবে দুৰ্গাপূজাৰ আয়োজন কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ অডিটৰ জেনেৰেলজন চিপছেও বীৰভুমস্থিত তেওঁৰ কাৰ্যালয়ত দুৰ্গা পূজা আয়োজন কৰাৰ তথ্য পোৱা যায়। দুৰ্গা পূজা উদ্‌যাপনত বৃটিছে অংশ লোৱাৰ এই প্ৰথা ১৮৪০ চনলৈকে চলি আছিল। ১৯১০ চনত দিল্লী যেতিয়া ব্ৰিটিছ ভাৰতৰ ৰাজধানী হৈছিল, তেতিয়া দিল্লীতো প্ৰথমবাৰলৈ সৰ্বজনীনভাৱে দুৰ্গা পূজা উদযাপন কৰা হৈছিল।
অসমত অনাদি কালৰপৰাই দুৰ্গা পূজা চলি আহিছে বুলি জনা যায়। অসমৰ বিভিন্ন স্থানত প্ৰত্নতাত্ত্বিক খননত নৱম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈকে শিৱ-পাৰ্বতী, দশমুখ, দশভুজা দুৰ্গা, সিংহবাহিনী দুৰ্গা আদিৰ ভাস্কৰ্য্য উদ্ধাৰ হৈছে। আনহাতে, একাংশ পূৰাতত্ত্ববিদৰ মতে বহু ঠাইত উদ্ধাৰ হোৱা শিৱ আৰু দুৰ্গাৰ ভাস্কৰ্য্য সপ্তম শতিকা বা তাৰ আগৰ। ইয়াৰ ভিত্তিত তেওঁলোকৰ বহুতেই বিশ্বাস কৰে যে অসমত সপ্তম শতিকাৰ আগৰ পৰাই দুৰ্গা পূজা চলি আহিছে। কালিকা পুৰাণৰমতে অসমৰ প্ৰথমৰ কামাখ্যাধাম দেৱী দুৰ্গাৰ শ্ৰেষ্ঠ তীৰ্থস্থান।

একাংশ ইতিহাসবিদৰ মতে ১৬১৪ খ্ৰীষ্টাব্দত দৰঙৰ ৰজা বালি নাৰায়ণে দেৱী দুৰ্গাক পূজা কৰিছিল আৰু সেয়া আছিল দেৱীৰ প্ৰথম পূজা। আন কিছূ ইতিহাসবিদৰমতে শিৱসাগৰৰ ৰামখাপীঠত আহোমসকল অসমলৈ অহাৰ পূৰ্বে চুতীয়াসকলে দেৱীপূজা কৰিছিল। জনশ্ৰুতিমতে ভাটিৰ কামাখ্যা, উজানৰ তাম্ৰেশ্বৰী আৰু মাজৰ ৰামখা একেজনাই দেৱী। পিছে ইয়াৰ কোনো তথ্যগত উল্লেখ পোৱা নাযায়।

তথ্যগতভাৱে আহোম ৰাজত্বকালৰ পৰা বৰ্তমানলৈকে শিৱসাগৰৰ দেৱীদৌলৰ দুৰ্গাপূজাভাগেই পুৰণা হিচাপে ধৰা যায় যি এইবছৰ ২৯০টা বৰ্ষ অতিক্ৰম কৰিলে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!