সাক্ষাৎকাৰ -- ডাঃ সুৰজিৎ গিৰি

লেখক- ‘সাহিত্য ডট অৰ্গ’

‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰপৰা এইবাৰ সাক্ষাৎ কৰা হৈছিল সৰ্প দংশনৰ পৰা বহুজনৰ জীৱন বচোৱা চিকিৎসক ডাঃ সুৰজিৎ গিৰিৰ। ডিমৌ আদৰ্শ চিকিৎসালয় আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক হিচাপে নিয়োজিত ডাঃ গিৰিয়ে ইতিমধ্যে তেখেতৰ চিকিৎসাৰ যোগেৰে সৰ্প দংশনত আক্ৰান্ত বহুজনলৈ বুলি চিকিৎসা আগবঢ়াইছে। চিকিৎসক হিচাপে লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত তেখেতে চচিয়ল মিডিয়াতো এগৰাকী জনপ্ৰিয় লেখক হিচাপে পৰিচিতি লাভ কৰিছে।

‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা এই সাক্ষাৎকাৰটি লৈছে ই-আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰী স্বপ্না দত্ত ভৰালী আৰু ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য ক্ৰমে শ্ৰী বিকাশ দত্ত আৰু শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে শ্ৰী স্বপ্না দত্ত ভৰালী আৰু শ্ৰী অভিজিত দত্তই। ইয়াৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে ‘অসমীয়াত কথা বতৰা গোট’ৰ আন এগৰাকী সদস্য শ্ৰী মৃদুল কুমাৰ শৰ্মাই। সাক্ষাৎকাৰটিৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰী বিকাশ দত্তই। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ডঃ দীপজ্যোতি বৰাই। সাক্ষাৎকাৰ চাবলৈ ইয়াত ক্লিক কৰক৷


সাহিত্য ডট অৰ্গ: প্ৰথমেই আমি আপোনাৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ। আপোনাৰ জন্মস্থান তথা পৰিয়ালৰ বিষয়ে অলপ ক’বনেকি?

ডাঃ সুৰজিৎ গিৰি: মোৰ জন্মস্থান শিৱসাগৰৰ দিচাংমুখ গাঁও। তাতেই ডাঙৰ দীঘল হৈ দিচাংমুখতে প্ৰাথমিক শিক্ষা লৈ দিচাংমুখ হাইস্কুলত পঢ়িলো। দেউতা স্কুল পৰিদৰ্শক হোৱা হেতুকে চাকৰি সংক্ৰান্তত ঢকুৱাখনাত থাকিবলগীয়া হোৱাত মই ঢকুৱাখনা হাইস্কুলতো তিনিবছৰমান পঢ়িলোঁ। তাৰপাছত ১৯৮৮ চনৰপৰা মই শিৱসাগৰত পঢ়িলোঁ। ১৯৯২ চনত মেট্ৰিক পাছ কৰি ১৯৯৪ চনত মই অসম মেডিকেল কলেজত সোমাওঁ। বৰ্তমান ঘৰত মোৰ মা-দেউতা, পত্নী আৰু ল’ৰা-ছোৱালী দুটা। ছোৱালীজনী দ্বাদশ শ্ৰেণীত আৰু ল’ৰাটো দশম শ্ৰেণীত। মোৰ ভাইটি বৰ্তমান পুনেত আৰু আৰু ভণ্টি গুৱাহাটীত থাকে।

সাহিত্য ডট অৰ্গ: সৰ্পদংশনৰ চিকিৎসাত আপোনাৰ লক্ষ্য ‘শূন্য মৃত্যু’ যিটোত আপুনি প্ৰায় উপনীত হৈছে। আপুনি ক’লা শংখচূড় সাপে দংশন কৰা মৃতপ্ৰায় ৰোগী, যাক কোৱা হয় ‘brought dead’ তেনে ৰোগীকো সুস্থ কৰি তুলিছে। সৰ্পদংশনৰ চিকিৎসাৰ প্ৰতি আপুনি কেনেকৈ আগ্ৰহী হ’ল?

