বিজ্ঞান আৰু অসহিষ্ণুতা

লেখক- অসীম তালুকদাৰ

মানৱ সভ্যতাৰ ইতিহাস কিমান পুৰণি সেয়া সঠিককৈ কোৱা সম্ভৱ নহ’লেও পৃথিৱীৰ বিভিন্ন কোণত পোৱা সাক্ষ্য অনুসৰি আজিৰ পৰা পাঁচ-ছয় হাজাৰ বছৰৰো আগতেই বৰ্তমান সময়ৰ ভাৰত, চীন, ইৰাক, ইজিপ্ত আদিৰ দৰে বিভিন্ন ঠাইত মানৱ সভ্যতা গঢ়ি উঠিছিল। সেই সময়ত যোগাযোগৰ ব্যৱস্থা সুচল নাছিল কাৰণে মানুহৰ মাজত জ্ঞান আৰু অভিজ্ঞতাৰ আদান-প্ৰদান কমকৈ হৈছিল। সেয়েহে সভ্যতাবোৰ স্বতন্ত্ৰভাৱে গঢ়ি উঠিছিল। প্ৰথম অৱস্থাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশো স্বতন্ত্ৰভাৱে হৈছিল। এই প্ৰবন্ধটো জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয়। সেয়েহে ইয়াত আগবঢ়োৱা সৰহভাগ উদাহৰণেই জ্যোতিৰ্বিজ্ঞান সম্বন্ধীয়।
প্ৰতি বছৰে ২১ মাৰ্চ আৰু ২৩ চেপ্তেম্বৰৰ দিনা সূৰ্য্যই বিষুৱ ৰেখাৰ ওপৰত অৱস্থান কৰে। ফলস্বৰূপে সমগ্ৰ পৃথিৱীতে সেইদিনা দিন আৰু ৰাতিৰ দৈৰ্ঘ্য সমান সমান হয়। সেয়েহে জ্যোতিৰ্বিজ্ঞানৰ দিশৰ পৰা এই দিন দুটা বিশেষ গুৰুত্বপূৰ্ণ। কেৰালাৰ তিৰুৱানন্থপুৰমত অৱস্থিত অষ্টম শতিকাত নিৰ্মাণ কৰা পদ্মনাভস্বামী মন্দিৰত স্থাপত্যবিদসকলে সেই বিশেষ দিন দুটাৰ গুৰুত্ব প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছিল। মন্দিৰটোৰ প্ৰৱেশদ্বাৰৰ ওপৰত থকা কেইখনমান খিৰিকীৰ মাজেৰে আবেলি সময়ত অস্তমিত সূৰ্য্যই ইখনৰ পাছত সিখন খিৰিকী পাৰ হৈ যোৱা পৰিলক্ষিত হয়। তিৰুৱানন্থপুৰমৰ পৰা ষোল হাজাৰ কিলোমিটাৰৰো অধিক দূৰত্বত অৱস্থিত মেক্সিকোৰ এল কাষ্টিও মন্দিৰটো এটা অনুৰূপ পৰিঘটনা দেখিবলৈ পোৱা যায়। ২১ মাৰ্চ আৰু ২৩ ছেপ্তেম্বৰৰ দিনা সূৰ্য্য মাৰ যোৱাৰ আগে আগে সূৰ্য্যৰ পোহৰে মন্দিৰৰ এটা কোণত প্ৰকাণ্ড সাপ এডালে ওপৰৰ পৰা বগাই নামি অহাৰ দৰে দৃশ্য এটাৰ সৃষ্টি কৰে। ইংলেণ্ডৰ চলচবেৰীত থকা ষ্টোনহেঞ্জ নামৰ প্ৰাচীন কীৰ্তি সৌধত কৰ্কটক্ৰান্তিৰ ৰাতিপুৱা এক বিশেষ পৰিঘটনা দেখিবলৈ পোৱা যায়। এই তিনিটা কীৰ্তিচিহ্নৰ কথা এই কাৰণেই উল্লেখ কৰা হৈছে যে নিৰ্মাণ কৰা সময়ত এই তিনি ঠাইৰ মানুহৰ মাজত প্ৰত্যক্ষ যোগাযোগ থকা কোনোপধ্যেই সম্ভৱ নাছিল। তেওঁলোকে স্বতন্ত্ৰভাৱে পৃথিৱীৰ আহ্নিক গতি আৰু সূৰ্য্যৰ চাৰিওফালে পৃথিৱীৰ বাৰ্ষিক গতিৰ সৈতে জড়িত জটিল বিষয়বোৰৰ গূঢ়াৰ্থ উপলব্ধি কৰিছিল।
