সাক্ষাৎকাৰ:অনুৰাধা শৰ্মা

লেখক- সাহিত্য ডট অৰ্গ

সাহিত্য ডট অৰ্গৰ তৰফৰপৰা এই মাহত সাক্ষাৎকাৰ লোৱা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ বৰ্তমান বিভাগীয় প্ৰধান হিচাপে কৰ্মৰত অধ্যাপক (ড°) অনুৰাধা শৰ্মাৰ। গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰাৰ পূৰ্বে তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগতো কিছু বছৰ অধ্যাপনা কৰিছিল। “বাণীকান্ত কাকতিৰ কৰ্ম আৰু জীৱন”ৰ বিষয়ত ডক্টৰেট লাভ কৰা অধ্যাপক অনুৰাধা শৰ্মাই ইতিমধ্যে “সমাজ আৰু ভাষা: সমাজভাষা বিজ্ঞান”, “শৈলী আৰু শৈলীবিজ্ঞান”, কালান্তৰৰ কাণ্ডাৰী”, “অন্বেষণ: সাহিত্য আৰু চেতনা” আদি কেইবাখনো প্ৰবন্ধ সংকলন লিখি উলিওৱাৰ লগতে “আধুনিকতাৰ অধিনায়ক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা”কে ধৰি আন কেইবাখনো প্ৰবন্ধ সংকলন সম্পাদনা কৰি উলিয়াইছে। সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰখনত ৰুদ্ৰাণী শৰ্মা ছদ্মনামেৰে জনপ্ৰিয় অধ্যাপক শৰ্মাই দমিতাৰ দস্তাবেজ, কাঁহিবুনৰ মালিতা, লৌহিত্য তীৰৰ আত্মগাথা, ত্ৰিভুজ, বতাহৰ ছবি, পাণবজাৰৰ পাণ্ডুলিপি, উত্তৰকাল আদি নানা বিষয়-বস্তু সম্বলিত সুখপাঠ্য উপন্যাস লিখি উলিয়াইছে।
সাহিত্য ডট অৰ্গৰ হৈ এই সাক্ষাৎকাৰটো গ্ৰহণ কৰিছে এই মাহৰ সম্পাদক অৰ্চন শৰ্মাই। ইয়াৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে মিতালী নাৰায়ণিয়ে। সাক্ষাৎকাৰটো পাঠকসকললৈ আগবঢ়াইছে ড° দীপজ্যোতি বৰাই।

সাহিত্য ডট অৰ্গ: বাইদেউ আপোনাৰ শৈশৱ তথা স্কুলীয়া জীৱনৰ সময়ছোৱাৰ কথা কিছু জনাবনে?
ড° অনুৰাধা শৰ্মা: স্কুলীয়া জীৱনৰ কালছোৱা বা মোৰ শৈশৱ সাধাৰণ শিশুৰ দৰেই। গ্ৰাম্য জীৱনৰ স্বাভাবিক অভিজ্ঞতাবোৰৰ মাজেৰেই ডাঙৰ হৈছোঁ। সেই সময়ছোৱাত অসম আন্দোলন চলিছিল। তাৰ বহু স্মৃতি আছে, সেইবোৰক এতিয়াহে বুজিবৰ চেষ্টা কৰিছোঁ। সৰু কালৰ ঘটনা কিছুমান মনত ৰৈ যায়, তাৰ কাৰ্য-কাৰণ তেতিয়া বিশ্লেষণ কৰাৰ সময় নাথাকে, বহুত পাছতহে তাৰ perspective বুজা যায়। কিন্তু কৈশোৰত জীৱ-জন্তু আৰু প্ৰকৃতিৰ লগত মোৰ এক নিবিড় সম্পৰ্ক আছিল। গাঁৱত জন্ম নোহোৱা হ’লে চাগে এইদৰে গছ, চৰাই, গৰু, কুকুৰ সবৰে লগত কথা-বতৰা পতাৰ সুযোগ নাপালোঁহেঁতেন। আৰু এটা কথা, ব্ৰাহ্মণ পৰিয়াল এটাত জন্ম গ্ৰহণ কৰিছিলোঁ, গতিকে কেতবোৰ নীতি-নিয়ম আছিল তাৰ মাজতো কিন্তু দেউতাই (পিতাই) বহু ক্ষেত্ৰত এটা উদাৰ সাংস্কৃতিক জীৱন দিয়াৰ প্ৰয়াস কৰিছিল। দেউতাই নিজে লগত নি পথাৰত বোকাৰ মাজত নমাই দিছিল, অথচ ব্ৰাহ্মণ পৰিয়ালবোৰত ছোৱালী তেনেকৈ পথাৰলৈ নগৈছিল। সন্ধিয়া আকৌ শংকৰদেৱৰ টোটয় ছন্দত ৰচনা- কৰা “মধু দানৱ দাৰণ” গাব লাগিছিল। আন এক ডাঙৰ কথা, যিটো আমাৰ ঘৰবোৰত আছিল— নিজৰ ল’ৰা-ছোৱালী, আনৰ ল’ৰা-ছোৱালী, ঘৰত কাম কৰা মানুহ সকলোৱে খোৱা বস্তুৰ সমান ভাগ পাব লাগিব। আৰু যদি কিবা কাৰণত বস্তুৱে নোজোৰে তেন্তে ঘৰৰ ডাঙৰবোৰে যেনে মা, বাইদেউ এওঁলোকে নিজৰ ভাগ এৰি দিব লাগিব।
অৱশ্যে আন এটা কথা— গ্ৰাম্য সমাজত নাৰী আৰু পুৰুষৰ বৈষম্য দেখিছিলোঁ। ব্ৰাহ্মণ পৰিয়ালবোৰত বিধবাৰ জীৱন দেখিছোঁ। চেপি খুন্দি শেষ কৰি দিয়া জীৱন, আনকি মোৰ শিশু অৱস্থাতে নিজৰ ভিতৰতে ভয় সোমাই গৈছিল— মই যদি ডাঙৰ হ’লে বিধবা হওঁ কি হ’ব! সব ভাল খোৱা বস্তু, ভাল পিন্ধা, ক’ৰবালৈ যোৱা এইবিলাক বন্ধ হৈ যাব। এতিয়া ভাবিলে হাঁহি উঠে, দুখো লাগে। জাত-পাতৰ বৈষম্যও আছিল। গ্ৰাম্য সমাজত এয়াও খুব ওচৰৰ পৰা দেখিছোঁ। এইবোৰৰ সম্পৰ্কে প্ৰশ্ন কৰিছোঁ— ন্যায়-অন্যায়ৰ কথা তেতিয়া মনলৈ অহা নাছিল, ভাবিবও পৰা নাছিলোঁ, কৌতূহলবশতঃ প্ৰশ্ন কৰিছিলোঁ। আৰু যুক্তিৰে যেতিয়ালৈ পতিয়ন যোৱা নাছিলোঁ গ্ৰহণ কৰিবলৈ টান পাইছিলোঁ। সেই দিশৰপৰা মই বৰ ‘ভাল’ ছোৱালী নাছিলোঁ। কিন্তু নিজে ভালপোৱা ধৰণে শৈশৱটো কটাইছোঁ, যেনে- ঘৰত ভাত খাবলৈ মন নাই, লগৰ কাৰোবাৰ ঘৰতে ভাত খাই দিলোঁ। পঢ়িবলৈ মন নাই, চোতালতে বহি তৰা গণি আছোঁ। অলপ খেয়ালি ধৰণৰো আছিলোঁ। লাহে লাহে মানে পুষ্পিতা হোৱাৰ পিছতহে ছোৱালী হোৱাৰ restrictionবোৰ আহিছিল। সেইদিশৰপৰা শৈশৱটো ভাল লগাই আছিল।
সাহিত্য ডট অৰ্গ: আপুনি জীৱনৰ এক দীৰ্ঘ সময় ধৰি শিক্ষকতাৰ সৈতে জড়িত, শিক্ষকতাই আপোনাৰ জীৱনৰ এক অভিন্ন অংগ হৈ পৰিব বুলি আপুনি কল্পনা কৰিছিল নে বাৰু?
ড° অনুৰাধা শৰ্মা: খুবেই ইণ্টাৰেষ্টিং প্ৰশ্ন কৰিছা। ‘মোৰ জীৱনৰ লক্ষ্য’ – অসমীয়াৰ পৰীক্ষাত এনে প্ৰশ্ন মই কোনো দিনেই চোৱা নাই। ইংৰাজী যিহেতু কল্পনা কৰি লিখিব নোৱাৰোঁ— সেয়ে Aim in life’ এই ৰচনা পঢ়িছোঁ – কাৰণ common নপৰিলে ইংৰাজীতে লিখিব নোৱাৰিম। তেতিয়া Teacherয়েই লিখিছিলোঁ। কিন্তু স্কুলীয়া জীৱনত তেনে কোনো নিৰ্দিষ্ট লক্ষ্য নাছিল। বেলেগ বেলেগ সময়ত বেলেগ বেলেগ স্বপ্ন আছিল। প্ৰাথমিক বিদ্যালয়ত মোক পঢ়ুওৱা বাইদেউগৰাকী খুব শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী আছিল, তেতিয়া ভাবিছিলোঁ— ময়ো বাইদেউৰ দৰে হ’ম। আকৌ আমাৰ পাঠ্যক্ৰমত ‘লেডী উইথ দ্য লেম্প’ বুলি পাঠ এটা আছিল, সেইটো পঢ়াৰ পিছত ভাবিছিলোঁ মই ফ্লোৰেন্স নাইটিংগেলৰ দৰে হ’ম। অৱশ্যে হায়াৰ ছেকেণ্ডাৰীত চিকিৎসক হোৱাৰ আশা মনলৈ আহিছিল। কিন্তু সেই সময়ত চৰকাৰে মানে মুখ্যমন্ত্ৰীয়ে নিজৰ ফালৰপৰা বিশটা চিট বঢ়াই দিছিল – Discretionary quota of CM। মই মেডিকেলত চিট নাপালোঁ— কিন্তু ব্যৱস্থাটোৰ প্ৰতি প্ৰচণ্ড ক্ষোভৰ সৃষ্টি হৈছিল। তাৰ পিছত কিন্তু শিক্ষকতা কৰিম বুলিয়েই ভাবিলোঁ। সেইফালৰপৰা শিক্ষকতা মোৰ second option অৰ্থাৎ দ্বিতীয় বিকল্প; পিছত প্ৰশাসনিক সেৱা বা অন্য চাকৰিৰ পৰীক্ষাৰ বাবে মই আগবঢ়াও নাই। আৰু আজি ভাবোঁ মই আচলতে শিক্ষকতাৰ বাবেই উপযুক্ত। অধ্যয়ন আৰু অধ্যাপনা দুয়োটাই মোৰ প্ৰিয়। শিক্ষকতাৰ বাবে নিজকে উপযুক্ত বুলি ভাবোঁ আৰু আচলতে সন্তোষ লাভ কৰিছোঁ। মই মোক ক’ত থৈ যাম বুলি ভাবিলে মোৰ ছাত্ৰ আৰু মোৰ প্ৰিয় পাঠকৰ কথাই মই ভাবোঁ।
সাহিত্য ডট অৰ্গ: আপুনি যিসময়ত স্নাতক পৰীক্ষাত অসমৰ ভিতৰত ১ম শ্ৰেণীৰ ১ম স্থান লাভ কৰিছিল তেতিয়া অসমীয়া বিষয়ত প্ৰথম শ্ৰেণী পোৱাটো বৰ সহজ নাছিল। কিন্তু তাৰ বিপৰীতে বৰ্তমান অসমীয়া বিষয়ত বহু সংখ্যক বিদ্যাৰ্থীয়ে ১ম শ্ৰেণী লাভ কৰে। এই বিষয়ে আপুনি কি ক’ব?