ডাঃ সুৰজিৎ গিৰি: মই প্ৰকৃততে সংজ্ঞাহাৰক বিশেষজ্ঞ। অপাৰেচনৰ কাৰণে অহা মানুহ এজনক বিষ নোহোৱাকৈ অপাৰেচন কৰিবলৈ দৰৱপাতি দিয়াটোৱেই সংজ্ঞাহাৰক বিশেষজ্ঞৰ কাম। আমাৰ কাম যিহেতু অপাৰেচন থিয়েটাৰত, আমি ইমাৰজেন্সী ডিউটি কৰিবলগীয়া নহয়। ২০০৮ চনৰ ছেপ্তেম্বৰ মাহৰ কথা। মই তেতিয়া শিৱসাগৰৰ প্ৰগতি হস্পিটেলত আছিলোঁ। এদিন কিবা কাৰণত ডিউটি থকা ডাক্টৰজন আহিব পৰা নাছিল। আমি যিহেতু জৰুৰীকালীন বিভাগ ২৪×৭ ঘণ্টাই খোলা ৰাখিব লাগে, সেয়ে অন্য ডাক্টৰ নথকাত ইমাৰজেন্সীত ৰোগী চাবলৈ ময়ে বহিছিলোঁ। এয়া হয়তো ভগৱানৰে সংযোগ আছিল নে কি মই নাজানো। সেইদিনা প্ৰায় চাৰে চাৰিমান বজাত প্ৰায় ৪০ বছৰ বয়সীয়া সৰ্পদংশনৰ এগৰাকী ৰোগী আহিছিল। ৰোগীগৰাকী একেবাৰে মুমূৰ্ষু অৱস্থাত আছিল। তেওঁ তিনিখনমান হস্পিটেল বগাই চাৰিনম্বৰতহে আমাৰ হস্পিটেল পাইছিলহি। একেবাৰে লাষ্ট ষ্টেজত। সৰ্পদংশনৰ পাছত তেওঁলোকে বেজ-বেজালি কৰি হস্পিটেলে হস্পিটেলে ঘূৰি ফুৰিছিল। তেওঁলোকে হাতত দুটা এণ্টিভেনমো লৈ আহিছিল। কোনো হস্পিটেলতে এণ্টিভেনম বেজীটো দিয়া নাছিল। ৰোগীৰ যিহেতু একেবাৰে মুমূৰ্ষু অৱস্থা, সেয়ে ময়ো একো নকৰি তেওঁক ডিব্ৰুগড় মেডিকেললৈ স্থানান্তৰিত কৰিবলৈ দিলোঁ। আচলতে কি সাপে দংশন কৰিছে বা কেনেকৈ এণ্টিভেনম দিব লাগে সেইবিষয়ে মোৰ তেতিয়া জ্ঞান নাছিল। ৰোগীৰ সাতৰ পৰা দহবছৰীয়া তিনিজন ল’ৰা-ছোৱালী আছিল আৰু তেওঁলোকে মাকৰ অৱস্থা দেখি ফেঁকুৰি ফেঁকুৰি কান্দি এনে এটা পৰিৱেশ সৃষ্টি কৰিছিল যে সেইটো আপুনি নেদেখিলে কল্পনা কৰিব নোৱাৰে। ডিব্ৰুগড়লৈ যোৱাৰ পথত ৰোগীগৰাকীৰ মৃত্যু হৈছিল। সেই ঘটনাটোত মই বৰ মৰ্মাহত হৈছিলোঁ। মোৰ মনলৈ আহিছিল, সৰ্পদংশন মানেই মৃত্যু নেকি? সৰ্পদংশন হোৱাৰ পাছত মানুহবোৰে কিয় বেজ-বেজালি কৰায়? মানুহৰ হাৰ্ট এটেক হ’লে বা ফেনাইল খালে তৎক্ষণাত হস্পিটেললৈ আহে, কিন্তু সৰ্পদংশন হ’লে প্ৰথম কিন্তু বেজৰ ওচৰলৈহে দৌৰে। ডাক্টৰৰ কাষলৈ পলমকৈ আহে। আহিলেও আমি এণ্টিভেনম দিব পৰা নাই; কি সাপে দংশন কৰিছে ক’ব পৰা নাই। এইবোৰ কথা ভাবি ভাবি সেইৰাতি মোৰ টোপনিয়ে নাহিল। তেতিয়াই ভাবিলো, এই বিষয়ৰ ওপৰত কৰিবলগীয়া বহুত কাম আছে যদিও এই বিষয়টো সম্পূৰ্ণৰূপে মোৰ বিষয় নহয়। সেই মৃত্যুয়ে মোক একেবাৰে বিচলিত কৰিলে আৰু লাহে লাহে মানুহৰ সজাগতা, চিকিৎসা, কি সাপৰ দংশন, বিহটো কেনেকুৱা ধৰণৰ হয়, ফেঁটিসাপ বা শংখচূড় সাপে খুঁটিলে লক্ষণবোৰ কেনে হয় সেইবোৰ লাহে লাহে ৰোগীৰ লগত লাগি থাকি, অধ্যয়ন কৰি এই পৰ্য্যায় পালোঁহি।

সাহিত্য ডট অৰ্গ: কিছু চৰকাৰী চিকিৎসালয়ৰ লগতে গ্ৰাম্য অঞ্চলৰ চিকিৎসাখণ্ডৰ অৱস্থা সন্তোষজনক নহয়। পৰ্য্যাপ্ত চিকিৎসকৰ লগতে উপযুক্ত যন্ত্ৰপাতিৰ অভাৱৰ অভিযোগ প্ৰায়েই শুনা যায়। দুদিনমানৰ আগতে নলবাৰীত পাঁচবছৰীয়া ছোৱালী এজনীৰো মৃত্যু হোৱাৰ খবৰ ওলাইছিল। এই বিষয়ে আপুনি কি কয়? চৰকাৰে কেনেধৰণৰ ব্যৱস্থা ল’লে জনসাধাৰণৰ বাবে লাভজনক হ’ব বুলি ভাবে?

