ৰঙালী বিহুলৈ মনত পৰে

লেখক- লোহিত দত্ত বৰুৱা

১৯৬৫ চনৰে পৰা মই প্ৰায় অসমৰ বাহিৰত আছোঁ – ৰাজস্থান, তাহানিৰ পুণা, বোম্বাই। ১৯৭৩ চনত আমেৰিকালৈ অহাৰ আগে আগে অলপ দিন গুৱাহাটীৰ উপকণ্ঠত (নাৰেঙ্গী) “অ’ইল ইন্দিয়া পাইপলাইনত” কাম কৰিছিলোঁ। গতিকে ক’বলৈ গলে পাঁচ দশকৰো ওপৰ মই অসমৰ বাহিৰত। কিন্তু বিহু আহিলেই মোৰ ল’ৰালিলৈ মনত পৰে আৰু মনত পুনৰ থৌকিবাথৌ লাগে।
আমাৰ ঘৰ আছিল গুৱাহাটীত, নৈখনৰ দাঁতিতে, পানবজাৰৰ শুক্ৰেশ্বৰ পাহাৰৰ নামনিত। নৈখনৰ লগত এক নেৰানেপেৰা সম্পৰ্ক আছিল। কবলৈ গ’লে মই য’তেই নাথাকো কেলেই, অতি মৰমৰ নৈখন মোৰ লগত সদায়ে আছে আৰু থাকিব। সেইদিনত গুৱাহাটীৰ পৰিৱেশ গ্ৰামীণ আছিল। চহৰখন দুখীয়া হ’লেও আটক ধুনীয়া আৰু পৰিষ্কাৰ আছিল। আমাৰ ঘৰত গাই-গৰু, ধানৰ ভঁৰাল, আনকি ঢেঁকীও আছিল। বিহু অহাৰ আগে আগে দেউতাই আমাৰ গাঁৱৰ ঘৰৰ পৰা গৰু-গাইৰ বাবে নতুন পঘা অনাইছিল। গৰু-বিহুৰ দিনাখন ৰাতি নৌপুৱাওঁতেই উঠি মই আমৰ কলি বিচাৰি গৈছিলোঁ। আমৰ কলি, লাও, বেঙেনা কাটি প্ৰতিটো গৰু আৰু গৰু পোৱালিৰ বাবে মালা গঁঠা কামটো মোৰ আছিল। এটা সময়ত মোৰ ওপৰৰ দাদাজনৰ লগত গৰুবোৰ নৈত গা ধুৱাবলৈ নিছিলোঁ। গা-পা ধুৱাই “লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা” বুলি কৈ লাও-বেঙেনা খাবলৈ দিছিলোঁ আৰু সিহঁতৰ বিহুৱান নতুন পঘা দিছিলোঁ। পিছলৈ গুৱাহাটীত বহুটো বিহুতলী হৈছিল যদিও সেইদিনত উজানবজাৰৰ লতাশীল খেলপথাৰত পতা বিহুতলীয়েই আটাইতকৈ ডাঙৰ আছিল। ৰাতিপুৱাৰে পৰা দুপৰীয়ালৈ “জজ” খেলপথাৰত (Judges Field) নানান খেলা-ধূলা হৈছিল – চাইকেল ৰেচ, ঘোঁৰা দৌৰ, দীঘলী পুখুৰীত সাঁতোৰা প্ৰতিযোগিতা, ১০০ গজ দৌৰ আৰু ক’ত কি। সেয়া আছিল লৰা-ছোৱালী, ডেকা-বুঢ়া সকলোৰে বাবে। বিহুৰ কেইদিন গোটেই চহৰ আনন্দত মুখৰিত হৈ পৰিছিল। মনত পৰে প্ৰথম দিনাখন “শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছবৰ মধু আলোড়ন” গীতটিৰে বিহু পতাকা উত্তোলন কৰা হৈছিল। তাহানিৰে পৰা খেলা-ধূলা, বিহু-সংস্কৃতিৰ ক্ষেত্ৰত অসম ট্ৰিবিউনৰ মালিক ৰাধাগোবিন্দ বৰুৱাৰ অফুৰন্ত বৰঙনি আছে। বিহুতলীলৈ ৰাইজ তথা মন্ত্ৰী সকলোৱে কঁকালতে হওক বা কান্ধতে হওক বা মুৰতে হওক, গৌৰৱেৰে বিহুৱান মাৰি আহিছিল। মনত পৰে এবাৰ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণক বিহুৱানেৰে আদৰা হৈছিল।
