সেই মৰম লগা কুকুৰটো
লেখক- অঞ্জনা দত্ত
স্কুললৈ গৈ থকা ৰাজু আৰু সাগৰে বাটৰ কাষৰ মানুহ এঘৰত হঠাৎ কুকুৰ এটাৰ কান্দোন শুনিবলৈ পালে। বৰ দুখ লগাকৈ কান্দিছে কুকুৰটোৱে। যিমানেই সিহঁত দুটা আগবাঢ়ি গৈ আছে, কুকুৰটোৰ কান্দোনো বেছি স্পষ্ট হৈ আহিছে।
“ঐ সাগৰ।”—ৰাজুৱে সাগৰৰ পিনে চালে।
“কি?”—সাগৰে সুধিলে।
“শুনিছনে কুকুৰটোৰ কান্দোন?”
“অঁ, শুনিছোঁ।”
“কুকুৰটো ক’ৰবাত বান্ধি থৈছে এই মানুহঘৰে বুইছ। খাবলৈ পোৱা নাই চাগৈ বেচেৰাটোৱে!”
“অঁ, তাকেই।”
“মোৰ বেয়া লাগিছে অ’ সাগৰ!”
“কি কৰিবি তেন্তে?”
“ব’ল, আমি কুকুৰটো খুলি লৈ যাওঁ।”
“কেনেকৈ?”—সাগৰে আচৰিত হৈ ৰাজুৰ পিনে চালে।
“সৌৱা চা। পিছফালৰ সৰু গেটখন খোলা আছে। সেই ফালেৰে কোনো মানুহ অহা যোৱা কৰা নাই। ব’ল, সেই ফালেৰে সোমাই গৈ কুকুৰটো চাওঁগৈ।”—ৰাজুৱে গেটখন দেখুৱাই ক’লে।
“অঁ, অঁ। ঠিকেই কৈছ তই, ব’ল।”
কুকুৰটোৱে কান্দি থকা মানুহঘৰৰ পিছফালৰ সৰু গেটখনেৰে ৰাজু আৰু সাগৰ সোমাই গ’ল। কুকুৰটোৱে ৰাজুহঁতক দেখি তাৰ নেজডাল লৰাই লৰাই সিহঁতলৈ চালে। তাৰ কান্দোন বন্ধ হ’ল। কুকুৰটোক মানুহঘৰে একো খাবলৈ দিয়া নাই। লেতেৰা কাপোৰ এখনৰ ওপৰত বহি সি কান্দি আছে। ঘৰৰ ভিতৰত কিছুমান মানুহৰ হাঁহি, কথা-বতৰা শুনিবলৈ পালে ৰাজুহঁতে।
“চা, সাগৰ। ইমান মৰম লগা কুকুৰ এইটো!”
“অঁ। এইটো দামী কুকুৰ। ইমান বেয়াকৈ ৰাখিছে এই মানুহঘৰে। আঐ দেহি! তাক একো খাবলৈয়ো দিয়া নাই। সিহঁতে কিন্তু ভিতৰত হাঁহি-ধেমালি কৰি খাই আছে।”
“তাকেই। আৰু চা, সি আমাক দেখি কিমান ভাল পাইছে!”
“অঁ। চা, ৰাজু। ইয়াৰ গাত আঘাত পোৱাৰ চিন আছে। কোনোবাই মাৰিছে বেচেৰাটোক।”—কুকুৰটোৰ গাত ঘাঁ এটুকুৰা দেখুৱাই সাগৰে ক’লে।
“অঁ। এটা কাম কৰোঁ দে।”
“কি?”
“ব’ল ইয়াক ইয়াৰ পৰা লৈ যাওঁ। আগতে ইয়াক চিকিৎসা কৰাওঁগৈ।”
“কিন্তু নিবি কেনেকৈ? মানুহঘৰে গম পালে কি হ’ব?”
“অঁ। ঠিকেই কৈছ। এটা কাম কৰোঁ ৰ। এতিয়া থাকক। আমি স্কুলৰপৰা ঘৰলৈ ওভতাৰ সময়ত ইয়াক খুলি লৈ যাম বুইছ।”
“কিন্তু তেতিয়া যদি মানুহঘৰৰ গেটখন বন্ধ থাকে, তলা মৰা থাকে? কেনেকৈ সোমাবি?”
