মৃত্যুঞ্জয়, ভিবিৰাম আৰু কিছু ব্যক্তিগত অনুভৱ

লেখক- ডা° ৰশ্মিতা শইকীয়া

ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ ‘জ্ঞানপীঠ’ বঁটা বিজয়ী কালজয়ী উপন্যাস ‘মৃত্যুঞ্জয়’ নিশ্চয় পঢ়িছে আপোনাসৱে। উপন্যাসখনত বৰ্ণনা কৰা ঘটনাৰ সময় ১৯৪২ চনৰ অৰ্থাৎ স্বাধীনতাৰ আগভাগৰ। সেইসময়ৰ অবিভক্ত নগাঁও জিলাৰ কপিলীপৰীয়া ঠাইবোৰক পটভূমি হিচাপে লৈ গঢ় লৈ উঠিছে কাহিনীভাগ। কামপুৰ, ৰহা, মায়ঙৰপৰা ডিগাৰু পানীখাইতীলৈকে গোটেই অঞ্চলখিনি সামৰি লোৱা হৈছে উপন্যাসখনত। গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলন দেশজুৰি তুংগত চলি আছিল সেই সময়ত। পানীখাইতীৰ ফালে বৃটিছ মিলিটেৰীৰ ৰেল বগৰোৱাৰক কেন্দ্ৰ কৰিয়েই মূল কাহিনীভাগ বৰ্ণনা কৰা হৈছে। যি সময়ত‌ দেশৰ কম্যুনিষ্টসকলে নেতাজীক জাপানৰ লেমটৌ বুলি কৈছিল, এইখন অসমৰে একাংশ মুষ্টিমেয় লোকে তেওঁৰ আদৰ্শকে অনুকৰণ কৰি বৃটিছ মিলিটেৰীৰ এখন ৰেল বগৰাবলৈ প্ৰচণ্ড সাহসেৰে আগুৱাই গৈছিল। এই কাৰ্য সংঘটিত কৰিবলৈ যাওঁতে চৰিত্ৰসমূহৰ মাজত হোৱা সংঘাত, মানসিক অন্তৰ্দ্বন্দ্ব অতি সুন্দৰকৈ ফুটাই তুলিছে‌ ঔপন্যাসিকজনে। গোঁসাই, ধনপুৰ, ভিভিৰাম, ডিমি এই মূল জীৱন্ত চৰিত্ৰসমূহক উপস্থাপন হৈছে। ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ কালজয়ী সৃষ্টি ‘মৃত্যুঞ্জয়ে’ প্ৰতিজন পঢ়ুৱৈৰ মন মস্তিষ্ক এবাৰলৈ হ’লেও জোকাৰি যাব।
এতিয়া আহোঁ এই মৃত্যুঞ্জয় উপন্যাসখনৰ এটি মূল চৰিত্ৰ ‘ভিভিৰাম’ৰ প্ৰসংগলৈ। কাহিনীক আগুৱাই নিয়াৰ স্বাৰ্থত কেতবোৰ ওপৰঞ্চি চৰিত্ৰ আৰু উপকাহিনীৰ সংযোজন উপন্যাসখনত কৰা হৈছে। কিন্তু ‘ভিভিৰাম’ কোনো কাল্পনিক চৰিত্ৰ নাছিল। এয়া এক জীৱন্ত সঁচা চৰিত্ৰ আছিল। ভিভিৰামৰ সম্পূৰ্ণ নাম আছিল ‘ভিবিৰাম বৰা’। কামপুৰ দেউৰী গাঁৱত ঘৰ আছিল ‘মৃত্যুঞ্জয়’ৰ অন্যতম চৰিত্ৰ ‘ভিভিৰাম’ৰ। অতি সৌভাগ্যক্ৰমে এই ব্যক্তিত্বৰ লগত ঘৰুৱাভাৱে কিছুসময় কটাবলৈ সুযোগ পাইছিলোঁ। মোৰ বয়স তেতিয়া খুব সম্ভৱ এঘাৰ বছৰ আছিল। ষষ্ঠ শ্ৰেণীৰ পৰীক্ষা দি উঠাৰ পিছত দেউতাৰ পুৰণি কিতাপবোৰ খুঁচৰি থাকোঁতে ‘মৃত্যুঞ্জয়’খন পাই পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। ঘটনাৰ পটভূমিত কামপুৰৰ নাম পাই মোৰ আগ্ৰহ দুগুণে বাঢ়িছিল। মোহাচ্ছন্ন হৈ‌ উপন্যাসখন পঢ়ি শেষ কৰিছিলোঁ। তাৰ কিছুদিন পিছৰে কথা। এয়া এক সংযোগ বুলিয়েই ক’ব লাগিব।

