সাম্প্ৰতিক সময়ত প্ৰাক্-শৈশৱকালীন শিশুৰ শিকণৰ ক্ষেত্ৰত অভিভাৱকৰ কৰণীয়

লেখক- নয়নমণি হাজৰিকা

বিদ্যালয়ক জীৱন গঢ়াৰ আলয় বোলা হয়। বৰ্তমান সময়ত ক’ৰণা অতিমাৰীৰ প্ৰতাপত বিশ্বৰ বহু ঠাইৰ মানৱ সম্পদ গঢ়াৰ কমাৰশালসমূহত অনিচ্ছাসত্ত্বেও জীৱন বচোৱাৰ স্বাৰ্থতে চৰকাৰে তলা মাৰিবলৈ বাধ্য হৈছে। বিদ্যালয়ৰ তলাবন্ধ ব্যৱস্থাই দেশখনক কিমান ক্ষতি কৰিছে তাৰ আনুমানিক হিচাপ সকলোৱে কৰিলেও ফলাফল সুদূৰ ভৱিষ্যতে অতি দুখজনক হিচাপে দেখা পোৱা যাব। মানৱ সম্পদ গঢ়াৰ কমাৰশাল বন্ধ হৈ পৰাত অভিভাৱকসকল যথেষ্ট চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। সেয়া যি কি নহওক অসম ৰাজ্যৰ শিক্ষা ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এটা কথা দেখা যায় যে, উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰীক্ষাত বহিবলগীয়া অথবা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী ল’বলগীয়া ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে তেওঁলোকৰ এই ঘাটি বছৰৰ শিক্ষান্ত প্ৰমাণ পত্ৰৰ মৰ্যাদা দিয়া হ’ব বুলি ঘোষণা কৰি যথেষ্ট সকাহ প্ৰদান কৰিছে। আজিৰ মোৰ আলোচ্য বিষয়ে উচ্চ শিক্ষাক সামৰি ল’বলৈ বিচৰা নাই, নিম্ন পৰ্যায়ৰ সেইসকল শিশুক সামৰিব বিচাৰিছোঁ যিসকলে আনুষ্ঠানিকভাৱে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ আগতে অংগনবাদী, কিডচ কেয়াৰ আদি প্ৰাক্-প্ৰাথমিক অনুষ্ঠানবোৰলৈ গৈ কিছু পৰিমাণে হ’লেও বিদ্যালয় শব্দটিৰ লগত চিনাকি হৈ পৰে।

