নিসংগতা
লেখক- মূল: ইটালো কালভিনো, ভাবানুবাদ: অৰুণিমা দত্ত
ওপৰমুৱাকৈ চাই চায়েই ফুটপাথটো পাৰ হৈ মই কেইখোজমান পিছুৱাই আহি বাটটোৰ প্ৰায় সোঁমাজত থিয় হ’লোঁ আৰু হাত দুখন চুঙাৰ দৰে গোল কৰি মুখৰ ওচৰলৈ নি আকাশচুম্বী প্ৰকাণ্ড অট্ৰালিকাটোৰ একেবাৰে ওপৰ মহলাটোলৈ চাই আতাহ পাৰি উঠিলোঁ —“টেৰেছা!”
জোনৰ ম্লান পোহৰত মোৰ নিজৰ ছাঁটোও যেন শিয়ঁৰি উঠিল। গাৰ কাষেদি কেইবাজনো পথচাৰী পাৰ হৈ গ’ল। মই আকৌ সজোৰে চিয়ঁৰি ঊঠিলোঁ —“টেৰেচা”
বাটেদি গৈ থকা এজনে মোৰ নিচেই কাষতে ৰৈ সহানুভূতিৰে ক’লে —”আপুনি অলপ ডাঙৰকৈ চিয়ঁৰিলেহে আপোনাৰ পৰিবাৰ, মানে ভদ্ৰমহিলাই শুনিব যেন পাওঁ। আহক দুয়োজনে মিলি চেষ্টা চলাওঁ। মই তিনিলৈকে গন্তি কৰিম। তিনি বোলা মাত্ৰকে দুয়োজনে সমানে চিয়ঁৰি উঠিম, হ’বনে?” লগে লগে মানুহজনে গন্তি কৰিবলৈ লাগিলেই। এক, দুই, তিনি … তিনি উচ্চাৰণ কৰাৰ লগে লগে দুয়ো জোৰ লগাই একেলগে টেটুফালি চিয়ঁৰি উঠিলোঁ —“টে..ৰে..চা..”
থিয়েটাৰ নে হোটেল ক’ৰ পৰা জানো ডেকা ল’ৰা এজাক উভতি আহিছিল। আমাৰ চিয়ঁৰ শুনি আটাইকেইটা ৰৈ দিলে। “ৰ’ব, আমিও আপোনালোকৰ সুৰতে সুৰ মিলাই চিয়ঁৰো।” মাজবাটতে আমাৰ কাষত আটাইকেইজন শাৰী পাতি
থিয় হ’ল। এজনে একৰ পৰা তিনিলৈকে গন্তি কৰিলে আৰু লগে লগে আটায়ে সমস্বৰে চিয়ঁৰি উঠিলোঁ —“টে .. ৰে ..চা ..!”
আমাৰ দলটোত লাহে লাহে সেই বাটেদি যোৱা অন্য মানুহ কিছুমানো লগ লাগিলেহি। মুঠতে পোন্ধৰ মিনিটমানৰ ভিতৰতে কেইবাজনো মানুহেৰে ঠাইখিনি ভৰি পৰিল।
মানুহ যিমানেই বেছি হ’ল সিমানেই একেলগে চিয়ঁৰি উঠা কামটো আয়ত্তৰ বাহিৰ হৈ পৰিল, এটা হুলস্থূলীয়া পৰিবেশৰহে সৃষ্টি হ’ল। প্ৰতিবাৰেই কোনোবা নহয় কোনোবাই তিনিলৈকে গন্তি কৰাৰ আগতেই চিয়ঁৰি উঠে, কোনোবাজনে হয়তো আটাইবোৰে চিয়ঁৰি শেষ কৰাৰ পাছতো চিয়ঁৰিয়েই থাকে। মুঠতে এটা কোলাহলপূৰ্ণ কঠিন পৰিবেশ। শেষত সকলোৱে আলোচনা কৰি আমি একমত হ’লোঁ যে ‘টেৰেছা’ বুলি চিয়ঁৰোতে আমি ‘টে’ৰ ঊচ্চাৰণ কোমল কিন্ত দীঘলীয়াকৈ, ‘ৰে’ৰ উচ্চাৰণ অলপ উচ্চ অৰ্থাৎ জোৰ দি দীঘলীয়াকৈ আৰু শেষৰ ‘ছা’ৰ উচ্চাৰণ সংক্ষিপ্ত মানে চুটি কৰিম। এইটোৱে ভাল ফল দিলে। এইবাৰৰ চিয়ঁৰ যথেষ্ট উদাত্ত হ’ল। আমাৰ মাজৰ ভুল-ভ্ৰান্তিবোৰ ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিলে। তাৰ মাজতে জুমটোৰ মাজৰে চেৰচেৰীয়া মাতৰ এজন মোৰ কাষলৈ আহিল।
-” আপুনি বাৰু নিশ্চিতনে যে আপোনাৰ পত্নী ঘৰতে আছে?”