ডাঃ সুৰজিৎ গিৰি: এমবিবিএছ পঢ়ি থাকোঁতে যিহেতু আমাৰ ব্যৱহাৰিক জ্ঞান নাথাকে, গতিকে পাছ কৰাৰ পাছত  আমাক সকলো বিভাগলৈ তিনি মাহ, তিনি মাহকৈ ৰোটেচনত পঠিয়ায়। মই মেডিচিন বিভাগত তিনিমাহৰ বাবে থাকোঁতে তাত শিকিবলৈ পোৱা মতে সৰ্পদংশনৰ লগে লগে ৰোগীক কেজুৱেলটি ডিপাৰ্টমেণ্টলৈ আনিব লাগে। তাৰ ব্যৱস্থাটো এনেকুৱা, তাত প্ৰথমে জুনিয়ৰ ডাক্টৰে চায়, তাৰপাছত ক্ৰমে ৰেজিষ্টাৰ পৰ্য্যায়ৰ ডাক্টৰ, এছিছটেণ্ট প্ৰফেছৰ, এছ’চিয়েট প্ৰফেছৰ আৰু হেড অৱ দি ডিপাৰ্টমেণ্টে চাব। কিন্তু তাত থাকোঁতে মই এজনো সৰ্পদংশনৰ ৰোগী পোৱা নাছিলোঁ। তেনেকৈ কিমান ডাক্টৰ বা নাৰ্ছে ব্যৱহাৰিক জ্ঞান নোহোৱাকৈয়ে গ্ৰাম্য চিকিৎসালয়ত চিকিৎসা দিবলৈ ওলাই আহিছে সেয়া কল্পনাতীত। আগতে মানুহবোৰে সৰ্পদংশনৰ ক্ষেত্ৰত চিকিৎসালয়লৈ নাহি বেজৰ কাষলৈ গৈছিল। সেয়ে আমি সৰ্পদংশনৰ ৰোগীক অধ্যয়ন কৰিবলৈ নোপোৱাকৈয়ে যুদ্ধক্ষেত্ৰলৈ নামি আহিছিলোঁ আৰু সেইটো কাৰণতেই ২০০৮ চনত সৰ্পদংশনৰ ৰোগীজনক একো চিকিৎসা প্ৰদান কৰিব পৰা নাছিলোঁ। এতিয়াও মুষ্টিমেয় কেইজনমান চিকিৎসাকৰ্মীৰ বাদে এই বিষয়ত বহুতৰে ব্যৱহাৰিক জ্ঞান নাই। অসমৰ ৭৪ বিধ সাপৰ প্ৰজাতিৰ ভিতৰত ৬বিধ সাপহে বিষাক্ত। গতিকে বিষাক্ত সাপে দংশন কৰা ৰোগীসকল আমাৰ ওচৰলৈ আহিলেহে আমি তেওঁলোকক অধ্যয়ন কৰি লক্ষণবোৰ গম পাম। আমাৰ অসমৰ সাপৰ বিহৰ লগত মহাৰাষ্ট্ৰ বা পশ্চিম বংগৰ সাপৰ বিহৰ ভিন্নতা আছে। মেডিচিন বিভাগৰ কিতাপত যিখিনি পালোঁ সেয়া তাত্ত্বিক জ্ঞানহে, ব্যাৱহাৰিকভাৱে আমি কিন্তু ৰোগী পোৱা নাই। আমি যিমানেই ৰোগী পাম সিমানেই শিকিম। সমস্যাটো আমাৰ এতিয়াও আছে বুলি ভাবোঁ। সেইবাবে আমি আমাৰ চিকিৎসাকৰ্মীসকলক প্ৰশিক্ষণ দিব লাগিব। আমি সদায় কৈ আহিছোঁ যে সৰ্পদংশনত ‘শূন্য মৃত্যু’ৰ বাবে আমাক মাত্ৰ তিনিটা খোজৰ প্ৰয়োজন। এখোজ ৰাইজ বা সমাজৰ, এখোজ চিকিৎসাকৰ্মীৰ আৰু এখোজ চৰকাৰৰ। সৰ্পদংশনৰ লগে লগে বা বিছ মিনিটৰ ভিতৰত ৰোগীক হস্পিটেললৈ আনিব লাগিব। স্বাস্থ্যকৰ্মীসকল অৰিয়েণ্টেড হ’ব লাগিব আৰু লগতে চৰকাৰৰ সদিচ্ছা লাগিব। আজি আমি ২০২৩ বৰ্ষত এই গোটেইকেইটা একেলগ হৈছেগৈ বুলি ক’ব পাৰোঁ। চৰকাৰে এতিয়া ৩৫খন জিলাৰ ১৪৪জন ডাক্টৰক ৮ ছেপ্তেম্বৰ তাৰিখে গুৱাহাটীত প্ৰশিক্ষণ দিয়াইছে যিসকলে ঘূৰি আহি নিজৰ নিজৰ জিলাত চিকিৎসাকৰ্মীসকলক প্ৰশিক্ষণ দিব। এইখিনিলৈকে আমি আগবাঢ়িছোঁ যদিও বৰ লাহে ধীৰেহে আগবাঢ়িব পাৰিছোঁ। ইয়াৰ বাবে সময় লাগিব। এতিয়া নলবাৰীৰ ঘটনাটো আমি তদন্ত কৰিলে বা কৰ্তব্যত থকা ডাক্টৰৰ লগত কথা পাতিলেহে ভালকৈ গম পাম।

ছোৱালীজনীক খুউব সোনকালেই হস্পিটেললৈ আনিছিল, কিন্তু তেওঁৰ গাত কোনো লক্ষণ নাছিল। আমি লক্ষণভিত্তিক চিকিৎসা কৰোঁ। প্ৰথম কথা, ছোৱালীজনী যথেষ্ট সৰু আৰু সেয়ে চাগৈ তাই লক্ষণবোৰ ক’ব নোৱাৰিলে। তাতে ৰাতিৰ কথা বাবে তাইৰ টোপনিও ধৰিছিল চাগৈ। আমি অনুমান কৰামতে তাইক শংখচূড় সাপে দংশন কৰিছিল। এইবিধ সাপ অসমৰ নীৰৱ ঘাটক। এই সাপে দংশন কৰিলে কোনোধৰণৰ চিন নাথাকে বা ঠাইডোখৰ ফুলিও নাযায়। চাৰি বা পাঁচ ঘণ্টামানৰ পাছতহে ইয়াৰ বিহে মাংশপেশীবোৰ অৱশ কৰি মৃত্যুৰ পৰ্য্যায়লৈ গুচি যায়। গতিকে ছোৱালীজনীৰ ক্ষেত্ৰত মই ভাবিছোঁ যে তাই বিষ অনুভৱ কৰা নাছিল নহলে তাই নিশ্চয় কান্দিলেহেঁতেন। গতিকে সৰ্পদংশনৰ ৰোগী আহিলে ৰোগীজনক কেনেকৈ পৰ্য্যবেক্ষণ কৰি লক্ষণবোৰ ধৰা পেলাব পাৰিব সেইটোৰ প্ৰশিক্ষণ বা অৰিয়েণ্টেছনটো বৰ্তমান সকলো চিকিৎসাকৰ্মীৰ থকাটো জৰুৰী। আমি কোনো ডাক্টৰক বা ব্যৱস্থাটোক দোষ দিবলৈ নাযাওঁ। গুৱাহাটীত খবৰ কৰাত গম পালোঁ যে তাত ১৭৪টা এণ্টিভেনম মজুত আছিল, কিন্তু যিজন কৰ্তব্যৰত ডাক্টৰ বা কৰ্মী আছিল তেওঁ এই বিষয়টোৰ প্ৰতি অৰিয়েণ্টেড নহয়। কাৰণ তেওঁ পাছ কৰি ওলাই অহাৰ পাছত কিমানজন সৰ্পদংশনৰ ৰোগীক চিকিৎসা কৰিছে বা দেখা পাইছে সেয়া নিশ্চয়কৈ খুবেই কম আৰু সেইবাবেই ব্যাৱহাৰিক জ্ঞানো কম। চিকিৎসাকৰ্মীৰ ব্যাৱহাৰিক জ্ঞান হলেহে আমি এনে ঘটনা প্ৰতিৰোধ কৰিব পাৰিম। মই বঢ়াই কোৱা নাই, কিন্তু আমাৰ ডিমৌৰ চিকিৎসালয়ৰ সকলো চিকিৎসাকৰ্মী অতি সজাগ আৰু সেইবাবেই আমি সোতৰশ ৰোগীৰ চিকিৎসা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু এই সজাগতা এদিনতে অহা সম্ভৱ নহয়। আমাক সময় লাগিবই কাৰণ ভুকুতে কলটো নপকে। নলবাৰীৰ ঘটনাটোত আমি খুবেই মৰ্মাহত হৈছোঁ। মই এশ শতাংশ নিশ্চিত যে চিকিৎসকজনে হয়তো কি সাপে দংশন কৰিলে ধৰিব নোৱাৰিলে বা এনে হ’ব পাৰে যে লক্ষণ কিমান দেৰিকৈ ওলাব পাৰে জনা নাছিল। মই এনেকৈয়ে ভাবিছোঁ। বাকী তদন্তত কি ওলায় নাজানো।

আপুনি আৰু এটা কথা সুধিছিল, গ্ৰাম্য চিকিৎসালয়ৰ সুবিধা বা যন্ত্ৰপাতিৰ কথা। ডিমৌ চিকিৎসালয় এখন গ্ৰাম্য চিকিৎসালয়। ইয়াত কোনো আই চি ইউ বা ভেণ্টিলেচন নাই। মই আগতেই কৈছো যে সৰ্পদংশনৰ ৰোগীক যদি সোনকালেই চিকিৎসালয়লৈ আনে তেন্তে আই চি ইউ বা ভেণ্টিলেচন নালাগে। আমাৰ সোতৰশ ৰোগীয়ে এই কথা প্ৰমাণ কৰিছে। কিন্তু দেৰি হ’লে লাগিব। মই অসমৰ ৰাইজক এইটোকে ক’বলৈ বিচাৰোঁ যে সৰ্পদংশনৰ চিকিৎসাৰ বাবে বিয়াগোম চিকিৎসালয়, চিকিৎসক নাইবা দৰৱ নালাগে। মাত্ৰ আপোনাৰ ওচৰৰ চিকিৎসকজন অৰিয়েণ্টেড হ’লেই হ’ল। ২০২৪ চনটো আমি সকলো চিকিৎসাকৰ্মীৰ মাজলৈ সজাগতা আনিবলৈ উঠিপৰি লাগিম আৰু আশা কৰিছোঁ যে সকলোৰে সন্মিলিত প্ৰচেষ্টাত ২০২৫ ত শূন্য মৃত্যু সম্ভৱ কৰিম।

সাহিত্য ডট অৰ্গ: সাপে খুঁটিলে ডাক্টৰৰ কাষ গৈ পোৱাৰ আগতে আমি বিজ্ঞানসন্মতভাৱে ৰোগীৰ কেনে পৰিচৰ্য্যা কৰা উচিত? আনকি বিষহীন সাপে খুটিলেও কেতিয়াবা মানুহ বিপদত পৰিব পাৰে। এইক্ষেত্ৰত ভুক্তভোগীয়ে কি কৰা উচিত?