দেশৰ ভৱিষ্যত এই শিশু সকলে অতিমাৰীৰ সময়চোৱাত ঘৰৰ ভিতৰতে আবদ্ধ হৈ জীৱনৰ অমূল্য সময়বোৰ হেৰুৱাই পেলাইছে। যি সময়ত শিশুসকলক বিদ্যালয় অভিমুখী কৰাবৰ বাবে অভিভাৱকে নিশ্চিন্তমনে এনে প্ৰাক্-প্ৰাথমিক কেন্দ্ৰসমূহলৈ পঠিয়াইছিল, এতিয়া তেনে সময়ত তেওঁলোকক ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰিবলৈ বাধ্য হৈছে। এটি শিশুৰ জন্মৰ পৰা ছয় বছৰ বয়সলৈ এই প্ৰাক্-শৈশৱকালীন সময়চোৱা যথেষ্ট গুৰুত্বপূৰ্ণ। এটি শিশুৰ সৰ্বাত্মক বিকাশৰ বাবে এই সময়চোৱাক জীৱন গঢ়াৰ সূবৰ্ণ সময় বুলি উল্লেখ কৰা হয়। এই সময়চোৱাত শিশুৰ স্নায়ুতন্ত্ৰসমূহ অধিক সক্ৰিয় হৈ থাকে বাবে দ্ৰুত গতিত মগজুৰ বিকাশ সাধন হয় আৰু উপযুক্ত পৰিৱেশ পালে শাৰীৰিক, ভাষাৰ ক্ষেত্ৰত, বৌদ্ধিক, মানসিক, সামাজিক আৰু আৱেগিক বিকাশো সৰ্বাধিক হোৱা দেখা যায়। এই তলাবন্ধৰ সময়চোৱাত শিশুৱে প্ৰাথমিক শিক্ষাৰ লগত যোগসূত্ৰ স্থাপন কৰা প্ৰাক্-প্ৰাথমিক কেন্দ্ৰসমূহত উপলব্ধ আদৰ যত্ন লাভ কৰিবলৈ অসমৰ্থ হোৱাৰ সময়ত, শিশুটিৰ সৰ্বাঙ্গীণ বিকাশৰ ক্ষেত্ৰত আমাৰ দৰে অভিভাৱকৰ কৰণীয় কি হ’ব পাৰে? অৱশ্যে বেচৰকাৰী বিদ্যালয়সমূহত অনলাইন ব্যৱস্থাৰ মাধ্যমেৰে কিছু পৰিমাণে এই শিকণ ঘাটি পুৰাবৰ বাবে চেষ্টা কৰিছে যদিও সেয়াই সকলো নহয় বুলি আমাৰ মনে ধৰে। গতিকে এই সময়চোৱাত আমি আমাৰ শিশুটিক আনুষ্ঠানিক শিক্ষা লোৱাৰ বাবে কেনেকৈ প্ৰস্তুত কৰিম? এজন অভিভাৱক হিচাপে সন্তানক সুৰুচিপূৰ্ণ এক শিক্ষাৰ পৰিৱেশ দিবলৈ আমি অলপ চেষ্টা কৰিলেই সফল হ’ব পাৰিম। শিশুটিৰ সুন্দৰ ভৱিষ্যতৰ বাবে পিতৃ-মাতৃসকলে অলপ সহায়ৰ হাত আগবঢ়ালেই সফল হ’ব।

এই তলাবন্ধৰ সময়চোৱাত জৰুৰী সেৱাত নিয়োজিত অভিভাৱকৰ বাদে প্ৰায় সকলেই অলপ হ’লেও আজৰি সময় পাইছোঁ তাৰে যদি অলপ গুণগত সময় আমি আমাৰ সন্তানক দিবলৈ বদ্ধপৰ হওঁ তেতিয়া আমি তেওঁলোকৰ সৰ্বাঙ্গীণ বিকাশৰ ক্ষেত্ৰত অলপ হলেও সফল হ’ব পাৰিম। অভিভাৱক হিচাপে আমি কেনেকৈ আৰু কি কি পদক্ষেপ ল’ব লাগিব৷ প্ৰথমতে আমি জানিব লাগিব যে প্ৰাক্-প্ৰাথমিক শিক্ষা আহৰণৰ ফলাফল কি হ’ব লাগিব—
১)শিশুক সুস্বাস্থ্য আৰু সুস্থ জীৱন যাপনৰ প্ৰতি সজাগ কৰা।
২)শিশুৰ ভাৱ বিনিময় আৰু উপযুক্ত আদান প্ৰদান কৌশলৰ বিকাশ।
৩)শিশুৰ শিকণ আৰু তাৎক্ষণিক পৰিৱেশৰ লগত জড়িতকৰণ।

এই ফলাফল কেইটা আহৰণ কৰিবলৈ যাওঁতে অভিভাৱকসকলে ঘৰতে এটা পৰিৱেশ সৃষ্টি কৰি ল’ব লাগিব। এটা কোঠাত য’ত শিশুটিয়ে থাকি ভাল পাব তেনেধৰণে সজাব লাগিব। য’ত শিশুৱে ভালপোৱা বিভিন্ন ধৰণৰ কাৰ্টুন চৰিত্ৰৰ ছৱি, খেলাবস্তু, পুতলা, ব্লক, বিভিন্ন ধৰণৰ চাৰ্টেৰে সজাই তুলিব লাগিব। শিশু এটিয়ে সদায় খেলাৰ মাধ্যমেৰে যিকোনো কথা আয়ত্ত কৰে। তেওঁলোকক শিকণ কাৰ্য্যত জড়িত কৰিবলৈ প্ৰস্তুত কৰাৰ সময়ত এইটো জানিবলৈ দিয়া উচিত নহয় যে তেওঁলোকক কিবা নতুন শিকাবৰ বাবেই এনে আয়োজন কৰা হৈছে। স্বাভাৱিকতে শিশুৰ মন কৌতূহলপূৰ্ণ, শিশুটিয়ে গল্প, সাধু, গীত, কথোপকথন, নাচ আৰু সমনীয়াৰ লগত খেলাৰ মাধ্যমেৰে শিকিবলৈ ভাল পায়। যিহেতু মহামাৰীৰ কবলৰ এই সময়চোৱাত আমি নিজৰ শিশুটিক আন সমনীয়াৰ লগতো খেলিবলৈ উলিয়াই পঠিয়াব নোৱাৰো, গতিকে আমি নিজেই শিশুটিৰ সমনীয়া হৈ এই কাৰ্যসমূহত ভাগ ল’ব লাগিব। সাধাৰণতে ছয় বছৰ সম্পূৰ্ণ নকৰা শিশুসকলে মুকলি মনেৰে কথা পতা, মনৰ কৌতূহলবশতঃ প্ৰশ্ন সোধা, আনৰ প্ৰশংসা লভা আৰু আদৰ যত্ন পোৱা আৰু সৰুসুৰা সৃষ্টিশীল কাম কৰাৰ মাজেৰে আনন্দ লভে। শিশুৰ এই প্ৰকৃতি সমূহলৈ লক্ষ্য ৰাখি আমি শ্ৰেণীকোঠাটো আমোদজনকভাৱে সজাই তুলিব লাগে। কোঠাটোলৈ সোমোৱাৰ সময়ত চেণ্ডেল খুলি নিৰ্দিষ্ট ঠাইত থোৱা, পুতলা ৰখা ঠাই, ৰংকৰা বস্তু থোৱা কোণ, আদি বেলেগে বেলেগে ৰাখি শিশুটিক য’ৰ পৰা আনে আকৌ তাতে থ’বলৈ উৎসাহিত কৰিব পাৰে। শ্ৰেণীকোঠা হিচাপে শিশুটিৰ মনত কোঠাটোলৈ সদায় যাবলৈ আগ্ৰহী কৰিবলৈ ঘৰৰ বাকী সদস্যসকলকো সেই সময়ত শিশুৰ ভাও ল’বলৈ দিব পাৰে। সদায় এটা নিৰ্দিষ্ট সময় নিৰ্দ্ধাৰিত কৰি শৃংখলাপূৰ্ণভাৱে কামটো আগবঢ়াই নিব লাগে। কোঠাটোৰ পৰিৱেশ সদায় একেদৰে নাৰাখি কেতিয়াবা দোকান, বজাৰ, পথাৰ, অৰণ্য, চিৰিয়াখানা আদিৰ ৰূপত সলাই থাকিব লাগে। কিছুমান সাধাৰণ নিয়মাৱলীও অভিভাৱক সকলে তৈয়াৰ কৰি ল’ব পাৰে যেনে—
-চেণ্ডেল খুলি ভালদৰে থৈ কোঠাত সোমোৱা।
-পানী বটলটো নিৰ্দিষ্ট ঠাইত থোৱা।
-শুভেচ্ছা জনোৱা।
-খোৱাৰ আগতে হাত ধোৱা।
-লাহে লাহে কথাপতা।
-শৌচ প্ৰস্ৰাৱৰ বাবে অনুমতি ল’বলৈ কোৱা।
-নিয়মিত গা ধুৱা, নখ আৰু চুলি পৰিপাটিকৈ ৰখা।

