দেহোপজীবিনীঃ এক নিষিদ্ধ গছৰ ফল

দেহোপজীবিনীঃ এক নিষিদ্ধ গছৰ ফল

লেখক- গীতালি দাস

দেহোপজীবিনী বা বেশ্যা। শব্দটো সভ্য সমাজৰ নহয়। শব্দটো দিনৰ পোহৰত উচ্চাৰণ কৰিব পৰা শব্দ নহয়। শব্দটো সভ্য সমাজৰ মানুহে শুনিলেই পৰাচিত হব লগা শব্দ। অথচ সমাজৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতিজন মানুহৰ কাৰণে এই নিষিদ্ধ শব্দটোৱে এটা মুখৰোচক শব্দ। পুৰুষ মহিলা নিৰ্বিশেষে নিজৰ নিজৰ গণ্ডীৰ মাজত নিমখ জলকীয়া সানি জিভাৰ পানী পৰিব লগাকৈ আলোচনা কৰা এটা শব্দ। নগৰ-চহৰৰ কোনটো গলিত কোনটো আলিত এই শব্দটোৱে দিনে কিমান মানুহৰ কামনাৰে পিষ্ট হৈ কেৱল পেটৰ ভাত আৰু পিন্ধিবলৈ এখন কাপোৰৰ বাবে জীয়াই আছে কোনে খবৰ ৰাখিছে? কেৱল নগৰ-চহৰেই নে? গাঁওবোৰত কিমানে মাত্ৰ এসাজ ভাতৰ তাড়নাত এইদৰে লুকাই চুৰকৈ আকোঁৱালি লব লগা হৈছে সেই নিষিদ্ধ শব্দক! এইযে দেহোপজীবিনী বা বেশ্যা বুলি এক শ্ৰেণীৰ নাৰী আছে এওঁলোকক কিয় সমাজৰ পৰা নিলগত ৰখা হয় কেতিয়াবা মনলৈ আহিছেনে? একেবাৰে সহজতে উত্তৰ উলিয়াব পৰা এইটো এটা সহজ প্ৰশ্ন। এই শ্ৰেণীৰ নাৰীয়ে নিজৰ দেহটো বিভিন্ন পুৰুষৰ ওচৰত বিনা প্ৰতিবাদে সমৰ্পণ কৰে গতিকে তেওঁলোক স্খলিত। তেওঁলোকে নিজ ইচ্ছাত দেহটো আনক দিবলৈ অলপো কুণ্ঠাবোধ নকৰে। সেইকাৰণে তেওঁলোক সভ্য সমাজৰ পৰা বৰ্জিত এটা প্ৰজাতি, যিসকলে কোনো সামাজিক কাম কাজৰ মুকলি অংশীদাৰ হব নোৱাৰে। এই দেহোপজীবিনীসকলক লৈ বহুত মুখৰোচক কাহিনীৰ পৰা আৰম্ভ কৰি গল্প কবিতা প্ৰবন্ধ চিনেমা আজিলৈ যে ক’ত কিমান নিৰ্মাণ হৈছে তাৰ সঠিক হিচাপ হয়তো বহুতৰ ওচৰত নাই। আনকি এই দেহোপজীবিনী সকলক দেশ-বিদেশৰ বহুত যুদ্ধ বিগ্ৰহৰ সময়ত চোৰাংচোৱা হিচাপেও নিযুক্তি দিয়া হৈছিল বুলি কোনো কোনো কিতাপত পোৱা যায়। খুব সম্ভৱ এবাৰ ‘বিস্ময়’ আলোচনীত এনেকুৱা এটা সত্য ঘটনাৰ আলমত লিখা এটা কাহিনী প্ৰকাশ পাইছিল। যি কি নহওক, আমাৰ আজিৰ এই বিষয়বস্তু যিমানেই নিষিদ্ধ বুলি নকওক কিয় এটা কথা কিন্তু সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য যে নিষিদ্ধ কথা আৰু কামে মানুহক সাধাৰণ কথা আৰু কামতকৈ বেছি আকৰ্ষণ কৰে। সেয়েহে যুগে যুগে এইসকল নাৰী মুকলিকৈ অৱহেলিত হ’লেও লুকাই চুৰকৈ তেওঁলোকেই বহুতৰ কাৰণে ক্ষণিক আনন্দ আৰু শান্তিৰ একোটা মাধ্যম। এই নাৰীসকলক সমাজে কিয় ঘিনাই তাৰ কাৰণ হিচাপে বহুত কাৰণ থাকিলেও কিন্তু আচল কাৰণটো হ’ল তেওঁলোকে যৌনতাৰ মুকলি বেহা কৰে সেইকাৰণে তেওঁলোক ঘৃণনীয়। একেখন সমাজতেই একোগৰাকী নাৰীক দেৱী ৰূপে পূজা কৰা কিছুমানে নাৰীক অপবাদ দি নামকৰণ কৰে বেশ্যা বুলি। কিয়? এই নাৰীসকলে অকলে অকলে এই দেহাৰ বেহা কৰে নেকি? এগৰাকী নাৰী বেশ্যা হোৱাৰ আঁৰত সদায় এজন পুৰুষৰ ভূমিকা থাকে। পুৰুষ অবিহনে কোনো নাৰী বেশ্যা হবই নোৱাৰে। তেন্তে অপবাদ কিয় অকলে সেই নাৰী গৰাকীয়ে মূৰ পাতি লব লাগে? তাৰো উত্তৰ আছে কিন্তু আমাৰ ওচৰত। মানুহে সমাজ পাতি বাস কৰিবলৈ শিকাৰ পৰা এক পুৰুষ আৰু এক নাৰীৰ একত্ৰ বসবাস স্বীকাৰ কৰি লোৱা হৈছিল। কিন্তু তাৰ আগলৈ সেই একেগৰাকী নাৰী আছিল বহু পুৰুষৰ সংগী। কাৰণ তাৰ আগলৈ এখন ঘৰ বা এখন সমাজৰ ধাৰণা মানুহৰ মনলৈ অহাই নাছিল। সমাজৰ ধাৰণাই নাৰীক এজন পুৰুষৰ অধীন কৰি এখন ঘৰ বা পৰিয়ালৰ ধাৰণাক জন্ম দিছিল। কিন্তু আচৰিত ভাবে সেইখন সমাজেই পুৰুষক একাধিক নাৰীৰ গৰাকী হব পৰাৰ অধিকাৰ দিছিল। সৌ সিদিনালৈকে অসমৰ জন্মদাতা আহোম সকলৰ ৰজা মন্ত্ৰী ডা-ডাঙৰীয়া সকলোৱে নিজৰ ইচ্ছা অনুযায়ী একাধিক নাৰীক পত্নী উপপত্নী কৰি ৰাখিব পাৰিছিল। আনকি বহু কেইজন মন্ত্ৰী ডাঙৰীয়াৰ নিজৰ জীয়ৰীৰ বয়সৰ ছোৱালীয়েও উপপত্নীৰ বাব লৈ বৰঘৰ শুৱনি কৰিছিল। জয়মতী কুৱঁৰীৰ পিতৃ লাইথেপেনা সলাল গোহাঁইৰ পত্নী আছিল তেৰগৰাকী। তাৰে দুগৰাকীমান জয়মতীৰ বয়সৰ আছিল। ( “নাং-ফা”- জুৰি বৰা বৰগোহাঞি ) তাৰপিছতো বহু দিনলৈ অকল আমাৰ অসমীয়া সমাজতে এজন পুৰুষে দুগৰাকী পত্নী ৰাখিব পৰাতো আছিল এক আভিজাত্যৰ প্ৰতীক। ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হয় যে পুৰুষৰ বহুগামিতাক সমাজে সহজে স্বীকাৰ কৰি লোৱাৰ বিপৰীতে কম বয়সতে বিধবা হোৱা নাৰী গৰাকীয়ে কিন্তু দ্বিতীয় পুৰুষক কামনা কৰাতো আছিল সামাজিক অপৰাধ অথবা ঘোৰ পাপ কাৰ্য্য। পৰৱৰ্তী সময়ত বহুত সমাজ সংস্কাৰমূলক কামকাজৰ দ্বাৰা বিধবা বিবাহে বৈধতা পাইছিল যদিও আজিও সেই কথা আমাৰ সমাজত ৯৯% মানুহে মুকলি মনেৰে গ্ৰহণ কৰিব পৰা নাই। বৰং আজিও বিধবা সকলৰ ওপৰত অনবৰতে সমাজৰ শেনচকু। কাৰ লগত কথা পাতে, কাৰ লগত উঠা বহা কৰে, কাৰ পিনে চাই হাঁহে ইত্যাদি নানানটা কথাই অকলশৰীয়া বিধবা এগৰাকীক অনবৰতে সষ্টম কৰি ৰাখে। তাৰ মাজতে যদি কোনোবা এগৰাকীয়ে মৰসাহ কৰি কোনোবা পুৰুষৰ সংগী হবলৈ মন কৰে তেন্তে সমাজে পাৰিলে সেইগৰাকীক বেশ্যা আখ্যা দিবলৈ অলপো কুণ্ঠাবোধ নকৰে। কোনো নাৰী জন্মতেই বেশ্যা হৈ নোপোজে। নাৰীক বেশ্যা কৰে পুৰুষে, নাৰীক বেশ্যা কৰে সমাজে, নাৰীক বেশ্যা কৰে পৰিবেশে, নাৰীক বেশ্যা কৰে অভাবে। সমাজত মূৰ ডাঙি জীয়াই থাকিবলৈ কাৰণো মন নাযায়? এইখিনিতে এটা কথা উনুকিয়াই যোৱাতো ভাল হব যে বৰ্তমান আধুনিক সমাজখনত আৰু এক প্ৰকাৰ নাৰীৰ আবিৰ্ভাৱ হৈছে যিসকলে সকলো সুখৰ মাজত থাকিও আপোন ইচ্ছাত পুৰুষৰ ওচৰত দেহ উদঙাই দিয়ে। খোৱা পিন্ধাৰ একোৰে অভাৱ নথকা এইচাম নাৰীয়ে কেৱল নিজৰ চখ আৰু অপূৰ্ণ বাসনা পূৰণ কৰিবলৈ বিনাদ্বিধাই যিকোনো পুৰুষৰ সংগী হব পাৰে। তেনেকুৱা নাৰীবোৰ আচলতে সঁচা অৰ্থত দেহোপজীবিনী আখ্যা পোৱা নাৰীসকলৰো সমকক্ষ নহয়। কেৱল টকা পইচা লাহ- বিলাহ, আ- অলংকাৰ, চাকৰি, প্ৰমোচন, দেশ বিদেশ ফুৰাচকাৰ নামত নিজক পৰপুৰুষৰ ওচৰত সমৰ্পণ কৰা এইসকল হে নাৰীৰ নামত কলংক। এইসকলে আচলতে বেশ্যা অভিধাৰো যোগ্য নহয়। সমাজৰ বহুত অপৰাধমূলক ঘটনা এইবোৰ মহিলাৰ সহযোগতে পুৰুষে কৰিবলৈ সাহস পায়। বহুতৰ সংসাৰ ভঙা পতাৰ খেলত এওঁলোক সিদ্ধহস্ত। কিন্তু অতি আচৰিত কথা এইযে এই ধৰণৰ মহিলা বিলাক সভ্য সমাজখনৰ ভিতৰৰে একোটা অংগ। তথাকথিত দেহোপজীবিনী সকলৰ দৰে এওঁলোকক কোনেও ঘিণ নকৰে। সমাজৰ ভিতৰতে থাকি নিজৰ অভিষ্ট সিদ্ধি কৰি নিৰ্ভয়ে ঘূৰি ফুৰা এইসকলক হে আচলতে সমাজে বহিষ্কাৰ কৰিব লাগে। কিন্তু অতি পৰিতাপৰ কথা এইযে এওঁলোকক চিনি পোৱা ইমান সহজ নহয় আৰু কোনোবাই চিনি পালেও আঙুলি টোৱাবলৈ সেইসকলৰ সৎ সাহসৰ অভাৱ। দুৰ্বলীৰ ওপৰত সদায় বৰমতা দেখুওৱা সমাজে এইসকলৰ লগতে কিন্তু সততে উঠাবহা কৰি থাকে। বিকৃত মানসিকতাৰ বহুত মহিলাই প্ৰেমৰ দৰে পবিত্ৰ শব্দ এটাৰ আঁৰ লৈ কৰি থকা এইধৰণৰ নিকৃষ্ট কাম কাজে সময়ে সময়ে প্ৰেমকো বদনাম কৰি পেলাইছে। ”বেশ্যাৰ লগত সঁচা প্ৰেম নহয় আৰু সঁচা প্ৰেমে কাকো বেশ্যা হবলৈ নিদিয়ে।” দেহোপজীবিনীসকলৰ কৰ্মক বৈধতা প্ৰদান কৰিবলৈ ইতিমধ্যে বহুত চিন্তা চৰ্চা কৰি অহা হৈছে। কোলকাতাৰ সোণাগাছি