ডাঃ সুৰজিৎ গিৰি: প্ৰথমে আমি ৰোগীক অভয়দান কৰিব লাগিব। কাৰণ যিমানেই বিষাক্ত সাপ নহওক কিয় তাৰ চিকিৎসা আছে। অসমৰ ৬ বিধ বিষাক্ত সাপৰ ভিতৰত আমি কেৱল ৰজাফেঁটিয়ে খোঁটা ৰোগী আজিলৈকে পোৱা নাই। বাকী সকলো সাপৰ দংশনৰ সফল চিকিৎসা হৈছে। মাত্ৰ ৰোগীক অতি সোনকালে চিকিৎসালয়লৈ আনিব লাগে। দংশন কৰা ঠাইটুকুৰাৰ ওপৰত ৰছীৰে কেতিয়াও বান্ধিব নালাগে আৰু দংশন কৰা হাত বা ভৰিখন কেতিয়াও লৰচৰ কৰিবলৈ দিব নালাগে। তেনে কৰিলে বিহবোৰ তেজত বেছিকৈ মিহলি হৈ যাব আৰু লক্ষণবোৰ সোনকালে দেখা দিব। যোৱাবছৰৰ কথা, পাঠশালাত ল’ৰা এজনক ফেঁটি সাপে দংশন কৰিছিল। মই তেওঁক তৎক্ষণাত হস্পিটেলত ভৰ্তি হবলৈ কলোঁ। তেওঁ বৰপেটা মেডিকেললৈ আহিবলৈ ল’লে। পাঠশালাৰ পৰা বৰপেটালৈ দূৰত্ব প্ৰায় দেৰঘণ্টা। গতিকে মই তেওঁক দংশন কৰা ভৰিটো একেবাৰে লৰচৰ নকৰাকৈ আহিবলৈ উপদেশ দিয়াত তেওঁ সেইমতেই আহিল আৰু আহি পোৱাৰ দুঘণ্টাৰ পাছতহে তেওঁৰ লক্ষণবোৰে দেখা দিলে। সেয়ে সৰ্পদংশনৰ পাছত মনত ৰাখিবলগীয়া কথা হ’ল লৰচৰ নকৰিব, নাবান্ধিব, নুধুব, ব্লেড নামাৰিব বা নুচুপিব। সৰ্পদংশনৰ চিকিৎসা এটাই- এণ্টিভেনম আৰু আনুষংগিক দৰৱ। তাৰপাছত আপুনি ৰোগীক হস্পিটেললৈ আনিব লাগিব। দুচকীয়াত আহিলে ৰোগীক মাজত লৈ এজনে ৰোগীৰ মূৰটো ধৰিব লাগিব। মই চাইকেলত অনা ৰোগীও পাইছোঁ। চেপনৰপৰা ফেঁটি সাপে দংশন কৰা সৰু ছোৱালী এজনীক দেউতাকে অন্য সুবিধা কৰিব নোৱাৰি চাইকেলতে অতি সোনকালে লৈ আনিছিল যাৰবাবে আমি সময়মতে দৰৱ দি ছোৱালীজনীক আৰোগ্যও কৰিব পাৰিছিলোঁ। আচলতে মানুহখিনি সজাগ হৈ কেতিয়াবা এনেকুৱা হ’লে কোনখন হস্পিটেললৈ নিব  সেয়া আগতেই ঠিক কৰি থ’লে সময়ৰ অপচয় নহয় আৰু ৰোগীয়ে সময়ত চিকিৎসা পায়।

সাহিত্য ডট অৰ্গ: বিষহীন সাপে খুঁটিলেও মানুহ কেতিয়াবা বিপদত পৰিব পাৰেনেকি?

