মই প্ৰথম চৈধ্য বছৰ বয়সত গম পাইছিলোঁ; মূল: মৌচুমী বিশ্বাস

লেখক- অনন্ত ভট্টাচাৰ্য্য

মই প্ৰথম চৈধ্য বছৰ বয়সত গম পাইছিলোঁ- মোৰ জন্মৰ খবৰটো শুনি আইতাই মূৰে কপালে হাত দি বাৰাণ্ডাত বহি পৰিছিল। মই আছিলোঁ মা-দেউতাৰ দ্বিতীয়টো কন্যা সন্তান। এই ঘটনাটোৰ ঠিক ডেৰ বছৰৰ পিছত মোৰ ভাইটিৰ জন্ম হৈছিল।

আইতাই মোক গোটেই জীৱন ‘কুলক্ষণী’ বুলিয়েই মাতিছিল। সৰুৰে পৰাই বুজি পাইছিলোঁ ঘৰত মোৰ আৰু বাইদেউৰ বাবে এটা ব্যৱস্থা আৰু ভাইটিৰ বাবে বেলেগ এটা বিশেষ আয়োজন হয়। পূজাৰ সময়ত ভাইটিৰ বাবে চাৰিযোৰ কাপোৰ আনহাতে বাইদেউ আৰু মোৰ বাবে এযোৰকৈ থাকে। ভাইটিৰ স্কুলৰ টিফিনবক্সত আপেল, কল, মিঠাই থাকে। মোৰ আৰু বাইদেউৰ বাবে যিকোনো বস্তু। মাৰবাবে এই কাঢ়া নিয়মৰ বাহিৰলৈ যোৱাৰ ক্ষমতা নাছিল। বাইদেৱে কেতিয়াও নিয়মবোৰ ভংগ কৰিবলৈ চেষ্টা কৰা নাছিল। মই কিন্তু বাৰে বাৰে আইতাৰ কথা শুনিব লগা হৈছিল…….. -”এই ছোৱালীজনী আবৰ্জনা, অত্যন্ত লোভী, হঠাৎ ক’ৰপৰা জন্ম হ’ল অলক্ষ্মী জনীৰ”…….

তথাপি মোৰ হেঁপাহ বা ডিমাণ্ডৰ অন্ত নাছিল। মোৰ আবদাৰ বা হেঁপাহ পূৰণৰ বাবে মায়ে মাজে মাজে লুকাই চুৰকৈ মোক টকা দিছিল। মায়ে বাইদেউক একো নিদিয়ে। তাইক অৱশ্যে কাহানিও একো বিচৰাও দেখা নাপালোঁ। 

সেই সময়ত মই ক্লাছ ছিক্সত পঢ়ি আছিলোঁ। স্কুলৰ পৰা উভতি আহোঁতে দেখিলোঁ মাৰ মুখখন কেঁহৰাজ বৰণীয়া হৈ আছে। কিবা এটা হৈছে বুলি ধৰিব পাৰিলোঁ। সন্ধিয়া আমি পঢ়ি থাকোঁতে বাইদেৱে ক’লে- 

”তই মাক কিয় ইমান বিপদত পেলাইছ? আজি আইতাই তোক মাৰ পৰা গোপনে টকা লোৱা দেখিছে।” 

মোতকৈ চাৰে তিনি বছৰ ডাঙৰ বাইদেৱে সেইদিনা মোক বুজাই দিছিল এই ঘৰত ছোৱালীক কি কৰিবলৈ দিয়া নহয়। 

ছোৱালীয়ে মুখফুটাই একো বিচাৰিব নালাগে; বেছি কথা পাতিব নালাগে ; ল’ৰাৰ দৰে দৌৰা জপিওৱা আদি খেলা নিষেধ। ছোৱালীয়ে ডাঙৰকৈ মাত মাতিব নোৱাৰিব। ছিলা উৰুৱাব নালাগে; ছোৱালীয়ে বন্দুক লৈ খেলিব নালাগে; ভৰি মেলি বহিব নালাগে, জোৰেৰে হাঁহিব নালাগে, সকলো সময়তে খাওঁ খাওঁ কৰি থাকিব নালাগে। 

সেইদিনা ‘নাপাই আৰু নোৱাৰি’ৰ দস্তাবেজখন শুনি মই আচৰিত হৈ গৈছিলোঁ। 

মোৰ বাইদেৱে অৱশ্যে “নাপাই” অভিধানখন বেছিদিন মানি চলিব লগা নহ’ল। মোৰ ক্ষীণমিন ৰুগীয়া বাইদেউজনীয়ে বিয়াৰ পাচৰ মানসিক চাপ চম্ভালিব পৰা নাছিল। বিয়াৰ দুবছৰৰ পাছতে শহুৰেকৰ ঘৰত, বাইছ বছৰ বয়সতে মৃত্যুক আঁকোৱালি ল’লে। 