শিশুৱে অভিজ্ঞতাৰ পৰা শিকিবলৈ আৰম্ভ কৰে, মানসিক বিকাশৰ ক্ষেত্ৰত শিশুক শিকণৰ ক্ষেত্ৰত সহায় কৰে পঞ্চইন্দ্ৰিয়ই। শিশুৱে দেখা, শুনা, গোন্ধ লোৱা, সোৱাদ আৰু স্পৰ্শৰ পৰা ক্ৰমে নিৰীক্ষণ, স্মৃতি শক্তিৰ বিকাশ, শ্ৰেণী বিভাজন ক্ৰম, যুক্তি আৰু সমস্যা সমাধান কৰিবলৈ শিকে। লাহে লাহে শিশুটিৰ চাৰিওকাষৰ বস্তুৰ এক ধাৰণা গ্ৰহণ কৰাৰ প্ৰৱণতা গঢ়ি উঠে। শিশুটিৰ লগত এনেদৰে দৈনিক এঘণ্টা গুণগত সময় পাৰ কৰি আমি অভিভাৱকসকলে যদি সাধু কথন, অংগী ভংগিমাৰে শীশুগীত গাই, শিলগুটিৰ সহায়ত কম বেছিৰ ধাৰণা দি, বিভিন্ন আকাৰৰ বস্তুৰ লগত চিনাকি কৰাবলৈ লওঁ লাহে লাহে শিশুটিৰ বহু ক্ষেত্ৰত বিকাশ হ’বলৈ আৰম্ভ কৰিব। মাজে মাজে কোঠাটোৰ বাহিৰলৈ নি বালিৰ সহায়ত আঙুলিৰে আঁক বাঁক কৰিবলৈ দিব, আলতীয়া বোকা অথবা বজাৰত উপলব্ধ ক্লেৰ সহায়ত সহজ সহজ চানেকি তৈয়াৰ কৰিবলৈ দিব আৰু পানীৰ লগতো খেলিবলৈ দিব পাৰে। চকুৰ আগত ৰাখি দৌৰিবলৈ দিব লাগে। অংগ সঞ্চালৰ গীত গাই অংগ পৰিচয়ৰ উপৰি ভাল স্পৰ্শ আৰু বেয়া স্পৰ্শৰ ধাৰণাও দিব লাগে। সুন্দৰকৈ সৰল ৰেখাৰে ডাঙৰকৈ সহজ সহজ ছৱি আঁকি দি তেওঁলোকক ৰং ভৰাবলৈ দিব পাৰে। কাগজত বিভিন্ন আকৃতিৰ ছৱি আঁকি আঁঠা লগাই দি তাত ডাইল, ৰাজমা আদি লগাবলৈ দিব পাৰে। আঙুলিৰ পাবত ৰং সানি ক’লাজ বনাবলৈ দিব পাৰে। পিছত তেওঁ নিজে কৰা সৃজনীমূলক ছৱিবোৰ কোঠাটোৰ এখন বেৰত ক্ৰম অনুসৰি সজাই যাব লাগে আৰু তেওঁ কৰা ভাল কামৰ বাবে প্ৰতিদিনে প্ৰশংসা কৰিব লাগে। সৰু সুৰা খেল যেনে এডাল ৰছী দীঘলকৈ পাৰি দি তাৰ ওপৰেৰে খোজ দিবলৈ শিকাব পাৰে। বহুতো বস্তু আগত দি একেধৰণৰ বস্তুবোৰ বেলেগে বেলেগে ভাগ কৰিবলৈ দিব পাৰে। জপিয়াবলৈ, নাচিবলৈ, গান গাবলৈ অথবা নিজে কৰি ভালপোৱা কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাব লাগে।

এনেধৰণে বন্ধৰ সময়চোৱাত যদি আমি অভিভাৱক সকলে দিনটোৰ এঘণ্টা গুণগত মানদণ্ডৰ সময়ো শিশুটিক দিও তেতিয়া হয়তো তেওঁলোকৰ শিকন ঘাটিৰ কিছু পৰিমাণে হ’লেও পূৰ হ’ব বুলি অনুমান কৰিব পাৰি।
আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত আহকচোন আমি আমাৰ শিশুটিক বিদ্যালয় মুখী হোৱাৰ প্ৰাকক্ষণত অথবা মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এনেধৰণৰ এটি পদক্ষেপ আগবঢ়াও।

নয়নমণি হাজৰিকা।
বনগাঁও, গোলাঘাট

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Rupalim
8 months ago

কথাখিনি ভাল লাগিল। এইখিনিয়ে নিশ্চয় অভিভাৱক সকলক অলপ হ’লেও সহায় কৰিব।

Copying is Prohibited!