জ্ঞান এনে এটা বস্তু যাক ব্যক্তি বিশেষ নাইবা গোষ্ঠী বিশেষৰ মাজত সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি। সেয়েহে যোগাযোগৰ ব্যৱস্থা উন্নত হৈ পৰাৰ লগে লগে ই ইঠাইৰ পৰা সিঠাইলৈ বিয়পি পৰে। উদাহৰণস্বৰূপে শূন্যৰ আৱিষ্কাৰৰ কথা উনুকিয়াব পাৰি। শূন্যৰ ধাৰণা আমাৰ ভাৰততে আৰম্ভ হৈছিল। পিছলৈ ই সমগ্ৰ পৃথিৱীতে বিয়পি পৰে। তেনেকৈয়ে গণনাৰ কাৰণে সমগ্ৰ পৃথিৱীয়ে হিন্দু-আৰৱ পদ্ধতি আঁকোৱালি লৈছে।
কিন্তু জ্ঞানৰ বিকাশ আৰু সম্প্ৰসাৰণৰ পথ কেতিয়াও মসৃণ নাছিল। মাথোঁ কেইশ বছৰমান আগলৈকে প্ৰায়বোৰ মানুহেই আমাৰ পৃথিৱীখন সৌৰজগত তথা ব্ৰহ্মাণ্ডৰ কেন্দ্ৰ বুলি ভাবিছিল। আনকি অতীতৰ প্ৰখ্যাত দাৰ্শনিকসকলেও সেয়া সঁচা বুলি মানিছিল। উদাহৰণস্বৰূপে পৃথিৱী গোলাকাৰ বুলি প্ৰমাণ কৰা প্ৰাচীন গ্ৰীক দাৰ্শনিক আৰু বিজ্ঞানী এৰিষ্ট’টলৰ কথা উল্লেখ কৰিব পাৰি। পৃথিৱীখন সৌৰজগতৰ কেন্দ্ৰ বুলি এৰিষ্ট’টলে বিশ্বাস কৰিছিল আৰু সেই কথা তেওঁ লিপিবদ্ধ কৰিছিল। বহুত দিনলৈ গ্ৰীছ, ৰোমান সাম্ৰাজ্য (বৰ্তমান সময়ৰ ইটালী), ভাৰত আৰু ইজিপ্ত আদি ঠাই সাহিত্য, বিজ্ঞান আদিৰ বিকাশৰ কেন্দ্ৰ হৈ আছিল। পৰৱৰ্তী সময়ত বিভিন্ন ধৰ্মীয় অনুষ্ঠানবোৰৰ ক্ষমতা বাঢ়িবলৈ আৰম্ভ কৰে। উদাহৰণস্বৰূপে ইউৰোপত ৰজাঘৰীয়া আশীৰ্বাদ লাভ কৰা গীৰ্জাৰ ক্ষমতা ইমানেই বাঢ়ে যে ই বিজ্ঞানৰ প্ৰগতিৰ পথত অন্তৰায় হৈ পৰিছিল। “পৃথিৱী ভগৱানৰ সৰ্বোত্তম সৃষ্টি আৰু সেয়েহে পৃথিৱী বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ”- তেওঁলোকে এই মত পোষণ কৰিছিল। ইউৰোপত এনে এটা পৰিৱেশৰ সৃষ্টি কৰি তোলা হৈছিল যে মানুহে এৰিষ্ট’টলৰ কিতাপত লিপিবদ্ধ কথাবোৰ ভগৱানৰ বাণীৰ সমতূল্য বুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল। মানুহৰ মনত উদয় হব পৰা সকলো প্ৰশ্নৰ উত্তৰ এৰিষ্ট’টলৰ কিতাপতেই আছে বুলি মানুহৰ প্ৰশ্ন সোধাৰ অধিকাৰ নাইকিয়া কৰি পেলোৱা হৈছিল। সূৰ্য্য সৌৰজগতৰ কেন্দ্ৰ বুলি অভিমত প্ৰকাশ কৰা মানুহবোৰ গীৰ্জাৰ ৰোষত পৰিছিল। আকাশৰ গ্ৰহবোৰৰ ক্ষেত্ৰত সময়ে সময়ে পৰিলক্ষিত হোৱা পশ্চাৎমুখী গতি (retrograde motion) পৃথিৱীকেন্দ্ৰিক ব্ৰহ্মাণ্ডৰ ধাৰণাৰে ব্যাখ্যা কৰিব পৰা নগৈছিল। কিন্তু গীৰ্জাই এই কথা মানি লব নুখুজিছিল। অন্য মত পোষণ কৰা সকলৰ বহুতকে ভগৱানৰ সৃষ্টিক প্ৰত্যাহ্বান জনোৱা বুলি প্ৰাণদণ্ড পৰ্যন্ত বিহা হৈছিল। মূলতঃ এইবোৰ কাৰণতেই জ্যোতিৰ্বিজ্ঞানৰ বিকাশৰ পথ ৰুদ্ধ হৈ পৰিছিল। পোন্ধৰ শতিকাত পোলেণ্ডত জন্ম গ্ৰহণ কৰা নিকোলাছ কোপাৰ্নিকাছ সূৰ্য্যকেন্দ্ৰিক সৌৰজগতৰ ধাৰণাৰ সমৰ্থক আছিল। সেই ধাৰণা অৱলম্বন কৰি গ্ৰহবোৰৰ পশ্চাৎমুখী গতি সহজেই ব্যাখ্যা কৰিব পৰা গৈছিল। তথাপিও সেই বিষয়ে তেওঁ মুকলিকৈ প্ৰকাশ কৰিবলৈ সাহস গোটাব পৰা নাছিল। কোপাৰ্নিকাছে এই বিষয়ে কিতাপ এখন লিখিছিল। তেওঁৰ জীৱনৰ শেষ মুহূৰ্তত কিতাপখন প্ৰকাশ হৈছিল। মহান পদাৰ্থবিদ আৰু জ্যোতিৰ্বিদ গেলিলিওৰ ক্ষেত্ৰটো একেই ঘটনা ঘটিছিল। তেওঁ প্ৰকাশ কৰা কিছুমানৰ ধাৰণাৰ কাৰণে ইটালীৰ পিছা চহৰৰ হেলনীয়া স্তম্ভত উঠি উপস্থিত ৰাইজৰ সন্মুখত তেওঁৰ ভুল হৈছে বুলি চিঞৰি চিঞৰি কব লগা হৈছিল। তাৰ পাছতো তেওঁক গৃহবন্দী কৰি ৰখা হৈছিল।
ঈৰ্ষা মানুহৰ এটা স্বভাৱজাত বৈশিষ্ট্য। ঈৰ্ষাত ভোগা কিছুমান মানুহে আন মানুহৰ সফলতাক সহজভাৱে লব নোৱাৰে আৰু পাকে প্ৰকাৰে তেওঁলোকক দমাই ৰাখিবলৈ চেষ্টা কৰে। কিছুমান প্ৰখ্যাত ব্যক্তিও ইয়াৰ ব্যতিক্ৰম নহয়। সৰ্বকালৰ অন্যতম সৰ্বশ্ৰেষ্ঠ পদাৰ্থবিদ, জ্যোতিৰ্বিদ, তথা গণিতজ্ঞ চাৰ আইজাক নিউটনেও গটফ্ৰিড লেইবনিজ নামৰ জাৰ্মান গণিতজ্ঞ এজনক প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত কৰিবলৈ চেষ্টা কৰিছিল। দুয়োজন গণিতজ্ঞই স্বতন্ত্ৰভাৱে কলন গণিত বিকাশ কৰিছিল। কিন্তু নিউটনে লেইবনিজক তেওঁৰ ধাৰণা চুৰি কৰা বুলি দোষাৰোপ কৰিছিল। প্ৰখ্যাত ভাৰতীয় পদাৰ্থবিদ সত্যেন্দ্ৰ নাথ বসুৱে পাৰিসাংখ্যিক বলবিজ্ঞানৰ ওপৰত কেইবাখনো যুগান্তকাৰী গৱেষণাপত্ৰ প্ৰকাশ কৰিছিল। প্ৰথম অৱস্থাত তেওঁৰ গৱেষণাপত্ৰ ছপা কৰিবলৈ ইউৰোপৰ বৈজ্ঞানিক সংস্থা সমূহে অস্বীকাৰ কৰিছিল। সেয়েহে তেওঁ নিজৰ এখন গৱেষণাপত্ৰ আইনষ্টাইনলৈ প্ৰেৰণ কৰিছিল। কোৱাই বাহুল্য, সেই গৱেষণাপত্ৰত আইনষ্টাইনৰ নামটো যোগ কৰাৰ পাছত তেওঁলোকে সাদৰেৰে প্ৰকাশ কৰিছিল। ইতিহাস খুচৰিলে এনে ধৰণৰ বহুত উদাহৰণ পোৱা যাব।