সেইদিনা প্ৰথমবাৰৰ বাবে মায়ে গোটেই দিনটো বিছনাত পৰি থাকিল। প্ৰথমবাৰৰ বাবে আইতা, ভাইটি আৰু দেউতাৰ মানৱীয়তাবোধ সেইদিনাৰ বাবে কিছু জাগ্ৰত হোৱা যেন মই দেখিলোঁ। গোটেই দিনটো কোনেও মাক কোনো কাম কৰিবলৈ আদেশ বা নিৰ্দেশ নিদিলে। 

সঁচা কথা ক’বলৈ গ’লে – ইমান দুখৰ দিনটোতো মই ভাল পাইছিলোঁ; মাথোঁ এটা কথা ভাবি—-কাহিলীপুৱাতে সাৰ পোৱা মায়ে এই সুযোগতে সম্পূৰ্ণ দিনটো জিৰণি ল’লে! 

কলেজৰ অধ্যাপক এজনে মোৰ এগৰাকী বান্ধৱীৰ হাতত চেপা মাৰি কোনো নথকা অৱস্থাত অকলে পাই শ্ৰেণীকোঠাত ধৰিছিল। বিষয়টো অধ্যক্ষক অৱগত কৰিবলৈ গ’লোঁ। তেখেতে ক’লে, “ছোৱালীৰ মহাবিদ্যালয়ত তেনেকুৱা ঘটনা হয়েই। এই বিষয়ে বেছি হুলস্থূল নকৰিবা। মই চাম বাৰু কি ব্যৱস্থা ল’ব পাৰি।” এতিয়াও নাজানো তেওঁ অধ্যাপকজনৰ ওপৰত কি ব্যৱস্থা ল’লে। 

কিন্তু, কেনেবাকৈ ভাইটিয়ে এই বিষয়টো জানি মোক বিশেষ ব্যৱস্থা ল’বলৈ ঘৰত পৰামৰ্শ দিলে। দেউতাৰ সন্মুখত থিয় হৈ তেওঁ মোক সাধাৰণ ভাৱে ক’লে, “ইমান লাহবিলাহত কলেজলৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰতে পঢ় আৰু পৰীক্ষা দে।” 

মই বাইদেউৰ দৰে লক্ষ্মী ছোৱালী নহয়, গতিকে আনে কৰা অন্যায় কাৰ্যক মানি লোৱাটো মোৰ বাবে সম্ভৱ নাছিল। 

মোৰ ‘ছোৱালীকাল’ৰ আন এটা দিন বৰ ভালকৈ মনত আছে। ঘৰত পূজা এভাগ হৈছিল। বাইদেৱে পাকঘৰত মাক সহায় কৰি আছিল। আইতাই মোক গোসাঁইঘৰলৈ লৈ গৈ পূজাৰ বাবে প্ৰয়োজনীয় প্ৰসাদ, বুট, ফুল, বেলপাতৰ ব্যৱস্থা কৰিবলৈ শিকাই আছিল। পূজাৰ প্ৰস্তুতি শেষ হ’ল, মোৰ পঢ়া-শুনা সম্পূৰ্ণ হ’ল। কিন্তু, মোৰ চকু তেতিয়াও নিবদ্ধ আছিল নাৰায়ণৰ মূৰ্ত্তিৰ আগত প্ৰসাদ হিচাপে দিয়া নৈবদ্যৰ থালীখনত। প্ৰসাদৰ থালীখনৰ ওপৰত এটা ডাঙৰ নলেংগুৰৰ সন্দেশ একেবাৰে চূড়াত চূড়ামণি হৈ জিলিকি আছিল। 

সময়মতে পূজাৰ অন্ত পৰিল। মায়ে প্ৰসাদ বিতৰণৰ প্ৰস্তুতি চলাই আছিল। …….হঠাতে! সকলোৰে দৃষ্টিত ধৰা নপৰাকৈ সকলোকে আচৰিত কৰি, মই – সেই বহুমূলীয়া সন্দেশ, তুলি লৈ মুখত ভৰাই দিলোঁ। 

মুখৰ সুস্বাদুতাই মোক আপ্লুত কৰি পেলালে। 

সন্দেশৰ ভৰা গালত আইতাৰ প্ৰকাণ্ড চৰ এটা পৰিলত মোৰ চেতনা ঘূৰি আহিল। 

আইতাৰ কঠোৰ নিৰ্যাতনৰ পৰা মই বুজিলোঁ – ঘৰত যিমানেই প্ৰসাদৰ ব্যৱস্থা নহওক কিয়; পুৰুষ সদস্যসকলে সেই প্ৰসাদৰ সিংহভাগৰ অধিকাৰী আছিল। 

দুয়ো গালত পৰা পাঁচটা আঙুলিৰ চিন লৈ কেতিয়া টোপনি আহিল গম নাপালোঁ। মাজনিশা মাৰ স্পৰ্শত সাৰ পাই উঠিছিলোঁ। অভিমান আৰু খঙত মুখখন ঘূৰাই দি শুই পৰিলোঁ। কিন্তু, মোৰ চুলিত চুমা খাই মাৰ সেইসময়ৰ কন্দা অসহায় কান্দোন মই কেতিয়াও পাহৰিব নোৱাৰিলোঁ। 

”মৃত্যুৰ সময়ত পুত্ৰৰ হাতৰ পৰা পানী এটোপা নাপালে স্বৰ্গলৈ নাযাবি।” দেউতাই আইতাৰ এই কথাষাৰ অন্তৰৰ পৰা বিশ্বাস কৰিছিল। মোৰ ভাইটি আছিল দেউতাৰ বাবে সেই স্বৰ্গত বাস কৰিবৰ বাবে এক ইনভেষ্টমেণ্ট। 

মোৰ ভাইটি, বৰ্তমান বাংগালুৰুৰ এটা বহুজাতিক কোম্পানীত কৰ্মৰত। সি বিয়া কৰাইছে। তাতে তেওঁ স্থানীয় পৰিয়ালটোৰ সৈতে এক নিৰাপদ জীৱন যাপন কৰে। ইয়ালৈ সি বেছিকৈ অহাৰ প্ৰয়োজন নহয়। কেতিয়াবা আহিলেও অফিচৰ ভি.আই.পি. অতিথিশালাতে থাকে। পূব আৰু দক্ষিণমুখী প্ৰকাণ্ড ফ্লেট এটাত থাকি থাকি অভ্যস্ত হৈ পৰিছে ; আমাৰ পুৰণি ঘৰটোৰ শেলুৱৈ গজা দেৱালবোৰে তাৰ বাবে জীৱন নিৰ্বাহ কঠিন কৰি তোলে। 

 প্ৰায় দুবছৰ আগতে দেউতাৰ মৃত্যু হৈছিল। দেউতাই নিজৰ প্ৰভিডেণ্ট ফাণ্ডৰ ষাঠি শতাংশ টকা পুত্ৰৰ কেৰিয়াৰৰ নামত ব্যয় কৰিছিল। মৃত্যুৰ দিনটোতো তেওঁ বিশ্বাস কৰিব পৰা নাছিল যে ভাইটিৰ বাবে কৰা এই সকলো খৰচ পানীত পৰিল। 

আইতাৰ বয়স এতিয়া প্ৰায় চৌৰাশী বছৰ। বুঢ়ীৰ আৰু ল’ৰাৰ হাতৰ পৰা পানী এটোপা গলাত নপৰিল। টিউচন আৰু স্কুলত কাম কৰি মই যিকেইটা টকা উপাৰ্জন কৰো, সেই টকা কেইটাৰে পৰিয়ালটো যেনে তেনে চলি আছে। 

সেইদিনা মই দিনটোৰ অন্তত ভাগৰে জুগৰে বহু কষ্ট কৰি ঘৰৰ দুৱাৰত ভৰি থৈছিলোঁ। মা দৌৰি আহিল——” খৰধৰকৈ আহ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই। তোক বাৰে বাৰে বিচাৰিছে।” 

ঘৰত সোমাই বুঢ়ীৰ মূৰৰ কাষত বহিলোঁ। মোক দেখি তেওঁ যেন অলপ হাঁহিলে। মই ধৰি থকা গাখীৰৰ গিলাচটোৰ পৰা তেওঁ দুটা চুমুক দিলে, আৰু তাৰ পিছত ক্লান্তিৰ মাজত মূৰটো বিছনাখনৰ ওপৰত পিছলৈ হেলান দিলে। তেওঁ মোক ওচৰলৈ মাতি ইংগিত দিলে। মই মোৰ মুখখন তেওঁৰ মুখখনলৈ নমাই দিলোঁ। অতি লাহে লাহে প্ৰায় ক্ষীণ হৈ পৰা মাতেৰে আইতাই ক’লে – “কুলক্ষণী বিয়া হ। মই তোৰ ছোৱালী হৈ জনম ল’ব বিচাৰো। বুঢ়ীক ক্ষমা কৰি দিবি। “-

মা আৰু মই সেইদিনা গোটেই ৰাতি সাৰ পাই বহি থাকিলোঁ। গোটেই ৰাতি আইতাৰ বন্ধ চকুৰ পৰা নিগৰি নিগৰি ওলাই থকা চকুপানীবোৰ মচি দিলোঁ……. ইমান দিনৰ পাছত বুঢ়ীজনীৰ দৃষ্টিত মোৰ ‘অলক্ষ্মী’ জন্ম সফল হৈছে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments