স্মৃতিৰ জলঙাৰে সোণবৰণীয়া আঘোণ

লেখক- সুদৰ্শনা বৰদলৈ

প্ৰতিজন মানুহৰ মনত লুকাই থাকে এটি সৌন্দৰ্য পিয়াসী মন৷ প্ৰকৃতিৰ ছয় ঋতুৰ মাজত মানুহে অনন্য সৌন্দৰ্যৰ সন্ধান কৰে৷ মানুহ যিমানেই ব্যস্ত নহওক কিয়, প্ৰকৃতিৰ যি ৰূপসুধা, প্ৰকৃতিৰ যি সৃষ্টিকৰ্ম তাক উপেক্ষা কৰাকৈ কেতিয়াও থাকিব নোৱাৰে।
শৰতৰ পুৱাবোৰত দূবৰিৰ দলিচাত পৰি থকা শুভ্ৰ শেৱালীপাহ দেখিলে যেনেকৈ মনভৰি সুঘ্ৰাণ ল’বলৈ মন যায় ঠিক তেনেদৰেই শাৰদীয় পূৰ্ণিমাৰ স্নিগ্ধ জোনাকৰ ৰূপালী পৰশে মনবোৰ আলোকিত কৰি তোলে৷ বৰষাৰ জাক জাক বৰষুণে শুষ্ক গছ-গছনিবোৰক জীপাল কৰি তোলাৰ দৰে গ্ৰীষ্মৰ প্ৰখৰ তাপত দগ্ধ হৈ পৰা আমাৰ প্ৰাণলৈ যেন কঢ়িয়াই প্ৰশান্তিৰ এছাটি শীতল বতাহ৷ এনেকৈয়ে আমাৰ অনুভৱী সত্তাটোৰে আমি প্ৰকৃতিক ভাল পাব পাৰোঁ, প্ৰকৃতিৰ বুকুত আমি নতুনকৈ জী উঠিব পাৰোঁ, প্ৰকৃতিৰ বুকুত আমাৰ ভাল লগাবোৰ বিচাৰি ল’ব পাৰোঁ৷
বছৰৰ আন আন সময়ৰ দৰেই শীতকালৰ আঘোণমহীয়া দিনকেইটি মোৰ বৰ প্ৰিয়৷ শৈশৱৰ সৰু-বৰ নানানটা ৰঙীন কাহিনীৰ স্মৃতিৰে ভৰপুৰ আছিল আঘোণমহীয়া দিনবোৰ৷
আমাৰ ঘৰত নিজাকৈ খেতি কৰা হোৱা নাছিল যদিও আমাৰ মাটিখিনি আধিয়াৰত দিয়া হোৱাৰ বাবে প্ৰতিবছৰে আমি অলপীয়াকৈ হ’লেও ধান পাইছিলোঁ৷ আঘোণ মাহ সোমোৱাৰ লগে লগে আমাৰ মনবোৰ থৌকি-বাথৌ লাগিছিল৷ আঘোণৰ পথাৰৰ কেঁচা মাটিৰ গোন্ধটো যেন আমাৰ নাকত অনবৰতে লাগি ফুৰিছিল৷ কুঁৱলীৰ ফাঁকে-ফাঁকে অহা ৰ’দজাকে যেন সোণগুটিক আদৰিবলৈ আমাৰ মনবোৰত দুগুনে হেঁপাহ বঢ়াইছিল৷ আঘোণ মাহ সোমোৱাৰ লগে লগে দেউতাই ডাঙৰিবোৰ ৰাখিবৰ বাবে আছুতীয়াকৈ অলপমান জেগা উলিয়াইছিল৷ তাৰ পাছত কোনোবা এদিন গৰু এহাল যোগাৰ কৰি মৰণা মৰাৰ ব্যৱস্থা কৰা হৈছিল, যিহেতু আমাৰ ঘৰত গৰু নাছিল সেয়ে আনৰ ঘৰৰ গৰু বা ম’হ আনি মৰণা মৰা হৈছিল৷ বন্দোৱস্ত হৈছিল গৰু যাৰ ঘৰৰপৰা অনা হ’ব তেওঁলোকে গৰুহাল দিয়াৰ বিনিময়ত খেৰ লৈ যাব দানাৰ বাবে৷ মৰণা মৰা দিনটোৰ আকৌ বেলেগ এটা মজা আছিল৷ মৰণা মৰাৰ পাছত ৰৈ যোৱা খেৰবোৰৰ ওপৰত মই যিমান পাৰি বাগৰিছিলোঁ জঁপিয়াইছিলোঁ৷ দেখাত তেনেই সামান্য লাগিলেও গোটেই গাত খেৰবোৰ লাগি ধৰাৰ কথাটোতে যেন কি ফূৰ্তি পাইছিলোঁ আজিও ভাবিলে হাঁহি এটা মনত অজানিতে খেলাই যায়৷ হয়তো তেতিয়া অকণিৰ মনত খোৰাক জন্মাব পৰাকৈ এই অকণ অকণ সুখবোৰেই যথেষ্ট আছিল৷ ওখোনেৰে মৰণা চপোৱা কামটোটো বহুত ফূৰ্তি পাইছিলোঁ৷ কেতিয়াবা দেউতাৰ হাতৰ পৰা কাঢ়ি লৈ নিজে মৰণা চপাবলৈ লৈ গোটেই খেৰবোৰ ছেদেলি-ভেদেলি কৰি পেলাই যি সুখ পাইছিলোঁ সেয়া মনলৈ আহিলে আজিও হাঁহি উঠে৷ ইয়াৰ পাছত আহিল ন খোৱা পৰ্ব৷ আঠালতীয়া চাউলেৰে ধনীয়া, ফুলকবি, বিলাহী, ৰৌ মাছৰ জোলখন ,ঘৰুৱা কুকুৰাৰে মাংসৰ জালুকীয়া আঞ্জাখনৰে আইতাৰ হাতৰ সেই ভাতসাঁজ এতিয়াও মুখত লাগি থাকে৷ আমাৰ ঘৰত তেতিয়া মাতকৈয়ো আইতাই বেছি ৰান্ধিছিল৷ বেছি মা-মছলা নোহোৱাকৈ সম্পূৰ্ণ থলুৱাভাৱে ৰন্ধা আইতাৰ হাতৰ প্ৰতিসাঁজ ভাত আমাৰ সকলোৰে বৰ প্ৰিয় আছিল৷ সেয়েহে ন-খোৱাৰ দিনা আইতাৰ হাতৰ বিশেষ ভাত সাজলৈ আমি বৰ আগ্ৰহেৰে ৰৈ থাকিছিলোঁ৷ মুঠতে ডাঙৰি ঘৰলৈ অনাৰ পৰা ন-খোৱালৈকে আমাৰ সেই দিনকেইটা বৰ মায়াসনা আছিল৷ আঘোণ মাহ বুলি ক’লে মনলৈ আহে মামাৰ ঘৰলৈ গৈ ৰবাব টেঙা খোৱাৰ দিনবোৰ৷ মামাহঁতৰ ঘৰলৈ গ’লেই পথাৰলৈ গৈ নিমখ-জলকীয়া-তেল লৈ ৰবাব টেঙাৰ জুতি লৈছিলোঁ৷ মামাহঁতৰ ঘৰত বৰ ধুনীয়া ৰসাল এজোপা ৰবাব টেঙা আছিল। মাহীয়ে পথাৰলৈ প্ৰায়ে এনেকৈ ৰবাৰ টেঙা লৈ গৈছিল৷ আমি ঘৰলৈ আহিবৰ সময়তো ৰবাব টেঙালৈ আহিছিলোঁ৷ মামাহঁতৰ ঘৰত থকা দিনকেইটিতেই আঘোণৰ পথাৰৰ যি প্ৰাকৃতিক সৌন্দৰ্য বৰ ধুনীয়াকৈ দেখা পাইছিলোঁ৷ সেলেঙী বোৱা তামোলৰ ৰসেৰে দাৱনীৰ ওঁঠ দুটিৰে বাগৰি অহা বিয়ানাম বিহুগীত, ৰ’দৰ কাঁচিয়লী পোহৰত জিলিকা দাৱনীৰ তোলপৰা গাল।
টলবল দুচকুৰ ভাঁজত সেউজীয়া প্ৰত্যাশা… সোণৰ দৰে জিলিকি থকা ধাননীডৰা… বিৰিয়াত অনা ডাঙৰীৰ চিৰিপ-চিৰিপ শব্দ – এই সকলোবোৰ প্ৰাণভৰি মাথোঁ উপভোগ কৰিছিলোঁ৷ মুঠতে আঘোণ মাহ সোমালেই এতিয়াও স্মৃতিৰ জোলোঙাৰে উভতি চাও আঘোণৰ সেই ৰসাল সোণবৰণীয়া দিনবোৰলৈ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!