মণিপুৰৰ জনগোষ্ঠীয় বিদ্বেষৰ উঁহ

লেখক- বিপ্লৱজ্যোতি বৰা।

মণিপুৰ, ভাৰতৰ উত্তৰ-পূবৰ অন্যতম সীমান্ত প্ৰদেশখনৰ সীমা এফালে নিজ দেশৰ অসম, নগালেণ্ড আৰু মিজোৰামৰ লগত যিমান স্পৰ্শ কৰি আছে, আনফালে সিমানেই অংশ চুবুৰীয়া অশান্তজৰ্জৰ ম্যানমাৰৰ লগত স্পৰ্শ কৰি আছে। ৰাজ্যখনৰ মাত্ৰ দহ শতাংশ সমতল অঞ্চল আৰু বাকী নব্বৈ শতাংশই পাহাৰীয়া অঞ্চল। সমতলভূমিক পাহাৰে আৱৰি থকা এনে এখন সীমামূৰীয়া ৰাজ্যত স্বাভাৱিকতেই সামাজিক বাতাবৰণ বিভিন্ন কাৰকে অহৰহ প্ৰভাৱিত কৰি ৰাখে; সেয়া অবৈধ প্ৰব্ৰজনেই হওক, চুবুৰীয়া ৰাষ্ট্ৰৰ গোষ্ঠীগত সমস্যাৰ পাৰ্শ্বক্ৰিয়াই হওক, চৰমপন্থী গোটবোৰৰ কূটঘাটমূলক কাৰ্যই হওক, অবৈধ ব্যৱসায় বা অসামাজিক ক্ৰিয়াকলাপৰ ভৰপূৰতাই হওক বা জনগোষ্ঠীবিলাকৰ মাজৰ সম্পৰ্কই হওক, মুঠতে ৰাজ্যৰ বৰ্তমান বা ভৱিষ্যত নিৰ্ণায়ক হৈ থাকে এনে কাৰকবোৰ। প্ৰান্তীয় ভৌগোলিক অৱস্থানৰ এই অঞ্চলবোৰত অনগ্ৰসৰ সামাজিক চেতনাই সহজে মধ্যযুগলৈও গতি কৰিব পাৰে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ জনসাধাৰণৰ প্ৰতি থকা মনোভাৱেও বাতাবৰণৰ সুস্থাৱস্থা বাহাল থকা নথকাত প্ৰভাৱ পেলায়। বিভিন্ন জৰুৰী তথা স্পৰ্শকাতৰ সময়ত চৰকাৰৰ সমাধানমুখী পদক্ষেপ, জনসাধাৰণৰ প্ৰতি উদাৰ দৃষ্টিভংগী, সহৃদয়তা আদিয়ে সৰ্বসাধাৰণক আশ্বাস দিয়ে, চৰকাৰৰ প্ৰতি আস্থা আনে, দেশৰ অখণ্ডতাৰ প্ৰতি শ্ৰদ্ধাবোধৰ জন্ম দিয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ভাগ্যত এনে অকপট উদাৰতা, সহৃদয়তা কিমান আছিল! কিমান আছে! ৰাজনৈতিক স্বাৰ্থৰ আঁৰকাপোৰখনৰ পৰা মুক্তসকলে নিশ্চয় বুজি পায়, উপলব্ধি কৰে। মণিপুৰ প্ৰাকৃতিক বা সাংস্কৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰাজ্য। ইয়াৰ ইতিহাস সুপ্ৰাচীন। ৰাজ্যখনৰ প্ৰধান জনগোষ্ঠী কেইটা হ’ল মৈটৈ বা মেইটেই বা মণিপুৰী, নানা উপগোটেৰে গঠন হোৱা কুকিসকল আৰু নগা জনগোষ্ঠী। শ শ বছৰৰ আগতে তেতিয়াৰ বাৰ্মাৰ পৰা আজিৰ মৈটৈ/মেইটেই জনগোষ্ঠীয়ে ইম্ফলৰ সমতল ভূমিত ৰাজ্য স্থাপন কৰি বসবাস কৰিবলৈ লৈছিল। অৰ্থাৎ মণিপুৰৰ ইতিহাস মানেই মেইটেইৰ ইতিহাস। পূৰ্বতে হিন্দু নাছিল যদিও ১৭৩০ চন মানৰপৰা হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ লোৱা এই মেইটেই জনগোষ্ঠীৰ বহু ৰজাই মণিপুৰত শাসন কৰিলে। ৰাজ্যৰ সীমাবৃদ্ধিক লৈ দক্ষিণৰ পাহাৰ অঞ্চলত বাস কৰিবলৈ লোৱা কুকিসকলৰ লগত বা উত্তৰৰ পাহাৰীয়া অঞ্চলৰ নগাসকলৰ লগত এওঁলোকৰ সৰু সুৰা বিবাদো সৃষ্টি হৈছিল। কিন্তু তাৰ মাজতো এওঁলোকৰ মাজত বাণিজ্য আদি কাৰণত বুজাপৰাও চলি আহিছিল। এয়া যিকোনো ওচৰ চুবুৰীয়াৰ স্বাভাৱিক জীৱনশৈলীৰে অংশ। কিন্তু ১৮১৯ চনৰপৰা এই জনগোষ্ঠী কেইটাৰ সম্পৰ্ক বেয়ালৈ গতি কৰে। তাৰ মূল কাৰণ ১৮১৯ চনত বাৰ্মাৰ মণিপুৰ আক্ৰমণ। আচলতে ১৮১৯ চনৰ পৰা ১৮২৫চনলৈ বাৰ্মাই মণিপুৰত অকথ্য নিৰ্যাতন চলালে। মেইটেই, কুকি, নগা একো বাচ-বিচাৰ নোহোৱাকৈ হত্যা, লুণ্ঠনেৰে মণিপুৰক মৰিশালিলৈ পৰ্যবসিত কৰিছিল। ১৮২৬ চনত ইংৰাজসকলৰ হস্তক্ষেপে মণিপুৰক বাৰ্মাৰ পৰা মুক্তি দিলে যদিও মণিপুৰ বৃটিছ ঔপনিৱেশৰ অংশ হৈ পৰে। ১৮৯১ কৰতলীয়া ৰাজ্য হিচাপে স্বীকৃতি দি ইংৰাজে নিজৰ স্বাভাৱিক বিভাজন নীতিৰ প্ৰয়োগেৰে মণিপুৰৰ জনগোষ্ঠীসমূহৰ মাজত অহি-নকুল সম্বন্ধ স্থাপন কৰাত সফল হয়। কুকিসকলক নিৰ্দিষ্ট স্থানত সীমাবদ্ধ কৰি যাযাবৰী স্বভাৱৰ জীৱন প্ৰণালীক বাধাদান কৰে। মেইটেইসকলে লাভ কৰা ভৈয়ামৰ উৰ্বৰ মাটিৰ তুলনাত তেওঁলোকৰ মাটিবোৰো আছিল শুকান। এই দুই জনগোষ্ঠীৰ মাজত এনেবোৰ কাৰণত বিদ্বেষ ভাবৰ সৃষ্টি হ’ল। ১৮৯৪ চনৰ পৰা মণিপুৰলৈ খ্ৰীষ্টান মিছনেৰীৰ আগমন ঘটে। ইয়াৰ ফলত প্ৰায় সমুদায় কুকি লোকক খ্ৰীষ্টানধৰ্ম গ্ৰহণ কৰোৱা হয়। ফলত ধৰ্মীয় দিশৰ পৰাও জনগোষ্ঠী দুটাৰ মাজত প্ৰভেদ সৃষ্টি হয়। দেশ স্বাধীন হোৱাৰ সময়ত মণিপুৰৰ ৰজা আছিল মহাৰাজ ভোজচন্দ্ৰ সিং। মণিপুৰ ভাৰতৰ অংগৰাজ্য হ’বনে নহ’ব এই কথাৰ বহু