ভিআইপি যাত্ৰী !!
লেখক- প্ৰদীপ বৈশ্য
(বাস্তৱ ঘটনাৰে ৰসৰচনা)
বাৰটো সোমবাৰ। কাউৰী পুৱাই যাত্ৰা আৰম্ভ কৰা প্ৰথম আলট্ৰা বাছখনত গ’লেহে মই সময়মতে অফিচত হাজিৰ হ’ব পাৰিম। সেই উদ্দেশ্যেই বাছখনত উঠিলোঁ। মোৰ গন্তব্যস্থান তেজপুৰৰ পৰা বান্দৰদেৱা। ক’বলৈ গ’লে এই বাছখনত যিবোৰ যাত্ৰী উঠে, তেওঁলোকৰ বেছিভাগেই চৰকাৰী কৰ্মচাৰী। প্ৰায় চাৰে ন মান বাজাতেই গৈ বান্দৰদেৱা হৈ গন্তব্যস্থান লক্ষীমপুৰ পায়গৈ। বিশ্বনাথ চাৰিআলি মানলৈ বাছখনৰ যাত্ৰী বৰ সেৰেঙা হৈ থাকে যদিও অলপ আগলৈ গৈ মোনাবাৰী, বৰগাং, হেলেম, বালিজান আদি ঠাই পোৱালৈ বাছখন যাত্ৰীৰে ঠাহ খাই পৰে। থিয় হৈ যোৱা বহুতো টেট শিক্ষয়ত্ৰীয়ে দৈনিক এই বাছখনেৰেই যাত্ৰা কৰে হেতুকে তেওঁলোকৰ লগত চালক, হেণ্ডিমেনৰ ভাল চা-চিনাকি। ভাড়াও ৰেহাই হাৰতেই এওঁলোকৰ পৰা লয় বুলি বুজা যায়।
যিয়েই নহওক, যিজন যাত্ৰীৰ কথা ক’বলৈ লৈছোঁ তেওঁ সম্ভৱতঃ বিশ্বনাথ চাৰিআলিত উঠিছিল। আগদিনা নিশা নিশ্চয় বিয়া বা তেনে অনুষ্ঠানত পেটৰ পাচন তন্ত্ৰই কষ্ট পোৱাকৈ খোৱাবোৱা কৰিছিল। তাতেই বাছত উঠাৰ খদমদমত চাগে প্ৰাকৃতিক কামফেৰাও ভালদৰে কৰা নহ’ল। ইফালে আকৌ বাছখনৰ প্ৰায় শেষৰ শাৰীৰ যাত্ৰী। হেলেম নতুবা বালিজান পাৰ হোৱাৰ পাছতেই তেওঁৰ প্ৰাকৃতিক কামফেৰাৰ আহ্বান অহাত তীব্ৰ অস্বস্তিত ভুগিলে। তেওঁ বহা আসনৰ পৰা এবাৰ উঠে, পুনৰবাৰ বহে, তেনেকৈ বেচ কিছুদূৰ যাত্ৰা কৰিলে। আচলতে পথৰ কাষৰ অলপ আওহতীয়া ঠাই পালেই চাগে বাছৰ কণ্ডাক্টৰক ক’ব, সেই ভাবতেই তেনেকুৱা কৰিছিল। তেওঁৰ আৰু সহ্য নহ’ল। চিটৰ পৰা আগুৱাই গৈ কণ্ডাক্টৰক কথাটো অৱগত কৰিলে। দুয়ো বাছতে থিয় দি পথৰ কাষৰ কোনো আওহতীয়া ঠাই পাই নেকি লক্ষ্য কৰি কৰি বাছখন আগুৱালে। শেষত আওহতীয়াৰ দৰে অলপ ঠাই পালে যদিও পানীৰ সুবিধা বুলিবলৈ কোনো জলাশয় বা পুখুৰী তাত নাছিল। ৰাষ্ট্ৰীয় পথ বহল কৰিবলৈ কটা মাটিয়েই অলপ দ গাতৰ দৰে সৃষ্টি কৰিছিল। গাড়ীখন ৰখোৱাত মানুহজনে বেগাবেগিকৈ গৈ গাতটোত (গাতটোৰ দ মানুহজনৰ প্ৰায় বুকুৰ সম-পৰ্যায়ৰ হ’ব) সোমাই সকলোৰে আঁৰ হৈ পৰিল। নিদিষ্ট ঠাইত কামফেৰা সম্পন্ন কৰিলে হয়, কিন্তু খদমদমত লগত যে পানী লৈ যাব লাগে, সেয়া খেয়ালেই নকৰিলে। এই বিষয় লৈ মূৰ ঘমাবলগীয়া হ’ল কণ্ডাক্টৰজনেহে। গাড়ীতে থকা আধা লিটাৰৰ পানীৰ বটল এটা লৈ নিৰাপদ দূৰত্বত থিয় দি তেখেতক মাতিলে-“দাদা…… দাদা পানীৰ বটলতো লওক।“ তেওঁ সেই অল্পবসন অৱস্থাতেই পানীৰ বটলটো থপিয়াই ধৰিলে। ইফালে পলম হোৱাত গাড়ীৰ ভিতৰত সকলোৰে উৎকণ্ঠা। যাত্ৰীগৰাকীৰ তথাপিও উভতি অহাৰ কোনো উমঘাম নাই। সকলোৱে গাড়ীৰ খিৰিকিৰে চাই দেখিলে যে মানুহজনে গাতটোৰ ভিতৰৰ পৰা হাত-বা দি কিবা ক’বলৈ খুজিছে। কণ্ডাক্টৰজন পুনৰ গাতটোৰ কাষলৈ গ’ল। তেওঁক আৰু এটা পানীৰ বটলৰ প্ৰয়োজন। গাড়ীৰ কাষলৈ অহাত অন্য যাত্ৰী সকলে জানিব পাৰি অন্য এটা আধা লিটাৰৰ পানীৰ বটল তেওঁলৈ বুলি আগবঢ়ালে আৰু কণ্ডাক্টৰজনে সেইটো আগৰ দৰেই তেওঁলৈ দলিয়াই দিলে।
যাত্ৰীজনে নিশ্চয় স্বত্বিৰ নিশ্বাস এৰিলে। কিন্তু, গাড়ীখনৰ ভিতৰত প্ৰৱেশ কৰিব খোঁজোতেই সকলো মহিলাই তেওঁক দুয়োশাৰী চিটৰ মাজৰ ঠাইখিনিৰে আগৰ চিটটোলৈ যোৱাত বাধা দিলে। সকলোৱে তেওঁলৈ চাই নাক কোঁচালে। বাধ্য হৈ কণ্ডাক্টৰে তেওঁক দৰজাৰ নিচেই কাষতে থকা এটা ভাল চিটেই আগবঢ়াবলে। এইদৰে শেষৰ চিটৰ যাত্ৰী পেটৰ ৰোষত পৰি হৈ পৰিল ভিআইপি যাত্ৰী।
প্ৰদীপ বৈশ্য