সাক্ষাৎকাৰ: ধৰণীধৰ বড়ো

লেখক- সাহিত্য ডট অৰ্গ

‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা এইবাৰ সাক্ষাৎকাৰ লোৱা হৈছিল প্ৰখ্যাত বন বিষয়া শ্ৰীযুত ধৰণীধৰ বড়োৰ। অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু সম্বৰ্ধনৰ কামত অহোপুৰুষাৰ্থ কৰা বন বিষয়া শ্ৰীযুত ধৰণীধৰ বড়োৱে মানাহ অভয়াৰণ্যৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰতো বিশেষ অৰিহণা আগবঢ়াইছে। কাজিৰঙা আৰু মানাহ অভয়াৰণ্যৰ সংৰক্ষণৰ বাবে সেৱা আগবঢ়োৱা শ্ৰীযুত বড়োৱে বিভিন্ন বঁটাও লাভ কৰিছে। এইসমূহ বঁটাৰ ভিতৰত আছে টাইগাৰ লিংকে আগবঢ়োৱা বাঘ সেৱক বঁটা, আই. ইউ. চি. এন- এ আগবঢ়োৱা ফ্ৰে’ড এম পেকাৰ্ড পাৰ্ক মেৰিট আন্তঃৰাষ্ট্ৰীয় বঁটা, ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ-ইণ্ডিয়াই আগবঢ়োৱা পাটা এৱাৰ্ড, চি. এন. এন.- আই. বি. এন-এ আগবঢ়োৱা ৰিয়েল হিৰো এৱাৰ্ড ইত্যাদি।

‘সাহিত্য ডট অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ‘অসমীয়াত কথা বতৰা’গোটৰ সদস্য ক্ৰমে শ্ৰী মৃদুল কুমাৰ শৰ্মা, শ্ৰী বিকাশ দত্ত আৰু শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে শ্ৰী অভিজিত দত্তই। ইয়াৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে শ্ৰী মৃদুল কুমাৰ শৰ্মাই। সাক্ষাৎকাৰটিৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছে শ্ৰী বিকাশ দত্তই। চাবলৈ ইয়াত ক্লিক কৰক৷

সাহিত্য ডট অৰ্গ: ‘সাহিত্য ডট অৰ্গ’ৰ সাক্ষাৎকাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালোঁ। বন্য জীৱনৰ সৈতে আপুনি জীৱনজুৰি জড়িত হৈ আছে। বনৰীয়া জীৱ-জন্তুৰ জীৱন প্ৰণালী সম্পৰ্কে আমাক অলপমান জনাবনে?

ধৰণীধৰ বড়ো: হয়। পোহনীয়া জীৱ-জন্তুৰ বাহিৰে যিবোৰ জীৱ-জন্তু বনত পোৱা যায়, তাকেই আমি বন্যপ্ৰাণী বুলি অভিহিত কৰিব পাৰোঁ। যেনে সাপ, হাতী ইত্যাদিক আমি বনৰীয়া জীৱ-জন্তু বুলি ক’ব পাৰোঁ। বহুতো বন্যপ্ৰাণী যেনে হাতী আদিক মানুহে পোহনীয়া কৰিও ৰাখে। পিছে ইহঁতবোৰৰ স্থান যিহেতু বনতহে, সেইবাবে এনেধৰণৰ জীৱ-জন্তুকো আমি বন্য প্ৰাণী বুলিয়েই ক’ব পাৰোঁ। আনকি কুকুৰা আদিৰো পূৰ্বপুৰুষ হ’ল বনৰীয়া কুকুৰাবোৰ। সেয়েহে পোহনীয়া জীৱ-জন্তুৰ বাদে যিবোৰ জীৱ-জন্তু বন-হাবি আদিত পোৱা যায়, তাকেই বনৰীয়া জীৱ জন্তু বুলি আমি ধৰিব পাৰোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই বন্যপ্ৰাণীৰ ওপৰত ‘বন্যপ্ৰাণী’ বুলি কবিতা এটাও লিখিছোঁ।

সাহিত্য ডট অৰ্গ: আমি জানিবলৈ পাই সুখী হৈছোঁ যে বন্যপ্ৰাণীৰ ওপৰত আপুনি কবিতা লিখি উলিয়াইছে। অনুগ্ৰহ কৰি তেনে এটি কবিতা সম্পৰ্কে আমাক অলপমান জনাবনে?

ধৰণীধৰ বড়ো: নিশ্চয়। এই বিষয়ে ক’বলৈ পালে মই ভাল পাম। এই কবিতাটিত মই বন্যপ্ৰাণী সম্পৰ্কে এক আভাস দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। বন্যপ্ৰাণীৰো যে এখন সমাজ আছে, সেয়া মই এই কবিতাটিত উল্লেখ কৰিছোঁ। আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে এই কবিতাটিকেই ধৰি আন বহুকেইটা কবিতা একত্ৰিত কৰি মই কবিতা পুথি এখন প্ৰকাশ কৰিম বুলি ভাবিছোঁ।

সাহিত্য ডট অৰ্গ: আপোনাৰ এই অপৰূপ কবিতাটোত উল্লেখ কৰাৰ দৰেই বন্য প্ৰাণীৰো যে এখন সমাজ আছে সেই ভাৱ আমাৰ মনলৈও আহিল। সেইসমূহ প্ৰাণীয়েও সেইখন সমাজত নিৰ্দিষ্ট নীতি-নিয়ম অনুসৰণ কৰি হয়তো জীৱন নিৰ্বাহ কৰে।

ধৰণীধৰ বড়ো: হয়, হয়। আপোনালোকে ঠিকেই ধৰিছে। প্ৰকৃতিৰ নীতি-নিয়ম, শৃংখলা আদি সিহঁতে আজিকোপতি মানি চলে। কথাটো বুজাবলৈ আমি হস্তীৰ কথাকেই ক’ব পাৰোঁ। কিমান যে অত্যাচাৰ চলোৱা হৈছে এই হস্তীকুলৰ ওপৰত! হাবি-বননি ভাঙি সিহঁতবোৰক নিঠৰুৱা কৰা হৈছে। এইবোৰ অপকৰ্ম কৰিছে জীৱশ্ৰেষ্ঠ মানুহে। ইচ্ছা কৰিলে মাথোঁ চাৰি বা পাঁচটা হাতীয়ে আমাৰ বাসস্থান ভাঙি তহিলং কৰিব পাৰে। এখন গাঁও সিহঁতে ধ্বংস কৰিব পাৰে। পিছে প্ৰকৃতিৰ নিয়ম ভংগ কৰি সিহঁতে আমাক আক্ৰমণ কৰিবলৈ ৰাজী নহয়। এইবোৰেই বন্য প্ৰাণীয়ে মানি চলা নিয়মৰ কথা। যদিহে প্ৰকৃতিৰ নিয়ম ভাঙি আমি এটা এটাকৈ বন্যপ্ৰাণীবোৰ হেৰুৱাবলগীয়া হয়, ভৱিষ্যতৰ প্ৰজন্মৰ বাবে সেয়া বৰ ভয়াবহ কথা হ’ব। ইয়াৰ বাবে আমি সকলো দায়ী হ’ম। বন্যপ্ৰাণী সংৰক্ষণ কৰিলেহে আমি আমাৰ ভৱিষ্যত গঢ়ি তুলিব পাৰো। ইয়াৰ বাবে অকল বন বিষয়া বা বন কৰ্মচাৰীয়েই যে অকল দায়বদ্ধ, কথাটো তেনে নহয়। আমাৰ সমাজখনৰ প্ৰতিজন ব্যক্তিয়েই বন্যপ্ৰাণী সংৰক্ষণত গুৰুত্ব আৰোপ কৰিব লাগিব। এয়া এক সমূহীয়া প্ৰচেষ্টা হোৱা উচিত।

সাহিত্য ডট অৰ্গ: হয়, এইক্ষেত্ৰত সকলোৰে সজাগতা থকা উচিত। কেবল বন সংৰক্ষকসকলৰ ওপৰতহে এই দায়িত্ব ন্যস্ত কৰি সমাজৰ আনসকল লোকে মূৰপোলোকা মাৰিলে বন্যপ্ৰাণী সংৰক্ষণ কৰিব নোৱাৰি। এইখিনিতেই আমি বানত ক্ষতিগ্ৰস্ত হোৱা বনৰীয়া জীৱ-জন্তুৰ কথাকে ভাবোঁ। কাজিৰঙাৰ মাজেৰে পাৰ হৈ যোৱা পথটোত বাৰিষাকালত বহু জীৱ-জন্তু পাৰ হৈ যায়। বহুতে কথাটো জানে যদিও তেওঁলোকৰ বাহনৰ গতিৰোধ নকৰে। ফলত বহু প্ৰাণীৰ অকাল মৃত্যু ঘটে। এনেবোৰ ক্ষেত্ৰত মানুহৰ সজাগতা থকাটো বাঞ্ছনীয়।

ধৰণীধৰ বড়ো: হয়, একেবাৰে ঠিক কথা কৈছে। আপোনালোকক জনাওঁ যে আপোনালোকে কোৱা সেইখন কাজিৰঙাত মই ছৌত্ৰিশ বছৰ কাম কৰিলোঁ। যেতিয়া মানুহ এজনে চাকৰি এটা পায়, তেতিয়া ৰাজ্যপালে এনেদৰে লিখে, “The Governor of Assam is pleased to appoint you in the interest of public service।” অৰ্থাৎ চাকৰিটো ৰাইজৰ সেৱাৰ অৰ্থেহে দিয়া হয়। পিছে এতিয়া বহুজনে নিজৰ স্বাৰ্থৰ বাবে কাম কৰে। মই যেতিয়া কাজিৰঙাত আছিলোঁ, সেই অভয়াৰণ্যক মই নিজৰ সম্পদ বুলি গণ্য কৰিছিলোঁ। আপোনালোকে কোৱা সেই সজাগতা জগাই তুলিবলৈ গাঁৱে-ভূঞে মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছিলোঁ। মই সকলোৰে লগত চিনাকি হৈ সেই সজাগতা জগাই তুলিছিলোঁ। মই নিস্বাৰ্থভাৱে কাজিৰঙাত মোৰ দায়িত্ব সম্পন্ন কৰিছিলোঁ। এইখিনিতে আপোনালোকক কথা এটা কওঁ। সেই সময়ত মোক সাতখন নাও নিৰ্মাণ কৰিবলৈ অৰ্থ সাহায্য দিয়া হৈছিল। সেই অৰ্থ ব্যয় কৰি মই নখন নাও নিৰ্মাণ কৰিছিলোঁ। একেদৰে মানাহ অভয়াৰণ্যতো মই গাঁৱে-ভূঞে সজাগতা জগাই তুলিছিলোঁ। অৱশ্যে পিছলৈ দুজনমান বিষয়াৰ বাবে অলপ সমস্যাৰো সৃষ্টি হৈছিল। তেওঁলোকে সেই সজাগতা অক্ষুণ্ণ ৰখাত সম্পূৰ্ণৰূপে সমৰ্থ নহ’ল।

আচলতে মই বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰি সজাগতা সৃষ্টি কৰিছিলোঁ। আপোনালোকক আৰু এটা কথা জনাওঁ— মই এগৰাকী বাঁহী বাদক। একেদৰে মই বক্তা হিচাপেও সফলতা লাভ কৰিছোঁ। বিভিন্ন জনসমাবেশত মই বাঁহী বজাইছোঁ, কেতিয়াবা বক্তৃতা প্ৰদান কৰিছোঁ। মহিলাসকলৰ মাজতো মই সজাগতা সৃষ্টি কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছোঁ। যিহেতু মহিলাসকল হ’ল তেওঁলোকৰ সন্তানসকলৰ প্ৰথম শিক্ষক, সেয়েহে তেওঁলোকৰ যোগেৰে মই নতুন প্ৰজন্মৰ মাজতো সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলোঁ। আচলতে এই সজাগতাৰ দ্বাৰা প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰি বুলি মই বিশ্বাস কৰোঁ।

অ, ৰ’ব। কথা এটা মনত পৰিল। মই কাজিৰঙাত থাকোঁতে গোপাল দাস নামৰ মানুহজনৰ পুত্ৰক অজগৰ এটাই কামুৰিলে। তাৰ পিছত মাক- বাপেকে সাপডাল ধৰি আনিলে। বাপেকে মিট দাৰে সাপ কাটিবলৈ ওলাল। মই তেওঁক বাৰণ কৰিলোঁ। পাছত সাপটো বনত এৰি দিয়া হল। পাছলৈ ল’ৰাজনে বন বিভাগৰ চাকৰি পালে।

আচলতে প্ৰকৃতি আমাৰ মাতৃ। সেই মাতৃক আমি চকু দিব লাগে। এই সম্পৰ্কে মই আন এটা কাহিনী কওঁ— এবাৰ ধান খাবলৈ মানাহ অভয়াৰণ্যৰ পৰা হাতীৰ জাক এটা ওলাই আহিল। বিদ্যুতৰ তাঁৰত এটা হাতী লাগি পৰি গ’ল। হাতীৰ পোৱালিটো ৰাতি মাকৰ লগতেই থাকিল। হাতীৰ জাকটো গুচি গ’ল। সি পিছে মাকক এৰি নগ’ল। মাকৰ যন্ত্ৰণাই পোৱালিটোকো কষ্ট দিলে। আচলতে হাতী পোৱালিটো আৰু মাকৰ দৰেই আমাৰ আৰু প্ৰকৃতিৰ মাজত এক সম্পৰ্ক আছে।

সেই প্ৰকৃতি অৰ্থাৎ আমাৰ আই ৰোগাক্ৰান্ত হলে আমি জানো বাচি থাকিব পাৰিম? কদাপি নোৱাৰোঁ।

সাহিত্য ডট অৰ্গ: আপোনাৰ কথাই আমাৰ মনত ৰেখাপাত কৰি গ’ল। আপুনি কাজিৰঙাত এটি দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিলে। ছৌব্বিশ বছৰ কাজিৰঙাত অতিবাহিত কৰি কেনেধৰণৰ অভিজ্ঞতাৰে সমৃদ্ধ হ’ল সেয়া আমাক জনাবনে?

ধৰণীধৰ বড়ো: নিশ্চয়। মই ১৯৮৭ চনৰ ১১ মে তাৰিখে কাজিৰঙাত ৰেঞ্জাৰ হিচাপে যোগদান কৰিলো। দাৰ্জিলিঙৰ ‘ইষ্টাৰ্ণ ফৰেষ্ট ৰেঞ্জাৰ কলেজ’ৰ পৰা দুবছৰীয়া ৰেঞ্জাৰৰ পাঠ্যক্ৰম সমাপ্ত কৰি মই কাজিৰঙালৈ আহিলো। সেই সময়ত হৰিণা, গঁড়, পহু গাহৰি আদিৰে কাজিৰঙা ভৰি আছিল। মই কাজিৰঙা যোৱাৰ সময়ত গঁড়ৰ সংখ্যা ৮০০-১০০০ মান আছিল। মই চাকৰিত মকৰল হোৱাৰ পিছতেই এটি ডাঙৰ বানপানী হৈছিল। সেই বানপানীত জীৱ-জন্তুৰ বিস্তৰ ক্ষতিসাধন হৈছিল। সেই সময়ত আমি বিভিন্ন জীৱ-জন্তু তথা গঁড়ৰ পোৱালি উদ্ধাৰ কৰিছিলোঁ। সেই জীৱ-জন্তুবোৰক আমি পাৰ্যমানে সহায় কৰিছিলোঁ। তাৰপিছত ডেৰাডুনত আৰু এটি বিশেষ পাঠ্যক্ৰম সমাপ্ত কৰি মই আকৌ কাজিৰঙালৈ আহিলোঁ। এইবাৰ মই কাজিৰঙালৈ আহি প্ৰতিখন গাঁও আৰু প্ৰতিখন বিদ্যালয়ত সজাগতা সভা অনুষ্ঠিত কৰিলোঁ। ল’ৰা-ছোৱালীক মই বন্যপ্ৰাণীক কেনেকৈ পৰোক্ষ বা প্ৰত্যক্ষভাৱে সহায় কৰিব পাৰি, সেয়াও শিকালোঁ। সেই সময়ৰ কথা এটা আপোনালোকক জনাওঁ। মনীষা নাথ নামৰ সৰু ছোৱালী এজনীয়ে এবাৰ বাপেকে পহু পোৱালি এটা ধৰি মাৰিবলৈ ওলোৱাৰ সময়তেই তাই বাপেকক সেই কাম কৰাত বাধা প্ৰদান কৰিলে। তাই বাপেকক কলে যে বাপেকে যদি পহু পোৱালিটো মাৰে, তেনেহ’লে তাই মোক বাপেকৰ কথা লগাই দিব। এনেদৰে মই ল’ৰা-ছোৱালীহঁতৰ মাজত বন্যপ্ৰাণী সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হৈছিলোঁ।

কাজিৰঙাত দায়িত্ব পালনৰ সময়ত মই বহু বিপদৰো সন্মুখীন হৈছিলোঁ। ২০০৪ চনৰ ১৯ মেত এটা বাঘ অৰণ্যৰ বাহিৰলৈ ওলাই আহিছিল। মই বাঘটোক ‘ট্ৰেংকুলাইজ’ কৰিবলৈ যাওঁতেই বাঘে হাতীৰ ওপৰলৈ বুলি জাঁপ মাৰিলে। মাউতৰ হাতখন বাঘটোৱে লৈ গ’ল। মই হাতীৰ পিঠিৰ পৰা পৰি গ’লোঁ। পিছে আচৰিতভাৱে বাঘটোৱে মোক আক্ৰমণ নকৰিলে। হয়তো বাঘটোৱে মোক অৰণ্যৰ ৰক্ষক বুলি গম পালে।

তেনে আৰু এটা কাহিনী মই আপোনালোকৰ আগত বৰ্ণনা কৰিবলৈ ওলাইছোঁ। এবাৰ ১৯৯৯ চনত চোৰাং চিকাৰীৰ বৃহৎ দল এটাৰ মুখামুখি হৈছিলোঁ। সিদিনা গুলী-বাৰুদে নিশাটো ভয়াবহ কৰি তুলিছিল। মই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ। যিহেতু ঈশ্বৰৰ দ্বাৰা সৃষ্ট বন্যপ্ৰাণীৰ বাবে চোৰাং চিকাৰীৰ লগত সংঘৰ্ষত লিপ্ত হৈছিলোঁ, সেয়েহে হয়তো ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনিছিল। সেই নিশা আমি তিনিটা চোৰাং চিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিলোঁ। সেই নিশা আমি বৃহৎ সফলতা লাভ কৰিছিলোঁ।

কাজিৰঙাত লাহে লাহে গঁড়ৰ সংখ্যা বাঢ়ি আহিল। অ, আৰু এটা কথা মনলৈ আহিছে। প্ৰখ্যাত প্ৰকৃতিবিদ ডঃ ৰবীন বেনাৰ্জীৰ সৈতে মোৰ এটা সাক্ষাৎকাৰ লোৱা হৈছিল। তাত মই কৈছিলোঁ যে যদিহে আমাৰ দৰে বন বিষয়া থাকে, গঁড় মাৰি চোৰাং চিকাৰীয়ে কাহানিও শেষ কৰিব নোৱাৰে। মোৰ কথাৰ সাৰ্থকতা প্ৰমাণ কৰি ১৯৯৬ চনত মই এটাও গঁড় মাৰিবলৈ দিয়া নাছিলোঁ। মোৰ কামক স্বীকৃতি জনাই সেই বছৰতে ‘টাইগাৰ লিংক’-এ মোক ‘বাঘ সেৱক’বঁটাৰে বিভূষিত কৰিলে। সেই সময়ত মই বহু ৰাজনৈতিক নেতাকো কাজিৰঙাত সোমাই বন্যপ্ৰাণী নিধন কৰা কাৰ্যত বাধা প্ৰদান কৰিছিলোঁ।

কাজিৰঙাৰ জীৱ-জন্তুক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ মই টাইম কাৰ্ড ব্যৱস্থা আৰম্ভ কৰিছিলোঁ। বানপানীৰ সময়ত ‘টাইম কাৰ্ড’ দিয়া মই প্ৰথম বিষয়া আছিলোঁ। ‘টাইম কাৰ্ড’ আচলতে কি জানেনে? বোকাখাটৰ পৰা জখলাবন্ধালৈ গাড়ীবোৰ আঠ বজাত যাত্ৰা আৰম্ভ কৰে। বিশ কিলোমিটাৰ গতিবেগত গাড়ীবোৰ প্ৰায় তিনি ঘণ্টা পিছত জখলাবন্ধা পাবহি লাগে। এই যে গাড়ীবোৰ লাহে লাহে চলে, তাৰ এটা কাৰণ আছে। বন্য জীৱ-জন্তুক যাতে গাড়ীবোৰে মহতিয়াই নিব নোৱাৰে, তাৰ বাবেই এই ‘টাইম কাৰ্ড’ৰ ব্যৱস্থা কৰা হয়। উল্লেখযোগ্য যে এই প্ৰথা ব্যৱহাৰ কৰা মই প্ৰথম বিষয়া আছিলোঁ।

আজিৰ তাৰিখত কাজিৰঙা, মানাহ আদিত গঁড় নিধন বহু পৰিমাণে কমি আহিছে। বৰ্তমানৰ চৰকাৰখনেও গঁড় নিধন বন্ধ কৰিবলৈ চেষ্টা কৰিছে। এয়া সঁচাকৈয়েই চৰকাৰখনৰ এক প্ৰশংসনীয় দিশ। আচলতে প্ৰকৃতিক সকলোৱে ভাল পাব লাগে। তেতিয়া প্ৰকৃতিয়েও আপোনাক ভাল পাবলৈ আৰম্ভ কৰে। জনসাধাৰণৰ সহযোগিতা অবিহনে বন্য প্ৰাণী সংৰক্ষণ কৰিব নোৱাৰি। এই কথাটো মই অনুভৱ কৰিছিলোঁ আৰু বন্য প্ৰাণী সংৰক্ষণত মই সফলতা লাভ কৰিছিলোঁ। সৌ সিদিনা মই মানাহ অভয়াৰণ্যৰ ৰাইমনালৈ গৈছিলোঁ। মানুহবোৰে মই যোৱা বাবে বৰ ভাল পাইছিল। মোৰ দৰে বন বিষয়াৰ আৱশ্যক বুলি তেওঁলোকে মত পোষণ কৰিছিল। এইবোৰ কথাই মোৰ মনটোও প্ৰফুল্ল কৰি ৰাখে। আচলতে মানুহ, বন্যপ্ৰাণী, বনজ সম্পদ আদি প্ৰকৃতিৰ অৱদান বুলি মই গণ্য কৰোঁ। এনেদৰে মই প্ৰকৃতিৰ উপাদানসমূহৰ মাজত সমন্বয়ৰ সৃষ্টি কৰিবলৈ বিচাৰোঁ। মই সংস্কৃতিৰ যোগেৰে তথা খেল-ধেমালিৰ মাজেৰে গাঁওবাসীৰ লগত এক হৈ যাবলৈ চেষ্টা কৰোঁ আৰু তেওঁলোকক বন্যপ্ৰাণী, বননি আদি বিষয়ত সজাগ কৰি তুলিবলৈ প্ৰয়াস কৰোঁ। এইবোৰ কাৰণত গঁড় নিধন আৰু অন্যান্য জীৱ-জন্তু হত্যা কৰাটো কমিছে। ভাল লগা কথাটো হ’ল এই যে কাজিৰঙাত এতিয়া ২০০০ৰ অধিক গঁড় আছে। এতিয়াৰ কাজিৰঙাখন দেখিলে মই সুখ অনুভৱ কৰোঁ।

সাহিত্য ডট অৰ্গ: কাজিৰঙাৰ যিখিনি মাটি-কালি আছে, সেয়া গঁড় আৰু অন্যান্য জীৱ-জন্তুৰ বাবে পৰ্যাপ্ত নে?

