মানুহৰ মন

লেখক- মুনমুন সৰকাৰ

মূল:মানুষেৰ মন
গল্পকাৰ:বলাইচাঁদ মুখোপাধ্যায়
ভাষান্তৰ:মুনমুন সৰকাৰ

নৰেশ আৰু পৰেশ দুয়ো সহোদৰ। কিন্তু এটি বৃন্তৰ দুপাহ ফুল-এই উদাহৰণটো সিহঁতৰ ক্ষেত্ৰত নৰজে। আকৃতি আৰু প্ৰকৃতি দুয়োফালৰ পৰা সিহঁতহাল নিমিলে। নৰেশৰ মুখাবয়ৱ অলপ এনে ধৰণৰ: মাগুৰবৰণীয়া, ওখ-পাখ, থিয়-দঙা চুলি একোচা, গোলাকৃতিৰ মুখ আৰু সেই মুখত এযোৰ বুদ্ধিদীপ্ত চকু, নেউলৰ নেজৰ দৰে ডাঠ মোচ, আৰু ভাটৌ চৰাইৰ ওঁঠৰ সমান জোঙা নাক।
পৰেশ হ’ল অলপ চুটি-চাপৰ, বগা বৰণৰ, মূৰত একোচা কেঁকোৰা চুলি। মুখখন অলপ দীঘলীয়াকৈ আৰু নাকটো ভোটা। চকুযুৰিত এক তন্ময়তা আছে যেন! দাঁড়ি-মোচ একোৱেই নাই। ডিঙিত তুলসীৰ মালা। কপালত চন্দনৰ ফোঁট।
মনৰ ফালৰ পৰা চাবলৈ গ’লে এনে লাগে যেন দুয়োৰে গোড়ামি আছে। এজন সম্পূৰ্ণ বিজ্ঞানমনস্ক আনজন ধৰ্মভীৰু। অত্যন্ত নিষ্ঠা সহকাৰে নৰেশে জ্ঞানৰ পথ আৰু পৰেশে ভক্তিৰ পথ বাছি লৈছে।
যেতিয়া নৰেশৰ বন কৰা ল’ৰাজনে তালৈ ফাউল কাটলেট বনায় আৰু নৰেশ ব্যস্ত হৈ পৰে থিঅ’ৰি অফ ৰিলেটিভিটিক লৈ তেতিয়া সেই একেখন ঘৰতেই পৰেশে নিজেই নিজৰ বাবে নিৰামিষ আহাৰ ৰান্ধি খাই বৈ ৰামায়ণ পাঠত ব্যস্ত হৈ থাকে।
সেইবুলি নাভাবিব যে দুয়ো সদায় কাজিয়া পেচাল কৰিছিল! তেনে নহয়! তেওঁলোকৰ মাজত কোনো কাজিয়া নাছিল। তাৰ প্ৰধান কাৰণ চাগে এইটোৱেই যে পইচাৰ কাৰণে কোনো কাৰো ওচৰত হাত পাতিবলগীয়া হোৱা নাছিল।
দুয়ো স্নাতকোত্তৰ ডিগ্ৰীধাৰী-নৰেশ কেমেষ্ট্ৰিত আৰু পৰেশ সংস্কৃতত। উভয়েই কলেজত চাকৰি কৰি মোটা অংকৰ দৰমহা পায়। মৃত্যুৰ আগতেই দেউতাকে তেওঁলোকক সমান পৰিমাণৰ ধন ভগাই দি থৈ গৈছিল। যিখন ঘৰত তেওঁলোকে বসবাস কৰে সেয়াও পৈতৃক সম্পত্তি। বহুত ডাঙৰ আহল-বহল ঘৰ-দুৱাৰ। ইমানেই আহল-বহল যে ইয়াত দুই তিনিটা পৰিয়াল নিজৰ ল’ৰা-ছোৱালী, নাতি-নাতিনীৰে সৈতে আৰামত বসবাস কৰিব পাৰিব। কিন্তু দুয়োজন