শংকা

লেখক- যশোৱন্ত নিপুণ

সেইদিনা মলত পেহীৰ সৰু বেগখন হেৰাইছিল। ভিৰো বৰ বেছিয়েই আছিল। গতিকে বেগখন আৰু পোৱাৰ আশা নাছিলেই। বেগখনতেই পেহীৰ বজাৰ কৰিবলৈ অনা টকাখিনিও আছিল। ঘৰৰ নাতিয়েক কেইটালৈ, বোৱাৰীয়েক কেইজনীলৈ, কাম কৰিবলৈ অহা মানুহজনীলৈ, মানুহজনীৰ সৰু পুতেক দুটালৈ কিবাকিবি কিনিবৰ মন আছিল পেহীৰ। ইমান দূৰলৈ ফুৰিবলৈ আহি, সকলোলৈকে কিবা একোটা ল’ব নোৱাৰিলে ভাল লাগিবনে?
মাজতে মোৰ শ্ৰীমতীৰ সৰু এটা অপাৰেছন হৈ গৈছিল। মই অফিছলৈ ওলাই যাওঁ পুৱাতেই। ল’ৰাটোৰো স্কুল। আমি নথকা সময়খিনিত শ্ৰীমতীৰ কিবা হ’লেও চাওঁতা কোনো নাই। এদিন ফোনত পেহীক কথাটো ক’লোঁ। চিন্তা কৰি চাই তেৱেঁই আহি তিনিমাহ-চাৰিমাহমান থাকি যাব পাৰিব পাৰিব বুলি যেতিয়া ক’লে মই ৰক্ষা পৰা যেন পাইছিলোঁ।
পেহীক থবলৈ পেহীৰ জীয়েক আৰু জোৱায়েক, মানে দিগন্ত আৰু ৰীণা আহিছিল। সিহঁতৰ প্লেন আছিল এসপ্তাহ-দহদিনমান মোৰ ঘৰতে থাকি নগৰখন আৰু ওচৰ-পাজৰৰ ঠাই, মন্দিৰ আদি চাব। দিগন্তৰ পেটৰ কিবা এটা অসুখো আছে। সময় হ’লে ইয়াতে ভাল হাস্পটালৰ ভাল ডাক্তৰক দেখুৱাবও।
সৰু ঘৰটোত সিমান জেগা নাছিল যদিও শ্ৰীমতীয়ে বৰ ভালকৈ চম্ভালি লৈছিল। আচলতে আলহী সোধা-পোছা ধৰণৰ কামত মই শ্ৰীমতীৰ ওপৰতেই নিৰ্ভৰ কৰোঁ। সকলোখিনি বৰ নিয়াৰিকৈ চলাই নিব পাৰে তেওঁ। মোৰ বিশেষ চিন্তা কৰিবলগীয়া নহয়েই। দিগন্ত অলপ চৌখীন ধৰণৰ মানুহ। পিন্ধাই-উৰাই, কথাই-বতৰাই বৰ আধুনিক আধুনিক। শ্ৰীমতীয়ে মোক খোঁচ মাৰিছিল – “চোৱা, ভালকৈ চোৱা। মানুহ কেনেকৈ থাকিব লাগে চোৱা। তোমাৰ দৰে জধলাবোৰেও শিককচোন অলপ।”
মাজতে দিগন্ত আৰু ৰীণাই গাড়ী এখন ভাৰা কৰি দুশ কিল’মিটাৰ দূৰৰ ঠাই এখন চায়ো আহিলগৈ। পাহাৰৰ মন্দিৰ এটালৈ বহুখিনি খোজ কাঢ়ি বগাব লগা হয়। ঘৰৰ খটখটী দুটা বগালেই পেহীৰ কষ্ট হয়। সেই কাৰণে তেওঁ যোৱা নাছিল। শ্ৰীমতীয়ে মোক কৈছিল – “ইমান দূৰৰ পৰা আহিও মানুহে দুদিনতে সেইখন চাবলৈ গ’ল। কিন্তু তোমাৰ ইমান বছৰতো আমাক এবাৰো নিবলৈ পাত্ৰ নহ’ল।”