বিহু তিনি-চাৰি দিনলৈকে চলিছিল। সকলোৰে ঘৰে ঘৰে লাৰু-পিঠা আৰু বিবিধ খোৱাৰ ব্যৱস্থা। গাঁৱৰ ঘৰৰ পৰা আমাৰ বাবে বিহুৱান আহে। দিনটো উত্তৰ পাৰৰ পৰা নাৱেৰে নতুবা ফেৰীৰে নৈ পাৰ হৈ ঘৰে ঘৰে হুঁচৰি গাবলৈ আহে এজাক ডেকা ল’ৰা। এবাৰ দেউতাহঁতৰ গাঁৱৰ ঘৰলৈ যাওঁতে বিজুলী বাঁহ কটাই মোৰ বাবে “টকা” এটা বনাই আনিছিলোঁ। পিছলৈ হুঁচৰি গোৱা ল’ৰাজাক আহিলে সিহঁতৰ লগতে ময়ো টকাটো বজাইছিলোঁ। “দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, গোন্ধতে মলে মলায়ো, গোবিন্দাই ৰাম” আৰু হুঁচৰিৰ শেষত “সকলোৰে কুশল হওক, হওক” বুলি আশীৰ্বাদ দি সকলোৱে লাৰু-পিঠা খোৱাটো চিনাকি দৃশ্য আছিল। মুঠতে ৰঙালী বিহুৱে শুই থকা অসমীয়া সমাজখনক জগাই তুলিছিল।
আবেলি দুটামান বজাৰ পৰা মাজ ৰাতিলৈ আমি বিহুতলীত বিহু চাইছিলোঁ। একোকেই বাদ দিয়া নাছিলো। নাগাৰা নাম (সাতোটা নাগাৰা আৰু বহুতো তাল একোজন মানুহে অকলে বজাইছিল), মঘাই ওজাৰ ঢোলৰ চেও, উজনিৰ পৰা অহা বিহু-হুঁচৰিৰ দল, সত্ৰীয়া নাচ আৰু ভাওনা, বড়ো নাচ, মিৰি বিহু, খাচিয়া নক্ৰেম নৃত্য, মণিপুৰী নাচ, বৰগীত, বনগীত, আধুনিক গীত, জয়মতী, মণিৰাম দেৱান নাটক – মুঠতে সদৌ অসমৰ চহকী কৃষ্টি বিকাশ পাইছিল সেই বিহুতলীত। আমি উজনিৰ মুকলি বিহুৰ সোৱাদ পোৱা নাছিলোঁ যদিও বিহুতলীতে বিহু গীত শুনি আৰু বিহু নাচ চাই মুগ্ধ হৈছিলোঁ। সবাতোকৈ শেষত গান গাইছিল ভূপেন হাজৰিকাই। তেওঁ গান আৰম্ভ কৰিলে গোটেই বিহুতলীয়ে স্তব্ধ হৈ শুনিছিল। “বিহু কাপোৰ বিচাৰি খালো হাবাথুৰি, বিহু কাপোৰ মহঙা হ’ল ঐ গোবিন্দাই ৰাম, জিলিকাব লুইতৰে পাৰ, বৰ বৰ মানুহৰ দোলা, সাগৰ সংগমত, …” – ভূপেন হাজৰিকাই গাই যায়। কিন্ত শান্তি পিয়াসী অসমীয়া সমাজত মাজে মাজে ৰাজনীতিৰ কবলত অশান্তিও আহিছিল। গুৱাহাটী তেল শোধনাগাৰৰ আন্দোলল, ভাষা আন্দোলন, ৰঞ্জিত বৰপূজাৰীৰ হত্যা, ডালাই লামা আৰু চীনৰ আক্ৰমণ, …। শান্তি আজিও অহা নাই। অসমৰ আকাশত আজিও বহুত শগুন। এতিয়াও মনত পৰে ভাষা আন্দোলনৰ সময়ত বিহুতলীত এক বিহু-হুঁচৰি দলে গোৱা – “অসম বাণী অসমত, নচলেযে বিদেশত, ৰাজ্য ভাষা অসমীয়া হ’ব লাগে অসমত।”
