ৰেচিপি- চিকেন ৰেজালা

লেখক- পপী বৰা

উপকৰণ-
চিকেন: ১\২ কেজি
নহৰুৰ পেষ্ট: ১,১\২ টেবুল চামুচ
আদাৰ পেষ্ট: ১ টেবুল চামুচ
কেঁচা জলকীয়া: ৫-৬ টা মান কুটি ল’ব
পিয়াঁজ:৩ টা (২টাৰ পেষ্ট বনাই ল’ব, ১টা গোলকৈ কাটি ল’ব।)
নিমখ সোৱাদ অনুসৰি
বাদাম:২ টেবুল চামুচ
পোষ্ট: ১ টেবুল চামুচ
দৈ:১,১\২ কাপ(বেছি টেঙা দৈ ব্যৱহাৰ নকৰিব)
চেনী: ১\২ চাহ চামুচ
গৰম মচলাৰ বাবে: লং ৩ টা,তেজপাত ১খন,ডালচেনী ৩ টুকুৰা, ইলাচি ৩-৪ টা মান
চাট মচলা অলপমান
তেল ভাজিবৰ জোখাৰে
ঘিউ: ২ টেবুল চামুচ

প্ৰণালী: চিকেনখিনিত নিমখ,আদা নহৰুৰ পেষ্ট,কুটা জলকীয়া,১ চামুচ তেল,পিয়াঁজৰ পেষ্ট এই আটাইখিনি দি ১ ঘন্টামান সময়ৰ বাবে মেৰিনেট কৰি থৈ দিব। বাদাম আৰু পোষ্টখিনিৰ এক মিহি পেষ্ট বনাই ল’ব। দৈ খিনিত চেনীখিনি মিহলাই ভালদৰে ঘুটি ল’ব। কেৰাহী জুইত বহুৱাই তেল গৰম হ’বলৈ দিব। তেল গৰম হৈ আহিলে জুইৰ পৰিমাণ কমাই ঘিউ খিনি দি গৰম হ’বলৈ দিব। গৰম হৈ আহাৰ লগেলগে তাতে লং,দালচেনী,তেজপাত, শুকান জলকীয়া,জালুক,ইলাচ দি ফোৰণ মাৰি তাতে মেৰিনেট কৰা মাংস খিনি দি ভালদৰে ভাজি ল’ব। সোৱাদ অনুসৰি নিমখ দিব। মাংসখিনি ভালদৰে ভজা হ’লে তাতে বাদাম পোষ্টৰ পেষ্টখিনি , কটা পিয়াঁজ আৰু দৈখিনি দি দিব। ২ মিনিট মান সময় লৰাই থাকি এতিয়া অলপ পানী দি মাংসখিনি ঢাকনি মাৰি সিজিবলৈ দিব। মাংস সিজাৰ পিছত নিজৰ পছন্দ অনুসৰি গ্ৰেভী কৰিব। ওপৰত চাট মচলা দি পৰিবেশন কৰক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!