পেহী ঘৰতে বহি থকা মানুহ নহয়। খুব পুৱাই উঠে আৰু সম্মুখৰ ৰাস্তাটোত খোজ কাঢ়ে। ওচৰৰ কোনোবা মানুহ এগৰাকীয়ে বোলে এদিন পেহীক দেখি ভয়েই খালে। এন্ধাৰ-পোহৰত বগা কাপোৰ পিন্ধা অচিনাকি মানুহ এজনীক ইফাল-সিফাল কৰি থকা দেখা কাৰণেই ভয় খাইছিল কিজানি। মানুহজনীয়ে গিৰিয়েক নে কোনোবা এজনৰ লগত আহি পেহীক কিবা সুধিছিল। পেহীয়ে একো বুজি পোৱা নাছিল। কিন্তু পেহীয়ে ইংৰাজী অলপ-অচৰপ জানে। তাহানিৰ দিনতে মেট্ৰিক পাছ কৰা মানুহহে তেওঁ ; এলা-পেচা মানুহ বুলি ভাবিছে নেকি? ইংৰাজীতে পেহীয়ে কৈছিল, “মাই নেফিউ ইজ ইনজিনিয়াৰ।” তেতিয়াহে সেই দুটাই পেহী কি বস্তু বুজিব পাৰিলে আৰু বেলেগ একো নুসুধিলে।
পেহী পঢ়া-শুনাত ভালেই আছিল বুলি দেউতাৰ মুখত শুনিছিলোঁ। মেট্ৰিকত ছেকেণ্ড ডিভিজন পাইছিল। কিন্তু তেতিয়াৰ দিনত ছোৱালীবোৰক বেছি পঢ়োৱাৰ নিয়ম নাছিল। পেহীৰ পঢ়িবলৈ ইচ্ছা আছিল যদিও বিয়া দি পেলোৱা হ’ল। আচলতে ককা আৰু দেউতা-জেঠা সকলোৰে পেহীক কলেজলৈ পঠোৱাৰ মনেই নাছিল। সেইটো লৈ পেহীয়ে এতিয়াও মাজে-মাজে বৰ আক্ষেপ কৰে। মোৰো দেউতা, খুৰাহঁত আৰু ককাৰ ওপৰত খং উঠে। কিযে মূৰ্খ, পুৰণিকলীয়া মানুহ আছিল এইবোৰ! পেহীয়ে শহুৰেকৰ ঘৰৰ কাষতে স্কুল এখনত ছমাহমান কাম কৰিছিল। সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ লগত দিনটো কটাব পাৰিছিল যে, সেই কাৰণে শিক্ষয়িত্ৰীৰ কামটো তেওঁ বোলে বৰ ভাল পাইছিল। পিছে তাতো সমস্যা এটা আহি পৰিল। পেহীৰ শহুৰেকৰ ঘৰখন আছিল এটা পুৰণি চহকী পৰিয়াল। পেহায়ো কলেজত কাম কৰিছিল। আঢ্যৱন্ত ঘৰৰ বোৱাৰী এজনীয়ে চাকৰি কৰিব লাগিছেনো কেলৈ? ঘৰখনৰ সন্মানৰো এটা কথা আছে। গতিকে পেহীয়ে চাকৰি এৰিব লগা হ’ল। তাৰ পাছত কি হ’ল? “সেই যে সকলো এৰি পাগঘৰত সোমালোঁ, ওলাব নোৱাৰিলোঁৱেই আৰু।” পেহীয়ে কয়।
দূৰৰ ডাঙৰ নগৰ এখনৰ অচিনাকি ঠাই হ’ল বুলিয়েই পেহীয়ে পুৱাই অকলে ফুৰিবলৈ যাবলৈ ভয় কৰা মানুহ নহয়। পুৱা আধাঘণ্টা-এঘণ্টামানকৈ খোজ কঢ়া আৰম্ভ কৰিছিল তেওঁ। এদিন পিছে পেহী দুঘণ্টামানতো ঘূৰি অহা নাছিল। চাহৰ টেবুলত আমাৰ সকলোৰে ভয় লাগিল। তাৰ পাছত চিন্তাতেই আৰু এঘণ্টা পাৰ হ’ল। কি কাণ্ড? পেহীৰ দেখা-দেখি নাই। ক’ৰবালৈ গৈ ৰাস্তা ভুল কৰিলে নেকি? লগত ফোন-টোনো নাই। মোৰ ঘৰৰ ঠিকনা সুধিলেও পেহীয়ে ক’ব নোৱাৰিব। আমি গোটেই কেইজনে পেহীক বিচাৰি ওলাই গ’লোঁ। তাতে সৰু সৰু অনেক ৰাস্তা। পৰুৱাৰ দৰে দুঘণ্টা ঘূৰিও আমি পেহীক নাপালোঁ। মোৰ চিন্তাও হ’ল, আৰু মনে মনে খঙো উঠিল – পেহীৰ কাৰণেই অফিচলৈ সময়ত যাব নোৱাৰিলোঁ সেইদিনা, দেৰিকৈ গ’লে মোৰ বচে ভাল নাপায় আৰু মোৰ এখন মিটিঙো মিচ কৰিব লগা হ’লোঁ।
তেনেতে ল’ৰাটোৱে পাৰ্ক এখনৰ বেঞ্চত পেহীক বহি থকা দেখিলে। আমি ওচৰলৈ গৈ দেখোঁ বেঞ্চতে বহি বহি পেহীয়ে টোপনিয়াই আছে। ৰীণাই পেহীৰ গাটো জোকাৰি সৰুকৈ ধমক এটাই লগাই দিলে। পেহীয়ে কিন্তু ওলোটাই বকিলে, “তহঁতৰ ইমান ভয় কিয়? গোসাঁই আছে নহয়। তেৱেঁই ৰাস্তা দেখুৱাই লৈ গ’ল হয়।”
পিছে ঘটনাটো কিয় হ’বলৈ পালে?
আচলতে সেইদিনা পেহীৰ অলপ দূৰলৈ গৈ খোজ কাঢ়িবলৈ মন গ’ল। ইমান মানুহে খোজ কাঢ়িছে, দৌৰি দৌৰি দূৰলৈকে গৈ আছে। পেহীয়েনো কিয় একেখিনি ঠাইতেই ইফাল-সিফাল কৰি থাকিব? এটা ঘাঁহ পাগুলি থকা বলধ গৰুক চিন হিচাপে থৈ পেহী আগুৱাই গৈ থাকিল, গৈয়ে থাকিল। কিন্তু ঘূৰি আহি সেই চিনটো মানে বলধটোকহে পেহীয়ে বিচাৰি নোপোৱা হ’ল। সি এনেকৈ পলাব বুলি পেহীয়ে কেনেকৈ জানিব? যতমানে সেই গৰুটোৰ দোষ!
সেই কেইদিনত ভাত ৰন্ধা কামটো পেহীয়েই নিজেই হাতত ল’লে। শ্ৰীমতী আৰু ৰীণাই চাউল-পাচলি আদি ধুই কাটি-কুটি দিয়ে। আচল কথাটো হ’ল ৰীণা আৰু শ্ৰীমতীৰ হাতৰ আঞ্জা-তৰকাৰী পেহীয়ে বৰ ভাল নাপায়। পেহীক বৰ সোৱাদ খোৱা মানুহ। পেহাও তেনেকুৱাই আছিল ; কম খাব কিন্তু বৰ জুটি লগাই খাব। মোৰ লগতে দুদিনমান তেওঁ মাছ আৰু পাচলিৰ বজাৰলৈও গ’ল। গৈয়েই দোকান এখনত পালেং আৰ সৰিয়হ শাকৰ পাতবোৰ পিটিকি পিটিকি চাবলৈ ধৰিলে। মই বোলোঁ – “পেহী কি কৰা তুমি?” কিন্তু দোকানীজনে কিবা বুজি পাই মোক চকুৰ টিপ মাৰি “একো নাই” ধৰণৰ ইংগিত এটা দিলে। দুবিধমান পাচলিৰ দামো মোৰ হতুৱাই সোধালে। এবিধ পাচলিৰ এপোৱাৰ দামটো এক কেজিৰ বুলি ভাবি পেহীয়ে ক’লে, “লোৱা মাজুবাপু এক কেজি। দাম দেখোন আমাৰ তাৰে দৰেই।” মই আচল কথাটো ভাঙি কওঁতে পিছে পেহীয়ে দোকানীৰ ফালে খঙেৰে চাই “অ’ এপোৱাৰে ইমান দাম কৰিছা, নালাগে দিয়া তোমাৰ চবজি।” বুলি অসমীয়াতে কৈ উচাট মাৰি যাবই খুজিছিল। দোকানীজনে যে অসমীয়া নুবুজে পাহৰিছিলেই তেওঁ।
