মাঘ বিহু সম্পৰ্কীয় কিছু পৰম্পৰা আৰু লোক বিশ্বাস

লেখক- ধীৰেন শইকীয়া

অসম নিজা নিজা লোক পৰম্পৰা থকা নানা জাতি, জনজাতি আৰু উপজাতিৰ মিলনভূমি। বৈচিত্ৰ্যৰ মাজত ঐক্য উপলব্ধ এই মহান অসমীয়া জাতিৰ মাঘবিহু কেন্দ্ৰিক লোক পৰম্পৰাই ঐক্য, মৈত্ৰী, সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰীৰে অতীতৰ পৰাই আমাক নিকপকপীয়াকৈ বান্ধি ৰাখিছে। অসমীয়াৰ মাজত মাঘবিহুৰ এই পৰম্পৰাগত সংস্কাৰসমূহে সকলো স্তৰৰ উদাৰ জাতীয়তাবোধ জগাই তুলিছে। কোনো কোনো ঠাইত মাঘ বিহুত দুই দিন ধৰি খেল-ধেমালি, গীত-মাতৰ প্ৰতিযোগিতা আদিৰ আয়োজন কৰি উঠি অহা প্ৰজন্মৰ প্ৰতিভা বিকাশত অৰিহনা যোগাই আহিছে। অসমৰ অঞ্চলভেদে মাঘ বিহুত বুলবুলি যুঁজ, কুকুৰা যুঁজ, মহ যুঁজ, ৰছী টনা খেল, মাৰাথান দৌৰ, ভেশচন প্ৰতিযোগিতা, মাল যুঁজ, কাবাডী খেল আদিৰ আয়োজন কৰে। এই বিহুতেই জ্যেষ্ঠজনক সেৱা জনাই কনিষ্ঠজনে আশীৰ্বাদ লয়, বছৰটোৰ সকলো দুখ তথা দোষ আদি পাহৰি সকলোৱে এই মাঘৰ বিহুৰ দিনাখনেই সম্প্ৰীতিৰে ঠায়ে ঠায়ে ৰাস্তা-ঘাট মেৰামতি, দলং-সাঁকো নিৰ্মাণ, সংঘ, পুথিভঁৰাল আদিৰ নিৰ্মাণ বা বিকাশৰ বাবে ৰাজহুৱা স্থানত মিলিত হৈ ৰাজহুৱা কৰ্মৰ সজ কথা আলোচনা কৰাও দেখা যায়। মাঘ বিহুৰ দুই এদিন পিছত নামনি আৰু মধ্য অসমত নাওখেল আৰু মহ যুঁজ আনুষ্ঠিত কৰাৰ তথ্য পোৱা যায়। পুৰণি কামৰূপ সাম্ৰাজ্যৰ আশে পাশে উদ্ধাৰ হোৱা শিলালিপি, তাম্ৰপত্ৰ আৰু সত্ৰীয়া কাকত-দলিলসমূহতো লিপিবদ্ধ থকা নামনি অসমৰ নগাঁও, মৰিগাঁও, বৰপেটা, নলবাৰী, পলাশবাৰী লগতে গোৱালপাৰা অঞ্চলত বিহুৰ সময়ত অনুষ্ঠিত মহ যুঁজ আৰু নাওখেলে কেইবাটাও দশক জুৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছিল।
মাঘবিহু উৎসৱ উত্তৰ ভাৰতত ‘মকৰ সংক্ৰান্তি’ আৰু দক্ষিণ ভাৰতত ইয়াক ‘পোংগল উৎসৱ’ হিচাপে পালন কৰা হয়। আন আন দেশ, যেনে – নেপাল, থাইলেণ্ড, লাওচ, ম্যানমাৰ, শ্ৰীলংকা, কম্বোদিয়া ইত্যাদিতো আছে মাঘ বিহুৰ দৰে সমধৰ্মী কেইবাটাও আচাৰ-অনুষ্ঠান।

বহুতে ক’ব খোজে, মাঘ বিহু আদিম যুগৰ বড়ো মূলীয় লোকসকলৰ প্ৰধান উৎসৱ আছিল। পৰৱৰ্তী সময়ত আৰ্য ব্ৰাহ্মণসকলে হিন্দু ৰীতি মতে তিথি নিৰ্ধাৰিত কৰি দিয়াত সেই অনুসাৰে মাঘ বিহু পৰিগ্ৰহ হৈছে। সেইবোৰ দিশলৈ চালে আজিও মাঘ বিহু সম্পৰ্কে আৰু অধিক গবেষণাৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ হয়।