বিতৰ্কৰ অন্তত: ১৯৪৯ চনত ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে মণিপুৰ অন্তৰ্ভুক্ত হ’ল। এইদৰে প্ৰায় ২৫ বছৰ পাৰ হ’ল। জনগোষ্ঠীসমূহৰ নানা আপত্তি, দাবী, প্ৰতিবাদে সময়ে সময়ে পৰিৱেশ অশান্ত কৰি ৰাখিবলৈ ধৰিলে। ১৯৬২ চনত United National Liberation Front ৰ জন্ম হ’ল। সেয়াই আৰম্ভণি। জনগোষ্ঠীসমূহৰ মাজৰ বিভেদ আৰু বিভিন্ন দাবীসমূহৰ আলমতে ত্ৰিশৰো অধিক সশস্ত্ৰ উগ্ৰপন্থী দল গঠন হ’ল। মণিপুৰৰ ২নং আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ দুটা সশস্ত্ৰ দলসমূহৰ বাবে খিৰতী গাই যেন হৈ পৰিল। মণিপুৰৰ পৰা শান্তিয়ে বিদায় মাগিলে। ১৯৭২ চনত মণিপুৰ এখন ৰাজ্য হ’ল। বিদ্বেষবোৰ বাঢ়ি থকাৰ অন্য কাৰণো সৃষ্টি হ’ল। বিধানসভাৰ ৬০% তকৈও বেছি আসন মেইটেই প্ৰধান অঞ্চলৰ হোৱা বাবে শাসনত মেইটেইৰ সংখ্যাগৰিষ্ঠতা বাহাল থাকিল। কুকি বা নগাসকলৰ মনত বঞ্চিত হোৱাৰ বিষ শিপাই থাকিল। ১৯৭৯ চনত মেইটেই ভাষাক মণিপুৰৰ ৰাজ্যিক ভাষা কৰা হ’ল। এয়া কুকি বা নগাসকলৰ বাবে আদৰণীয় নাছিল। ১৯৮০ চনত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে মণিপুৰক অশান্ত অঞ্চল বুলি ঘোষণা কৰে। সশস্ত্ৰ সেনাৰে মণিপুৰৰ বাট পথ ভৰি পৰে। শান্তি নাহিল।

অশান্ত ম্যানমাৰৰ পৰা দলে দলে কুকি শৰণাৰ্থী আহি মণিপুৰৰ চুৰাচান্দপুৰ আদি জিলাসমূহত আশ্ৰয় লৈ থকাৰ ফলত পাহাৰীয়া অঞ্চলবোৰত কুকিসকলৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। এই বৃদ্ধিৰ হাৰ অধিক দ্ৰুততৰ হয় যোৱা শতিকাত। ১৯০১ চনত ৰাজ্যখনত খ্ৰীষ্টান লোক (মূলতে কুকি)আছিল ৮%, হিন্দু আছিল ৬০% ৷ ১৯৯১ চনত খ্ৰীষ্টানৰ হাৰ হ’লগৈ ৩৪.১১% ৷ আৰু ২০২১চনত ৪৫%। মেইটেইসকলৰ মনলৈ নিজে সংখ্যালঘু হৈ পৰাৰ যি শংকা আহিছিল সি লাহে লাহে অস্তিত্বহীনতাৰ শংকালৈ ৰূপান্তৰিত হৈ পৰিল। সেইবাবে অবৈধ অনুপ্ৰৱেশকাৰীৰ চিনাক্ত কৰিবলৈ মেইটেইসকলে তীব্ৰ হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে। যাৰ পৰিণতিত চলিত বৰ্ষত সৰু সৰু অঞ্চল দুটামানতে প্ৰায় ২০০০জন অবৈধ অনুপ্ৰৱেশকাৰী চৰকাৰে চিনাক্ত কৰে, যিসকল আছিল মূলত: কুকি সম্প্ৰদায়ৰ। কিন্তু কুকিসকলৰ মতে বছৰ বছৰ ধৰি পাহাৰত বাস কৰা তেওঁলোকৰে একাংশক বিদেশী সজোৱা হৈছে। ইয়াৰ সমান্তৰালভাৱে চৰকাৰে বনাঞ্চলত অবৈধভাৱে বাসকৰা লোকসকল বিতাৰিত কৰাৰ উদ্দেশ্যৰে Manipur Forest Rule 2021 বলৱৎ কৰে আৰু বহু কুকিলোকক বনাঞ্চলৰ পৰা বিতাৰিত কৰে। এই কাৰ্যই কুকিসকলক অধিক ক্ষুণ্ণ কৰে। এই পদক্ষেপৰ মূল কাৰণ আছিল, এনে অঞ্চলবোৰত অবৈধ আফিং খেতি কৰা হয় আৰু নিচাযুক্ত দ্ৰব্যৰ গোপন বেহা চলে। এইসমূহক উৎখাত কৰাৰ উদ্দেশ্যেৰে চৰকাৰে বনাঞ্চল বেদখল দূৰ কৰাত বেছি তৎপৰ হৈছিল। মুঠতে সাতে সোতৰই মিলি কুকিসকলৰ মনৰ বিদ্ৰোহভাৱ চূড়ান্ত অৱস্থা পালেগৈ। শাসকপক্ষই সকলোফালৰ পৰা কুকিসকলকে নিঃশেষ কৰাৰ ব্যৱস্থা কৰিছে বুলি ভাবি তেওঁলোকে আত্মৰক্ষাৰ বাবে প্ৰস্তুত হ’ল।

আজিৰ দিনত মণিপুৰৰ মুঠ মাটিকালি হ’ল ২২,৩২৭ বৰ্গ কিলোমিটাৰ। ইয়াৰ প্ৰায় ২২৩৮ বৰ্গ কিলোমিটাৰ হ’ল সমতল ভূমি (ইম্ফল) উপত্যকা। অৰ্থাৎ মুঠ মাটিকালিৰ প্ৰায় ১০%। ৰাজ্যৰ ৫০%তকৈও অধিক অজনজাতীয় লোক (মেইটেই/মণিপুৰী) এই অঞ্চলত বাস কৰে। এইসকল হিন্দু ধৰ্মাৱলন্বী লোক। বহিঃৰাজ্য আদিৰ পৰা প্ৰব্ৰজিত মুছলমান সকলো ( প্ৰায় ৮%) এই অঞ্চলতে বাস কৰি আছে। বাকী ৯০% স্থানত জনজাতীয় লোকসকল (কুকি আৰু নগা) বাস কৰে। জনসংখ্যাৰ হিচাপত এইসকলৰ পৰিমাণ প্ৰায় ৪৫%। কুকি বুলি যিসকলক কোৱা হয় সেইসকল প্ৰকৃততে প্ৰায় ৩০টা উপগোটৰ সমষ্টি। এইসকল হ’ল খ্ৰীষ্টান ধৰ্মাৱলন্বী লোক। এটা কথা ইয়াত স্পষ্ট যে গৰিষ্ঠ সংখ্যক লোক কম পৰিমাণৰ ঠাইত বাস কৰে য’ত জনবসতিৰ ঘনত্ব অত্যধিক আৰু কমসংখ্যক লোক বেছি পৰিসৰৰ এলেকাত বাস কৰে য’ত জনবসতিৰ ঘনত্ব কম। আনহাতে অনুসূচিত জনজাতিৰ স্বীকৃতি নথকাৰ বাবে মেইটেইসকলৰ পাহাৰত গৈ মাটি কিনাৰো অধিকাৰ নাই। কিন্তু এই স্বীকৃতি কুকি বা নগাসকলৰ থকা বাবে তেওঁলোকে যিকোনো ঠাইতে গৈ মাটি কিনাৰ বা বসবাস কৰাৰ অধিকাৰ আছে। গতিকে মেইটেইসকলে জনজাতিকৰণ, inner line permit আদিৰ দাবী প্ৰবলভাৱে উত্থাপন কৰিবলৈ ল’লে। ২০১৩চনৰ পৰা এইসকলে কৰি অহা জনজাতিকৰণৰ দাবী সন্দৰ্ভত মণিপুৰ উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়দানে গুজৰি গুমৰি থকা আক্ৰোশবোৰৰ উন্মুক্ত বহিৰ্প্ৰকাশ ঘটালে। মণিপুৰ উচ্চ ন্যায়ালয়ে যোৱা ২৩ মাৰ্চ তাৰিখে মণিপুৰ চৰকাৰক মেইটেইসকলক ST hills ৰ অন্তৰ্ভূক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাবলৈ জাননী দিয়ে। হয়তো এইটোৱেই মণিপুৰৰ বাবে সৰ্বকালৰ এক ঘাতক সিদ্ধান্ত, যিটো লোৱাৰ বা কৰাৰ ক্ষমতা হয়তো উচ্চ ন্যায়ালয়ৰ হাতত নাছিলেই। এই ভুল (?)ৰ প্ৰতিফল ইমান মাৰাত্মক হ’ব বুলি হয়তো কোনেও ভবা নাছিল। যুগে যুগে গাপ দি থকা তুঁহজুই একুৰা যেন এটা বিস্ফোৰণৰে দপ্‌দপাই জ্বলি উঠিল। দুটা জনগোষ্ঠীৰ মাজত বিভেদে চূড়ান্ত ৰূপ ল’লে। কোনোদিনেই সহাৱস্থানৰ সম্ভাৱনা নাৰাখি পৰস্পৰক পৰম শত্ৰু জ্ঞান কৰি হিংস্ৰতাৰ আশ্ৰয় ল’লে। অনিয়ন্ত্ৰিত পৰিৱেশ। কুকিসকলে এম বিৰেণ সিঙৰ ওপৰত আস্থাহীন হৈ পৃথক শাসন বিচাৰে। এই বিদ্বেষৰ পৰা মন্ত্ৰী বিধায়কৰ ঘৰো বাচি যোৱা নাই। এফালৰ পৰা জ্বলাই যোৱা হ’ল। সকলোৰে দৃষ্টি, আশা এতিয়া দেশৰ প্ৰধানমন্ত্ৰীৰ ওপৰত। কিবা এটা কৰক!

আজি মণিপুৰৰ অৱস্থা বৰ্ণনাতীত। বিগত দুটা মাহত শতাধিক লোকৰ মৃত্যু হৈছে, ৫০ হাজাৰৰো অধিক লোক গৃহহীন হৈ শৰণাৰ্থীত পৰিণত হৈছে। হাজাৰ হাজাৰ ঘৰ জ্বলাই দিয়া হৈছে। সৰ্বসাধাৰণ লোকেও হাতত মাৰণাস্ত্ৰ লৈ ফুৰিছে। গাঁৱে গাঁৱে বন্দুকধাৰী লোকে বাংকাৰ সাজি পহৰা দিছে। সেনাবাহিনীয়ে নিজৰ অপাৰগতা স্বীকাৰ কৰিছে। মণিপুৰত এতিয়া ARTICLE 355, কাৰ্ফিউ, ধোঁৱা, ধূলি, জুই আৰু গুলিৰ শব্দ। চৰকাৰৰ দেখামাত্ৰেই গুলি কৰাৰ নিৰ্দেশ। বহিঃপৃথিৱীৰ পৰা বিচ্ছিন্ন হৈ পৰা ৰাজ্যখনত মৃত্যুৰ কিৰিলি। কিন্তু এয়া জানো হঠাতে হোৱা ঘটনা? নিশ্চয় নহয়, মণিপুৰৰ ইতিহাসৰ পাতে পাতে এই জুইৰ ইংগিত আছিল। এই বিদ্বেষ সাতামপুৰুষীয়া। ইয়াত ধৰ্মীয় মেৰুকৰণ বা জনগোষ্ঠীয় মেৰুকৰণৰ সমানে অৰিহণা আছে প্ৰাপ্য অৰ্জনৰ তাড়না। তাত সাৰ-পানী যোগালে ম্যানমাৰৰ অশান্ত পৰিৱেশে, ISI আৰু চীনৰ কোলাত ডাঙৰ দীঘল হোৱা সশস্ত্ৰ গোটবোৰে। নহ’লে সৰ্ব সাধাৰণৰ হাতত AK-47 কি দৰে সম্ভৱ! সৰ্বসাধাৰণে কিদৰে পুলিচ বা আৰ্মিৰ অস্ত্ৰ কাঢ়ি আনিবলৈ সাহস কৰিব! ২০০৮ চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সশস্ত্ৰ সংগঠন সমূহে SUSPENSION OF OPERATION (SOO) স্বাক্ষৰ কৰিছিল। কিন্তু ইয়াৰে কিছুসংখ্যকৰ লগত যোৱা ১০ মাৰ্চত এক নতুন চুক্তি হ’ল, তেওঁলোকক মাহে ৩০০০ৰ পৰা ৫০০০কৈ টকা দিয়া হ’ব। আৰু এতিয়া সশস্ত্ৰ বিক্ষোভকাৰীৰ ৰূপত এই সকলেই ৰাজপথত ঘূৰিছে। চাবলৈ গ’লে মণিপুৰত বাসকৰা তিনিওটা জনগোষ্ঠীৰে পাৰস্পৰিক সম্পৰ্ক সুখকৰ নহয়। বিভিন্ন সময়ত এই বিভেদবোৰ স্পষ্ট হৈ পৰে। মেইটেই আৰু কুকিসকলৰ মাজৰ এই গৃহযুদ্ধ সদৃশ পৰিবেশত আনটো জনগোষ্ঠী নীৰৱ। কাৰণ একপক্ষীয় সমৰ্থন এওঁলোকে জনাব নোৱাৰে। ১৯৯৩ চনৰ NSCN IM য়ে কুকিসকলৰ ৩৫০খন গাঁও জ্বলাই শতাধিক কুকিলোকক হত্যা কৰাৰ উদাহৰণেই কুকি আৰু নগাসকলৰ সম্পৰ্ক বুজিবৰ বাবে যথেষ্ট। আনহাতে মেইটেই সকলৰ জনজাতিকৰণো এই নগাসকলে নিজৰ বাবে বিপদজনক বুলিহে গণ্য কৰে। নগাসকলে যি পৃথক ৰাষ্ট্ৰ দাবী কৰি আহিছে তাত মেইটেইসকলেও সমৰ্থন জনাই নিজৰ ভৰিত কুঠাৰ মাৰিব নোখোজে। কাৰণ সেই নগালেণ্ডত মেইটেইসকলৰ বসতিপ্ৰধান বহু অঞ্চলো সোমাই পৰিব। একেদৰে কুকিলেণ্ড বিচৰা কুকি সংগঠনৰ দাবীকো নগাসকলে সমৰ্থন জনাব নোৱাৰে। মুঠতে কোনোফালৰ পৰা সমাধানৰ ৰেশ নোহোৱা এক সাংঘাতিক স্পৰ্শকাতৰ পৰিস্থিতিত মণিপুৰ আজি নিয়ন্ত্ৰণহীন হৈ পৰিছে।

বিপ্লৱজ্যোতি বৰা।
কাকডোঙা।
৯১০১৮২৩৫৮৯

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!