ধৰণীধৰ বড়ো: ১৯৭৩ চনত যেতিয়া কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছিল তেতিয়া ইয়াৰ মাটিকালি আছিল ৪৩০ বৰ্গ কিলোমিটাৰ। এতিয়া বহু ঠাই কাজিৰঙা অভয়াৰণ্যৰ অন্তৰ্ভুক্ত কৰা হ’ল। ১ নং সংযোজন অঞ্চল, ২ নং সংযোজন অঞ্চল আদিকেই ধৰি বৰ্তমান ১০টা মান অঞ্চল কাজিৰঙা অভয়াৰণ্যৰ সৈতে সংযোজিত হৈ আছে। গতিকে এই অঞ্চলত ২০০০ বা ৩০০০ মান গঁড় বাস কৰিব পৰা সুবিধা আছে। বুঢ়াপাহাৰৰ পৰা বহু অঞ্চল কাজিৰঙাত অন্তৰ্ভুক্ত কৰা হ’ল। বহু অঞ্চল বেদখলমুক্ত কৰি ইয়াক কাজিৰঙাত অন্তৰ্ভুক্ত কৰা হ’ল। প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে কাজিৰঙাৰ কাষতেই পানবাৰীত মাৰোৱাৰী মানুহৰ শিলৰ কুৱেৰী আছিল। মই এইবোৰ কুৱেৰী উচন কৰিবলৈ সমৰ্থ হৈছিলোঁ আৰু কাজিৰঙা সম্প্ৰসাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলোঁ।

সাহিত্য ডট অৰ্গ: চোৰাং চিকাৰীক সংশোধন কৰাৰ পিছত তেওঁলোকে আপোনাক সহায় কৰাৰ কিবা অভিজ্ঞতা আপোনাৰ আছেনে?

ধৰণীধৰ বড়ো: আছে, আছে। মই যেতিয়া ১৯৯১ চনত কাজিৰঙাত কাম কৰি আছিলোঁ, তেতিয়া মিচিং মানুহসকলৰ নগণ্যসংখ্যক লোকে বন্য প্ৰাণী নিধন কৰিছিল। মই তেওঁলোকলৈ বুলি সহায়ৰ হাত আগবঢ়ালোঁ। মই তাত সভা-সমিতি পাতিলোঁ। তেওঁলোকৰ মাজত কথাছবিও প্ৰদৰ্শন কৰিলোঁ। মই তেওঁলোকক বিভিন্ন কামত যেনে, বাট-পথ নিৰ্মাণ কৰাত, মেটেকা চফা কৰা আদি কামত লগালোঁ। ল’ৰা-ছোৱালীবোৰক মই কামত লগাই দিলোঁ। এনে সময়তে মই গম পালোঁ যে মোৰ সৈতে বিভিন্ন কামত নিয়োজিত হৈ থকা দুগৰাকীমান মহিলাৰ স্বামীসকলে চোৰাংকৈ চিকাৰ কৰে। কথাটো গম পাই মই মহিলাসকলৰ জৰিয়তে তেওঁলোকৰ স্বামীসকলক মতাই আনিলোঁ। তেওঁলোক আহিল। তেওঁলোকক মই বুজালোঁ। তেওঁলোকে আচলতে কি বিচাৰে সেয়া মই জানিবলৈ বিচাৰিলোঁ। তেওঁলোকে ক’লে যে তেওঁলোকক কেতিয়াবা বিনা দোষতো শাস্তি প্ৰদান কৰা হয়। তেওঁলোকক মই বিভিন্ন প্ৰকাৰে সহায় কৰি চোৰাং চিকাৰ বন্ধ কৰিবলৈ সক্ষম হ’লোঁ। সেই চোৰাং চিকাৰীসকলৰ মানসিকতা সলনি কৰি তেওঁলোকৰ যোগেদি মই নাগালেণ্ডৰ পৰা অহা চিকাৰীবোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হলোঁ। এইবোৰ মোৰ ভাল লগা অভিজ্ঞতা। এনেদৰে চিকাৰীৰ যোগেৰে মই চিকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’লোঁ। মই মানুহক মৰমেৰে বশ কৰিবলৈ সক্ষম হ’লোঁ। আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে এইবোৰৰ ওপৰত এখন তথ্যচিত্ৰও নিৰ্মাণ কৰা হৈছে।

আচলতে কাজিৰঙায়ো মোক বহু দিলে। কাজিৰঙাত আগবঢ়োৱা সেৱাৰ বাবে মই বিভিন্ন বঁটা মই লাভ কৰিলোঁ। কাজিৰঙাৰ বাবেই বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিবলৈ সুবিধা পালোঁ। আচলতে আপুনি আপোনাৰ বিষয়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবই লাগিব। বহুজন বিষয়াক মই কাজিৰঙা সম্পৰ্কে বিশদভাৱে অৱগত কৰি প্ৰশংসাৰ পাত্ৰ হ’লোঁ।

সাহিত্য ডট অৰ্গ: আপুনি কাজিৰঙাত দেখুওৱা কৃতিত্বৰ বাবে দেশ-বিদেশ পৰিভ্ৰমণ কৰিবলৈ সুবিধা পাইছে। এই সম্পৰ্কে আমাক অলপমান জনাবনে?