দিগন্তহঁত ঘৰলৈ ঘূৰাৰ দুদিনমান আগতে আমি তিনি কিল’মিটাৰমান দূৰৰ ডাঙৰ মল এখনলৈ গ’লোঁ। সেইখনলৈ মই আগতে কেতিয়াও যোৱাই নাছিলোঁ। সাধাৰণতে মই ডাঙৰ ডাঙৰ মলবোৰলৈ নাযাওঁৱেই। ঘৰৰ ওচৰৰেই সৰু দোকানবোৰৰ পৰাই মই যি লাগে কিনো। শ্ৰীমতীৰ তাতো বৰ বিৰক্তি – সকলোৱে মললৈ বজাৰ কৰিবলৈ গৈ থাকে। তোমাৰহে সেই পুৰণিকলীয়া, গাঁৱলীয়া স্বভাৱটো যাব পৰা নাই। মোৰো যে কি কপাল আছিল তোমাৰ দৰে মানুহ এজন পাবলৈ!
মললৈ পেহীও ওলাইছিল। নাতিয়েক, বোৱাৰীয়েহঁতলৈ কিবাকিবি কিনিব আৰু জীয়েক-জোৱায়েকৰ হাততেই সেইবোৰ দি পঠিয়াব।
“তুমি পাছতো কিনিব পাৰিবা দেখোন?” পেহী তিনিমাহমান থাকিব কাৰণেই কথাটো কৈছিলোঁ মই।
পিছে নহয়, পেহীয়ে পাছতো কিনিব আৰু নিজে যাওঁতেও আকৌ কিবাকিবি লৈ যাব। নাতিয়েকহঁতে বোলে ঘড়ী নিবলৈ কৈছে। সেইবোৰো পাছত কিনিব।
পেহাৰ পেঞ্চনটো আৰু দুটা ঘৰৰ ভাৰা পেহীৰ একাউণ্টতেই জমা হয়। ঘৰৰ খৰচ-পাতিও পুতেক কেইজনেই কৰে ; পেহীৰ তেনেকৈ খৰচ কৰিবলগীয়া নায়েই। গতিকে নাতিয়েক, বোৱাৰীয়েকহঁতক যিমান ইচ্ছা সিমান কিবা কিনি দিব পাৰে।
সেইদিনা শনিবাৰ কাৰণেই নেকি, মলত খুব ভিৰ হৈছিল। এনেয়েও বজাৰবোৰত মোৰ সদায় উশাহ বন্ধ হোৱা যেন ভাব হয়। বস্তুবোৰ ততাতৈয়াকৈ কিনি ঘৰলৈ ঘূৰিবৰহে ইচ্ছা আছিল। কিন্তু ৰীণা আৰু পেহী অধিক মাছত বগলী কণা যেন হ’ল। ইমানবোৰ বস্তুৰ মাজতো নিজৰ মনে মিলা বস্তুটো নাপায়হে নাপায়। অৱশেষত তেওঁলোকৰ পছন্দৰ বস্তুৰে দুখন ট্ৰলীত দুটা সৰুসুৰা বোজাৰ সৃষ্টি হ’ল আৰু সেই দুখন ঠেলি ঠেলি দিগন্ত আৰু মই বিলিং কাউণ্টাৰৰ দুটা দীঘল লাইনত গৈ থিয় হ’লোঁগৈ। আৰু তেতিয়াহে পেহীয়ে গম পালে যে তেওঁৰ বেগখন ক’ৰবাত পৰিল। বেগতেই টকাখিনিও আছিল। সেইখিনিও গ’ল।
“কিমান টকা আছিল পেহী?” মই সুধিলোঁ।
অংকটো শুনিহে মোৰ চকু থিয় হ’ল। ঘৰৰ পৰা লগত অনা গোটেইখিনি টকা বেগখনতেই আছিল। কি কৰা যায় এতিয়া?
দিগন্ত আৰু মই মলখনৰ তিনিওটা মহলাত পিটপিটকৈ বেগখন বিচাৰিলোঁও। কিন্তু ক’ত আৰু পাওঁ সেইখন?
নিৰাশ হৈ গাৰ্ড এজনক কথাটো ক’লোঁ। তেওঁ বোলে, “আপোনালোকে তলৰ মহলাৰ ‘লষ্ট এণ্ড ফাউণ্ড’ বিভাগত খবৰ কৰকগৈ।”
সুধি চোৱাতনো কি লোকচান? সুধিলোঁগৈ।
আৰু আমাক আচৰিত কৰি এজনে ক’লে, “বেগ এটা পাইছোঁ। কিন্তু আমাক প্ৰমাণ লাগিব নহয়। আপোনালোকৰেই যে বেগখন, আমি কেনেকৈ জানিম নহ’লে?”
পেহীকো তালৈকে মাতি আনিলোঁগৈ।
“বেগত এটুকুৰা কাগজত ফোন নম্বৰ এটা লিখা আছে। নম্বৰটো ক’ব পাৰিবনে?” এজনে চাৰ্লক হ’মছৰ দৰে ভাব এটা দি সুধিলে।
আমি আকৌ কেনেকৈ জানিম? পেহীয়ে ক’লে ফোন নম্বৰটো মন্দিৰাৰ, মানে পেহীৰ ঘৰত বাচন ধোৱা, কাপোৰ ধোৱা মানুহজনীৰ। কিন্তু নম্বৰটো তেওঁৰ মনত নাই। কেনেকৈ মনত থাকিব?
“কিমান টকা আছিল কওকচোন।” তেওঁলোকে আকৌ সুধিলে।
আকৌ এটা সমস্যা হ’ল। পেহীয়ে সেইটোও নাজানে। বাটত চাহ-তাহ খাওঁতে অলপ কিবা খৰচ হ’ল কাৰণে তেওঁ হিচাপটো একেবাৰে পাহৰিয়েই থাকিল নহয়। গতিকে উত্তৰটো আন্দাজতে দিব লগা হ’ল।
“বেগত আপোনালোকে কোৱাতকৈ বহুত বেছি টকা আছে। গতিকে বেগখন আপোনালোকৰ বুলি কেনেকৈ মানি ল’ম?”
আমি বিমোৰত পৰিলোঁ। তেওঁলোকৰ কথাত যুক্তি আছে।
তেওঁলোকে এইবাৰ বেগখনৰ ৰং কি আৰু সেইটোৰ ওপৰত কিবা লিখা আছে নেকি সুধিলে। পেহীয়ে এইবাৰ কিন্তু ভালকৈ উত্তৰটো দিব পাৰিলে। বেগখনত অসমীয়া আৰু ইংৰাজীত ‘ৰত্নভূমি জুয়েলাৰ্ছ’ বুলি লিখা আছে। আমি তেওঁলোকক কলোঁ কথাটো।
চিচিটিভিত ফুটেজ চাই আৰু কিছু চিন্তা-চৰ্চা কৰাৰ পাছত বেগখন আমাৰেই বুলি তেওঁলোকৰ শেহত বিশ্বাস হ’লগৈ। সেইখন ঘূৰাই দিওঁতে এজনে ক’লে, “বেগখনত আপোনালোকে কোৱাৰ দুগুণতকৈও বেছি টকা আছে। আগলৈ অলপ সাৱধান হ’ব।”
ঘূৰি আহোঁতে মই লক্ষ্য কৰিছিলোঁ পেহীৰ মনটো অলপ এন্ধাৰ এন্ধাৰ হৈ পৰিছিল।
পিছদিনা আমি ঘৰতেই বহি কথা পাতি আছিলোঁ। দুদিন পাছতে দিগন্তহঁত ঘৰলৈ ঘূৰিব।
তেনেতে পেহীৰ ডাঙৰ জীয়েক মিনতি বাইদেৱে ৰীণাক ফোন কৰিলে। পেহীৰ বেগ হেৰোৱা কাহিনীটোৰ সৰস আলোচনা চলিল।
“অঁ, অঁ। আমাৰ মাৰ একো তত-ভত নাই। কেতিয়াবা নিজেই ক’ৰবাত হেৰুৱাই থাকিব বুলিহে ভয় লাগিছে। এদিনতো হেৰাইছিলেই, গম পাইছই দেখোন।” ৰীণাই কৈছিল।
“হয় দে। ক’ৰবালৈ গ’লে লগত যাবি দে তহঁতে। নহ’লে কি কৰে ঠিক নাই। হিচাপ-তিচাপ একো ক’বই নোৱাৰে। হাঃ হাঃ হাঃ।” মিনতিয়ে হাঁহি ৰখাবই পৰা নাছিল। স্পীকাৰ অন কৰি থৈছিল ৰীণাই।
তাইৰো হাঁহি উঠিছিল। “অঁ দেই। কিযে মানুহ আমাৰ মাও নহয়। একোৱেই নাজানে। কিমান টকা আছিল গমেই নাই। এশ-দুশৰ হিচাপ ইফাল-সিফাল হ’লেও বেলেগ কথা আছিল। আৰু এনেকৈয়ো কোনোবাৰ বেগ হেৰায় নে? ভাগ্য ভাল আছিল বুলিহে পালোঁ সেইটো। ইমানসোপা টকা তাতে? হেৰালে যে কি বেয়া লাগিল হয়!”
পেহীয়ে মুখ ক’লা কৰি বিছনাত বহি শুনি আছিল কথাবোৰ। “সেইটো কথাকে কৈ কৈ বৰকৈ হাঁহিব নালাগে দেচোন তহঁতে। তহঁতৰ টকাতো সেই নহয়, মোৰহে। দেউতাৰাৰ টকা।” উষ্মাৰে তেওঁ কৈছিল।
সেইদিনা আবেলি একেবোৰ কথালৈয়ে অলপ হাঁহি-ধেমালি চলিছিল। ৰীণাই হাঁহি এটা কিবাকৈ চেপি ধৰি মোক কৈছিল, “মাৰ এই কথাখিনি লৈ তুমি এটা গল্প নিলিখা কেলৈ? বেগ হেৰোৱা গল্প। বৰ জমনি হ’ব কিন্তু।”
“বাস্তৱ অভিজ্ঞতাৰ ওপৰত লিখা গল্প বৰ ধুনীয়া হয় দেই।” দিগন্তয়ো ধেমালিৰ সুৰত সৰুকৈ কৈছিল।
এইখিনিতে কওঁ যে এসময়ত ময়ো অলপ-অচৰপ সাহিত্য-চৰ্চা কৰিছিলোঁ। স্কুলৰ আলোচনীৰ সম্পাদক আছিলোঁ, কলেজত থাকোঁতে কেইটামান ব্যৰ্থ প্ৰেমৰ কবিতা লিখিছিলোঁ আৰু বহু বছৰ আগতে মোৰ দুটা বিদ্ৰোহী গল্প বাতৰিকাকতৰ দেওবৰীয়া শিতানত প্ৰকাশো হৈছিল। সেইখিনি লৈয়েই বন্ধুমহল আৰু আত্মীয়-স্বজনৰ মাজত সাহিত্যিক বুলি মোৰ নাম এটা নোহোৱাও নহয়।
পেহীয়ে মুখখন গহীন কৰি আমাৰ ফালে চাইছিল। তেওঁ প্ৰস্তাৱটো মুঠেই ভাল পোৱা নাছিল বুলি ধৰিব পাৰিছিলোঁ। মই একো কোৱা নাছিলোঁ যদিও হাঁহি এটা লুকুৱাই ৰাখিব পৰা নাছিলোঁ।
“ঘৰৰ কথা বেলেগত কৈ ফুৰিব লাগে নেকি? এইবোৰ লিখিলে গোটেই অসমখনে জানিব দেখোন।” পেহীয়ে ভোৰভোৰাই কৈছিল। আমি আকৌ হাঁহিছিলোঁ।
