সেউজ শঠতা

লেখক- অংকিতা বৰুৱা

সেউজীয়া ৰংটোৰ প্ৰতি তাৰ আচৰ্য সন্মোহন। আশৈশৱ মেৰিয়াই ৰাখিছে তাক সেউজপ্ৰীতিয়ে। সৰু থাকোঁতে পদূলিৰ গুলচজোপালৈ তাৰ বৰ মৰম আছিল। গুলচৰ ফুলবোৰতকৈ সেউজীয়া পাতকেইটালৈহেচোন তাৰ মোহটো বেছি আছিল। তাৰ কোঠাৰ খিৰিকীৰ কাষতো সেউজীয়া পাতাবাহাৰ কেইজোপা ৰুই লৈছিল সি। যাতে তাৰ দৃষ্টিৰ ভিতৰত অহৰহ সেউজীয়াৰে ভৰি থাকক। অনন্য সেউজপ্ৰীতি তাৰ। যদিওবা এই বিশাল পৃথিৱীখনৰ বত্ৰিশ শতাংশ মাথোঁ সেউজীয়া , তাৰ দৃষ্টিত কিন্তু নীলা অথবা মটিয়া ৰঙতকৈ সেউজীয়াৰ সতেজতাই বেছিকৈ ধৰা দিয়ে। সি ভাৱি লয় জীৱনত নিজা দৃষ্টিৰে চাবলৈ বিচৰা কথাবোৰহে বেছিকৈ গুৰুত্বপূৰ্ণ। বাকী কথাবোৰ অৱধাৰিতভাৱে চলি থাকিলেও বৰ বিশেষ ঠাই নাপায় তাৰ মন মগজুত।
আজিও সেউজীয়া ৰংটোৰ প্ৰতি থকা তাৰ প্ৰেম অটুট আছে। অৱশ্যে এতিয়াৰ সেউজীয়াত কিছু আধুনিকতাৰ প্ৰলেপ পৰিছে। কৃত্ৰিম সেউজীয়া দুবৰিৰ দলিছাৰ কথাই হওক অথবা প্লাষ্টিকৰ ইনড’ৰ মানিপ্লেণ্টজোপাই হওক, পৰাশ্ৰয়ী সেউজীয়া লতাবোৰেই হওক নাইবা ঘৰৰ চৌহদ শুৱনি কৰা কৃত্ৰিম পুখুৰী সদৃশ আৱদ্ধ পানীখিনিত সিঁচি দিয়া কৃত্ৰিম মেটেকাৰ পাতকেইটাই হওক, মুঠতে কৃত্ৰিমতা চৌপাশে। সেউজীয়াৰ কৃত্ৰিমতা।
সি হতাশ হয় কিছু পৰিমাণে।
তথাপি সি বাৰে বাৰে সেউজীয়াৰ প্ৰেমত পৰে।
এই কাৰবাৰটোত তাৰ সৈতে নতুনকৈ যোগ হৈছে সেউজীয়া লাইটবোৰ। কিবা এক নতুনৰ দিশে যেন খোজ পেলাইছে সি। সেউজীয়া লাইটবোৰ জ্বলি উঠিলেই সি অদ্ভূত ধৰণে বিমোহিত হয়। কৰবাত ছঁয়াময়া কিবা কিছু সম্ভেদ পায়। জৰুৰী নহয় যে সেউজীয়া লাইটৰ চৌপাশে কেৱল পোহৰেই পোহৰ ! সি মন কৰে সেউজীয়াৰ আঁৰত হঠাতে ঘনঘোৰ আন্ধাৰৰো সৃষ্টি হয়।

‘জমেট’ৰ’ ডেলিভাৰী বয় সি। দিনৰ দিনটো চহৰখনৰ অলিয়ে-গলিয়ে বিভিন্ন গ্ৰাহকক সুস্বাসু খাদ্যবস্তুৰ যোগান ধৰে আৰু ৰাতিলৈ সেউজীয়া লাইটৰ পদূলিবোৰেৰে এখন অদ্ভূত জগতত বিচৰণ কৰে। সেয়াই তাৰ দৈনন্দিন জীৱনশৈলী। প্ৰকৃততে দিনত বিভিন্ন মানুহৰ সংস্পৰ্শত আৰু ৰাতি সেউজীয়া লাইটৰ সন্ধানত বিভিন্নজনৰ পদূলিৰে গৈ সি এক সম্পৰীক্ষা কৰে। আধুনিক জীৱনৰ সম্পৰীক্ষা। কি বিচাৰে আজিৰ প্ৰজন্মই ! অথবা আধুনিক জীৱনশৈলীৰ মানুহে? আধুনিকতাৰ সৈতে আপোচ কৰোতে মানুহৰ মনবোৰ কিমান দূৰলৈকে শিপাৰ সৈতে সংযুক্ত হৈ আছে তাৰ জানিবলৈ মন যায়।
পুৰুষ হৈ কৰিব নোৱৰা বহুতো কথা সি নাৰী হৈ শিকি পেলাইছে ইমান দিনে। কিনো হ’ল তাতে! মানুহৰ মনোজগতখনত বিচৰণ কৰাৰ ইয়াতকৈ ভাল কৌশল আৰু কি হ’ব পাৰে ! সি অভ্যস্ত হৈ গৈছে নাৰী আৰু পুৰুষৰ দুটা চৰিত্ৰত অভিনয় কৰি।

: হেই ! কি কৰিছা ? তোমাৰ লগত কথা নাপাতিলে মোৰ ভাল নলগা হৈছে জানা!
কিটিংকৈ বাজি উঠা মেচেজ ট’নটোত তাৰ তন্ময়তা ভাগিল। ক্ষন্তেকো পলম নকৰি সি ‘শাংকব’ৰ মেচেঞ্জাৰটো খুলি চালে। দুদিনৰ আগতে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠোৱা কোনোবা দুৰ্বা খাটোৱাল। মানুহগৰাকী (নে কম বয়সীয়া যুৱতী?) সি নিশ্চিত নহয়। কিন্তু তেওঁৰ কথাত জগতৰ প্ৰেমময়তা! পৃথিৱীৰ সমস্ত প্ৰেমৰ আকৰ যেন এগৰাকী নাৰীৰ হৃদয়তে থুপ খাই আছে! কেৱল ইমানদিনে এজন যোগ্য পাত্ৰৰ অভাৱত তেনেই খাদ হৈ পৰি ৰৈছিল অনুভৱবোৰ! সি এটা মেচেজ টাইপ কৰিলে,
— আছোঁ আছোঁ। তোমাৰ বাবেইতো ৰৈ থাকোঁ ময়ো। কোৱা, কি কবা!
—তোমালৈ মনৰ পৰি আছে। মই বৰ অকলশৰীয়া আছিলোঁ জানা। সকলো থাকিও যেন একো নাছিল। মানুহজন নিজৰ কামতে পুৱাৰপৰা গধূলিলৈকে ব্যস্ত থাকে। দিনটো ঘৰুৱা কামবোৰকে সামৰি আমনি লগা হৈছেগৈ। ইমানদিনে যে ক’ত লুকাই আছিলা তুমি !
তাৰ খুককৈ হাঁহি উঠি গল। কিছু দেৰি পঢ়া মেচেজটোকে পঢ়ি থাকিল। মহিলাগৰাকীৰ স্বামীয়ে বাৰু তেওঁৰ পত্নীৰ এই গোপন মেচেজৰ কিবা ভূ পায়নে !
সেউজীয়া লাইটৰ পোহৰত ঘটি থকা কথাবোৰৰ আঁৰে আঁৰে মেখেলা-চাদৰ পিন্ধি ইফালৰপৰা সিফাললৈ ঢপলিয়াই ঘৰৰ কাম আজুৰি ফুৰা খীনাংগী সৰলচিতীয়া নাৰীগৰাকীলৈ মনত পৰি থাকে তাৰ। এনে সময়বোৰত তাক আহি বাট ভেঁটি ধৰেহি সেই মুখাবয়বে। সি জানে কথাবোৰ বৰ এটা ঠিক হোৱা নাই! কিবা এটা যেন অপৰাধবোধতো ভোগে সি!
অথচ কিবা এক তাড়নাত আঁতৰিও আহিব নোৱাৰে সি।
তাৰ আনটো একাউণ্টত ভুমুকি মাৰে এইবাৰ।
— হাই পিয়ালী! আজি অনলাইন নাই নেকি?
আন এটা মেচেজ অহাৰ সংকেত।
সি তৎক্ষণাত এজনী নাৰী হৈ পৰে।
— আছোঁ ডিয়েৰ। তোমাৰ বাবেইতো ৰৈ আছিলোঁ। কি কৰিছা?
— কি কৰিব পাৰোঁ কোৱা! তোমাক পোৱাৰেপৰা কেৱল তোমাৰ কথাকে ভাবি থকা হৈছোঁ। পিছে, স্বামী ঘৰত আছেনে নাই তোমাৰ? নাই যদি আহানা অলপ ভালপোৱাৰ কথা পাতোঁ। কোৱানা কি পিন্ধি আছা তুমি এই মুহূর্তত?
সি অবাক হয়। কি উত্তৰ দিয়ে এতিয়া সি? এইকেইদিন এই একাউণ্টটোৱে তালৈ একেটা প্ৰস্তাৱ দি বহুবাৰ মেচেজ কৰিছে। সি কৌশলেৰে আন কথাৰ অবতাৰণা কৰি লগ আউট হৈছে।
আজি অবশেষত…

— কিয় তোমাৰ পত্নী লগত নাই?
— হেহ্! বাদ দিয়া পত্নী-চত্নী। মোৰ জীৱন চেচ্ কৰি দিছে তাই!
— কিয় , এনে কি কৰিলে তেওঁ?
— এহ্! মোৰ ঘৰখনৰ লগত নিমিলে তাই। আৰে ভাই চচাইটিত মোৰ এটা ষ্টেটাচ আছে। তাইক কওঁ মোৰ লগত কৰবালৈ গ’লে অলপ স্মাৰ্ট ড্ৰেচ কৰিবা। পাৰ্টিবোৰত গ’লে কোনোবাই ড্ৰিংকচ অফাৰ কৰিলে নলওঁ বুলি নক’বা। মই লাজ পাওঁ।
… নাই। কোনো লাভ নাই বুজাই। আচলতে কি জানা এই গাঁৱৰ ছোৱালীবোৰ কোনোদিনে আধুনিক হ’ব নাজানে। অনবৰতে পতিব্ৰতা নাৰী হোৱাৰ ঢং!
উত্তৰটোত তাৰ টিঙিচকৈ খঙটো উঠি আহিল – বেটাক আধুনিক ঘৈণী লাগে। চাল্লা চুৱাচেলেকা!
— অহ্ ! তোমাৰ পত্নী এগৰাকী আনস্মাৰ্ট গাৱঁলীয়া নাৰী। আৰু সেইবাবেই ভাৰ্চুৱেল সুখ বিচাৰি তুমি মোৰ কাষ চাপিছা?
— পইণ্ট! কিমান মডাৰ্ণ থট তোমাৰ চোৱা। আৰে জীৱনটোত আছে কি কোৱাচোন! দুদিনীয়া জীৱনটোত ৰাম-সীতা হৈ কি লাভ মই বুজি নাপাওঁ। পিয়ালীইই … ! বাদ দিয়ানা সেইবোৰ … আহানা অলপ ভালপোৱাৰ কথা পাতোঁ।
পিয়ালীৰ সেউজীয়া লাইটটো বন্ধ কৰি দিয়ে সি।
তৃতীয় একাউণ্টটো খুলিবলৈ আজি তাৰ মন নগ’ল। কিবা এক হতাশাই ঘেৰি ধৰিছেহি তাক। গাঁৱৰ ঘৰৰ সহজ অভ্যাসবোৰ এৰি নিজাববীয়া কিছু অভিজ্ঞতা সঞ্চয় কৰিবলৈকে এনেদৰে অকলশৰে আছেহি সি। ঘৰখনলৈ দুপইচা সহায়ৰ হাত আগবঢ়াব পাৰিব বুলিয়েই তাৰ এই একাকী জীৱন। ইয়াত প্ৰতিটো পলতে জীৱনৰ দৌৰ। প্ৰতিযোগিতাৰ দৌৰ। কোনেও কাকো চাবলৈ সময় নাই। ভীৰ-ভাৰ , যানজঁটৰ মাজত দিনটো সিও নিজৰপৰাই হেৰাই থাকে। মানুহৰ ঘৰে ঘৰে খাদ্যৰ যোগান ধৰি এটা সময়ত তাৰো পেটটোৱে পাক মাৰি ধৰে। হাতৰ মুঠিতে খাদ্যৰ টোপোলা অথচ তাৰে এচেলেক মাৰিব পৰাকৈয়ো তাৰ যোগ্যতা নাই। নিজকে ধিক্কাৰ দিয়ে সি।
দিনটোৰ কাম সামৰি ভাড়াকোঠাটো আহি পায়হি মানে নিশা বহু পলম হয় তাৰ। নিশ্চিতভাৱে নিত্য নৈমিত্তিক এটা আমনিদায়ক পৰিক্ৰমা। অন্তত তাৰ বাবে। ইমান নিৰস জীৱন তাৰ সহ্য নহয়। কিবা এটা আমোদজনক ঘটনা নঘটিলে পুৱালৈ সজীৱতা নাহে তাৰ। অতবোৰ কথা ভাৱি গুণিয়েই সি এই নাৰী আৰু পুৰুষৰ ৰূপ ধাৰণ কৰি এখন নতুন পৃথিৱীত সোমাই পৰিছে। যিখন পৃথিৱী কেৱল অবিশ্বাস, অনাস্থা, শঠতা আৰু মিছাৰ পৃথিৱী। ইয়াৰ আগলৈকে সি জনা নাছিল, মানুহৰ মনোজগতখন যে ইমান বিচিত্ৰ! সম্পৰ্কৰ ইমান নাঙঠ ৰূপত সি মাজে মাজে বিচলিত হয়।
কেনেবাকৈ!
কেনেবাকৈ তাৰ মৰমী পত্নীও …!
বিশ্বাস শব্দটোক পুনৰ এবাৰ ফঁহিয়াই চোৱাৰ প্ৰয়োজনবোধ কৰে সি।
… শাংকবৰ একাউণ্টটো তেতিয়াও লগ ইন হৈ আছিল। দুৰ্বাৰ অজস্ৰ মেচেজ। তাক অতি সোনকালে লগ পাবলৈ বিচাৰে তাই। তাক ক’বলৈ তাইৰ অজস্ৰ কথা আছে … ইত্যাদি … ইত্যাদি …
সি আচৰিত হয়। কি কথা থাকিব পাৰে দুদিনৰ আগত লগ পোৱা এগৰাকী মহিলাৰ তাৰ সৈতে! এই যে ভাৰ্চুৱেল জগতখনৰ সেউজীয়া লাইটবোৰৰ পোহৰত চলি থকা গোপন মেলবোৰ! কি বিচাৰি নিজকে এনেদৰে উদঙাই দিব পাৰে কোনোবাই! কিয় ইমান অসুখী মানুহবোৰ? প্ৰাচুৰ্যৰে উপচি থাকিলেও মানুহবোৰৰ দেখোন অতৃপ্তিৰ শেষ নাই। তাৰ আমনি লাগিবলৈ ধৰিছে এই জগতখনত। কিছুদিন ছুটি লৈ ঘৰতে থাকি আহিব লাগিব। কামৰ হেঁচাত বহুদিন হ’ল ঘৰলৈ নোযোৱা।
তাৰ ফোনটো বাজি বাজি বন্ধ হৈ গ’ল। মানসিক অৱসাদে ঘেৰি ধৰিছে তাক। কাৰ ফোন নোচোৱাকৈয়ে সি জানে কামৰপৰা ঘৰলৈ অহাৰ খবৰ লবলৈ তাৰ মানুহজনীয়ে ফোন কৰিছে। অথচ ফোনটো ৰিচিভ কৰি দুষাৰ কথা পাতিবলৈয়ো যেন তাৰ এতিয়া শক্তি নাই। ইমান শঠতা আধুনিকতাত! এয়াই নেকি মহানাগৰিক সুখ-সমৃদ্ধি! এয়াই নেকি সম্পৰ্ক এটাত এজনৰ আনজনৰ প্ৰতি থকা আস্থা!
হঠাতে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ যেন অনুভৱ হ’ল তাৰ। তাৰ মৰমী পত্নীয়ে এনেদৰেই সদায় দিনটোৰ খতিয়ান লয় তাৰ। দূৰত থাকিও হিচাপ ৰাখে তাৰ পাকঘৰখনৰ। তাৰ দৈনন্দিনতাৰ। তাইৰ বাবে ভাৰ্চুৱেল আৰু ৰিয়েলৰ কোনো সংজ্ঞা নাই। সিয়েই তাইৰ একমাত্ৰ পৃথিৱী। সিয়েই তাইৰ হাঁহি-কান্দোনৰ উৎস। গাঁৱৰ ঘৰখনত থকা সহজ-সৰল মানুহজনীলৈ এটা মেচেজ লিখিলে সি – ‘তই সদায় মোৰ আজলীজনীয়েই হৈ থাকিবি দেই। অজ্ঞতাও যে ইমান সুন্দৰ হ’ব পাৰে তই কি বুজিবি পদুমী!’
*******************

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!