ড° অনুৰাধা শৰ্মা: এইটো বিষয়ত ক’ব লগা বিশেষ নাই। সেই সময়ৰ মূল্যায়নৰ ব্যৱস্থা তেনেধৰণৰ আছিল। এতিয়া মূল্যায়ন ব্যৱস্থাৰ সলনি হৈছে। হয়তো ব্যৱস্থাটো আকৌ নতুন ধৰণৰ হ’ব। এইবোৰ ব্যৱস্থাৰ মাজত চলি থকা ঘটনা। ইয়াৰপৰা এনেধৰণে অনুমান কৰা উচিত নহয় যে এতিয়াৰ প্ৰথম শ্ৰেণী একেবাৰে মূল্যহীন। সময়ে সময়ে বহু ভাল ছাত্ৰ-ছাত্ৰী ওলাই আহিছে। চিৰিয়াচলি কাম কৰি আছে।
সাহিত্য ডট অৰ্গ: বাইদেউ, যিহেতু আপোনাৰ বিষয় অসমীয়া আৰু আপুনি আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, আপোনাৰপৰা তুলনামূলক সাহিত্যৰ ধাৰাটোৰ সম্পৰ্কে কিছু আভাস পাম বুলি আশা ৰাখিলোঁ।
ড° অনুৰাধা শৰ্মা: তুলনামূলক সাহিত্য অধ্যয়নৰ এটা শেহতীয়া পদ্ধতি বা ধাৰা। আচলতে সাহিত্যৰ আলাপ-আলোচনা আৰু বিচাৰ বিশ্লেষণত এনে পদ্ধতিৰ সাৰ্থক প্ৰয়োগ হোৱাটো প্ৰয়োজনীয়। সাহিত্যক এক বহল প্ৰেক্ষাপটত বিচাৰ কৰাৰ সুযোগ দিয়ে। অৱশ্যে এনে বিদ্যায়তনিক বিভাগ গঢ় লৈ উঠাৰ আগতেই আমাৰ সাহিত্যত ড° বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ, ড° বিৰিঞ্চি কুমাৰ বৰুৱা আদি ব্যক্তিসকলে এনেবোৰ দিশত ভালেমান উল্লেখনীয় কাম কৰি গৈছে। এতিয়া সকলোবোৰ দিশ বিচাৰ কৰি এটা নতুন বিদ্যায়তনিক বিভাগ হিচাপে গঢ় লৈ উঠিছে। সাহিত্য আলোচনাৰ ক্ষেত্ৰখন বহল আৰু বহুমাত্ৰিক হৈছে। বিশ্বৰ বিভিন্ন ঠাইত Comparative Literature বা ‘তুলনামূলক সাহিত্য’ সম্পৰ্কে বিভিন্ন বিচাৰ-বিশ্লেষণ বহু আগতেই হৈছে। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে ভাৰতবৰ্ষত এতিয়া ভাৰতীয় প্ৰেক্ষাপটত আমাৰ বহুভাষিক আৰু বহুসাংস্কৃতিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তুলনাত্মক সাহিত্যৰ ভাৰতীয় সংহতি বা স্কুল গঢ়ি তোলাৰ প্ৰচেষ্টা চলিছে। এইটো এটা অপৰিহাৰ্য কাম। অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনৰপৰা আহি এই বিষয়ৰ লগত জড়িত হ’বলৈ পাই মই আনন্দিত। সীমিত শক্তিৰে এইক্ষেত্ৰত বিচৰণ কৰাৰ চেষ্টা কৰিছোঁ— অধ্যয়ন কৰাৰ যত্ন কৰিছোঁ। আৰু ছাত্ৰ-ছাত্ৰী তথা বিভাগটোৰ প্ৰয়োজনীয়তাতে নতুন নতুন কামত ব্ৰতী হৈছোঁ। শিকাব লাগিলে নিজে শিকিব লাগিব। সেয়ে শিকি আছে। পঢ়িছো, লিখিছোঁ, সেয়াই।
সাহিত্য ডট অৰ্গ: চৰকাৰে প্ৰণয়ন কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ সম্পৰ্কে আপোনাৰ মতামত কেনেধৰণৰ? এই নীতিয়ে অসমীয়া ভাষা শিক্ষণৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন আনিব পাৰে বুলি আপুনি ভাবে?
ড° অনুৰাধা শৰ্মা: এই সম্পৰ্কে মই ‘অসমীয়া খবৰ কাকতত ‘মুক্তবাক’ নামেৰে মই নিজে লিখা শিতান এটাত মুকলিকৈয়ে বহু কথা লিখিছিলোঁ। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বহু ভাল কথা আছে, সমালোচনা কৰিব লগাও আছে কিন্তু এতিয়া সেইখন সমালোচনা কৰি লাভ নাই। কাৰণ NEP-2020 – এই শিক্ষানীতি গৃহীত হৈছে। কিন্তু Implementation ত বেলেগ বেলেগ ধৰণৰ অসুবিধাও আছে। সুশৃংখল পৰিষ্কাৰ ছবি এখন নাই। কোনে কি কৰিছে কোনো ঠিক নাই। এতিয়া তুমি সুধিছা— অসমীয়া ভাষা শিকাৰ কথা! কেন্দ্ৰীয় স্তৰত মাননীয় গৃহমন্ত্ৰীকে ধৰি সকলোৱে কয় মাতৃভাষাৰ কথা। আমাৰ ৰাজ্যৰ মন্ত্ৰীসকলে কয় ইংৰাজীৰ কথা। মাধ্যমিক যদি অসমীয়াত শিক্ষাদান নহয়, মেডিকেল, ইঞ্জিনিয়াৰিং- এইবোৰ অসমীয়াত কেনেকৈ হ’ব। আকৌ উচ্চশিক্ষাত তিনিধৰণৰ বিশ্ববিদ্যালয়ৰ কথা কোৱা হৈছে। প্ৰথম স্তৰ বিশ্ববিদ্যালয়বোৰত হ’ব গবেষণামূলক কাম-কাজ। কিন্তু আমাৰ এতিয়া গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত UG পাঠক্ৰম খোলাৰহে খদমদম লাগিছে। তেনেহ’লে ৰাজ্যৰপৰা কোনকেইখন বিশ্ববিদ্যালয়ক প্ৰথম স্তৰৰ বিশ্ববিদ্যালয় হিচাপে প্ৰক্ষেপ কৰা হ’ব। এইধৰণৰ কথাবোৰো আছে। কেইবাটাও প্ৰবন্ধ আমি লিখিছোঁ। এতিয়া চাই আছোঁ, নানা বিশেষজ্ঞ সমিতি হৈছে। নতুন পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে। হয়তো ভাল হ’ব। কিন্তু এতিয়াও পৰিষ্কাৰ মন্তব্য দিয়া টান।
সাহিত্য ডট অৰ্গ: বৰ্তমান যুৱ সমাজ তথা উঠি অহা প্ৰজন্মৰ পাশ্চাত্য সংস্কৃতিৰ প্ৰতি যি আকৰ্ষণ সেই আকৰ্ষণে বাৰু অসমীয়া সংস্কৃতিক ক্ষতি কৰিব পাৰে বুলি আপুনি ভাবে নেকি?
ড° অনুৰাধা শৰ্মা: পাশ্চাত্য সংস্কৃতিৰ সকলো কথাই নেতিবাচক নহয়। বহু ভাল কথা আমাৰ শিকিবলগীয়া বা অনুকৰণ কৰিবলগীয়া আছে। কিন্তু কেৱল ঢৌত উটি যাব বিচাৰিলে বা যধে-মধে অনুকৰণ কৰিলে জাতিৰ ক্ষতি হ’ব, সেইটোও নিশ্চিত। জ্যোতিপ্ৰসাদেও বিহুৰ পেঁপাৰ স’তে স্পেনিছ গীটাৰ সংযোজন কৰি এক নতুন ধাৰা আনিছিল। বিষ্ণু ৰাভায়ো পাশ্চাত্য সুৰৰ সংযোজনেৰে আধুনিক গীতৰ নতুন লহৰ তুলিছিল। আমি সকলোৰেপৰা গ্ৰহণ কৰিব লাগিব, কিন্তু আমাক গঢ়িবৰ বাবেহে। আমাৰ মাটিত যদি সুজে আনৰ বীজ আমি আমাৰ মাটিত গজাব পাৰিব লাগিব। বহুতে তেনে কাম কৰিছে। কিন্তু বহুতে বিজতৰীয়া কামো কৰিছে যিয়ে আমাৰ মাটিকে অনুৰ্বৰ কৰি তুলিছে। এইধৰণৰ কামে অবশ্যেই আমাৰ অস্তিত্বক ভাবুকিৰ সম্মুখীন কৰিছে।
সাহিত্য ডট অৰ্গ: বৰ্তমান সময়ত অসমৰ ইংৰাজী মাধ্যমৰ অধিকাংশ ছাত্ৰ- ছাত্ৰীয়েই অসমীয়া শিকিব নিবিচাৰে বা পঢ়িবও নিবিচাৰে এই ক্ষেত্ৰত আপোনাৰ মতামত কেনেধৰণৰ?