ডাঃ সুৰজিৎ গিৰি: কোনো এজন ৰোগী আমাৰ ওচৰলৈ আহিলে আমি প্ৰথমেই ধৰি লওঁ যে এইটো বিষাক্ত সাপৰ দংশন আৰু সেইমতে আমি ৰোগীক ২৪ ঘণ্টা পৰ্য্যবেক্ষণত ৰাখোঁ। বিষাক্ত সাপ হ’লে এইসময়ৰ ভিতৰত লক্ষণবোৰ দেখা দিয়ে বা লক্ষণ দেখা নিদিলে আমি অবিষাক্ত সাপ বুলি গম পাওঁ। এবাৰ এনে এজন ৰোগী পাইছিলোঁ যি সৰ্পদংশনৰ পাছত আমাৰ ওচৰলৈ আহোঁতে দংশন কৰা সাপটোৰ ফটো লগত লৈ আহিছিল। ফটোত থকা সাপটো বিষাক্ত নাছিল যদিও আমি তেওঁক পৰ্য্যবেক্ষণত ৰাখিলোঁ। কিন্তু চাৰি ঘণ্টাৰ পাছত তেওঁৰ দেহত ফেঁটি সাপে দংশন কৰাৰ লক্ষণ ফুটি উঠিল। ফেঁটি সাপে দংশন কৰিলে ৯৫ শতাংশ মানুহৰ ঠাইডোখৰ বিষায়, ফুলি যায়, ক’লা পৰি যায় আৰু বমি হয়। ৫ শতাংশ মানুহৰ লক্ষণবোৰ দেৰিকৈ আহিব পাৰে। মানুহজনৰো তেনে হ’ল। দেৰিকৈ লক্ষণবোৰ আহিল আৰু আমি এণ্টিভেনম দিলোঁ। তেওঁ আৰোগ্য হ’ল। পাছত আমি তেওঁক আৰু তেওঁৰ ঘৰৰ মানুহক ভালদৰে সোধাত গম পালোঁ যে তেওঁ ঘৰৰ ভিতৰত থাকোঁতে সাপে দংশন কৰি গুচি গ’ল। তাৰপাছত বিচাৰ খোচাৰ কৰি ওচৰতে সাপ এটা দেখা পোৱাত, যিটো আচলতে বিষহীন আছিল আৰু সেইটোৱে তেওঁক দংশন কৰা নাছিল, ভুলবশতঃ সেইটোৰ ফটো মাৰি তেওঁলোকে মোৰ ওচৰলৈ লৈ আহিছিল। যদিহে তেওঁক আমি পৰ্য্যবেক্ষণত নাৰাখিলোহেঁতেন তেন্তে আমি তেওঁক হেৰুৱাবলগা হ’লহেঁতেন। এবাৰ মই বিষহীন সাপে খোঁটা এগৰাকী ৰোগী পাইছিলোঁ। তেওঁৰ উশাহ লবলৈ কষ্ট হোৱাৰ লগতে গোটেই গাত এলাৰ্জি হৈ গৈছিল। মুখ তথা ওঁঠ ফুলি আহিছিল। তেখেতক এণ্টিভেনম নিদিয়াকৈয়ে এলাৰ্জিৰ দৰৱ দিয়াত আৰোগ্য হ’ল। পাছত আমাৰ মাজত আলোচনামৰ্মে ধাৰণা কৰিলোঁ যে যদিও সাপটো বিষাক্ত নাছিল, সাপটোৱে সম্ভৱতঃ বিষাক্ত বা আমাৰ দেহৰ বাবে এলাৰ্জিক কিবা ভক্ষণ কৰিছিল আৰু তাৰ দাঁতত বিষথকা বা এলাৰ্জিক বস্তুবোৰ লাগি আছিল আৰু সেইসময়তেই সি মানুহগৰাকীক দংশন কৰিছিল আৰু তাৰ দাঁতৰদ্বাৰা ৰোগীৰ দেহলৈ এলাৰ্জেন বিয়পি পৰিছিল। গতিকে যি সাপেই নোখোঁটক বা যি পতংগই নাকামোৰক কিয় চিধাই হস্পিটেললৈ যোৱাটো জৰুৰী। কাৰণ কেতিয়াবা অজ্ঞাত কিবা বস্তুৱে কামুৰিলেও পাছত বিষাক্ত সাপৰ দংশন বুলি ১০ শতাংশ মানুহৰ লগত প্ৰমাণিত হৈছে।

সাহিত্য ডট অৰ্গ: আপুনি সাপৰ লগতে বিষাক্ত মকৰাই দংশন কৰা ৰোগীকো চিকিৎসা কৰিছে? তাৰ বিষয়ে অলপ ক’ব নেকি?

ডাঃ সুৰজিৎ গিৰি: কেতিয়াবা আমাৰ এনে ৰোগী আহে যি কিহে কামুৰিছে ক’ব নোৱাৰে কিন্তু দুটা দাঁতৰ চিন থাকে আৰু ফুলি গৈ বিষায়। আমি প্ৰথমে সাপৰ দংশন বুলিয়েই সন্দেহ কৰোঁ কিন্তু নহয়। পাছত এগৰাকী ৰোগীয়ে মকৰা এটাৰ ফটো লৈ অহাতহে আমি গম পালোঁ যে মকৰাই দংশন কৰিলেও এনেকুৱা লক্ষণ আহে। ফটোখন আমি ভাৰতৰ মকৰা বিশেষজ্ঞসকললৈ পঠোৱাত গম পালোঁ যে এইটো বিষাক্ত মকৰা। মকৰাৰ দৰেই কিছুমান আন পতংগও আছে যিবোৰে কামুৰিলে সাপৰ দৰে দুটা দাঁতৰ চিন পোৱা যায়। সেয়ে আমি কৈছো যে আমি দাঁতৰ চিন চাই কেতিয়াও চিকিৎসা নকৰোঁ। লক্ষণ চাইহে কৰোঁ।

সাহিত্য ডট অৰ্গ: অসমত এতিয়াও এনে কিছু অঞ্চল আছে য’ত সাপে খুটিলে ডাক্টৰৰ কাষলৈ যোৱাতকৈ বেজৰ ওচৰলৈ যোৱাটোতহে অধিক প্ৰাধান্য দিয়ে। এই বিষয়ৰ ওপৰত সজাগতা আনিবলৈ আপুনি যথেষ্ট লিখা-মেলা কৰি আছে। যিসকলক সামাজিক মাধ্যম বা বাতৰি কাকতেও ঢুকি নাপায়, তেনে লোকৰ মাজত সজাগতা কেনেকৈ আনিব পাৰি বুলি আপুনি ভাবে?