“তেনেহ’লে আজি স্কুল বাদ দে। নাযাওঁ। এই কুকুৰটো মৰি থাকিব ইয়াৰ চিকিৎসা নকৰিলে। ইয়াক এতিয়াই লৈ যাওঁ ইয়াৰ পৰা। ব’ল।”
“ব’ল, ব’ল।”
ৰাজু আৰু সাগৰে সিহঁতৰ টিফিনৰ পৰা বিস্কুট উলিয়াই কুকুৰটোক খাবলৈ দিলে। কুকুৰটোৱে নেজডাল জোকাৰি বিস্কুট খাবলৈ ধৰিলে। তাৰ গাত হাত থৈ ৰাজুহঁতে মৰম কৰিলে তাক। কুকুৰটোও সিহঁতৰ ওচৰ চাপি আহিল। মানুহঘৰে গম নোপোৱাকৈ ৰাজুহঁতে কুকুৰটো শিকলিডালৰ সৈতে সৰু গেটখনেৰে উলিয়াই লৈ আহিল।
“ডাক্তৰ আঙ্কল, চাওকচোন ইয়াক। কোনোবাই মাৰিলে ইয়াক আৰু একো খাবলৈয়ো দিয়া নাই। আমি বাটত পাই লৈ আহিলোঁ।”–ভেটেৰিনেৰীলৈ কুকুৰটোক আনি ৰাজুৱে ডাক্তৰৰ ওচৰলৈ আহি ক’লে।
“অহ! বৰ ভাল কাম কৰিলা তোমালোকে। ইয়াৰ চিকিৎসাৰ প্ৰয়োজন এতিয়া। ৰ’বা,মই ইয়াক এটা ইনজেকশ্যন দি ল’ওঁ আগতে।”—ডাক্তৰ নিলয়ে ক’লে।
কুকুৰটোৰ চিকিৎসা আৰম্ভ কৰিলে ডাক্তৰ নিলয়ে। ঘাঁ টুকুৰা ধুই তাত দৰব লগালে। বাচন এটাত অলপ খোৱা বস্তু দি তাক খাবলৈয়ো দিলে নিলয়ে। লাহে লাহে কুকুৰটোৰ মনটো ভাল লগা দেখিলে ৰাজুহঁতে।
“ৰাজু, কথা এটা হ’ল নহয়।”–সাগৰে সৰুকৈ ক’লে ৰাজুৰ কাণত।
“কি কথা?”
“আমি কুকুৰটো হঠাৎ লৈ আহিলোঁ ইয়ালৈ। কিন্তু ডাক্তৰ আৰু দৰবৰ পইছা নাই যে! ডাক্তৰে দৰব কেইটামান লিখি আছে চা।”
“অঁ। কি কৰোঁ তেন্তে?”
“আমি সঁচা কথাটো কৈ দিওঁ দে।”
“অঁ। সেইটোৱেই ভাল হ’ব বুইছ।”
“অঁ।”
ডাক্তৰ নিলয়ে কুকুৰটোৰ দৰববোৰ কাগজ এখনত লিখি লৈ ৰাজুহঁতৰ পিনে চালে। দৰববোৰ কেনেকৈ খুৱাব লাগিব বুজাই দিলে।
“মই জানো। তোমালোকে কুকুৰটো বাটত পাই অনা বুলি কৈছিলা। তোমালোকে দৰবৰ চিন্তা নকৰিবা। ময়েই মোৰ খৰচত দৰবখিনি আমাৰ ভেটেৰিনেৰীৰ পৰা দিছোঁ। তোমালোকে সময়মতে খুৱাবা। ই সম্পূৰ্ণ ভাল হৈ যাব।”
ডাক্তৰৰ কথা শুনি ৰাজুহঁতৰ মনটো ভাল লাগি গ’ল। ডাক্তৰ নিলয় ইমান ভাল! ৰাজুহঁতে তেতিয়া সেই মানুহঘৰৰ কথাটো ডাক্তৰ নিলয়ৰ আগত ক’লে। ডাক্তৰ নিলয়ে ৰাজুহঁতৰ কথা শুনি সিহঁতক শলাগিলে।
“তোমালোকে এতিয়া এই মানুহঘৰক কুকুৰটো ওভতাই দিয়াই ভাল হ’ব। কাৰণ, তোমালোকে যে কুকুৰটোৰ চিকিৎসা কৰি আকৌ সেই মানুহঘৰক কুকুৰটো ওভতাই দি থৈ আহিবা, সেইটো তোমালোকৰ মহানতা। আৰু সেই মানুঘৰৰ বাবে এইটো এটা শিক্ষা হ’ব। তোমালোকৰ সৈতে ময়ো যাম বাৰু সেই মানুহঘৰলৈ। তোমালোকে ভয় খাব নালাগে। কি ক’ব লাগে, ময়ে তেওঁলোকৰ আগত ক’ম ।”–ডাক্তৰ নিলয়ে সামান্য হাঁহি ক’লে।
“হ’ব ডাক্তৰ আঙ্কল। আমাৰ কিমান যে ভাল লাগিছে আজি এই মৰম লগা কুকুৰটো এনেকৈ চিকিৎসা কৰিবলৈ আনি। আৰু আপোনাকো বহুত ধন্যবাদ। আপুনি নিজৰ খৰচত ইয়াৰ চিকিৎসা কৰিছে।”–ৰাজুৱে ডাক্তৰ নিলয়ৰ পিনে চালে।
ৰাজুৰ কথাত সাগৰেও মূৰ দুপিয়ালে।
“বাৰু, একো নাই। জীৱ-জন্তুৰ প্ৰতি আমাৰ সকলোৰে কৰ্তব্য আছে। ইহঁতে কথা ক’ব নোৱাৰে। কিন্তু ইহঁতে সকলো বুজি পায়। এতিয়া ব’লা, আমি সেই মানুহঘৰলৈ গৈ কুকুৰটো দি থৈ আহোঁগৈ।”
“ব’লক, ডাক্তৰ আঙ্কল।”―ৰাজু আৰু সাগৰে ক’লে।
ডাক্তৰ নিলয়ৰ সৈতে ৰাজু আৰু সাগৰে কুকুৰটো থকা মানুহঘৰলৈ খোজ ল’লে।