ককাই-ভাইৰ এই পৃথিৱীত তেওঁলোকৰ অস্থায়ী বসবাসৰ বিষয়ে এনে এক উপলব্ধি আহিল মনলৈ যে তেওঁলোকৰ এজনেও বিয়া নাপাতিলে। পৰেশৰ মতে, কোন তোমাৰ স্ত্ৰী, কোন তোমাৰ পুত্ৰ? এই পৃথিৱীখনৰ সকলোৱে অস্থায়ী বাসিন্দা। এয়াই সত্য। থিঅ’ৰি অফ ৰিলেটিভিটিৰ ছাত্ৰ নৰেশে ভাবে তাৰ প্ৰাক্তন প্ৰেমিকা সঁচাকৈয়ে ঢুকাইছে নেকি কাৰণ তেওঁ এতিয়াও তাইক দেখে আকৌ নেদেখা হয়।
সেয়ে নৰেশ আৰু পৰেশ সহোদৰ হোৱা সত্ত্বেও ভিন ভিন প্ৰকৃতিৰ হোৱা সত্ত্বেও এখন ঘৰত শান্তিৰে মিলাপ্ৰীতিৰে থাকে।
এটা বিষয়ত কিন্তু উভয়ৰ মিলো আছিল।
পল্টুক দুয়ো বহুত মৰম কৰিছিল। পল্টু তপেশৰ পুত্ৰ। নৰেশ আৰু পৰেশৰ সৰু ভায়েকৰ নাম তপেশ। এলাহাবাদত চাকৰি কৰিছিল। হঠাৎ এদিন কলেৰা হৈ তপেশ আৰু তেওঁৰ পত্নী মনোৰমাৰ মৃত্যু হৈছিল। টেলিগ্ৰাম পাই দুয়োজন ককাই-ভাইয়ে গৈ কেৱল তপেশ আৰু তেওঁৰ পত্নীৰ শেষ কথাখিনিহে শুনিবলৈ পালে। তাৰ অৰ্থ এয়াই যে “আমি যাবলৈ ওলালোঁ, পল্টুক আপোনালোকে চাব।” পল্টুক লৈ দুয়ো কলকাতালৈ উভতিল। তপেশৰ ওচৰত পৈতৃক সা-সম্পত্তি কিছু আছিল, নৰেশে তাৰ আধা পৰেশৰ সন্তুষ্টিৰ বাবে ৰামকৃষ্ণ মিচনলৈ দান দিয়াৰ কথা প্ৰস্তাৱ ৰাখিলত পৰেশে তপৰাই মাত লগালে যে “বাকীখিনি তেন্তে বিজ্ঞানৰ উন্নতিৰ কামত লাগক!” সেয়াই হ’ল। পল্টুৰ ভৱিষ্যত সম্পৰ্কে তেওঁলোকে ভাবিলে যে তেওঁলোকৰ নিজৰ যেতিয়া ল’ৰা-ছোৱালী, সংসাৰ একো নাইয়ে, গতিকে পল্টুক লৈ অকনো অসুবিধা নহয়।
পল্টু নৰেশ আৰু পৰেশৰ চকুৰ মণি স্বৰূপ ডাঙৰ হ’বলৈ ধৰিলে। দুয়ো কেতিয়াও নিজৰ মতবাদ পল্টুৰ ওপৰত জাপি দিব নোখোজে। পল্টুৰ যি মন যায় সি তাকেই কৰিছিল। নৰেশৰ লগত একেলগে খোৱা বোৱা কৰি থাকোঁতে যেতিয়া তাৰ মূৰ্গীৰ মাংসৰ প্ৰতি বিতৃষ্ণা আহিব ধৰে সি তেতিয়া দুদিনমান পৰেশৰ সৈতে শুদ্ধ নিৰামিষ আহাৰ গ্ৰহণ কৰে। কেইদিনমানৰ বাবে নিৰামিষ খাই খাই আমুৱালে আকৌ নৰেশৰ তালৈ ঢাপলি মেলোঁতেও সি কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল।