ডাঃ সুৰজিৎ গিৰি: যিসকলে এই বিষয়ত সজাগ, তেওঁলোকেই সজাগতা আনিব লাগিব। তাৰ বাদে আন উপায় নাই। আমি ইতিমধ্যে বাতৰি কাকত, ছচিয়েল মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া আদিক টাৰ্গেট হিচাপে লৈ এই বিষয়ত সজাগতা আনিবলৈ চেষ্টা কৰিছোঁ। কিন্তু কিছু এনে লোক আছে যে যিসকলে একোৱে নাজানে। এবাৰ আমাৰ হস্পিটেলৰ পৰা মাত্ৰ দহ কিলোমিটাৰ নিলগৰ এগৰাকী ৰোগী সাপে খোঁটাৰ পিছত পিছদিনাখন চিকিৎসালয়লৈ আহিল। তেখেতে চিকিৎসালয়লৈ অহাত কিয় ইমান পলম হ’ল, সেয়া মই তেওঁৰ পৰা জানিব বিচাৰিলোঁ। তেওঁ কলে যে নিশা আহিবলৈ তেওঁলোকৰ কোনো বাহন নাই। মই কলোঁ যে তেনে ক্ষেত্ৰত তেওঁলোকে ১০৮ সেৱাত ফোনৰ দ্বাৰা যোগাযোগ কৰিব লাগিছিল। তেতিয়া মানুহজনে মোক কলে যে ফোন কৰিবলৈ তেওঁলোকৰ ম’বাইলো নাই। তেওঁলোকৰ পৰা জানিব পাৰিলো যে তেওঁলোকে হাজিৰা কৰি কোনোমতে পেটেভাতে খাই আছে। নিশা সৰুপানী চুবলৈ যোৱাৰ সময়তেই সাপে তেওঁক দংশন কৰে। তেওঁলোকৰ সমস্যা অনুধাৱন কৰি মই কলোঁ যে নিশাই সহায় বিচাৰি তেওঁলোক কাৰোবাৰ ওচৰলৈ যাব লাগিছিল। মোৰ প্ৰশ্নত তেওঁলোকে কলে যে নিশা হ’লে তেওঁলোক থকা ঠাইৰ পৰিবেশ বেলেগ হৈ পৰে। মাতাল হৈ মানুহবোৰ ঘূৰি ফুৰে আৰু তেনে মানুহে যে সহায় কৰিব, তাৰ কোনো নিশ্চয়তা নাই। সেয়েহে তেওঁলোকে পাছদিনাখন বেটেৰী গাড়ী ইত্যাদিত উঠি আমাৰ চিকিৎসালয় পালে। মই তেতিয়া মানুহজনক ক’লো যে যদিহে তেওঁক ফেঁটি সাপে দংশন কৰিলেহেঁতেন, তেনেহ’লে তেওঁৰ মৃত্যু অনিবাৰ্য্য আছিল। সেই ক্ষেত্ৰত তেওঁ কি কৰিলেহেঁতেন সেয়া মই তেওঁৰ পৰা জানিব বিচাৰিলোঁ। তেতিয়া মানুহজন আৰু পত্নীয়ে সমস্বৰে কলে, “মৰিলোহেঁতেন ছাৰ। কিনো কৰিম! সেই নিশানো আহিম কেনেকৈ?”

আচলতে কি জানে? এনেধৰণৰ মানুহকো সচেতন কৰি তুলিব লাগিব। লগতে পাৰিপাৰ্শ্বিক পৰিৱেশ তথা গ্ৰাম্য চিকিৎসালয়ত সৰ্প দংশনৰ চিকিৎসাৰ ব্যৱস্থা হোৱাটো বাঞ্ছনীয়। এনেধৰণৰ মানুহবোৰৰ বাবে পথ প্ৰদৰ্শক থাকিব লাগিব। আৱশ্যকতা অনুসৰি কাৰোবাৰ বাহন থাকিলে সাপে খোঁটা মানুহক এনেধৰণৰ চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰিব লাগিব।

সাহিত্য ডট অৰ্গ: সৰ্পদংশন সম্পৰ্কে আপুনি বেছ অধ্যয়ন কৰিছে। এই সম্পৰ্কে প্ৰস্তুত কৰা আপোনাৰ লেখা আন্তৰ্জাতিক ক্ষেত্ৰতো জনপ্ৰিয় হৈছে। এই বিষয়ে আমাক অলপ জনাবনে?

ডাঃ সুৰজিৎ গিৰি: হয়, এতিয়ালৈ তিনি-চাৰিটা লেখা আন্তৰ্জাতিক জাৰ্নেলত প্ৰকাশ পাইছে। আচলতে আমি উৎসৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি চিকিৎসা প্ৰদান কৰিব লাগিব। আচলতে সকলো চিকিৎসক, নাৰ্চ আদিয়ে সৰ্প দংশনৰ বাবে প্ৰদান কৰা চিকিৎসা সম্পৰ্কে জানিব লাগিব। আন চিকিৎসালয়লৈ পঠিয়াই দিয়াতকৈ নিজ নিজ ঠাইতেই এই চিকিৎসা কৰিব লাগে। এনেবোৰ কথা, এনেবোৰ তথ্য সামৰিয়েই আমি দুখনমান গৱেষণা পত্ৰ প্ৰস্তুত কৰিছোঁ। এই কথাটোকেই সাৰোগত কৰি আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগতো কথা পাতিছোঁ। সৌ সিদিনা ভাৰত চৰকাৰে এই বিষয়টো লৈ সভা এখনো অনুষ্ঠিত কৰিলে। আচলতে সৰ্প দংশনৰ ক্ষেত্ৰত ব্যাৱহাৰিক জ্ঞান আৰু তথ্যৰ ওপৰত নিৰ্ভৰ কৰি আমি কাম কৰি আছোঁ।
 