সেয়া ১৯৫০ ৰ দশক আৰু ১৯৬০ৰ দশকৰ আগ ভাগৰ কথা। ১৯৭৩ আমেৰিকাৰ হিউষ্টন চহৰ পাই, বিহু নালাগে দুবছৰলৈ, ১৯৭৫ ৰ আগষ্ট মাহত বিয়া নকৰোৱালৈ অসমীয়া মাত এটা শুনা নাছিলোঁ, অসমীয়াতে কথা এটা পাতিবলৈ মানুহ এজন পোৱা নাছিলোঁ। লাহে লাহে এজন-দুজনকৈ অসমীয়া মানুহ আহি ওলাল। ১৯৮০ত কেই ঘৰ মান অসমীয়াকে লৈ মই প্ৰথম ৰঙালী বিহুৰ যোগাৰ কৰিছিলোঁ টেক্সাচৰ এখন ৰাজ্যিক উদ্যানত (State park)। কি যে ভাল লাগিছিল সিদিনা। সেই বছৰতে অসম আন্দোলনৰ নেপথ্যত ময়েই আৰম্ভ কৰিছিলোঁ “উত্তৰ আমেৰিকাৰ অসম এছোচিয়েচন” (Assam Association of North America)। হিউষ্টনৰ বিহু, অসম এছোচিয়েচন আৰু বছৰেকীয়া অসম সভা আজিও চলি আছে। গামোচা দুখন লগাই আমাৰ বিহুৰ পতাকা চিলাই কৰি দিছিল মোৰ পত্নীয়ে। তাহানিৰ লতাশীলৰ বিহুতলীত গোৱাৰ দৰে “শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছবৰ মধু আলোড়ন” গীতেৰে আমিও হিউষ্টনৰ বিহু উৎসৱ আৰম্ভ কৰিছিলোঁ। তাৰ পিছত নানান খেলা-ধূলা হৈছিল আৰু প্ৰতিযোগিতা পাতি লৰা-ছোৱালীক পুৰস্কাৰ দিয়া হৈছিল। মহিলা সকলে ক’ত ধৰণৰ পিঠা বনাই আনে আৰু পিঠা-পনাৰ প্ৰতিযোগিতা হয়, পুৰস্কাৰ দিয়া হয়। গধূলিলৈ নৃত্য-গীত পৰিৱেশন কৰা হৈছিল। মনত পৰে আমাৰ সৰু ছোৱালী দুজনীয়ে গাইছিল, “বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল।” এতিয়া সিহঁত মাক হ’ল, থাকে আন চহৰত। কিন্তু বিহুৰ বতৰত সিহঁত পৰিয়ালেৰে সৈতে হিউষ্টনলৈ আহে। এতিয়া সিহঁতৰ লৰা-ছোৱালীয়ে গায় “বিলতে হালিছে …।”
পঢ়াশালীয়া দিনত বিহুৰ বিষয়ে ৰচনা লিখিছিলো – “বিহু আমাৰ বাপতি সাহোন।” কিন্তু তাৰ মানে কি নাজানিছিলোঁ। আজি জানো বিহু অসমীয়া সংস্কৃতিৰ ৰাজহাঁড়। বিহু ঐকিক, এক ধৰ্মহীন, ভেদাভেদহীন সমন্বয়ৰ সাঁকো আৰু সেই বিহু লোপ পালেই সেই ঐকিক চৰিত্ৰ, সেই ৰাজহাঁড় নাইকিয়া হ’ব। যেতিয়ালৈ অসম থাকে, অসমীয়া ভাষা থাকে, অসমীয়া সমাজ থাকে, আমাৰ বাপতি সাহোন বিহু জীয়াই থাকিব। কিন্তু দুখৰ বিষয়, আজি অসম, অসমীয়া আৰু অসমীয়া ভাষা মহা সংকটত। ২০১১ পিয়লৰ মতে অসমীয়া ভাষা কওঁতাৰ সংখ্যা ৪৮.৩৯%। কোনে জানো কৈছিল, “অসম মৰিলে আমিও মৰিম।” আজিৰ অসমীয়াই আনৰ ওচৰত সেও মানি মৰিবলৈ সাজু নে জীয়াই থকাৰ পণ লৈ মাতৃভূমি আৰু মাতৃ ভাষাৰ ঘোৰ শত্ৰুক ওফৰাবলৈ সাজু?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!