প্ৰাকৃত জুইকুৰা সংস্কৃত হৈ মেজি তথা অগ্নি দেৱতালৈ ৰূপান্তৰিত হৈছে

অসমীয়া লোকসংস্কৃতিৰ বৰপেৰাৰ তিনিওটা বিহুৰ ভিতৰত মাঘবিহু অন্যতম। প্ৰায়বোৰ জনগোষ্ঠীৰ মাজত মাঘ বিহুৰ ৰেহৰূপ সুকীয়া সুকীয়া দেখা যায়। মাঘ বিহু সংক্ৰান্তত ড.লীলা গগৈদেৱে তেওঁৰ ‘অসমৰ সংস্কৃতি’ গ্ৰন্থত লিখিছে— ‘‘মাঘ বিহুৰ মেজিৰ তলত আশীৰ্বাদ ল’লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলিও জনবিশ্বাস আছে। মাঘ বিহুৰ ভোজৰ থলীৰ জুইকুৰা প্ৰাচীন আৰু থলুৱা প্ৰয়োজনীয়তাৰ পৰিণতি হ’লেও পৰৱৰ্তীকালত বৈদিক ধাৰণা আৰু মন্ত্ৰ সংযোজিত হৈছিল। প্ৰাক্ বৈদিক অগ্নি উপাসক আৰ্যসকলৰ মূল দেৱতা মাগী বা মেজাই মাঘবিহুৰ মেজিলৈ ৰূপান্তৰিত হৈছে। মাঘবিহুত পৰশুৰাম কুণ্ডত স্নান কাৰাটোৱে অগ্নি উপাসক জমদগ্নি পুত্ৰ পৰশুৰামৰ সাংস্কৃতিক অৱদানকে সূচায়। প্ৰাকৃত জুইকুৰা সংস্কৃত হৈ মেজি তথা অগ্নি দেৱতালৈ ৰূপান্তৰিত হৈছে।’’

ভেলা আৰু ভেলী বিষয়ক শুনা সাধু কথা

তাহানিকালত কেৱল গৰখীয়া ল’ৰাসকলহে ভেলাঘৰ সজা কাৰ্য্যৰ লগত জড়িত আছিল বুলি বয়োজ্যেষ্ঠসকলৰ মুখত শুনা যায়। সেই অনুসৰি পূৰ্বতে হেনো ভেলা আৰু ভেলী নামৰ এহাল দম্পতী আছিল। তেওঁলোকৰ হেনো কোনো সন্তান নাছিল। সেয়েহে গৰখীয়াসকলকেই তেওঁলোকে নিজৰ সন্তান বুলি ভাবিছিল। মৃত্যুৰ পিছত ভেলা আৰু ভেলীক গৰখীয়াসকলেই সৎকাৰ কৰিছিল। সেই পৰম্পৰাক ৰক্ষা কৰিয়েই পৰৱৰ্তী সময়ত গৰখীয়াসকলে বুঢ়া-বুঢ়ী ভেলা আৰু ভেলীৰ স্মৃতিত ভেলাঘৰ সাজি মাঘৰ বিহুত তেওঁলোকক শ্ৰদ্ধা জনাবলৈ প্ৰতীকী অৰ্থত সভক্তিৰে জুই জ্বলাই সৎকাৰ কৰি ভোজভাত খায় বুলি জনশ্ৰুতি আছে।

দৰঙ জিলাত থকা অন্যান্য কেইটামান লোকবিশ্বাস কেইটামান

আগতে কেইবাখনো গাঁৱৰ ৰাইজে উৰুকা বা তাৰ আগদিনা সন্মিলিতভাৱে ওচৰৰ খাল, দোং, বিলত মাছ মাৰিবলৈ যায়, বহু ঠাইত মীনমহলৰ পাৰত উৰুকাৰ দিনা মাছ কিনিবলৈ হেতাওপৰা লগাও দেখা যায়। দৰঙৰ দিঘীৰ পাৰ পুখুৰী, লক্ষিমপুৰ পুখুৰী, ৰইনাপিতৰ পুখুৰী, শালমাছ উঠা পুখুৰী আদিত উৰুকাৰ দিনা মাছ কিনা মানুহেৰে উখল মাখল লগাৰ কথা কেতিয়াও নাপাহৰো। ভেলাঘৰৰ পৰা অনা জ্বলি যোৱা বাহৰ এটি টুকুৰা ঘৰলৈ আনি নলগা ফল মূলৰ গছত বান্ধি বা আওজাই থোৱাও দেখিছিলো, এনে কৰিলে পৰৱৰ্তী বছৰত গছডালে ফল দিয়ে বুলি জনবিশ্বাস আছিল। গাঁৱত থাকোঁতে আমি ভেলাঘৰ বা মেজি জ্বলাই দিয়াৰ পিছত যিবোৰ আধাপোৰা বাঁহ থাকি যায়, সেইবোৰ ঘৰলৈ আনিবলৈ মানুহৰ হেতা-ওপৰা লগা দেখিছিলোঁ। এয়া সহজ-সৰল কৃষিজীৱি গঞা ৰাইজৰ নিৰ্ভেজাল লোকবিশ্বাস। আনহাতে দৰঙৰ ফালে আমি উৰুকাৰ দিনা বিয়লি সময়ত বাৰীৰ আটাইবোৰ ফলৰ গছত ধানখেৰেৰে মেৰিয়াই বান্ধি দিয়াও দেখিছিলো, আমিও বান্ধিছিলো। আন এক পৰম্পৰা অনুসৰি কিছুমান গাঁৱৰ মহিলাসকলে বিহুৰ দিনা গা ধুই এৱা সূতাৰে ঘৰৰ চালবোৰ চাৰিওফালে মেৰিয়াই বান্ধে। ইয়াৰ অৰ্থ হ’ল- কোনো ধৰণৰ বেয়া বতাহ যাতে ঘৰত সোমাব নোৱাৰে বা বতাহ-বৰষুণে যাতে ঘৰৰ একো অনিষ্ট সাধন কৰিব নোৱাৰে। উৰুকাৰ দুই তিনিদিন আগৰ পৰাই গাঁৱৰ গৰখীয়া ল’ৰাবোৰে ঘৰে ঘৰে গৈ এনেবোৰ গীত গাই উৰুকাৰ ভোজৰ বাবে অৰ্থসংগ্ৰহৰ লগতে পৰিয়ালসমূহক আশীৰ্বাদ জনাই অহাটো এটি ৰীতি। ইয়াকে হদ্ধন বা হৰিধ্বনি দিয়া বোলে। এই অনুষ্ঠানৰ এটি গীত পদ এনে ধৰণৰ—
হৰি ব’ল হৰি ব’ল —- এ হৌ
গৃহস্থৰ কুশল —- হক্
ভাখেৰিত(ভঁৰালত) ধান –- হক্
গহলিত(গোহালিত) গৰু — বাঢ়ক
পুখুৰীত মাছ —- হক্
বাৰীত তামোল-পাণ —- হক্ ইত্যাদি।

চুটি এই আশীৰ্বাদৰ অন্তত প্ৰতিঘৰ গৃহস্থই গৰখীয়া ল’ৰাবোৰক সাধ্যানুসাৰে চাউল, কণী, পইচা, খৰি আদি দান কৰে। সংগৃহীত এই সামগ্ৰীৰেই উৰুকাৰ দিনা তেওঁলোকৰ ভেলাঘৰৰ ভোজভাত হৈ গৈছিল। দৰঙৰ গ্ৰামাঞ্চলত উৰুকাৰ দিনা ৰাতি প্ৰতিঘৰ মানুহে চুঙাপিঠা পোৰা দেখা যায়। বৰা চাউল নিৰ্দিষ্ট পৰিমাণৰ পানীৰে বাঁহৰ চুঙাত বিশেষ শৈলীৰে সুমুৱাই ধান খেৰেৰে মজবুতকৈ সোপা দি কলগছ বা অন্যান্য কেঁচা গছৰ মজবুত ডাল পঠালিকৈ পাৰি তাত বৰা চাউল আৰু পানী ভৰ্তি বাঁহৰ চুঙা কেইটি দি তলত খেৰেৰে জুই ধৰি এই পিঠা প্ৰস্তুত কৰা হয়, ইয়াক দৈ চুৰাৰে খাবলৈ বৰ সোৱাদ। মেজিৰ জুইত বাঁহৰে সজা পানীহিলৈ ফুটোৱাটো নামনি অসমৰ আন এক লোক পৰম্পৰা। যিমানে পানীহিলৈ ফুটে সিমানেই সমাজৰ বাবে হেনো মংগল বুলি আন এক লোকবিশ্বাস। পানী জমা হোৱা কোনো বাঁহক মেজিৰ জুইত ভৰাই দি দাৰে আঘাত কৰি গোৱা হয় “পুহ গ’ল মাঘ হ’ল, আমাৰ মেজি জ্বলি গ’ল।” বিহুৰ দিনা পুৱা জ্বলোৱা মেজিত দিবৰ বাবে নিয়া মাহকৰাই মেজিত উৎসৰ্গা কৰি তাৰে এটা অংশ ঘৰলৈ লৈ আনি সেইবোৰ পৰৱৰ্তী সময়ত আম-কঁঠাল, কলকল-নাৰিকল, তামোল-লাও আদি গুটি লগা গছত গুটি বেছিকৈ লাগিবলৈ ছটিয়াই দিয়াও আমি দেখা মনত পৰে। মাঘ বিহুৰ ৰাতিপুৱা খালিপেটত শুকোতা(মৰাপাটৰ শুকান পাত সযতনে ৰাখি থৈ ইয়াক প্ৰস্তুত কৰা হয়) খাই নামঘৰৰ মাহ প্ৰসাদ গ্ৰহণৰ পিছত গাঁৱৰ জ্যেষ্ঠজনক সেৱা কৰিহে চাহ জলপান খোৱাৰ কথা আজিও আমাৰ অন্যতম স্মৃতি হিচাপে আছে।