ইউৰোপত নৱজাগৰণ আৰম্ভ হোৱাৰ পাছৰ পৰা কুৰি শতিকাৰ প্ৰথম ভাগলৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশৰ ক্ষেত্ৰত ইউৰোপ সমগ্ৰ পৃথিৱীৰে কেন্দ্ৰ হৈ পৰিছিল। দ্বিতীয় মহাসমৰৰ পাছৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশৰ কেন্দ্ৰ হৈ পৰে। মহাকাশ বিজ্ঞান আৰু অস্ত্ৰ প্ৰযুক্তিত পূৰ্বৰ ছোভিয়েট ইউনিয়নে প্ৰথম অৱস্থাত সমানে সমানে আগবাঢ়িছিল যদিও বিভিন্ন কাৰণত পাছলৈ ছোভিয়েট ইউনিয়ন এই দৌৰত পিছ পৰি যায়। বৰ্তমান সময়তো সৰহভাগ আধুনিক উদ্ভাৱন আমেৰিকা যুক্তৰাষ্ট্ৰ নাইবা ইউৰোপতেই হৈ আছে। এই দৌৰত যোৱা কেই দশকমানৰ পৰা আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ চীনে সমানে খোজ মিলাইছে। বৰ্তমান সময়ত সৰহভাগ মৌলিক গৱেষণা পত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ইউৰোপৰ পৰা প্ৰকাশিত হৈ আছে। আমাৰ ভাৰত এতিয়াও তেওঁলোকতকৈ বহুত পিছ পৰি আছে। ভাৰতেও নিসন্দেহে বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশত যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। বহুত সময়ত আমেৰিকা নাইবা ইউৰোপে ভাৰতৰ প্ৰগতিৰ পথত প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে অন্তৰায় হৈ থিয় দিছে। কিন্তু ভাৰতীয় বৈজ্ঞানিকসকলৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলস্বৰূপে সেইবোৰ বাধা অতিক্ৰম কৰি আমাৰ দেশ আগুৱাই গৈছে। উদাহৰণস্বৰূপে ইছৰোৰ মঙল আৰু চন্দ্ৰ অভিযানৰ কথা উল্লেখ কৰিব পাৰি। কিছুমান হলিউডৰ চিনেমা নিৰ্মাণ কৰোঁতে হোৱা খৰচতকৈও কম খৰচত ভাৰতীয় মহকাশযানে মঙল আৰু চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে। ভাৰতৰ এই যুগান্তকাৰী সফলতাৰ পাছত ইউৰোপৰ কিছুমান বাতৰি চেনেলত কিছুমান মানুহে কৰা মন্তব্যই তেওঁলোকৰ ঈৰ্ষাৰ দিশটো স্পষ্টকৈ উদঙাই দিছে।
