সাক্ষাৎকাৰঃ দুলাল মানকি

সাক্ষাৎগ্ৰহণঃ জয়ন্ত প্ৰীতম

এই সংখ্যাটো আমি যিহেতু আমাৰ লোক সংস্কৃতিৰ ওপৰত প্ৰস্তুত কৰিব বিচাৰিছিলোঁ সেয়ে আমি ঝুমুৰ সংগীতৰ সাধক আৰু অলপতে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানৰে বিভূষিত কৰা পদ্মশ্ৰী দুলাল মানকিৰ সৈতে এটা টেলিফ’নিক সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ। সেই সাক্ষাৎকাৰৰেই সংক্ষিপ্ত ৰূপ তলত দাঙি ধৰিলোঁ।

: নমস্কাৰ। মই জয়ন্ত প্ৰীতমে সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনালৈ কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি আমাৰ আলোচনীখনৰ বাবে আমাক বহুমূলীয়া সময় দিলে তাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আপোনাক অলপতে ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী সন্মান দিয়া হ’ল। এই সন্মান পাই আপোনাৰ অনুভৱ কেনেকুৱা?

: ভাৰত চৰকাৰৰ তৰফৰ পৰা মোলৈ যি সন্মান আগবঢ়াইছে এয়া মোৰ বাবে যথেষ্ট আনন্দৰ কথা। ভগৱানক চিন্তা কৰি মই আমাৰ কৃষ্টি সংস্কৃতিৰ ওপৰত সাধনা কৰি আছোঁ। আমাৰ যি পৰম্পৰাগত নৃত্য গীত আছে সেইবোৰৰ মই প্ৰসাৰ আৰু প্ৰচাৰত গুৰুত্ব আৰোপ কৰি আছোঁ। চাহ বাগিচাৰ এটা বৃহৎ সংস্কৃতি আছে। বহুধৰণৰ গীত আছে। সেই সংস্কৃতি অৱহেলিত হৈ আছিল আৰু লুপ্তমুখী দিশত গতি কৰিছিল। মই ১৯৮৭ চনৰ পৰা নীৰৱচ্ছিন্ন ভাবে এই গীতবোৰ ৰেকৰ্ডিং কৰিছোঁ। তাৰ আগতে ১৯৭৬ চনত এই গীতৰ এখন ৰেকৰ্ড বনাইছিলোঁ। ৰেডিঅ’টো গাওঁ। গতিকে আজি মোক এই কৰ্মৰ ভাৰত চৰকাৰে স্বীকৃতি দিলে। ইয়াতকৈ আনন্দৰ কথা কি থাকিব পাৰে। অৱশ্যে কিবা পাম বুলি মই এয়া কৰিছিলোঁ তেনেকুৱা উদ্দেশ্য নাছিল। মই সংগীত নাটক একাডেমীৰ সৈতে জড়িত হৈ আছোঁ। ইষ্টাৰ্ণ যোনেল কালচাৰৰ লগত জড়িত হৈ আছোঁ। মই ম টিভিত গাইছোঁ। ক’ক ষ্টুডিঅ’ত গাইছোঁ। দেশে বিদেশে গাইছোঁ। ভাৰতবৰ্ষৰ বিভিন্ন স্থানত গাইছোঁ। এনেদৰে কৰোঁতে কৰোঁতে আমাৰ গীতবোৰে লাহে লাহে স্বীকৃতি পাবলৈ ধৰিছে। ইয়াৰোপৰি আমাৰ মটক মৰাণ, সোণোৱাল আদি থলুৱা জনগোষ্ঠীয় গীতসমূহ, বৰগীত আদি আৰম্ভ কৰি সকলো গীতেই মই চৰ্চা কৰোঁ। ধ্ৰুপদী সংগীত চৰ্চা কৰোঁ। এইবোৰত লাগি থকা বাবেই চৰকাৰে এই সন্মান জনালে। এতিয়া মোৰ শৰীৰত আনন্দৰ জোৱাৰ উঠিছে। মোৰ ঘৰত বহু মানুহৰ সমাগম ঘটিছে। এয়া মোৰ সৌভাগ্য। মোৰ এই প্ৰাপ্তিয়ে শিল্পী সমাজক উৎসাহিত কৰিছে। অসমবাসীক গৌৰৱাম্বিত কৰিছে।

: বৰ ভাল লাগিল আপোনাৰ অনুভৱ জানিব পাৰি। আপুনি অলপ ঝুমুৰৰ বিষয়ে ক’ব নেকি বাৰু!

: চাহ জনগোষ্ঠীৰ ঝুমুৰ বুলি ক’লে ভাৰতবৰ্ষত যদি চাওঁ অসমত আছেই ইয়াৰোপৰি ঝাৰখণ্ড, বেংগল, উৰিষ্যা, মধ্যপ্ৰদেশ এই সকলো দেশৰ মানুহেই ঝুমুৰ চৰ্চা কৰে। সকলোতে পেটাৰ্ণবোৰ অলপ অলপ বেলেগ বেলেগ হয়। কিন্তু অসমলৈ আহি ইয়াৰ জাতি জনগোষ্ঠীৰ সংমিশ্ৰণত অসমত যি ঝুমুৰৰ সৃষ্টি হ’ল সেয়া অত্যন্ত সুন্দৰ। ঝুমুৰ গীতবোৰ কৰম উৎসৱৰ সময়ত চৰ্চা কৰা হয়। কৰম পৰৱ যেতিয়া হয় তেতিয়া আবেলিৰ পৰা আৰম্ভ কৰি পিছদিনা ৰাতিপুৱালৈকে গোৱা হয়। ঝুমুৰৰ প্ৰথম গীত বুলি ক’লে মই ক’ম,

