শিক্ষক হোৱাৰ আনন্দ

লেখক- মানসী বৰা

যোৱা কিছুদিন ধৰি আমেৰিকাত গ্রেজুৱেশ্যন পার্টি কিছুমানত অংশ লৈ ফুৰিছোঁ।দ্বাদশ শ্রেণী উত্তীর্ণ হৈ উচ্চ শিক্ষা গ্রহণৰ বাবে সাজু হোৱা সন্তানৰ বাবে মাক-দেউতাকবোৰে আত্মীয় তথা বন্ধু-বান্ধৱীসকলক আমন্ত্ৰণ কৰি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ৷সেই অনুষ্ঠানকে ইয়াত গ্রেজুৱেশ্যন পার্টি বুলি কোৱা হয়। ইমান দিনে ঘৰত থাকি বিদ্যালয়ৰ শিক্ষা গ্রহণ কৰি অহা নিজৰ সন্তানটোৱে কলেজ তথা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্রহণ কৰিবলৈ এইবাৰ ঘৰৰ পৰা ওলাই যাব ৷অৱশ্যে ইচ্ছা কৰিলে মাক-দেউতাকে সন্তানটোক দেখা কৰিবলৈ যাব পাৰিব ৷কিন্তু সন্তানেহে ইচ্ছা হ’ল বুলিয়ে শিক্ষা গ্ৰহণৰ বেলিকা ঘৰলৈ অহাত বাধা আছে।ইয়াৰ পিছৰ সময়খিনিতে আচলতে বহু কথা সলনি হয়।উচ্চ শিক্ষাৰ বাবে উপযুক্ত এটা ল’ৰা বা এজনী ছোৱালীয়ে এটা স্বাধীন জীৱন-যাপনৰ বাবে আগবাঢ়ি গ’লেও পিতৃ-মাতৃ হিচাপে তেওঁলোকক বান্ধি ৰখাৰ অধিকাৰ নাথাকে।গতিকে এইখিনি সময় প্রতিগৰাকী অভিভাৱকৰ (বিশেষকৈ আমাৰ ভাৰতীয় তথা অসমীয়া অভিভাৱকসকলৰ) বাবে কিছু জটিল সময়।বুকুৰ কোনোবা কোণত বৰ কষ্টৰে তেওঁলোকে আৱেগবোৰ ধৰি ৰাখিব লগা হয়।সেয়ে হয়তো সিদিনা পাৰ্টিটোত কিণ্ডাৰগাৰ্টেনলৈ প্ৰথমবাৰ ল’ৰাটোৱে পিন্ধি যোৱা টি-শ্বাৰ্টটো সামৰি ৰখা মাকজনীয়ে সকলোকে সেইটো দেখুৱাই থাকোতে দুচকুত কিছু আবেগে স্পষ্টকৈ ধৰা দিছিল৷আমাৰ পাঁচবছৰীয়া ছোৱালীজনী এইবাৰ (চেপ্তেম্বৰ মাহত) কিণ্ডাৰগাৰ্টেনলৈ যাব ৷হাইস্কুল গ্ৰেজুৱেট হোৱালৈ তাইৰ বহুত সময় আছে৷সেই কথাটোকে ভাবি মাক হিচাপে কিছু প্ৰশান্তি অনুভৱ কৰিছোঁ৷হওক তেও সময় আছে৷
আমেৰিকাত কিণ্ডাৰগাৰ্টেনলৈ যোৱাৰ পূৰ্বে ল’ৰা-ছোৱালীবোৰ প্ৰিস্কুললৈ যায়৷ অৱশ্যে আমেৰিকাত এই প্ৰিস্কুল ব্যৱস্থা বাধ্যতামূলক নহয়৷প্ৰিস্কুলত নপঢ়াকৈও এটা শিশু কিণ্ডাৰগাৰ্টেনলৈ যাব পাৰে৷ ইচিই অৰ্থাৎ আৰ্লি চাইল্ডহুড এডুকেচনেৰ অধীনৰ প্ৰিস্কুলবোৰত অৰ্থাৎ প্ৰাক্ প্ৰাথমিক স্কুলবোৰত প্ৰায় ২.৫ বছৰ বয়সৰ পৰাই নামভৰ্তি আৰম্ভ হয়৷যোৱা বছৰৰ পৰা তেনে এখন শিক্ষানুষ্ঠানতে সৌভাগ্যক্ৰমে নিজেও কাম কৰাৰ সুযোগ লাভ কৰিলোঁ৷মাক -জীয়েক দুইজনী একেলগে অহা-যোৱা কৰিবলৈ সুবিধা হ’ব বুলিয়ে ছোৱালীজনীকো নিজে কাম কৰিবলৈ লোৱা স্কুলতে নাম লগাই দিলোঁ৷৪ বছৰত আৰম্ভ কৰা প্ৰি কিণ্ডাৰগাৰ্টেনৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি তাই এইবাৰ কিণ্ডাৰগাৰ্টেনলৈ সাজু হৈ উঠিছে৷
এই ইচিই বা আর্লি চাইল্ডহুদ এডুকেচন(Early Childhood Education) শিক্ষাব্যৱস্থাৰ এনে এটা শাখা যি জন্মৰ পৰা আঠবছৰ বয়সলৈকে (আনুষ্ঠানিক আৰু অনানুষ্ঠানিকভাৱে) শিশুৰ পাঠদানৰ সৈতে জড়িত ৷ইচিইয়ে প্ৰাক্ প্ৰাথমিক আৰু প্ৰাথমিক দুইটা পৰ্য্যায়ৰ শিক্ষা ব্যৱস্থাক সাঙুৰি লয়৷ নিয়োজিত শিক্ষকসকলৰ বাবে এই ইচিইৰ অধীনত বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা আছে ৷
প্ৰতিদিনে নিজৰ কৰ্মসূচীত শিক্ষকসকলে নিৰ্দিষ্ট নিৰ্দেশনা অনুসৰণ কৰিব লগা হয়৷ইচিই এ আমেৰিকাত কেনেকৈ প্ৰিস্কুল অৰ্থাৎ প্ৰাক্ প্ৰাথমিক শিক্ষা ব্যৱস্থাক অধিক আকৰ্ষণীয় ৰূপত সজাই তুলিছে নিজস্ব অভিজ্ঞতাৰে তাৰে কেইটামান দিশ উল্লেখ কৰিব খুজিছোঁ৷
১/ ইচিইএ শিশুক শিকিবলৈ উৎসাহিত কৰে। যিহেতু সৰু ল’ৰা-ছোৱালীয়ে খেলা-ধূলা কৰি শিকে। যদি কোনো শিশুৰ শ্ৰেণীকোঠাৰ শিক্ষণৰ প্ৰথম পৰিচয় অত্যাধিক শৈক্ষিক পৰিৱেশত হয়, তেন্তে তেওঁলোকে কৌতুহলৰ প্ৰৱল ইচ্ছা গঢ়ি তুলিব নোৱাৰে । ইচিই এ শিশুসকলক তেওঁলোকৰ আগ্ৰহৰ ধৰণে শিকিবলৈ সুযোগ প্ৰদান কৰে, শিক্ষণৰ সৈতে শিশুৰ এক ইতিবাচক সম্পৰ্ক গঢ়ি তোলে।
২/ এই শিক্ষা ব্যৱস্থাই শিশুৰ সামাজিক দক্ষতা বিকাশত সহায় কৰে। শিশুৱে পৰিয়ালৰ বাহিৰৰ আন শিশু আৰু প্ৰাপ্তবয়স্কৰ সৈতে বহু সময় কটাবলৈ সুযোগ পায়। সেই পৰিৱেশে বন্ধুত্ব গঢ়ায় তথা সহযোগিতা কৰোৱাৰ লগতে মৌলিক কথোপকথন দক্ষতা গঢ়ি তুলিবলৈ সুযোগ প্ৰদান কৰে।
৩/ যেতিয়া শিশুৱে সমনীয়াৰ সৈতে খেলে আৰু কাৰ্য্যকলাপত লিপ্ত হ’ব, তেতিয়া প্ৰায় অনিবাৰ্যভাৱে সৰু সৰু সংঘাতৰ সৃষ্টি হ’য় যিয়ে হতাশা, খং আৰু অন্যান্য আৱেগিক প্ৰত্যাহ্বান কঢ়িয়াই আনে। এই সংঘাতবোৰেই আচলতে সিহঁতৰ আত্মনিয়ন্ত্ৰণ দক্ষতা বিকাশত সহায় কৰে।
৪/ ইচিই শিক্ষকসকলে বিভিন্ন ধৰণৰ খেল আৰু কাৰ্য্যকলাপ আগবঢ়ায় ৷ শিশুৱে বৰ্ণমালাৰ গীত গায়, শব্দৰ মাজত পাৰ্থক্য কৰিবলৈ সহায় কৰা ছন্দ শিকে, উচ্চ স্বৰে পঢ়া কাহিনী শুনে আৰু চুম্বকীয় বৰ্ণমালাৰ আখৰৰ সৈতে খেলে।
প্ৰিস্কুলৰ প্ৰাক-সাক্ষৰতা শিক্ষণ শিশুৰ বাবে সহজাতভাৱে আকৰ্ষণীয় কাৰ্য্যকলাপৰ সময়ত হয়, যিয়ে পঢ়াৰ সৈতে এক ইতিবাচক সম্পৰ্ক গঢ়ি তোলে৷
৫/ তেনেকৈ গণিত শিকণৰ বাবেও ই এটা ভেটি গঢ়ি তোলে। শিশুসকলক প্ৰস্তুত হোৱাৰ পূৰ্বে গণিত শিকাব নোৱাৰি কিন্তু ই মজাৰ কাৰ্য্যকলাপ আৰু নিৰ্দেশিত খেলৰ জৰিয়তে ভৱিষ্যতৰ সফলতাৰ ভেটি গঢ়ি তুলিব পাৰে। শিশুৱে প্ৰায়ে মিলোৱা( মেটচিং), ছৰ্টিং বা কাউণ্টিং গেম খেলে, লগতে বৰ্ড গেম খেলে যিয়ে তেওঁলোকক সংখ্যা আৰু শ্ৰেণীৰ বিষয়ে বুজাবুজি গঢ়ি তোলাত সহায় কৰে।
৬/ইচিই এ শিশুৰ সৃষ্টিশীলতা আৰু কৌতূহলক উদগনি যোগায়। সৰু ল’ৰা-ছোৱালীৰ কল্পনা সক্ৰিয়, আৰু সেই কল্পনাবোৰক শিক্ষণ আৰু সৃষ্টিশীলতাক ইন্ধন যোগাব পৰাকৈ সুন্দৰ এটি পৰিৱেশ নিৰ্মাণ কৰা হৈছে।
৭/ শিশুসকলক ই বাছনি কৰিবলৈ ই উদগনি যোগায় ৷শিশুৱে কোনবোৰ কাৰ্য্যকলাপত অংশগ্ৰহণ কৰিব সেইটো নিৰ্বাচন কৰিব পাৰে।অৰ্থাৎ তেওঁলোকে কেৱল নিজৰ আগ্ৰহ অনুসৰণ কৰাই নহয়, সিদ্ধান্ত গ্ৰহণৰ দক্ষতা আৰু দায়িত্বও শিকিব পাৰে।
৮/ ই শিশুক নিজৰ যত্ন ল’বলৈ শিকাই। ইয়াত শিশুসকলক প্ৰায়ে দায়িত্বশীল হোৱাৰ সুযোগ দিয়া হয়। শিক্ষকসকলে শিশুসকলক হাত ধুবলৈ শিকাই আৰু আশা কৰে যে তেওঁলোকে ব্যক্তিগত সামগ্ৰীবোৰ আৰু খেলনাবোৰ নিজৰ নিৰ্দিষ্ট ঠাইত পুনৰ ৰাখিব।
৯)এই শিক্ষাই ভাষা দক্ষতাক প্ৰসাৰিত কৰে। ভাষা সমৃদ্ধ পৰিৱেশত শিশুৱে ভাষা দক্ষতা আহৰণ কৰে। শিক্ষকসকলে কাৰ্য্যকলাপৰ সময়ত নতুন শব্দভাণ্ডাৰৰ প্ৰৱৰ্তণ কৰি আৰু চিন্তা-উদ্দীপক প্ৰশ্ন সুধি শিশুসকলক ভাষাৰ ক্ষমতা বিকাশ কৰাত সহায় কৰে।
১০)এই শিক্ষাই শিশুৰ মটৰ ডেভেলপমেণ্ট( Motor Development) ত সহায় কৰে। ইয়াৰ কাৰ্য্যকলাপ শিশুসকলক শাৰীৰিক সমন্বয় আৰু সুক্ষ্ম চলন-ফুৰণৰ দক্ষতা বিকাশ কৰাত সহায় কৰিবলৈ ডিজাইন কৰা হয়।
১১) ভাগ-বতোৱাৰা কৰাটো জীৱনৰ এটা মৌলিক দক্ষতা, আৰু ই এনেকুৱা এটা দক্ষতা যিটো বেছিভাগ শিশুৱে শিকা উচিত। বহুতো সৰু ল’ৰা-ছোৱালীয়ে আনক নিজৰ খেলনাবোৰ খেলিবলৈ দিবলৈ বা নিজৰ বুলি ভবা আন বস্তুবোৰ এৰি দিবলৈ ভাল নাপায়।ইচিইৰ শিক্ষাব্যৱস্থাই শিশুক শ্বেয়াৰ কৰিবলৈ শিকায়।
১২)ইয়াৰোপৰি শিশুক নিৰ্দেশনা মানি চলিবলৈ শিকায়। নিৰ্দেশনা মানি চলাটো এটা গুৰুত্বপূৰ্ণ দক্ষতা।
এই সকলোবোৰৰ উপৰি ইচিইৰ শিক্ষা ব্যৱস্থাই শিশুক বিশেষভাৱে কিণ্ডাৰগাৰ্টেনৰ বাবে প্ৰস্তুত কৰি তোলে৷কিণ্ডাৰগাৰ্টেনেৰে এটা শিশুৱে প্ৰাথমিক বিদ্যালয় (এলিমেন্টৰী স্কুল)ত প্ৰথম প্ৰৱেশ কৰে আৰু তাত ফিফ্ট গ্ৰেডলৈকে পঢ়ি ছিক্স গ্ৰেডৰ পৰা এইট গ্ৰেডলৈ “মিডল স্কুলত” পঢ়িবলৈ যায় ৷মিডল স্কুলৰ পিছতে আহে হাইস্কুল৷য’ত নাইনথ গ্ৰেডৰ পৰা টুৱেলভ গ্ৰেড অৰ্থাৎ দ্বাদশ শ্ৰেণীলৈ পঢ়ে৷আমেৰিকাত ক্লাছ বা শ্ৰেণীক “গ্ৰেড” বুলি কোৱা হয়৷
বৰ্তমান ইচিইৰ ক্ষেত্ৰখনত বৈচিত্ৰ্যময় শিশুসকলৰ সৈতে কাম কৰি নিতৌ অলেখ অভিজ্ঞতা আহৰণ কৰিছোঁ৷ বৈচিত্ৰ্যময় বুলি এই কাৰণেই কৈছোঁ কাৰণ,আমেৰিকাৰ স্কুলবোৰত অধ্যয়ণৰত শিশুসকলৰ শিপা বিশ্বৰ বিভিন্ন প্ৰান্তত অৱস্থিত৷কোনোবা এটি শিশু যদি স্পেনিছ, কোনোবাটি কোৰিয়ান অথবা চাইনীজ৷কোনোবাটি যদি নেটিভ আমেৰিকান, কোনোবাটি আকৌ আফ্ৰিকান আমেৰিকান৷তাৰ মাজতে কোনোবাটি হয়তো ভাৰতীয় মূলৰ
ওলাব ৷কৰ্মথলীত আগতে নজনা বা জানিবলৈ সুযোগ নোপোৱা নতুন বহুবোৰ কথা শিকিবলৈ সুযোগ লাভ কৰিছোঁ৷পুৱা শ্ৰেণীকোঠালৈ সোমাই যাওঁতেই আমাক দেখি উল্লাসিত হোৱা কণমানিহঁতৰ মুখবোৰ চাই অপৰিসীম সুখত মন ভৰি পৰে৷ আৰু যেতিয়াই সিহঁতবোৰে লৰি আহি কণমানি দুহাতেৰে আমাক আকোঁৱালি লয়,তেতিয়াই অনুভৱ কৰো সেই মোহনীয় পুতলাবোৰৰ শিক্ষক হোৱাৰ আনন্দ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!