ধৰণীধৰ বড়ো: হয়, ইণ্টাৰনেশ্যনেল ৰেঞ্জাৰচ ফেডাৰেশ্বনত মই ভাৰতক প্ৰতিনিধিত্ব কৰি আফ্ৰিকাৰ ক্ৰুগাৰ নেশ্যনেল পাৰ্কত উপস্থিত হৈছিলোঁ। ক্ৰুগাৰ নেশ্যনেল পাৰ্কত চতুৰ্থ ইণ্টাৰনেশ্যনেল ৰেঞ্জাৰচ ফেডাৰেশ্বনত মই ভাৰতক প্ৰতিনিধিত্ব কৰিছোঁ। ২০০৩ চনত অষ্ট্ৰেলিয়াৰ মেলবৰ্নত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ৰেঞ্জাৰচ ফেডাৰেশ্বন কংগ্ৰেছত মই ভাৰতক প্ৰতিনিধিত্ব কৰিছোঁ আৰু সেই কংগ্ৰেছখন মোকেই উদ্ধোধন কৰিবলৈ সুযোগ দিছিল। সেই চনতেই দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত পঞ্চম ৱৰ্ল্ড পাৰ্ক কংগ্ৰেছত মই যোগদান কৰিছোঁ য’ত নেলছন মাণ্ডেলাও উপস্থিত আছিল। তাত অসমৰপৰা ড° আনোৱাৰুদ্দিন চৌধুৰীয়ে যোগদান কৰিছিল। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে বলিভিয়াত অনুষ্ঠিত ‘বায়’ডাইভাৰছিটি কনজাৰভেশ্বন এমং দ্য মেম্বাৰছ অব ইণ্টাৰনেশ্যনেল ৰেঞ্জাৰচ’ত মই অংশগ্ৰহণ কৰিছোঁ।

সাহিত্য ডট অৰ্গ: এগৰাকী বন বিষয়াৰূপে দায়িত্ব পালন কৰাত আপুনি ষোল্ল অনাই সফল হৈছে। বন বিষয়া হোৱাত কিহে আপোনাক প্ৰেৰণা যোগালে?

ধৰণীধৰ বড়ো: আচলতে আমাৰ ঘৰটো মিৰ্জা পাহাৰৰ সমীপতেই অৱস্থিত। সৰুকালৰ পৰাই আমি গৰু চৰাই ফুৰা ল’ৰা। আমি পাহাৰত গৰু চৰাবলৈ যাওঁ। তাতে আমি গছৰ আলু খাওঁ, শিপা খাওঁ। তেতিয়াৰ পৰা চৰাই-চিৰিকটি, গছ-বননি দেখা পাই মোৰ মন প্ৰফুল্ল হৈ পৰে। মই এই বিষয়ে এটা কবিতাও লিখিছোঁ। অ, আপোনালোকক আৰু এটা কথা ক’বলৈ মন গ’ল। মই ‘An Appeal’ বুলি ইংৰাজীত লিখা কবিতাটো ২০০৮ চনত মোক চি. এন. এন.- আই. বি. এন-এ আগবঢ়োৱা ৰিয়েল হিৰো এৱাৰ্ড বঁটা প্ৰদান কৰাৰ সময়ত আবৃত্তি কৰিছিলোঁ। অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট লোকসকল যেনে আমিৰ খান, সুনীল গাভাস্কাৰ আদিয়ে মোৰ কবিতা আবৃত্তিত মোহিত হৈ মোক প্ৰশংসা কৰিছিল। মই পাণ্ডু মহাবিদ্যালয়ত সৌ সিদিনা গৈ এইবোৰ কথা কৈছোঁ। ১৯৮৪ চনত মই এইখন মহাবিদ্যালয়ৰ পৰাই স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিলো। এনেদৰে বিভিন্ন সভা-সমিতিত মই কেনেদৰে বন বিষয়া হবলৈ অনুপ্ৰেৰণা লাভ কৰিছিলোঁ, সেই সম্পৰ্কে উল্লেখ কৰিছোঁ।

সাহিত্য ডট অৰ্গ: আপুনি মানাহ অভয়াৰণ্যতো দক্ষতাৰে নিজৰ দায়িত্ব সম্পন্ন কৰিছিল। এই সম্পৰ্কে আমাক অলপ জনাবনে?