“আখৰা বন্দনা কৰি
সৰস্বতী মাগ’ গুণি
আখৰা বন্দনা ব্ৰজ নাৰী
মদনে ঝুমুৰ লাগল ভাৰি”

এনেকুৱা ধৰণৰ মানে। গীতটোৰ দ্বাৰা সৰস্বতীৰ পৰা আশীৰ্বাদ লোৱা হয় যাতে গোটেই নিশা গীত নৃত্য কৰি আনন্দ লাভ কৰিব পাৰি। ঝুমুৰ গীত সময় অনুসৰি বেলেগ বেলেগ হয়। এটা নিশাত চাৰিটা প্ৰহৰ থাকে। এই প্ৰহৰ অনুসৰি তাৰ সুৰ তাল আদিবোৰ বেলেগ বেলেগ হয়। মাজনিশাৰ বেলেগ হয়। পুৱতিনিশাৰ বেলেগ হয়। ইয়াৰোপৰি আছে নাৰচেলিয়া, ঝিঙাফুলীয়া, গেলৱাৰি, তামৰিয়া এনেধৰণৰ আছে কিছুমান। এইবোৰ সকলো অলপ বেলেগ বেলেগ। মাজনিশা গোৱা ঝুমুৰ আধাৰাতিয়া ইত্যাদি। এনেই ঝুমুৰ বুলি কব’লৈ সহজ কিন্তু ইয়াৰ ভিতৰৰ পৰিধি বিশাল। আমি সাধনা কৰিছোঁ বাবে অলপ জানো আৰু। মই আন আন গীত পৰিবেশন কৰোঁ যদিও ঝুমুৰ গাই যি আনন্দ লাভ কৰোঁ সেয়া প্ৰকাশ কৰিব নোৱাৰি। ঝুমুৰ গালে বেলেগ গীত গাব মন নাযায়। কিছুমান ঝুমুৰৰ যি অন্তৰ্নিহিত অৰ্থ আছে সেইবোৰ সঁচাকৈয়ে অতুলনীয়। প্ৰায় ১০০ ওপৰৰ উপজাতি লগ হৈ এটা বৃহৎ চাহ জনগোষ্ঠী হৈছে। এই উপজাতি সমূহৰ সকলোৰে অলপ অলপ ঝুমুৰৰ পেটাৰ্ণ বেলেগ বেলেগ হয়। । যেনেকৈ উৰাং মুণ্ডা বিলাকে বেলেগ গায়। চণ্টাল বোৰে বেলগকৈ গায়। মাহাত’, কুৰ্মী তেওঁলোকৰ অলপ বেলেগ, ভূমিজ বিলাকৰ বেলেগ। সকলোবোৰ লগ হৈ ঝুমুৰ। ঝুমুৰ এটা বিশাল বিষয়। মই ইয়াৰ ওপৰত এখন কিতাপ লিখি আছোঁ বৰ্তমান। মই যিবোৰ গীত গাইছোঁ সেই সকলোবোৰ গীত তাত সন্নিবিষ্ট থাকিব। প্ৰায় চাৰিশমান পৃষ্ঠাৰ এখন কিতাপ হ’ব।

: অসমৰ প্ৰেক্ষাপটত ঝুমুৰৰ ভৱিষ্যত আপুনি কি দেখিছে। নতুন প্ৰজন্মই ঝুমুৰৰ যি মাদকতা সেই মাদকতা ধৰি ৰাখিব পাৰিব বুলি আপুনি ভাবেনে? সংৰক্ষণ হ’বনে?

: নিশ্চিত ৰূপে সংৰক্ষণ হ’ব। ই এনেকুৱা এটা সংস্কৃতি ইয়াক শিকিবই লাগিব, গাবই লাগিব। পুৰণিক লৈ নতুনৰ আৱিষ্কাৰ হয়। তাত কোনো দ্বিমত নাই। কিন্তু আমি যদি একেবাৰে নিজৰ অতীতক বিসৰ্জন দি দিওঁ। হয়তো অলপ ইয়াৰ ৰূপ সলনি হ’ব পাৰে কিন্তু ইয়াক ধৰি ৰাখিব লাগিবই। আজি বিহুৱেই হওক বা ঝুমুৰ এই পৰম্পৰাগত গীতসমূহক আমি ধৰি ৰাখিব লাগিব। মই ধৰি আছিলোঁ বাবে আজি পদ্মশ্ৰী পালোঁ। যদি আজিৰ শিল্পীসকলে ইয়াৰ ওপৰত কাম কৰি যায়। তেন্তে নিশ্চয় ভাল দিন আহিব। অলপ সলনি হ’ব পাৰে কিন্তু থাকিব। আমি সকলোৱে চেষ্টা কৰি আছো যাতে ই লুপ্তমুখী হৈ নাযাওক। জাতিটো যিমানদিন থাকিব ঝুমুৰ সিমান দিন থাকিব।

: এনেকুৱাকৈ ক’ব পাৰি নেকি যে সংস্কৃতি জীয়াই থাকিলে জাতিটো জীয়াই থাকিব!

: হয় হয় সংস্কৃতিৰ লগত জাতিটোৰ সম্পৰ্ক আছেই। বিহু আজিকালি সলনি হৈছে। আচল বিহুৰ পৰা ফালৰি কাটি গৈ আছে। আমি সকলোৱে চেষ্টা কৰিব লাগিব যাতে ইয়াক সংৰক্ষণ কৰিব পাৰোঁ।

: আপোনাৰ আৰু বেছি সময় নলওঁ। পুনৰ ধন্যবাদ জনালোঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!