সাহিত্য ডট অৰ্গ: পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সাপৰ প্ৰয়োজন আছে। সৰ্পদংশনৰ ক্ষেত্ৰত সজাগতা অনাৰ লগতে সাপৰ সুৰক্ষাৰ বিষয়টোৰ ওপৰতো মানুহক সজাগ কৰাৰ প্ৰয়োজনীয়তা আছে। এই বিষয়ে কিছু কথা আপোনাৰ পৰা জানিবলৈ পালে ভাল পাম।

ডাঃ সুৰজিৎ গিৰি: নিশ্চয়। সাপে দুখ নাপালে কেতিয়াবা আক্ৰমণ নকৰে। এইখিনিতেই আপোনালোকক কথা এটা কওঁ। নীলিন বুলি এগৰাকী মানুহে ১৯৮৬ ত এটি বন্ধ কোঠাৰ ভিতৰত বাসত্তৰটা বিষাক্ত সাপৰ সৈতে বাসত্তৰ ঘণ্টা একেলগে থাকিল। মানুহজনক সাপে আক্ৰমণ নকৰিলে। মানে কথাটো হ’ল সাপে অসুবিধা নাপালে দংশন নকৰে। আমি পৰিৱেশৰ ক্ষেত্ৰত কথা এটা কওঁ। চাউল হ’ল আমাৰ প্ৰধান খাদ্য। যদি সাপ নোহোৱা হৈ যায়, তেতিয়া এন্দুৰৰ সংখ্যা বৃদ্ধি পাব। কাৰণ এন্দুৰ হ’ল সাপৰ প্ৰিয় খাদ্য। এন্দুৰে চাউল খাই তহিলং কৰিব। এনেদৰে এন্দুৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰি আছে সাপে। এটা সমীক্ষা অনুসৰি যদিহে পৃথিৱীত সাপ নাথাকে, আমি পৃথিৱীত মাত্ৰ ঊনৈশ বছৰহে জীয়াই থাকিম। খাবলৈ নাপাই আমি নিগমে মৰিম। সেইবাবেই কোৱা হৈছে যে সাপ হ’ল কৃষকৰ বন্ধু। আনহাতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবেও সাপৰ বিষৰ পৰা ঔষধ তৈয়াৰ কৰা হয়। সাপ নহ’লে এইবোৰ ঔষধ তৈয়াৰ কৰাত সমস্যা হ’ব।
আৰু এটা কথা হ’ল এই যে আমি সাপৰ লগত সহবাস কৰিব লাগিব। এবাৰ কি হ’ল জানে? বাপেক-পুতেক এডাল সাপ এডালৰ সৈতে চাৰিঘণ্টা শুই আছিল। পিছে তেওঁলোকৰ হাত-ভৰি সাপডালৰ গাত নপৰালৈকে সাপডালে তেওঁলোকক দংশন কৰা নাছিল। দেউতাকৰ ভৰিখন লগোৱাৰ পিছতহে তেওঁক সাপডালে দংশন কৰিছিল। লাহে লাহে সৰ্প দংশন বাঢ়িব। কাৰণ সাপৰ বাসস্থান কমি আহিছে। আমি নিজেও সৰ্প দংশনৰ পৰা নিজকে বচাই চলিব লাগিব। এইবাবে ঘৰত যাতে এন্দুৰ নাথাকে, সেয়া চাব লাগিব। একেদৰে শোৱাৰ সময়ত আঠুৱা ব্যৱহাৰ কৰা উচিত। কুকুৰাৰ গড়াল আদিত হাত সুমুই নিদিয়া উচিত। আচলতে সাপৰ লগত আমাৰ সংঘৰ্ষ হৈছে। এই সংঘৰ্ষ আমি এৰাই চলিব লাগিব।

সাহিত্য ডট অৰ্গ: সৰ্পদংশনৰ বিষয়টোক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?

ডাঃ সুৰজিৎ গিৰি: এইক্ষেত্ৰত চৰকাৰ, জনসাধাৰণ ইত্যাদি সকলোৱে গুৰুত্ব দিব লাগিব। বিদ্যালয়, মহাবিদ্যালয় আদিতো সৰ্প দংশনৰ বিষয়ে জনাব লাগিব। আমি যিমান পাৰোঁ, সৰ্পদংশনৰ সম্ভাৱনীয়তা কমাব লাগিব। এই সম্পৰ্কে আমি সকলোৱে মানুহক সচেতন কৰি তুলিব লাগিব।

সাহিত্য ডট অৰ্গ: আপোনাৰ পৰা সৰ্প দংশন আৰু ইয়াৰ পৰা কেনেদৰে বাচিব পাৰি, সেয়া জানিবলৈ সক্ষম হ’লোঁ। পৰিবেশৰ সৈতে সাপৰ সমন্বয়ৰ কথাও আপুনি প্ৰাঞ্জল ভাষাত প্ৰকাশ কৰিলে। সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালোঁ।

ডাঃ সুৰজিৎ গিৰি: হয়, আপোনালোককো ধন্যবাদ জনালোঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!