কিন্তু ইয়াৰ অৰ্থ এই নহয় যে ইউৰোপ আৰু আমেৰিকাই পূৰ্বতে লাভ কৰা সফলতাক আমি মানি লবলৈ অস্বীকাৰ কৰিম। এই ক্ষেত্ৰত অলপতে চন্দ্ৰযান-৩ য়ে চন্দ্ৰত অৱতৰণ কৰাৰ পাছত সামাজিক মাধ্যমত প্ৰচাৰিত হোৱা কথা এটাৰ বিষয়ে চমুকৈ আলোচনা কৰিম। সেয়া হ’ল আমেৰিকাই সত্তৰৰ দশকৰ শেষৰ ফালে প্ৰকৃততে চন্দ্ৰত অৱতৰণ কৰিছিল নে নাই সেই বিষয়ে হোৱা চৰ্চা। অৱশ্যে এই বিষয়ে এটা ষড়যন্ত্ৰ তত্ত্ব বহুত দিনৰ পৰাই চলি আছে। আমেৰিকাই প্ৰথম চন্দ্ৰত অৱতৰণ কৰাৰ পাছত পঞ্চাছ বছৰৰো অধিক সময় পাৰ হৈ গৈছে। কিন্তু বৰ্তমানেও কিছুমানে প্ৰকৃততে আমেৰিকান মহাকাশচাৰীয়ে চন্দ্ৰলৈ যোৱা কথাটো মানি লবলৈ টান পায়। তেওঁলোকৰ মতে এয়া আমেৰিকাৰ শঠতাৰ বাদে একো নহয় আৰু প্ৰকৃততে ই সকলোকে আভুৱা ভাৰি ছোভিয়েট ইউনিয়নৰ অৰ্থনীতি দেওলীয়া কৰাৰ এক বিফল প্ৰচেষ্টাহে আছিল। তেওঁলোকে আগবঢ়োৱা কেইটামান যুক্তি আৰু তাৰ ব্যাখ্যা দিবলৈ তলত চেষ্টা কৰিছোঁ।
তেওঁলোকৰ প্ৰথম যুক্তি হ’ল ইমান দিনে অন্য কোনো দেশে কিয় চন্দ্ৰলৈ মানুহ পঠিয়াব পৰা নাই? নাইবা ১৯৭২ চনৰ পাছত ইমান দিনে আমেৰিকাই পুনৰ কিয় অভিযান চলোৱা নাই?
ছোভিয়েট ইউনিয়নেও চন্দ্ৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ গৱেষণাও ঠিকে আগবাঢ়িছিল। কিন্তু আৰ্থিক সৱলতা আৰু মানৱ সম্পদৰ প্ৰাচুৰ্যৰ কাৰণে আমেৰিকাই প্ৰথমে মানুহ পঠিয়াবলৈ সক্ষম হয়। ছোভিয়েট ইউনিয়নেও নিশ্চয় একেটা কাম কৰিব পাৰিলেহেঁতেন। কুৰি শতিকাৰ ষাঠিৰ দশকত আৰম্ভ হোৱা মহাকাশ দৌৰত দ্বিতীয় হোৱাৰ স্পৃহা নাছিল ছোভিয়েট ইউনিয়নৰ। আমেৰিকাই চন্দ্ৰপৃষ্ঠত যি অধ্যয়ন কৰিব বিচাৰিছিল সেয়া সমাপ্ত হোৱাৰ পাছত ইমান খৰচী অভিযান বাৰে বাৰে চলোৱাৰ কোনো যুক্তি নাই।
তেওঁলোকৰ অন্য এটা যুক্তি হ’ল ১৯৯৯ চনত গেল’প প’লে (Gallup Poll) চলোৱা এক সমীক্ষা মতে ৬% আমেৰিকানে চন্দ্ৰত নমা কথাটো অবিশ্বাস কৰে। যদি খোদ আমেৰিকাতেই কথাটো বিশ্বাস নকৰে, আমি কিয় বিশ্বাস কৰো?
মোৰ বোধেৰে ৬% আমেৰিকানে মানি নোলোৱা কথাটোৱে একো প্ৰমাণ নকৰে কাৰণ একেটা সংস্থাই চলোৱা অন্য এটা সমীক্ষা মতে তাতোকৈ অধিক মানুহে পৃথিৱীখন চেপেটা আৰু বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ বুলিও গণ্য কৰে।
এপোলো অভিযানবোৰে সংগ্ৰহ কৰা ছবি বিলাকৰ আকাশত কোনো তৰা দেখিবলৈ পোৱা নাযায় কিয়?