ড° অনুৰাধা শৰ্মা: এইক্ষেত্ৰত অভিভাবক, শিক্ষক, চৰকাৰ সকলোৰে দায়িত্ব আছে। আমাৰ ইয়াত অসমীয়া মাধ্যমত পঢ়িলে উচ্চশিক্ষাৰ ক্ষেত্ৰত চাকৰি-বাকৰিৰ ক্ষেত্ৰত অসুবিধা হয় বুলি চৰকাৰেই কয়। দেশৰ ব্যৱস্থাও সেইটো দিশলৈ গৈ আছে। আমি শিশু বা ছাত্ৰ-ছাত্ৰীক দোষী কৰিব নোৱাৰোঁ। আমি মধ্যবিত্তৰ ভণ্ডামি আঁতৰাই সঁচা অৰ্থত ভাষাটোক জীয়াই ৰাখিবলৈ চেষ্টা কৰিলে, পাঠ্যক্ৰম অধিক আকৰ্ষণীয় কৰি তুলিলে কিছু আশাৰ সঞ্চাৰ হ’ব পাৰে। আচলতে আমি তেওঁলোকক পৰিচয় কৰাই নিদিওঁ আমাৰ ভাষাৰ মাজত কিমান বিশিষ্টতা আছে, কিমান অৰ্থবহ শৈলী আছে, কিমান শক্তিশালী সাহিত্য আছে, গীত-মাত আছে, কবিতা আছে, নাটক আছে। সেই যে ভূপেন হাজৰিকাৰ গীততো আছে—
শেক্সপীয়েৰ শ্বেলী বুলি চিঞৰা
সত্ৰীয়া নাট গীতক নুবুজা
কিহৰে ৰাগিনী পালা অসমীয়া…
আমি অসমীয়া মধ্যবিত্তই নিজক নুবুজি একধৰণৰ Post-Colonial illusion বা এতিয়া Globalization মায়াজালতে আছে। নতুন পুৰুষক আমি আমাৰ অমিয়া ৰূপবোৰ দিব পৰা নাই। মই ভাবোঁ পৰিচিতিৰ যেতিয়া প্ৰত্যাহবান আহিব, তেতিয়া হয়তো উভতি চোৱাৰ প্ৰয়োজন হ’ব।
সাহিত্য ডট অৰ্গ: ভাষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা উচ্চ শিক্ষাৰ জৰিয়তে কেনেদৰে এটা কেৰিয়াৰ গঢ় দিব পৰা যায় সেই বিষয়ে অলপ জানিব বিচাৰিছোঁ।
ড° অনুৰাধা শৰ্মা: ভাষাৰ ক্ষেত্ৰত উচ্চ শিক্ষা লাভ কৰি বিভিন্ন দিশত কাম কৰাৰ সুবিধা আছে। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিত শিক্ষকতা কৰাৰ উপৰি ভাষা শিক্ষাৰ বিবিধ কাৰ্যক্ষেত্ৰত নিয়োগৰ সুবিধা পাব পাৰে। কাকত-আলোচনীত কাম কৰাৰ সুযোগ পাব পাৰে। তদুপৰি মাতৃভাষাটো ভালদৰে জানিলে বা বুজিলে আন বিষয়বোৰতো কাম কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হয় বুলি মই ভাবোঁ।
সাহিত্য ডট অৰ্গ: অসমীয়া সাহিত্যৰ জগতখন বিশ্বদৰবাৰত কিছু পিছ পৰি ৰৈছে বুলি সততে অভিযোগ উত্থাপন হৈ আহিছে, এই বিষয়ে আপোনাৰ মতামত কেনে?
ড° অনুৰাধা শৰ্মা: ‘বিশ্ব দৰবাৰ’ বিষয়টোৱেই কিন্তু মোৰ বোধেৰে বৰ আহুকলীয়া। এতিয়া তুমি মোক কোৱাচোন, ভূপেন হাজৰিকা নোবেল পোৱাৰ যোগ্য হয়নে নহয়? কিন্তু কোনে নিৰ্ণয় কৰে এই কথাবোৰ? বিশ্বদৰবাৰখন politically কেনেধৰণৰ? নিয়ন্ত্ৰণ কাৰ হাতত আছে? এই কথাবোৰ বাদ দি সাহিত্য-সংস্কৃতিৰ মূল্যায়ন অসম্ভৱ। কিন্তু ভাষা এটা শক্তিশালী হ’বলৈ হ’লে ভাষাটো ব্যৱহাৰ কৰা মানুহখিনিয়ে ভাষাটোক ভাল পাব লাগিব। ভাষাটোক লৈ অস্মিতা থাকিব লাগিব। আমাৰ সেইটোৰে বাৰুকৈয়ো অভাৱ। মই ভাবোঁ অসমীয়া ভাষাতো যথেষ্ট বিশ্বমানৰ ৰচনা আছে। কিন্তু অনুবাদৰ অভাৱে আমাৰ সাহিত্যৰাজি বাহিৰলৈ নিয়াত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে। শেহতীয়াভাৱে আমাৰ বহু ৰচনা বেলেগ বেলেগ ভাষালৈ ৰূপান্তৰিত হৈছে। ধাৰাটো আগবাঢ়িছে। নিশ্চয় এয়া কিছু ইতিবাচক।
সাহিত্য ডট অৰ্গ: আপুনি নিজৰ লিখাসমূহ জনসাধাৰণৰ মাজলৈ নিবৰ বাবে ছদ্মনাম এটা বাছি লোৱাৰ কাৰণ কি?