এনেকুৱা এটা বৈধতা প্ৰাপ্ত অঞ্চল য’ত যিকোনো পুৰুষে নিজৰ উদ্দাম যৌনবাসনা চৰিতাৰ্থ কৰিবলৈ বিনা সংকোচে তাত প্ৰবেশ কৰিব পাৰে। পৃথিৱীৰ বহুত ডাঙৰ ডাঙৰ চহৰত এনেকুৱা কিছুমান অঞ্চল আছে। সমাজবিজ্ঞানী সকলৰ মতে এইবোৰে আচলতে ধৰ্ষণৰ দৰে বহুত সামাজিক অপৰাধো নিয়ন্ত্ৰণ কৰিব পাৰে। কেৱল বেশ্যা বেয়া বা এইবোৰে সমাজত বেয়া প্ৰভাৱ পেলাইছে- এই মনোভাৱে কিন্তু সমস্যাৰ সমাধান নকৰে। নহ’লে প্ৰতি দিনে ৰাতিপুৱা বাতৰি কাকত মেলিলেই নেদেখিলোহেঁতেন সৰু সৰু ছোৱালীবোৰক সংস্থাপন দিয়াৰ নামত অথবা নিজে সংস্থাপিত হোৱাৰ নামত দেহ ব্যৱসায়ীৰ হাতত বিক্ৰী কৰা/হোৱাৰ খবৰ। নিষিদ্ধ গছৰ ফল খাই আদম আৰু ইভে যি ভুল কৰি থৈ গৈছিল তাৰ ফল আজিও মানৱ জাতিয়ে ভুগি আছে। দেহ ব্যৱসায় বা বেশ্যাবৃত্তি পৃথিৱীৰ এক আদিম বৃত্তি। পৃথিৱীৰ যিকোনো সমাজত দেহোপজীবিনী সকলৰ এক উল্লেখযোগ্য ভূমিকা আছে। বাহ্যিক দৃষ্টিৰে হয়তো সেই সামাজিক ভূমিকাক বহুতে স্খলনৰ প্ৰতিভূ হিচাপে নামকৰণ কৰিব কিন্তু সূক্ষ্ম দৃষ্টিৰে চালে ইয়াৰ আঁৰত থকা অন্তৰ্নিহিত উদ্দেশ্যই এক বেলেগ দিশৰ কথাহে আঙুলিয়াই দিয়ে। মুক্ত যৌন বেহা বৰ্তমান কেৱল এক ব্যৱসায়ে হৈ থকা নাই। বৰং ই বহু নাৰী-পুৰুষৰ ক্ষণিক আনন্দৰ এক বিলাসী উপকৰণলৈ উত্তৰণ হৈছে। ইয়াতেই সভ্য সমাজখনে এটা জোকাৰণি খাবলৈ বাধ্য হৈছে। আচলতে সভ্য সমাজৰ সভ্য মানুহৰ অসভ্য আচৰণ আৰু অসামাজিক বেপেৰুৱা কৰ্মকাণ্ডই গোটেই সমাজখনতেই এটা বিৰূপ প্ৰভাৱ পেলায় আৰু তাৰ বিকৃত ফল ভোগ কৰে উঠি অহা নতুন প্ৰজন্মই, লাগিলে সেই ফল নিষিদ্ধ গছৰ ফলেই নহওক কিয়!

অন্যান্য শিতান

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়কঃ-

বিশ্ব শ্ৰৱণ দিৱস,কিছু অনুভৱ

0

কিতাপ পঢ়াৰ আনন্দ — কবিতা ডেকা

0

ৰেডিঅ’ শুনা দিনবোৰ — আৰমান হাজৰিকা

0

বৰষুণ আৰু ছাতি — পংকজ কুমাৰ নেওগ

0

ঢকুৱাখনা-ধেমাজি অঞ্চলৰ মাঘবিহু — দেৱকৃষ্ণ বৰুৱা

0

মনৰ কথা (১৪৭) — কৃষ্ণা বৈশ্য

0

সৌমিত্ৰদাৰ সান্নিধ্যৰ স্মৃতি কাহিনীও পাহৰিব নোৱাৰোঁ — বিদ্যুৎ কুমাৰ ভূঞা

0

স্মৃতি ৰোমন্থন — পদ্মজা বৰুৱা মহন

0

পেটাৰনিটি লিভ আৰু বিৰাট কোহলী — কুইলিন কাকতি

0
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!