মই ৰাতি বাৰ বজাৰ আগতে নোশোওঁ। সেইদিনা আৰু বেছি দেৰি হৈছিল। বিছনাত পৰি ম’বাইলটোত এনেয়ে কিবাকিবি চাই আছিলোঁ। বাকীবোৰ ইতিমধ্যেই গভীৰ টোপনিত পৰিছিল। একমান বাজিছিল তেতিয়া। তেনেতে পেহী মোৰ বিছনাৰ কাষলৈ আহিল।
“টোপনি অহা নাই পেহী?” পেহীয়ে সাধাৰণতে সোনকালে শোৱে আৰু ৰাতিপুৱা খুব সোনকালে উঠে।
“নাই অ’।” পেহীয়ে চিন্তাৰ সুৰত বৰ সৰুকৈ কৈছিল।
“বহুত দেৰি হ’ল দেখোন।”
পেহীয়ে একো নোকোৱাকৈ মোৰ বিছনাতে বহিল। তেনেকৈয়ে কেইছেকেণ্ডমান পাৰ হৈ গ’ল।
“কি কথা পেহী?”
“এটা কথা মাজুবাপু।”
পেহীয়ে আকৌ তভক মাৰি ৰ’ল।
“কোৱা পেহী।”
“কথাটো মাজুবাপু …। তই এইবোৰ কথা লিখিবি নেকি?” পেহীয়ে মোৰ চকুলৈ চাই সুধিলে।
“কি লিখাৰ কথা কৈছা পেহী?”
“এই যে মই বেগখন হেৰুৱালোঁ। সেই কথাটো গল্পত লিখিবি নেকি তই?” পেহীয়ে এটা হুমুনিয়াহ এৰিলে।
মোৰ মনে মনে হাঁহি উঠিল। পেহীৰ সেইটোহে চিন্তা হৈছে তাৰ মানে।
“নাই পেহী। নিলিখোঁ, নিলিখোঁ সেইবোৰ। কিয় লিখিম?” মই পেহীৰ চিন্তা নিবাৰণ কৰিবলৈ চেষ্টা কৰিলোঁ।
“ঘৰৰ কথা পৰত ক’ব নালাগে।” পেহীয়ে আকৌ হুমুনিয়াহ এটা এৰিলে। “গোটেই অসমখনৰ মানুহে গম পাব। বৰ লাজলগা কথা হ’ব।”
“হয়, হয় পেহী। কিন্তু মই কিয় লিখিম সেইবোৰ। আমি এনেয়ে ধেমালিহে কৰিছিলোঁ।”
“মোৰ বদনাম হ’লেও বেয়া নালাগে। কিন্তু …।” পেহীয়ে কিছু সময় মনে মনে ৰ’ল আকৌ।
“কিন্তু …।” তেওঁ আকৌ আৰম্ভ কৰিলে। তেওঁৰ মাতটো থোকাথুকি হৈছিল।
“নাই, নাই পেহী। একোৱেই হোৱা নাই। এই সৰু সৰু কথাবোৰো আমি কাকো কৈ নুফুৰোঁ নহয়।” পেহীৰ সোতোৰা-সুতুৰি গালত হাত ফুৰাই দি মই কৈছিলোঁ।
“পেহাৰা গুচি গ’ল, কিন্তু মোক কাৰো মুখলৈ নোচোৱাকৈ খাব পৰা কৰি থৈ গ’ল। বৰ হিচাপৰ মানুহ আছিল অ’ তেওঁ। সকলোৱে বৰ সন্মান কৰিছিল। সেই মানুহটোৰ তিৰী এনেকুৱাহে বুলি বেলেগে গম পালে তেওঁৰ বৰ বদনাম হ’ব অ’। সেইটো মই কেনেকৈ সহ্য কৰিম?” তেওঁৰ চকুপানী ওলাইছিল। চাদৰৰ আচলেৰে তেওঁ চকু দুটা ঢাকি ধৰিছিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!