সামান্য ইতস্তত কৰি মই ফুচফুচালোঁ —”নহয়।”
-“কি! তেনেহ’লে সমস্যা দেখোন গুৰুতৰেই।”
-“তাৰমানে আপুনি ঘৰৰ চাবি ল’বলৈ পাহৰিলে হ’বলা?” —নিমাখিত যেন লগা এজনে ক’লে।
-“নহয়, ঘৰৰ চাবি মোৰ লগতে আছে।”
-“তেনেহ’লে ইয়াত ৰৈ টেটুফালি মৰিছে কিয়? চিধা ওপৰলৈ উঠি নেযায় কিয়?”
-“এই ঘৰটোত মই নাথাকোঁ। মোৰ ঘৰটো চহৰৰ সিটো মূৰত আছে।”
-“কি!” —আটায়ে আটাহ পাৰি উঠিল।
-“ঘৰটোত কোন থাকে আচলতে ময়ো নেজানো।” মোৰ কথা শুনি মানুহবোৰ আচৰিত হোৱাৰ লগতে যথেষ্ট হতাশো হ’ল।
জুমটোৰ মাজৰে এজনে মোলৈ পোন্দোৱাকৈ চাই গলগলীয়া মাতেৰে ক’লে — “তেনেহ’লে এতিয়া আপুনিয়েই আমাক ভালকৈ বুজাই কওক যে কিয় আপুনি এই ঘৰটোৰ তলত থিয় হৈ ওপৰলৈ চাই ‘টেৰেছা, টেৰেছা’কৈ টেটুফালি চিয়ঁৰি আছিল?”
প্ৰায় অস্পষ্টভাৱে ভূনভুনাই মই ক’লোঁ, “আন এটা নামেৰেও অৱশ্যে মই মাতিব পাৰিলোহেঁতেন; মোৰ কোনো আপত্তি নাই।”
-“উৱা! আপোনাৰ মতলব কি হয়নে? আমাৰ লগত আপুনি ল’ৰা ধেমালি কৰা নাইতো?”—সন্দিগ্ধতাৰে মোলৈ গোমোঠা মুখৰ এজনে ঘোপাকৈ চাই ক’লে।
-“কি যে কয় ….” যথেষ্ট সমীহেৰে মই সমৰ্থনৰ আশাৰে আন মানুহখিনিৰ মুখলৈ চালোঁ। নাই, সকলো নীৰৱ, একেবাৰে এটা গোমা পৰিবেশ।
জুমটোৰ মাজৰে যথেষ্ট অমায়িক যেন লগা এজনে বৰ বিনয়েৰে ক’লে —”যি হ’ল হ’ল আৰু, এতিয়া শেষবাৰৰ বাবে আকৌ এবাৰ চিয়ঁৰি দেখা যাওকচোন কিনো হয়। ইয়াৰ পাছতে বাৰু আটায়ে নিজৰ নিজৰ ৰাস্তা ল’ম।”
পুনৰ আটায়ে সমস্বৰে চিয়ঁৰি উঠিলোঁ —”এক, দুই, তিনি .. টে ..ৰে ..ছা ..”
এইবাৰৰ চিয়ঁৰত জোৰ একেবাৰেৰ্ই নাছিল। নিৰাশ মনেৰে আটায়ে নিজৰ নিজৰ ৰাস্তা ল’লোঁ।
ৰাস্তাৰ শেষমূৰ পাই বাওঁফালে ঘূৰিবলৈ লওঁতেই হঠাতে কাৰোবাৰ অনুচ্চ মাত এটা যেন মোৰ কাণত বাজি উঠিল! হয়, দূৰৈৰ পৰা ৰিণিকি ৰিণিকি ক্ষীণকৈ ভাঁহি আহিছে এটা শব্দ —”টে..ৰে..ছা”
কোনোবা এজন নিশ্চয় ৰৈ গৈছিল, যি এতিয়াও মাতিয়েই আছে। খুবেই অকলশৰীয়া …. খুবেই নিসংগ কোনোবা এজন ….।
অতি সুন্দৰ ৷ শেষলৈ suspense.