ড° অনুৰাধা শৰ্মা: আচলতে মই সাহিত্যৰ জগতত প্ৰবন্ধৰ মাজেৰেই পৰিচিতি লাভ কৰোঁ। গল্প, উপন্যাস, কবিতাৰ আলোচনাও লিখিছোঁ। পিছলৈ যেতিয়া উপন্যাস, নাটক লিখিবলৈ ল’লোঁ, নিজৰ লেখাৰ সমালোচক হিচাপে নিজেই বাধা হৈ পৰিলোঁ। সেয়ে ৰুদ্ৰাণী শৰ্মাই নিজৰ অভিজ্ঞতা, নিজৰ অনুভূতিকে মুক্তভাৱে লিখি যায়। অসমীয়া সাহিত্যত এনে উদাহৰণ আছে জানা- বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱা, ৰাস্না বৰুৱাৰ নামেৰে সৃষ্টিশীল সাহিত্য ৰচনা কৰিছে।
সাহিত্য ডট অৰ্গ: বাইদেউ, আপোনাৰ উপন্যাসসমূহৰ থীমসমূহ খুব আকৰ্ষণীয় আৰু বৈচিত্ৰ্যৰে ভৰা। তৃতীয় লিংগক থীম হিচাপে লৈ লিখা ‘ত্ৰিভুজ’, চৰ-চাপৰিৰ লোকসকলক লৈ লিখা ‘কাঁহীবুনৰ মালিতা’ বা ক’ভিডকালক থীম হিচাপে লৈ লিখা ‘বতাহৰ ছবি’ আদি অন্যতম জনসমাদৃত উপন্যাস। সাহিত্য চৰ্চাত এনেধৰণৰ ব্যতিক্ৰমী থীম বাছনি কৰাৰ আঁৰৰ কথা জানিবলৈ বিচাৰিছোঁ।
ড° অনুৰাধা শৰ্মা: তুমি আচলতে যিবোৰ ব্যতিক্ৰমী বিষয় বুলি ভাবিছা, সেইবোৰ আচলতে আমাৰ আলোচনা কৰিবলগীয়া বিষয়। তাক এৰাই চলিব নোৱাৰি। এৰাই চলিবলৈ গ’লে তাক suppressed কৰি ৰখাহে হ’ব। আৰু মইতো এইখন সমাজতে আছে – মই মোৰ সমকালক দেখিছোঁ, জানিছোঁ, বুজিবলৈ চেষ্টা কৰিছোঁ। সমকালৰ যিবোৰ কথাই সাধাৰণ আৰু অৱহেলিত লোকসকলক পীড়া দিয়ে, সেইবোৰ বিষয় সমাজৰ পাদ-প্ৰদীপৰ সন্মুখত তুলি ধৰাটো অতি প্ৰয়োজন। অৱধাৰিতভাবেই তেনে বিষয়বোৰে মোৰ ভিতৰখনো বিষময় কৰি তোলে। মোৰ সৃষ্টিশীল সাহিত্য আচলতে মোৰ ভিতৰৰ বিষ নিৰ্গমন প্ৰক্ৰিয়া।
সাহিত্য ডট অৰ্গ: আপোনাৰ লগত আজি আমি নানা বিষয়ৰ কথা পাতিলোঁ। ব্যস্ততাৰ মাজতো সাহিত্য ডট অৰ্গক এইখিনি সময় দিয়াৰ বাবে সাহিত্য ডট অৰ্গৰ তৰফৰপৰা আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
ড° অনুৰাধা শৰ্মা: তোমালোকলৈয়ো মোৰ ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!