‘মেজি’ আৰু “উৰুকা” শব্দটো

আৰ্যসকলে শীতৰ পৰা পৰিত্ৰাণ পাবলৈ মহাব্ৰত অনুষ্ঠান অনুষ্ঠিত কৰি অগ্নি পূজা কৰিছিল। মাঘ বিহুৰ লগত সম্পৰ্ক থকা মেজিও তেনে এক অনুষ্ঠানৰেই অংগ। ড০ লীলা গগৈদেৱৰ মতে আলপাইনসকলে পূজা কৰা অগ্নিক ‘মেজিক’ মেজাই বুলিছিল, তাৰ পৰা মেজি শব্দটো উৎপত্তি। ড০ মহেশ্বৰ নেওগদেৱে ‘মেজি’ শব্দটো সংস্কৃত ‘মেধা’ শব্দৰ পৰা আহিছে বুলি মত পোষণ কৰিছে। এই ‘মেধ’ শব্দটোৱে ‘যজ্ঞ’কে প্ৰতিনিধিত্ব কৰে। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মতে বড়ো ভাষাৰ ‘মাজি’ শব্দৰ পৰা ‘মেজি’ শব্দৰ উৎপত্তি।

আন এচামৰ মতে মেজি শব্দটো বড়ো-কছাৰী মূলীয় প্ৰাচীন চুতীয়া ভাষাৰ “মিডি-য়ে-জি”ৰ (মিডি=দেৱতা/পূৰ্বপুৰুষ, য়ে=জুই, জি=উৰি যোৱা) পৰা সৃষ্টি হৈছিল বুলি কোৱা হয়। আনহাতে “উৰুকা” শব্দটো চুতীয়া ভাষাৰ “উৰুকুবা”ৰ(অৰ্থ=শেষ হোৱা) পৰা অহা বুলি জনা যায়, কাৰণ পুহ মাহৰ এই অন্তিম দিনটোতে শস্য চপোৱাই শেষ কৰা নিয়ম। চুতীয়া আৰু আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়। বহুতে আকৌ কয় খেতি চপোৱাৰ সময়ত বন্য পশুৰ উপদ্ৰৱ বৃদ্ধি পায়। হাতী-মহে আহি জনপদসমূহত অত্যাচাৰ কৰে আৰু পকা ধান আৰু শস্য বিনষ্ট কৰে। যাৰ ফলত গৰখীয়া বা খেতিয়কে জুই জ্বলায় আৰু পানীহিলৈ ফুটায় ধাননি আৰু পথাৰসমূহ ৰক্ষা কৰে। পিছলৈ ইয়ে বিৱৰ্তন বা ৰূপান্তৰ ঘটি ‘মেজি’ৰূপে স্থান পায়, পিছে ই গবেষণাৰ বিষয়। মাঘ বিহুত মেজি সজাৰ নিয়ম আৰু পৰম্পৰা ঠাইবিশেষে বেলেগ বেলেগ। উজনি অসমত আৰু মধ্য অসমৰ কোনো কোনো ঠাইত বাঁহ আৰু কাঠ খৰিৰে মেজি সজা হয় যদিও গুৱাহাটীকে ধৰি নামনি অসম আৰু মধ্য অসমৰ কিছু অঞ্চলত শুকান কলপাত আৰু খেৰ-নৰা বা বিৰিণা আদিৰে মেজি সাজি জ্বলোৱা নিয়ম আছে। মেজি আন আন দেশতো দেখা যায়। চীনৰ তিব্বতীয়-বৰ্মীয় লোক সকলে লচাৰ নামৰ এটা উৎসৱতো মেজি জ্বলায়। বৌদ্ধ ধৰ্মৰ তাই লোকসকলে মকৰ সংক্ৰান্তিৰ দিনা বুদ্ধৰ নামত মেজি সাজি জ্বলোৱাটো এটি পৰম্পৰা। লোক বিশ্বাসৰ মতে এই দিনটোতে বুদ্ধদেৱে নিজৰ মৃত্যুৰ আগজাননী দিছিল। সেইবাবে মাঘ বিহুৰ পাছৰ পুৰ্ণিমাত মেজি সাজি, ভোজভাত খাই এই উৎসৱ পালন কৰিছিল বুলি জনা যায়। কোনো কোনো জনগোষ্ঠীয়ে মেজি সাজোতে প্ৰথমে নামঘৰীয়া বা বয়োজেষ্ঠ্যৰ পৰা আশীৰ্বাদ লৈহে এই শুভকাম আৰম্ভ কৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments