শাৰদীয় অনুভৱৰ ইটো সিটো‌

লেখক- জ্যোতি পি চি শইকীয়া


 (১)
খিৰিকিখন খুলি দিয়া….
ইমান পোহৰ
ইমান বতাহ
ধুৱাই নিয়ক মলিনতা। ।
(২)
শুকুলা বুটাৰে
নীলা চাদৰ
এই যেন মেৰিয়াই লম
দুহাত মেলি। ।
(৩)
তুমি হাঁহিলা, শিপা হীন মই….। ।
ডাৱৰৰ জানো শিপা থাকে?
মাটিৰে সংপৃক্ত তোমাক চুই
আকাশ চোৱাত খতি কি?
(৪)
চৌপাশ জিলমিল….।
বুকুত আন্ধাৰ পুহি
দুচকুত সানি থওঁ
সৈৰিন্ধ্ৰী নন্দনতা। ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!