ধৰণীধৰ বড়ো: কাজিৰঙাত মই মোৰ দায়িত্ব সূচাৰুৰূপে পালন কৰা দেখি বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ বন বিভাগে মোক মাতি আনি মানাহ অভয়াৰণ্যৰ দায়িত্ব দিলে। মানাহ অভয়াৰণ্যত ২০১৪ ৰ ১ মেত উগ্ৰপন্থীয়ে ৫০ জনমান মানুহ হত্যা কৰিছিল। তেতিয়া মোক তালৈ নিয়া হ’ল। মই গোটেই মানুহৰ লগত মিলিজুলি উগ্ৰপন্থী সমস্যা ৰোধ কৰাত সফল হৈছিলোঁ। এনেদৰে মানাহ অভয়াৰণ্যত মই বহু কাম কৰিবলৈ সক্ষম হ’লোঁ। মানাহ অভয়াৰণ্যতো মই সজাগতা আনিবলৈ সক্ষম হলোঁ। এতিয়াও মই মানাহ আৰু ৰাইমনাৰ পৰ্যটন উপদেষ্টা হিচাপে কাম কৰি আছোঁ। মই এইবোৰ অভিজ্ঞতা ভাগ-বটোৱাৰা কৰি সুখ অনুভৱ কৰোঁ। সকলো বন্য প্ৰাণীৰ সংৰক্ষণৰ বাবে আমি যথাসাধ্য কৰিব লাগে বুলি মই সদায়েই এক দায়বদ্ধতা অনুভৱ কৰোঁ। মই এই কামটো এটি মহান কৰ্ম বুলি গণ্য কৰোঁ। সেই কামত মই জড়িত হৈ থকা কথাটো উপলব্ধি কৰি মই সদায়েই গৌৰৱ অনুভৱ কৰোঁ।

সাহিত্য ডট অৰ্গ: কাজিৰঙাত লাভ কৰা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি এখন গ্ৰন্থও ৰচনা কৰিছে। এই বিষয়ে আমাক অলপমান জনাবনে?

ধৰণীধৰ বড়ো: হয়। ‘কাজিৰঙাত ২৪ বছৰ’ শিৰোনামৰ মোৰ এখন গ্ৰন্থ প্ৰকাশ পাইছে। এই নামটো হোমেন বৰগোহাঞি ছাৰে দিছিল। অচিৰেই মোৰ এখন কবিতা পুথিও প্ৰকাশ হ’ব। আচলতে মই মনলৈ অহা কথাবোৰ লিখি যাবলৈ প্ৰয়াস কৰোঁ আৰু এনেদৰে মোৰ গ্ৰন্থ অথবা কবিতাৰ জন্ম হয়।

মই পাৰিপাৰ্শ্বিক সাহিত্যৰ ওপৰতো বহু কবিতা লিখিছোঁ। লিখা-মেলা কৰি মোৰ মনটোও ভাল লাগে। শিপা, গছ, পাত, ফল, গুটি ইত্যাদিৰ ওপৰতো মই লিখি ভাল পাওঁ। আচলতে অৰণ্যখন মই বুকুত সামৰি ৰাখোঁ। সেইবোৰেই গদ্য, কবিতা হৈ ওলাই আহে। মই আত্মজীৱনী এখনো প্ৰকাশ কৰাৰ কথা ভাবিছোঁ। মোৰ শৈশৱ আৰু অন্যান্য কাহিনীও এই আত্মজীৱনীখনত সন্নিৱিষ্ট কৰিম বুলি ভাবিছোঁ।

সাহিত্য ডট অৰ্গ: – বন্যপ্ৰাণী সম্পৰ্কীয় বহু কথা আপোনাৰ পৰা জানিব পাৰিলো। আপোনাৰ বৰ্ণময় জীৱন সম্পৰ্কে জানি আমি পুলকিত হলো। আপুনি বন্য জীৱনৰ প্ৰতি যি অৱদান আগবঢ়াইছে, বনৰীয়া জীৱ-জন্তুৰ প্ৰতি মানুহৰ মাজত যি সচেতনতা গঢ় দি তুলিছে, এয়া আমাৰ বাবে সদায়েই এক আদৰ্শ হৈ ৰ’ব। ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।

ধৰণীধৰ বড়ো: – হয়, আপোনালোককো ধন্যবাদ জনালোঁ। আচলতে কি জানে? পৃথিৱীৰ সকলো মানুহ, সকলো বিষয়া, কৰ্মচাৰী আদি সৎ হ’ব লাগিব। এই সততাই অকল সমাজখনৰ নহয় বৰং বন্যপ্ৰাণীৰো উপকাৰ সাধন কৰিব। এই কথাবোৰ মানুহে উপলব্ধি কৰিব পাৰিব লাগিব। কথাবোৰ কবলৈ সুবিধাকণ দিয়া বাবে আপোনালোকক মই ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!