আকাশৰ তৰাবোৰ অনুজ্জ্বল কাৰণে ছবি লোৱাটো সিমান উজু নহয়। তৰাৰ ছবি লবলৈ কেমেৰাৰ ছাটাৰ বেছি সময়লৈ খুলি ৰাখিব লাগে (long exposure photography)। সেই সময়ত মহাকাশচাৰী সকলৰ শিল-বালিৰ নমুনা সংগ্ৰহ, চন্দ্ৰপৃষ্ঠত যন্ত্ৰ স্থাপন আদিৰ ওপৰতহে গুৰুত্ব অধিক আছিল।
চন্দ্ৰগামী মহাকাশযান এখন শক্তিশালী Venn Allen Radiation Belt (VARB) ৰ মাজেৰে পাৰ হৈ যাবলগীয়া হয়। VARB ৰ উষ্ণতা ইমানেই বেছি যে মহাকাশযানখন পুৰি চাই হৈ যোৱা উচিত।
চন্দ্ৰ অভিমুখী যান এখন তিনি ধৰণৰ VARB ৰ মাজেৰে পাৰ হৈ যাব লগা হয়। আটাইতকৈ উষ্ণ স্তৰটোত শক্তিশালী প্ৰ’টনৰ কণিকা থাকে। ইয়াৰ মাজেৰে এপোলো-১১ কেইমিনিটমানৰ ভিতৰতে পাৰ হৈ গৈছিল। যানখন আৰু মহাকাশচাৰীসকলক বচাবলৈ যানখনত এলুমিনিয়ামৰ বিশেষ স্তৰ এটা ব্যৱহাৰ কৰা হৈছিল। গতিকে একো অসুবিধা নোহোৱাকৈ যানখান পাৰ হৈ গৈছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে VARB ৰ আৱিষ্কাৰক জেমচ ভেন এলেনেই VARB ৰ মাজেৰে এপোলো-১১ পাৰ হৈ যাওঁতে একো অসুবিধাৰ সন্মুখীন নহয় বুলি অভিমত প্ৰকাশ কৰিছিল।
ছবিকেইখনত আমেৰিকাৰ পতাকাখন বতাহত কঁপি থকা যেন দেখি। চন্দ্ৰত যিহেতু কোনো বায়ুমণ্ডল নাই, ই কেনেকৈ সম্ভৱ হব পাৰে?
পতাকাখন তেনে আভাস এটা দিবলৈ উদ্দেশ্য প্ৰণোদিতভাৱে বনোৱা হৈছিল। পতাকাখনৰ পিছফালে পাতল মাৰি এডাল আছে। তদুপৰি খুঁটিতো হৈছে পাতল, এলুমিনিয়ামেৰে নিৰ্মিত। পতাকাখন স্থাপনৰ সময়ত সি নিশ্চয় অলপ কঁপিব।
বৰ্তমান আমেৰিকাই কিয় পুনৰ চন্দ্ৰলৈ মহাকাশচাৰী পঠিয়াব খুজিছে?
যোৱা পঞ্চাছ বছৰত প্ৰযুক্তি বহুত সলনি হৈছে। নাছাৰ পৰৱৰ্তী লক্ষ্য হ’ল মঙল গ্ৰহ। মঙল গ্ৰহলৈ মানুহ প্ৰেৰণ কৰাৰ পৰিৱৰ্তে তেওঁলোকে নতুন প্ৰযুক্তি এবাৰ পৰীক্ষা কৰিব খুজিছে।
উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিদণ্ডী ৰাছিয়া নাইবা ভাৰতৰ গৌৰৱ ইছৰোৰ বিজ্ঞানীসকলেও কেতিয়াও এপোলো অভিযানৰ বিষয়ে সন্দেহ প্ৰকাশ কৰা নাই। বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত চন্দ্ৰত মানুহৰ অৱতৰণ মানৱজাতিৰ কাৰণে এক যুগান্তকাৰী পদক্ষেপ। এপোলো অভিযানে আহৰণ কৰা জ্ঞান মানুহৰ উমৈহতীয়া সম্পদ। এই অভিযানৰ বিষয়ে সন্দেহবোধ নকৰাকৈ সেয়া মানৱজাতিৰ সফলতা বুলি আমি গৌৰৱবোধ কৰা উচিত। কাইলৈ যদি আমাৰ প্ৰতিবেশী পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, ভূটান, নেপাল আদিয়েও কিবা যুগান্তকাৰী অভিযান চলায়, তেতিয়াও আমি গৌৰৱবোধ কৰিব লাগিব।


তথ্য সূত্ৰঃ

1. The Essential Cosmic Perspective (6th edition)
Bennet, Donahue, Schneider, and Voit; 2012; Addison-Wesley
2. Exploration, An Introduction to Astronomy (10th edition)
Arny, Schneider; 2020; McGraw Hill
3. Encyclopedia Britannica, https://www.britannica.com/
4. NASA, https://www.nasa.gov/

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!