এদিন পুৱা আঠমান বজাত আমাৰ ঘৰলৈ এজন বয়োজ্যেষ্ঠ ব্যক্তি আহিছিল। দেউতাই মোক মাতি নিছিল চিনাকি কৰি দিবলৈ।
”সোণ, এখেত ভিবিৰাম বৰা। তুমি যে অলপদিনৰ আগতে পঢ়িলা মৃত্যুঞ্জয়, তাৰ অন্যতম মুখ্য চৰিত্ৰ ‘ভিভিৰাম’‌ এখেতেই।”
অবাক হৈ বিস্ময় বিমুগ্ধ দৃষ্টিৰে মই চাই ৰৈছিলোঁ চ’ফাত বহি থকা কালজয়ী এক চৰিত্ৰ ‘ভিভিৰাম’ লৈ। প্ৰায় ছফুট ওখ বয়োজ্যেষ্ঠ অথচ বয়সেও ম্লান পেলাব নোৱাৰা উজ্জ্বল সুঠাম স্বাস্থ্যৰ ব্যক্তিজনে মোৰ মুখৰ অভিব্যক্তি বুজি পাই হাঁহি মাৰি ওচৰলৈ মাতিছিল। মই ওচৰলৈ গৈ তেখেতৰ ভৰিৰ ওচৰতে মজিয়াত লেপেটা কাঢ়ি বহি লৈছিলোঁ।
‘আই কোন শ্ৰেণীত পঢ়?’ মোৰ মূৰত হাত থৈ সুধিছিল তেখেতে।

কিমান যে কথা জানিবলৈ সুধিবলৈ আছিল তেখেতক। ক’ৰপৰা আৰম্ভ কৰোঁ বুজিয়েই পোৱা নাছিলোঁ।
তেখেতে মোক ইংৰাজী ব্যাকৰণৰ কেইবাটাও প্ৰশ্ন সুধিছিল। শুদ্ধ কৈ উত্তৰ দিয়াৰ বাবে বৰ সন্তোষ পাইছিল। (চাংচকী মাধ্যমিক বিদ্যালয়ত তেখেতে ইংৰাজী বিষয়ৰ শিক্ষক আছিল, অৱসৰ গ্ৰহণ কৰাৰ পাছত বঢ়মপুৰ অন্ধ বিদ্যালয়তো কিছুদিন শিক্ষকতা কৰিছিল)। তেখেতক যিমান কথা সুধিম বুলি ভাৱিছিলোঁ সোধা নহ’ল। প্ৰায় পাঁচ কিমি দূৰত্ব পদব্ৰজে আহিছিল। সময় বৰ কম আছিল তেখেতৰ হাতত। তেখেতে ৰচনা কৰা উপন্যাস ‘সোণমনি’ আৰু এখন ইংৰাজী ব্যাকৰণৰ কিতাপ দিবলৈ তেখেত ঘৰে ঘৰে খোজকাঢ়ি ঘূৰি ফুৰিছিল। কামপুৰৰ বানপানী সমস্যাক কেন্দ্ৰ কৰি লিখা ‘সোণমণি’ এখন অতি মননশীল উপন্যাস আছিল (কপিটো এতিয়াও মোৰ হাতত আছে)। তেখেতেও মোৰ লগত কথা পাতি বেয়া পোৱা নাছিল যেন বোধ হৈছিল। মোৰ মনটোৰ কথা বুজিয়েই হয়তো যোৱাৰ সময়ত সেয়ে কৈ থৈ গৈছিল ‘সপ্তম শ্ৰেণীৰ বৃত্তি পোৱাৰ মিঠাই লৈ আমাৰ ঘৰলৈ যাবি দেই আই। তই জানিব খোজা কথাবোৰৰো উত্তৰ দিম৷’
বিদায় লৈ পদূলিমুখ পোৱালৈকে মানুহজনৰ পিছে পিছে সন্মোহিতৰ দৰে ময়ো গৈছিলোঁ।

আশীবছৰীয়া ভিবিৰাম বৰাক যেন মই এহাতত বন্দুক, আনটো হাতত ফিশ্বপ্লেট খুলা ৰেঞ্চি লৈ থকা বিশ-বাইশবছৰীয়া দুৰ্দান্ত তৰুণৰ ৰূপত হঠাতে দেখা পাইছিলোঁ। মোৰ মনত তেতিয়া মৃত্যুঞ্জয়ৰ সেই শ্বাসৰুদ্ধকৰ সময়খিনি যেন জীৱন্ত ৰূপত ধৰা দিছিলহি।
’জগবন্ধু ফটা ছাতি
জগবন্ধু ফটা ছাতি’
বহু দূৰৈত ট্ৰেইন অহাৰ শব্দ শুনা গৈছে।
ধনপুৰ আৰু ভিবিৰামে আপ্ৰাণ চেষ্টাৰে ৰেঞ্চি লৈ ৰেল লাইনৰ ফিশ্বপ্লেট খুলাৰ চেষ্টা কৰি আছে। ভিবিৰামে পৰা নাই খুলিব। ট্ৰেইন আহি পাবলৈ বেছি সময় নাই। অলপ দূৰৈত সেয়া শুনা গৈছে ট্ৰেইনৰ অহাৰ শব্দ-
’জগবন্ধু ফটা ছাতি
জগবন্ধু ফটা ছাতি’
ধনপুৰে নিজৰ ভাগৰ ফিশ্বপ্লেট খুলি দৌৰি আহে ভিভিৰামৰ ওচৰলৈ। ভিভিৰামক টানি উঠাই নিজে ফিশ্বপ্লেট খোলাৰ পিছতেই ভিভিৰামৰ কাণৰ কাষেদি সোঁসোঁৱাই যোৱা গুলীটো ধনপুৰৰ ভৰিত লাগে।
’এই গুলীটো মোৰ বাবে আছিল ধনপুৰ, মোৰ বাবে আছিল’
ভিভিৰামে আৰ্তনাদ কৰি উঠে।
’আই’ ভিবিককাৰ মাতত
প্ৰাক স্বাধীনতা-উত্তৰ কালৰ সেই সময়খিনিপৰা মই বৰ্তমানলৈ ঘূৰি আহোঁ।
পদূলিত ৰৈ ভিবি ককাই পুনৰ এবাৰ ঘূৰি চাই মোক সোধে-
’এটা শেষ ট্ৰান্সলেশ্যন কচোন বাৰু৷’
’সোধক ককা’
’মই গা ধুই আছোঁ৷’
কিছুসময় ভাৱি মই উত্তৰ দিছিলোঁ
’আই এম টেকিং বাথ৷’
মূৰত হাত থৈ সন্তুষ্ট মনেৰে তেখেত গুছি গৈছিল।

সপ্তম শ্ৰেণীৰ বৃত্তি পোৱাৰ মিঠাই লৈ যোৱা নহ’ল মানুহজনলৈ। আমাৰ ঘৰৰপৰা যোৱাৰ কিছুদিন পিছতেই ভিবি ককাৰ দেহাৱসান হয়। তেখেতক জানিবলৈ, বহু কথা সুধিবলৈ থাকি গ’ল।
এজন প্ৰকৃত দেশপ্ৰেমিক প্ৰচাৰবিমুখ মানুহজনে চিৰদিন আনৰ বাবেই কাম কৰি গ’ল। ‌জীৱিত অৱস্থাত কামপুৰৰ সভা সমিতিবোৰত তেখেতক সম্বৰ্ধনা জনাইছিল বুলি জানিব পাৰিছিলোঁ।
দেশৰ এজন সশস্ত্ৰ সংগ্ৰামী, মুক্তিযুঁজাৰু হৈ ভিবিৰাম বৰা যথাযোগ্য সন্মানৰপৰা বঞ্চিত হৈছিল। কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰফালৰপৰা তেওঁ কিবা বিশেষ সন্মান পোৱাৰ কথা গম নাপালোঁ, মুক্তিযোদ্ধাৰ‌‌ পেঞ্চনখিনিৰ বাদে। এটা আৱক্ষ মূৰ্তি স্থাপনৰ কথা কেইবাবাৰো ভবাৰ পাছতো সম্ভৱ হৈ নুঠিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!