নৰেশ আৰু পৰেশ কোনোৱেই তাক বান্ধোনত বান্ধ খুৱাব খোজা নাছিল যদিও দুয়োজনেই মনে মনে আশা কৰিছিল পল্টুৱে যেন ডাঙৰ হ’লে সিহঁতৰ আদৰ্শ গ্ৰহণ কৰে।
পল্টুৰ বয়স ষোল্ল বছৰ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব। সুন্দৰ স্বাস্থ্য, গাৰ বৰণ ভীষণ বগা, আয়তাকাৰ এহাল চকু। নৰেশ আৰু পৰেশে অন্তঃকৰণেৰে পল্টুক ভাল পাইছিল আৰু পল্টুক ভালপোৱাটো লৈ তেওঁলোকৰ মাজত একো বিবাদ নাছিল।
এদিন পল্টু বেমাৰত পৰিল।
নৰেশ আৰু পৰেশ উভয়ে চিন্তিত হৈ পৰিল। নৰেশ যিহেতু এজন বিজ্ঞান মানসিকতাৰ মানুহ সেয়ে তেওঁ লগে লগে এল’পেথিক ডাক্তৰ এজনক লৈ আহিল। পৰেশে প্ৰথম অৱস্থাত একো আপত্তি কৰা নাছিল যদিও সাতদিনলৈকে জ্বৰ ভাল নোহোৱাত তেওঁ বেজ এজনক বন্দৱস্ত কৰিবলৈ ক’লে।
“ঠিক আছে তাকেই কৰা যাওক।”
বেজ আহিল, সাতদিন চিকিৎসা কৰিলে। জ্বৰ ভাল নহ’ল, বৰং বাঢ়িহে গ’ল; পল্টুৱে প্ৰলাপ বকিব আৰম্ভ কৰিলে। অস্থিৰ পৰেশে তেতিয়া নৰেশক ক’লে “হেৰি নহয়, এজন জ্যোতিষীক মাতি তাৰ কুষ্ঠিটো দেখুৱালে কেনে হয়? কি কোৱা?”
“ভাল বাৰু! কিন্তু যিয়েই নকৰা লাগিলে এই জ্বৰ একৈশ দিনৰ আগত নেৰে। ডাক্তৰে কৈছিল- টাইফয়েড!”
“হয় নেকি?”
পল্টুৰ কুষ্ঠিখন লৈ পৰেশ জ্যোতিষীৰ ওচৰলৈ লৰ মাৰিলে। জ্যোতিষীয়ে ক’লে-“মঙ্গল দশা বেয়া চলিছে।” কি কৰিলে ঠিক হ’ব তাৰে লিষ্ট এখন বনাই দিলে। পৰেশে প্ৰবাল কিনি পল্টুৰ হাতত বান্ধি দিলে আৰু শাস্ত্ৰমতে কি বিধি কৰিব লাগিব তাৰেই জা-যোগাৰত লাগিল।
অসুখ কিন্তু বাঢ়ি বাঢ়ি গৈ থাকিল। নৰেশে এদিন ক’লে-
“বেজৰ দৰৱে বৰ এটা কামত দিয়া নাই, ডাক্তৰকে আকৌ মাতো নেকি?”
“তাকেই কৰা নহ’লে।”
নৰেশ ডাক্তৰ মাতিবলৈ গ’ল। পৰেশে পল্টুৰ মূৰ শিতানত বহি পানী ঢালি আছিল। পল্টুয়ে হঠাৎ প্ৰলাপ বকিবলৈ ল’লে, “মা মোক লৈ যোৱা। দেউতা ক’ত?”
আতঙ্কত পৰেশৰ বুকু কঁপি উঠিল। হঠাৎ মনত পৰিল, তাৰকেশ্বৰ মন্দিৰলৈ গৈ তপ জপ কৰিলে হেনো দৈৱ ঔষধ পোৱা যায়। ঠিক! নৰেশ উভতি আহোঁতে পৰেশে ক’লে, “মই এবাৰ তাৰকেশ্বৰলৈ যাওঁ, ঘূৰি আহোঁতে দেৰি হ’ব পাৰে।”
“হঠাৎ তাৰকেশ্বৰ কিয়?”
“ভগৱানৰ ওচৰত ধৰ্ণাত বহিমগৈ।”
নৰেশে একো নক’লে, পৰেশ লৰালৰিকৈ ওলাই গ’ল।
ডাক্তৰে পৰীক্ষা-নিৰীক্ষা কৰি ক’লে, “অৱস্থা অতিকৈ শোচনীয় হৈছে।”
ডাক্তৰৰ চিকিৎসা চলি থাকিল।
দুদিনমানৰ পিছত পৰেশ ঘূৰি আহিল। হাতত এটা মাটিৰ কলহ। খুব আনন্দ সহকাৰে তেওঁ ক’লে, “ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছোঁ। ভগৱানে সপোনত মোক আদেশ দিলে।”
তেওঁ কৈছে ৰোগীক যেন বেজী দিয়া নহয়। আৰু ক’লে যেন এই চৰণামৃত সদায় এবাৰ খুৱাই দিয়া হয় তেন্তে বেমাৰ ভাল হৈ যাব।
ডাক্তৰে আপত্তি কৰিলে লগতে নৰেশেও। টাইফয়েডৰ ৰোগীক ফুল, বেলপাত মিহলি পানী একোৱেই খুৱাব পৰা নহ’ব।
একো কৰিব নোৱাৰাকৈ হাতত চৰণামৃতৰ পাত্ৰ লৈ পৰেশ সেমেনা-সেমেনিকৈ থিয় হৈ থাকিল।
আচলতে, বিষয়টো হ’ল গৈ বেলেগ। পৰেশে গম নোপোৱাকৈ যথাৰীতি ডাক্তৰে পল্টুক বেজী দি থাকিল আৰু বাকীবোৰে গম নোপোৱাকৈ পৰেশে পল্টুক সদায় অলপ অলপ চৰণামৃত খুৱাই থাকিল।
এনেকৈ কেইদিনমান গ’ল। বেমাৰ উপশম নহ’ল।
মাজৰাতি হঠাৎ নৰেশে পৰেশৰ কোঠালৈ গৈ তেওঁক জগালে। “ডাক্তৰক এবাৰ খবৰ দিব লাগিছিল, পল্টুৱে কিবাকিবিখন কৰিছে।”
“কি কোৱা!”
পল্টুয়ে ইতিমধ্যে ঘন ঘনকৈ উশাহ ল’বলৈ আৰম্ভ কৰিছে।
উন্মাদপ্ৰায় পৰেশ দৌৰি তললৈ নামি গ’ল ডাক্তৰক ফোন কৰিবলৈ। তাৰ মাত বহুত দূৰলৈকে শুনা গ’ল
“হেল্ল’ শুনিছেনে ডাক্তৰ, হেল্ল’ হয়, হয়, মোৰ আৰু বেজী দিয়াক লৈ একো আপত্তি নাই, বুজি পালে নে? হেল্ল বুজিলে নে? আপত্তি নাই- আপুনি বেজী লৈ সোনকালেই আহক।”
ইফালে নৰেশে চৰণামৃতৰ পাত্ৰৰ পৰা চামুচেৰে অলপ পানীয় লৈ পল্টুক খুৱাবলৈ যত্ন কৰিছে- “পল্টু খোৱা, খোৱা পল্টু, বোপাই খোৱাচোন অলপ।”
তেওঁৰ হাতদুখন থৰথৰকৈ কঁপিবলৈ ধৰিলে, কোৱাঁৰিয়েদি চৰণামৃত বৈ গ’ল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!